এৰী কাপোৰ আৰু মুগা কাপোৰৰ বাবে ঢকুৱাখনা প্রসিদ্ধ৷ চহৰৰ মানুহে এই দুবিধ কাপোৰ ভাল পায় আৰু কিনিবলৈ বিচাৰে৷
এৰী আৰু মুগাৰ কাপোৰ তাঁতশালত বৈ উলিওৱা হৈছিল৷ এসময়ত ঢ়কুৱাখনাৰ ঘৰে ঘৰে একোখনকৈ তাঁতশাল আছিল৷ এঘৰত কেইবাগৰাকী বোৱনী থাকিলে গাইপতি একোখন শাল আছিলেই৷ জাৰকালি আহিলেই এৰী কাপোৰৰ চাহিদা বেছি হৈছিল৷ প্রশ্ন হয় এৰী সূতানো ক’ৰ পৰা পাইছিল? এৰী পলুৰ পৰা এৰী সূতা পাইছিল৷ এৰী পলুৱে এৰা গছৰ পাত খাই পূৰঠ হ’লে সিহঁতৰ মুখৰ পৰা ওলোৱা আঁহেৰে বাহ বনাই তাৰ মাজত থাকি লেটালৈ পৰিৱর্তিত হয়৷ কিছুদিনৰ পাছত লেটাৰ পৰা পখিলা হৈ মুখেৰে বাহটো কাটি ওলাই আহে৷ এনেদৰেই পখিলাই কণী পাৰে, কণীৰ পৰা পলু, পলুৰ পৰা লেটা হৈ সিহঁতৰ জীৱন পৰিক্রমা চলি থাকে৷
বাহটো কাটি লেটা পখিলা হৈ ওলাই অহাৰ আগতে, লেটাটো মাৰিবলৈ সিজাই পেলোৱা হয়৷ এৰী সূতা হাতেৰে কাটে৷ সিজোৱা গুৰি বাহটোৰ আঁহবোৰ প্রয়োজন অনুসৰি লগ লগাই সৰু বা ডাঙৰ কৰি সূতা কাটে৷ কাটি লোৱা সূতা যঁতৰত পকাই সুতলাহি কৰি ৰ’দত শুকুৱাই লৈ উঘাত পকাই লয়৷ উঘাত লোৱা সূতাৰে বাটি কাঢ়ি, ব’ তুলি, দীঘলকৈ লোৱা সূতা টোলোথাত পকাই শালত তুলি কাপোৰ বৈ লোৱা হয়৷ মাকো সুমাবৰ কাৰণে দীঘল সূতাবোৰ এভাগ তল এভাগ ওপৰ কৰিবলৈ জৰী লগোৱা কার্যক ব’ তোলা বোলে৷ কাপোৰ ব’বলৈ ব’খিনিয়ে সূতাবোৰ তল ওপৰ কৰি তাৰ মাজেৰে মাকোৰে সৈতে মহুৰাৰ সূতাডাল সোমোৱাই ৰাঁচ আৰু দোর্পতিৰে বোৱনীৰ গাৰ ফাললৈ টানি আনি সমানকৈ ৰাখি পুনৰ তল পৰা সূতা ওপৰ আৰু ওপৰ সূতা তল কৰি দোর্পতিৰে জোৰেৰে চেপিব লাগে৷ দেখিব কাপোৰখন লাহে লাহে হৈ গৈছে৷
এৰী কাপোৰ বা এৰী চাদৰ জাৰকালি গাত মেৰিয়াই ল’বলৈ পুৰুষ–মহিলা উভয়ে ব্যৱহাৰ কৰে৷ পুৰুষৰ কাৰণে ডাঙৰ আহল–বহলকৈ বোৱা হয়৷ আপোনজনকো এখন এৰী চাদৰ দিব পাৰিলে ভাল পায়৷
মুগা কাপোৰ ঃ মুগা কাপোৰ মুগা পলুৰ মুখৰ আঁহৰ পৰা পোৱা সূতাৰে বোৱা হয়৷ মুগা পলুৱে চোম গছৰ পাত খায়৷ পলুটো এৰী পলুতকৈ অলপ ডাঙৰ, চোমগছত বেগাই বগাই যায়৷ চোমগছ হাবিত গজা ওখ গছবোৰৰ দৰেই বনৰীয়া গছ৷ সাধাৰণতে ঘৰৰ পৰা দূৰত চোমনিখন৷ এৰা গছৰ দৰে বাৰীত নহয়৷ মুগা পলুৰ শত্রু বহুত৷ দিনত নানা চৰাই আৰু ৰাতি বাদুলিৰ উপদ্রৱ চলে৷ সেইবাবে চোমনিখন দিনে–ৰাতিয়ে পহৰা দি থাকিব লাগে৷ সিহঁতক খেদিবলৈ ধনু আৰু বাটলু গুটি ব্যৱহাৰ কৰে৷ এইটো কোনো গছৰ গুটি নহয়৷ আলতীয়া মাটিৰে তৈয়াৰী মার্বলৰ দৰে ঘূৰণীয়া বস্তু৷ মাটি খান্দি আনি পানীৰে মাৰি, অর্থাৎ পানী সানি ঘূৰণীয়াকৈ হাতেৰে বনাই টান ৰ’দত শুকুৱাই লোৱা হয়৷ সৰুতে ময়ো আনবোৰৰ লগত চোতালত ৰ’দত বহি বাটলু গুটি বনোৱা মনত পৰে৷ ধনুৰ গুণ বা ৰছীডালো বিশেষ ধৰণৰ৷ কাঁড় মাৰোঁতে যি ঠাইত কাঁড়ডাল ৰখা হয়, ঠিক সেই ঠাইতে বাটলু ৰাখিব পৰাকৈ গুণডাল বনোৱা যায়৷ চৰাই, বাদুলি আদিয়ে পলু খাবলৈ গছত পৰিলেই সেই ঠাই নিৰীক্ষণ কৰি বাটলু মাৰি পঠিয়ালেই সিহঁত পলাই–পত্রং দিয়ে৷ এইদৰেই মুগা পলুক ৰক্ষা কৰি সিহঁতৰ মুখৰ পৰা ওলোৱা আঁহেৰে মুগা সূতা তৈয়াৰ হয়৷
পলুবোৰ যেতিয়া পূৰঠ হয় তেতিয়া পলু পকা বুলি কয়৷ পকিলে সিহঁতে গছত বাহ নাবান্ধি দিনে–ৰাতিয়ে তললৈ বগাই নামি আহে৷ এই সময়ত পলুৰখীয়াবোৰৰ ভাত–পানী খাবলৈও সময় নহয়৷ গছৰ পৰা নামি অহা পকা পলুবোৰ ধৰি ধৰি চোম গছৰ সৰু সৰু ডাল–পাতেৰে বান্ধি ৰখা মুঠাবোৰত ৰাখে৷ নহ’লে হাবিবোৰলৈ গুচি যাব পাৰে৷ লগে লগে পলুৰে সৈতে মুঠাবোৰ কিছুমানে কঢ়িয়ায়৷ এৰী পলুৰ দৰেই মুগা পলু শৰীৰ পৰিৱর্তন কৰি পখিলা হোৱাৰ আগতে সময়মতে সিজাই পেলাব লাগে৷ কিন্তু সূতা কটাৰ নিয়ম বেলেগ৷
কেনেকৈ কাটিব– মুগা সূতা কাটিবলৈ দুগৰাকী মানুহ লাগে৷ দুয়োগৰাকীয়ে নির্দিষ্ট দূৰত্বত বহি লয়, শালৰ দুয়োমূৰে মুখামুখিকৈ৷ এগৰাকীৰ সন্মুখত এটা পাত্রত পানী লৈ সিজোৱা মুগাবোৰ তাতে ৰাখি প্রয়োজন অনুসৰি আঁহবোৰ একেলগ কৰি লয়৷ তেওঁৰ সন্মুখৰ পানী থকা পাত্রটোৰ অলপৰ দুফালে দুটা খুঁটিৰ ওপৰত এডাল বাঁহৰ কাঠী ৰখা হয়৷ বাঁহৰ কাঠীৰ ওপৰেৰে সূতাডাল আনগৰাকীলৈ দিয়ে৷ তেওঁ সিগৰাকীৰ নিচিনাকৈ নিজৰ সন্মুখত পথালিকৈ ৰখা টাকুৰী পকাই যায় এনেকৈ৷ সূতাডাল সোঁহাতেৰে টানি বাঁওহাতৰ কিলাকুটিৰ ওচৰত থয়৷ আৰু সূতাডাল বাগৰি আহি সৰু গাঁঠিৰ ওচৰ পাওঁতে পাক খাই আহে, লগে লগে সোঁহাতেৰে টাকুৰীত পকাই পেলায়৷ এটা নির্দিষ্ট গতিত এই কাম চলি থাকে, যেতিয়ালৈকে সিজোৱা মুগাবোৰ শেষ নহয়৷ টাকুৰীত পকাই লোৱা সূতাৰে মুগা কাপোৰ বৈ লোৱা হয়৷