নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিখণ্ডত স্ব–নিয়োজনঃ সম্ভাৱনা আৰু প্রত্যাহ্বান

-ড০ দীপজ্যোতি ৰাজখোৱা

অসমৰ মুঠ জনসংখ্যাৰ প্রায় ৭০ শতাংশই কৃষিৰ ওপৰত নির্ভৰশীল৷ ৰাজ্যখনৰ অধিকাংশ কৃষকেই ক্ষুদ্র (১৮.২৫ শতাংশ) আৰু উপান্ত (৬৭.৩ শতাংশ)৷ তদুপৰি ৰাজ্যখনৰ প্রায় ২০ লাখ শিক্ষিত যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ দিশটোও অতিকৈ মন কৰিবলগীয়া৷ যিহেতু এইসকল যুৱক–যুৱতীক নিয়োজন কৰিব পৰাকৈ চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহৰ ব্যৱস্থা সীমিত, সেয়ে কৃষি আৰু কৃষিভিত্তিক হ’ব পৰা ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰি এইবিলাকৰ বাস্তৱসন্মত দিশবোৰ ফঁহিয়াই চোৱাৰ প্রয়োজন হৈ পৰিছে৷
অসমৰ উর্বৰ কৃষিভূমি, পর্যাপ্ত পানীভাগ, উপযোগী জলবায়ু, জৈৱ–বৈচিত্র্য, কর্মঠ যুৱশক্তি, কৃষিক্ষেত্রত উদ্ভাৱন হোৱা উন্নত কলা–কৌশল, আন্তঃগাঁথনিৰ ব্যৱস্থাপনা, সু–পৰিকল্পনা তথা চৰকাৰী আঁচনিসমূহৰ ফলপ্রসূ ৰূপায়ণৰ দ্বাৰা কৃষিক্ষেত্রত এক অর্থনৈতিক উত্তৰণ তথা কর্মসংস্থাপন সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ ৰাজ্যখনৰ মুঠ ২৮.১১ লাখ হেক্টৰ কৃষিভূমিৰ ১২.৮৯ লাখ হেক্টৰ মাটিতহে বছৰেকত একাধিক শস্য কৰা হয়৷ অর্থাৎ প্রায় ১৫.২২ লাখ হেক্টৰ মাটিত বছৰেকত মাত্র এটাহে শস্য কৰা হয়৷ মুঠ কৃষিভূমিৰ ৫ শতাংশ (৮ লাখ হেক্টৰ) মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে৷ এই বৃহৎ কৃষিভূমিত সঠিক পৰকিল্পনাৰে বছৰেকত দুটা বা ততোধিক শস্য কৰাৰ যথেষ্ট স্থল আছে৷ তুলনামূলকভাৱে অসমত প্রায়বিলাক শস্যৰে উৎপাদনৰ হাৰ ভাৰতবর্ষৰ আন ৰাজ্যসমূহৰ তুলনাত যথেষ্ট কম৷ বর্তমানে উপলব্ধ হোৱা উন্নত কলা–কৌশলৰ সঠিক প্রয়োগ তথা সু–পৰিকল্পনাৰে শস্যৰ উৎপাদনৰ হাৰ ২০–৪০ শতাংশ পর্যন্ত বৃদ্ধি কৰাৰ অৱকাশ আছে৷ বিগত কেইবছৰত ৰাজ্যখনে ধান, শাক–পাচলি, ফল–মূল, গাখীৰ, মৎস্য আদি উৎপাদনৰ ক্ষেত্রত উল্লেখনীয় অগ্রগতি লাভ কৰিলেও মাহ, তৈল জাতীয় শস্য, কণী, মাংস আদি উৎপাদনৰ ক্ষেত্রত যথেষ্ট পিছপৰি আছে৷ বর্তমান ৰাজ্যখনত ১.০৫ আৰু ২.২৬ লাখ হেক্টৰ মাটিতহে ক্রমে মাহ আৰু তৈলজাতীয় শস্যৰ খেতি কৰা হয়৷ ধান চপোৱাৰ পিছত ছন পেলাই থোৱা প্রায় ১১ লাখ হেক্টৰ মাটিত সু–পৰিকল্পনাৰে মাহ, তৈলজাতীয় শস্য আদি কৰি যথেষ্ট লাভৱান হ’ব পাৰি৷ অসমত বছৰি প্রায় ৩২,০০০ টন আদা আৰু ৮,০০০ টন হালধি উৎপাদন হয়৷ তদুপৰি বিভিন্ন শাক–পাচলি, ফল–মূল আদি চপোৱাৰ পিছত উপযুক্তভাৱে একত্রীকৰণ, সংৰক্ষণ, পৰিষ্কাৰ কৰা, গুণগতভাৱে পৃথকীকৰণ, সংশ্লেষণ কৰা, মূল্য সংযোজন সঠিকভাৱে পৰিৱেশন তথা বিপণনৰ ব্যৱস্থাপনাৰ জৰিয়তে অর্থনৈতিকভাৱে লাভৱান তথা কর্মসংস্থাপন সৃষ্টি কৰাৰ যথেষ্ট স্থল আছে৷
অসমত ব্যৱসায়িক ভিত্তিত পশুপালন, হাঁহ –কুকুৰা পালন, মীনপালন, দুগ্ধ উৎপাদন আদিৰো এক বিশাল সম্ভাৱনা আছে৷ ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে(Indian council of Medical Research) অনুমোদন কৰা অনুযায়ী বছৰি জনমূৰি ১৮০টা কণীৰ প্রয়োজনৰ বিপৰীতে অসমত বছৰি জনমূৰি ১৫টা কণীহে উপলব্ধ হয়৷ ৰাজ্যখনত বছৰি প্রায় ৫৬০ কোটি কণীৰ প্রয়োজনৰ বিপৰীতে ঘৰুৱা উৎপাদন হয় মাত্র ৪৭.৫০ কোটি কণী৷ অর্থাৎ প্রায় ৫১২.৫ কোটি কণী বছৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লগা হয়, যাৰ মূল্য প্রায় ২,০০০ কোটি টকা৷
সেইদৰে বছৰি জনমূৰি অনুমোদিত ১০.৮ কিঃগ্রাঃ মাংসৰ বিপৰীতে অসমত উপলব্ধ হয় মাত্র ১.৯ কিঃগ্রাঃ৷ ৰাজ্যখনত বছৰি প্রায় ৩,৩৭০ লাখ কিঃগ্রাঃ মাংসৰ চাহিদা আছে৷ ইয়াৰে প্রায় ৪০ শতাংশ অর্থাৎ ১,৩৪৮ লাখ কিঃগ্রাঃ মুর্গীৰ মাংসৰ চাহিদা আছে৷ তদুপৰি সমগ্র উত্তৰ–পূব ভাৰতত বছৰি প্রায় ৩ লাখ টন গাহৰিৰ মাংসৰ চাহিদা থকাৰ বিপৰীতে ঘৰুৱা উৎপাদন হয় ১.৭ লাখ টন৷ অর্থাৎ অতিৰিক্ত ১.৩ লাখ টন গাহৰিৰ মাংসৰ চাহিদা আছে, যাৰ মূল্য প্রায় ২,৬০০ কোটি টকা৷
ৰাজ্যখনত বছৰি ৩.৫৪ লাখ টন মাছৰ চাহিদাৰ বিপৰীতে প্রায় ৩.৩২ লাখ টন মাছৰ উৎপাদন হয়৷ অর্থাৎ বছৰি ০.২২ লাখ টন মাছৰ চাহিদা আছে, যাৰ মূল্য প্রায় ৪৪০ কোটি টকা৷ ৰাজ্যখনত থকা প্রায় ১.৭৪ লাখ হেক্টৰ জলাশয় বা প্লাৱিত অঞ্চল পর্যায় ক্রমে মীনপালনৰ বাবে উপযোগী কৰি তুলিব পাৰি৷ ব্যৱসায়িক ভিত্তিত অসমত পশুপালন, মীনপালন আদিৰ এক প্রধান আন্তৰায় হৈছে গুণগত পশুখাদ্যৰ অভাৱ৷ বর্তমান ৰাজ্যখনত প্রয়োজন হোৱা পশুখাদ্যৰ ৫০ শতাংশকৈও অধিক পশুখাদ্য বহিঃৰাজ্যৰ পৰা আমদানি কৰিব লগা হোৱাত বুজন পৰিমাণৰ অর্থ হেৰুৱাব লগা হৈছে৷ অর্থাৎ সমগ্র উত্তৰ–পূব ভাৰততে পশুখাদ্যৰ এক বৃহৎ বজাৰ আছে৷ সঠিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ দ্বাৰা পশুখাদ্য প্রস্তুতত ব্যৱহাৰৰ হোৱা বিভিন্ন শস্য যেনে– মাকৈ, চয়াবিন, মিঠা আলু, কচু আদি উৎপাদন কৰি গুণগত মানৰ পশুখাদ্য প্রস্তুতৰ দ্বাৰা অর্থনৈতিকভাৱে লাভৱান হোৱা তথা কর্মসংস্থাপন সৃষ্টি কৰাৰ যথেষ্ট স্থল আছে৷ ৰাজ্যখনত থকা প্রায় ৭৭,০০০ হেক্টৰ খেতি কৰিব পৰা ছন পেলাই থোৱা(Culturable waste land) মাটিত এনেবিলাক শস্য উৎপাদনৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়৷
কৃষিক্ষেত্রত কর্মসংস্থাপন সৃষ্টি কৰিব পৰা আৰু লাভজনক দিশ হৈছে বীজ উৎপাদন তথা ফল–মূল, ফুল আদিৰ পুলি উৎপাদন৷ সঠিক বীজৰ ব্যৱস্থাপনাৰে উৎপাদনৰ হাৰ বৃদ্ধি কৰিব পৰা যায়৷ ধান, মাকৈ, সৰিয়হ, মাহ জাতীয় শস্য আদিৰ অনুমোদিত বীজ(Certified Seed) উৎপাদনৰ ক্ষেত্রতো আমাৰ শিক্ষিত যুৱক–যুৱতীসকলক্ প্রয়োজনীয় প্রশিক্ষণৰ ব্যৱস্থাপনাৰে বহুক্ষেত্রত নিয়োজন কৰিব পৰা যাব৷ সেইদৰে নার্ছাৰীৰ ব্যৱসায় অতি লাভজনক আৰু ইয়াৰ দ্বাৰা ঘৰুৱা চাহিদা পূৰণ কৰাৰ উপৰি বহিঃৰাজ্যলৈ ৰপ্তানি কৰাৰ যথেষ্ট স্থল আছে৷ অসমত প্রায় ১৭খন চৰকাৰী বীজ পাম আছে৷ আৰু ইয়াত প্রায় ৩৭৭.৮ হেক্টৰ মাটি আছে৷ এই বীজ পামসমূহৰ আন্তঃগাঁথনি উন্নত কৰি আধাৰ বীজ(Foundation Seed), অনুমোদিত বীজ(Certified Seed) আদিৰ উৎপাদন কৰিব পাৰি৷ তদুপৰি প্রয়োজনীয় প্রশিক্ষণ তথা আন্তঃগাঁথনিৰ ব্যৱস্থাপনাৰ দ্বাৰা কৃষকৰ পথাৰতো অনুমোদিত বীজ উৎপাদন কৰিব পৰা যায়৷
বর্তমান কৃষিভূমিৰ স্বাস্থ্য অটুট ৰখাত জৈৱিক সাৰৰ বহুল ব্যৱহাৰৰ ওপৰত সমগ্র বিশ্বতে অধিক গুৰুত্ব দিয়া হৈছে৷ অসমত ব্যৱসায় ভিত্তিত এই সাৰ প্রস্তুত কৰি কর্মসংস্থাপন সৃষ্টি কৰি অর্থনৈতিকভাৱে লাভান্বিত হোৱাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ সেইদৰে জীৱাণু সাৰ আদিৰ উৎপাদন, বিপণন আদিৰ দ্বাৰাও যথেষ্ট পৰিমাণে কর্মসংস্থাপন কৰিব পৰা যায়৷ আমাৰ বহুতো শিক্ষিত যুৱক–যুৱতীয়ে বর্তমান কৃষিকার্য কৰি আত্মসংস্থাপন লাভ কৰিছে৷ কৃষিক ব্যৱসায় হিচাপে গঢি তোলাত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ অপৰিহার্য৷ সেয়েহে কৃষক তথা কৃষি ক্ষেত্রত নিয়োজন হ’ব বিচৰা শিক্ষিত যুৱক–যুৱতীসকলৰ্ কৌশল বৃদ্ধিত(Skill development) আমি অধিক গুৰুত্ব দিব লাগিব৷ বর্তমান কৃষিখণ্ডত দেখা দিয়া আন এক প্রত্যাহ্বান হৈছে বতৰৰ পৰিৱর্তন আৰু সামগ্রিকভাৱে জলবায়ুৰ পৰিৱর্তন(Climate Change) এই পৰিৱর্তিত বতৰ তথা জলবায়ুৰ ফলত কৃষিক্ষেত্রত হ’ব পৰা সমস্যাসমূহৰ পৰা অৱসান পাবলৈ এনে দিশত উদ্ভাৱন হোৱা কলা–কৌশল তথা জ্ঞান–ধাৰণাক কৃষকৰ মাজলৈ লৈ যাব লাগিব৷ প্রতিকূল বতৰৰ পৰিপ্রেক্ষিতত তথা উচ্চ গুণসম্পন্ন শস্য উৎপাদনৰ বাবে সেউজ গৃহ, ক্ষুদ্র জলসিঞ্চনৰ ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, জৈৱিক সাৰৰ বহুল ব্যৱহাৰ ইত্যাদিৰ ওপৰত অধিক সচেতনতা তথা অৱলম্বনৰ ওপৰত যথাযথ গুৰুত্ব দিয়াৰ প্রয়োজন৷ ৰাজ্যখনৰ অঞ্চলবিশেষে আৰু শস্যবিশেষে জৈৱিকভাৱে উৎপাদন কৰি অকল ঘৰুৱা বজাৰ দখল কৰাই নহয়, ৰপ্তানি কৰাৰো যথেষ্ট সম্ভাৱনীয়তা আছে৷ অসমৰ জহা চাউল, কোমল চাউল, বৰা চাউল, কল, আনাৰস, আদা, হালধি, নেমু আদি জৈৱিকভাৱে উৎপাদন কৰি ৰপ্তানি কৰাৰ ব্যৱস্থাপনাৰ দ্বাৰাও কর্মসংস্থাপন সৃষ্টি কৰিব পৰা যাব৷ চৰ অঞ্চলৰ কৃষি উপযোগী ২.৪২ লাখ হেক্টৰ মাটি, প্রতিবছৰে বানপানীৰ কবলত পৰা ৪.৭৫ লাখ হেক্টৰ ভূমি আৰু খৰাং অধ্যুষিত ০.৯৪ লাখ হেক্টৰ মাটিও সঠিক পৰিকল্পনা আৰু আন্তঃগাঁথনি তথা সঠিক কলা–কৌশলৰ দ্বাৰা লাভজনকভাৱে ব্যৱহাৰ কৰি বিভিন্ন শস্যৰ উৎপাদন কৰিব পৰা যায়৷ কৃষি যান্ত্রিকীকৰণৰ ওপৰত বর্তমান যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ কৃষিক্ষেত্রত ব্যৱহূত বিভিন্ন যন্ত্র, সা–সঁজুলি আদিৰ বিপণন, মেৰামতি আদিৰ ক্ষেত্রতো কর্মসংস্থাপন সৃষ্টি কৰাৰ যথেষ্ট স্থল আছে৷
যিহেতু অসমৰ অধিকাংশ কৃষকৰে কৃষিভূমিৰ পৰিমাণ যথেষ্ট কম, সেয়েহে শস্যৰ উৎপাদনৰ পৰা বিপণনলৈকে এক উমৈহতীয়া ব্যৱস্থাপনাৰ দ্বাৰা লাভান্বিত হ’ব পৰা যায়৷ কৃষকৰ স্বয়ং সহায়ক গোট, পথাৰ পৰিচালনা সমিতি, কৃষকৰ উৎপাদন গোট(farmers Producer Organization) আদি সৃষ্টি কৰি অধিক কার্যক্ষম কৰিব পাৰিলে লাভৱান হ’ব পাৰি৷ প্রাকৃতিক সম্পদৰাজিৰ বহনক্ষম ব্যৱহাৰৰ দ্বাৰা শস্যৰ প্রাবল্য বৃদ্ধি কৰা, শস্য উৎপাদনৰ হাৰ বৃদ্ধি কৰা, কৃষি যান্ত্রিকীকৰণ, কৃষিকার্যত নতুন প্রযুক্তিবিদ্যা তথা কলা–কৌশলৰ ব্যৱহাৰৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব৷ এনে ক্ষেত্রত কেতবোৰ মন কৰিবলগীয়া দিশ হৈছে–
– কৃষক তথা উদ্যমী যুৱপ্রজন্মৰ মাজত কৃষিখণ্ডত হ’ব পৰা নিয়োজন আৰু লাভজনক দিশসমূহৰ ওপৰত অধিক সজাগতা, প্রয়োজনীয় প্রশিক্ষণ, কৌশল তথা সামর্থ্যতা বৃদ্ধিত গুৰুত্ব দিব লাগিব৷
– কৃষিক্ষেত্রত উপলব্ধি হোৱা কলা–কৌশলসমূহ কৃষকৰ মাজলৈ সৰলীকৃতভাৱে লৈ যোৱাত অধিক গুৰুত্ব দিব লাগিব৷
– শস্য উৎপাদনত প্রয়োজন হোৱা গুণগত বীজ, সাৰ, কীটনাশক ঔষধ, সা–সঁজুলিসমূহৰ সময়মতে কৃষকৰ সহজলভ্য হোৱাকৈ অধিক কার্যকৰী ব্যৱস্থাপনাৰ প্রয়োজন আছে৷
– ব্যৱসায়িক ভিত্তিত জৈৱিক সাৰ, ভার্মি–কম্পষ্ট, জীৱাণু সাৰ আদিৰ উৎপাদনৰ ওপৰত প্রয়োজনীয় প্রশিক্ষণৰ লগতে উৎসাহ জগাব লাগিব৷
– পশুপালনৰ ক্ষেত্রত পশুখাদ্য উৎপাদনৰ লগতে জিলাভিত্তিক প্রজনন পাম বিশেষকৈ গাহৰি, মুর্গী আদিৰ ব্যৱস্থাপনা কৰা, পশুধনৰ স্বাস্থ্য আদিৰ বাবে প্রয়োজনীয় ব্যৱস্থা অধিক ফলপ্রসূ কৰাৰ আৱশ্যকতা আছে৷
– উৎপাদিত শস্যসমূহৰ সঠিকভাৱে একত্রীকৰণ, মজুতকৰণ, গুণগতভাৱে পৃথকীকৰণ, সংশ্লেষণ(Processing), মূল্য সংযোজন আদিৰ বাবে জিলাভিত্তিক প্রয়োজনীয় আন্তঃগাঁথনিৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্রয়োজন আছে৷
– জিলাভিত্তিক কৃষকৰ যাৱতীয় তথ্য সংগ্রহ কৰি একোটাData Bank. সৃষ্টি কৰিব পাৰিলে সময়মতে কৃষকৰ প্রয়োজনীয় বতৰা যেনে– বতৰ সম্বন্ধীয়, বজাৰ সম্বন্ধীয়, চৰকাৰী আঁচনি আদিৰ বিষয়ত সহজেই অৱগত কৰাৰ সুবিধা হ’ব৷
– জিলাভিত্তিত অধিক শীতলীকৃত ভঁৰাল নির্মাণৰ প্রয়োজনীয়তা আছে৷ ইয়াৰ দ্বাৰা ফল–মূল, শাক–পাচলি আদিৰ অনিষ্ট কম কৰাৰ উপৰি কৃষকে সঠিক মূল্য লাভ কৰাত সহায় হ’ব৷
– কৃষকৰ সহজলভ্য হোৱাকৈ কৃষিক্ষেত্রত প্রয়োজন হোৱা ট্রেক্টৰ, পাৱাৰটিলাৰ, সা–সঁজুলি, নিষ্কাশন আৰু সশ্লেষণ যন্ত্র আদিৰ সামূহিক কেন্দ্র(Custom Hiring Centre) আদিৰ ব্যৱস্থাপনা কৰাৰ প্রয়োজনীয়তা আছে৷
– কৃষিক্ষেত্রত ঋণ আদিৰ সবলীকৃত ব্যৱস্থাপনা কৰিব পাৰিলে কৃষক তথা উদ্যমী যুৱপ্রজন্ম কৃষিৰ প্রতি আগ্রহশীল হ’ব৷
কৃষিৰ সামগ্রিক উন্নতিৰ(Inclusive Agricultural growth) বাবে সঠিক পৰিকল্পনা, আন্তঃগাঁথনিৰ ব্যৱস্থাপনা, সঠিক প্রশিক্ষণ, সৰলীকৃত ঋণৰ ব্যৱস্থাপনা, চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ, উন্নত কলা–কৌশলসমূহ কার্যকৰীভাৱে কৃষকৰ মাজত অধিক জনপ্রিয় কৰি তোলা, শস্য উৎপাদনৰ পৰা বিপণনলৈকে সামূহিক প্রচেষ্টাৰ দ্বাৰা অসমত কৃষিখণ্ডত অধিক অর্থনৈতিক উত্তৰণ তথা কর্মসংস্থাপন সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷

-লেখক ভাৰতীয় কৃষি গৱেষণা পৰিষদ
নাগালেণ্ড কেন্দ্রৰ যুটীয়া সঞ্চালক
ফোন ঃ ৮১৩৫৮–০৮০৫২

You might also like