নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰাণ্টী–মোদী–গান্ধী

ক্ষমতালৈ আহি নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি কার্যকৰী নকৰা দল বা নেতাই ভোট বিচাৰি পুনৰ একেখিনি জনসাধাৰণৰ কাষলৈ গ’লে পৰাপক্ষত পূর্বৰ প্রতিশ্রুতি–আশ্বাসৰ কথা উলিওৱাৰ পৰা বিৰত থাকে৷ ইয়াৰ বিপৰীতে কিছুমান নতুন অথবা উপৰুৱা কথাৰে জনগণৰ মন জয় কৰিবলৈ চেষ্টা চলায়৷ নতুন কথাখিনি মানুহৰ মাজলৈ লৈ যোৱাৰ পূর্বে এনেদৰে প্রচাৰ চলোৱা হয় যে পূর্বৰ কথাখিনি নহয়, নতুন কথাখিনিয়েহে জনসাধাৰণক উদ্ধাৰ কৰিব৷ প্রচাৰৰ মায়াজালত পৰি বহুতে প্রতাৰণাক পাহৰি যায়৷ অনেকে নিজৰ নিজৰ মানসপটত ‘প্রতাৰণা’ শব্দটোক জীয়াই ৰাখে৷ অৱশ্যে আজিকালিৰ ৰাজনীতিৰ স্বৰূপ বহুখিনি সলনি হ’ল৷ ইস্তাহাৰ নতুবা নির্বাচনী প্রতিশ্রুতিৰ লগতে ৰাজনৈতিক দলে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ ভিন্ন ধৰণৰ কৌশল গ্রহণ কৰে৷ তাৰে ভিতৰত অন্যতম প্রতিপক্ষক দুর্বল কৰি তোলা৷ কৌশলটো অৱলম্বন কৰি কংগ্রেছে অসমত একেৰাহে ১৫ বছৰ শাসন কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ছোৱাত শক্তিশালী প্রতিপক্ষ ৰূপে আছিল অসম গণ পৰিষদ নামৰ দলটো৷ তৰুণ গগৈয়ে শাসনলৈ আহিয়েই জনতাৰ দৃষ্টিত প্রায় ঘৃণাত পৰিণত দলটোৰ বহু বিধায়ক–নেতাক নিজৰ দললৈ আনি অগপক এনেকুৱা অৱস্থা এটালৈ ঠেলি দিলে যে দলটো অহা ৩০–৪০ বছৰলৈ মূৰ দাঙিব নোৱাৰা হৈ থাকিল৷ বিকল্পৰ অভাৱত জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰা সত্ত্বেও একেৰাহে তৃতীয়টো কার্যকালো কংগ্রেছৰ হাতলৈ আহিল৷ কিন্তু যেতিয়াই ৰাজ্যখনত শক্তিশালী বিকল্প ৰূপে বিজেপিৰ আত্মপ্রকাশ ঘটিল, ভোটাৰে মানসপটত বছৰ বছৰ ধৰি পুহি ৰখা ‘প্রতাৰণা’ শব্দটো জাগি উঠে৷ অনুৰূপ নীতি অৱলম্বন কৰি বিজেপিয়ে অসমত দ্বিতীয়বাৰৰ বাবে শাসন ক্ষমতা দখলৰ স্বপ্ণ ৰচিছে৷ বিজেপিৰ বিগত সময়ছোৱাৰ শাসনত এআইইউডিএফ বাহিৰে বিৰোধী পক্ষত থকা প্রায়ভাগ দলৰেই সাংগঠনিক শক্তি তেনেই নিশকতীয়া হৈ পৰিছে৷ কংগ্রেছক আজিৰ তাৰিখত অসমত বিজেপিৰ শক্তিশালী প্রতিদ্বন্দ্বী বুলি মানি লোৱা লোকৰ সংখ্যা কম৷ কথাটো কংগ্রেছ নেতৃত্বই বুজি পায়৷ সেইবাবেই মহাজোঁট বান্ধি নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷
২০১৬ চনৰ নির্বাচনী ইস্তাহাৰত দিয়া বহু প্রতিশ্রুতি বিজেপিয়ে ৰক্ষা কৰা নাই৷ সেইবোৰ কথা তল পেলাবলৈ এইবাৰ সভ্যতা–সংস্কৃতি ৰক্ষাৰ কথা উচ্চস্বৰত কোৱা হৈছে৷ ইয়াৰ বাবে এটা বিশেষ ধর্মীয় গোষ্ঠীক আধাৰ হিচাপে লৈ ৰাজনীতি কৰি থকা এআইইউডিএফপ্রধান বদৰুদ্দিন আজমলক প্রতীক লোৱা হৈছে৷ একেদৰে কংগ্রেছে পাঁচটা গেৰাণ্টীৰ কথা কৈছে৷ স্বাধীনতাৰ পিছতে সবাতকৈ অধিক সময়ৰ বাবে অসম শাসন কৰা দলটোৱে গেৰাণ্টীৰ কথা কৈ নিজৰেই পূর্বৰ শাসন কালকেইটাক প্রশ্ণৰ তুলাচনীত তুলি দিছে৷ প্রতিশ্রুতি কার্যকৰী কৰিব নোৱাৰা বাবেই এইবাৰ প্রতিশ্রুতিক গেৰাণ্টীৰ ৰূপত আগবঢ়াবলগীয়া হৈছে৷ লক্ষণীয় কথাটো হ’ল, কংগ্রেছৰ গেৰাণ্টীকেইটাই এতিয়ালৈকে জনসাধাৰণক বৰ বিশেষভাৱে আকর্ষণ কৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে গেৰাণ্টী পাঁচটাই অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টিহে কৰিব লাগিছিল৷ কিয়নো গেৰাণ্টীকেইটাত আছে ৰাজ্যখনৰ প্রায় প্রতিটো পৰিয়ালৰ জীৱন নির্বাহক অন্য এটা স্তৰলৈ উন্নীত কৰাৰ পথ৷ দলটোৱে নাগৰিকত্ব সংশোধনী আইনখন অসমত কার্যকৰী কৰিব নোৱাৰাকৈ আইন প্রস্তুতৰ গেৰাণ্টী দিছে৷ এইটো গেৰাণ্টী অসমৰ ‘কা’বিৰোধী জনগণক নতুন স্বপ্ণৰে উতলা কৰাৰ সম্ভাৱনাৰে পৰিপূর্ণ৷ দ্বিতীয়তে অসমৰ প্রতিগৰাকী গৃহিণীক সন্মান–ৰাশি হিচাপে মাহেকত ২ হাজাৰ টকাকৈ দিয়াৰ গেৰাণ্টী দিয়া হৈছে৷ দাৰিদ্র্যপীডিত ৰাজ্যখনৰ এনেধৰণৰ গেৰাণ্টীয়ে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিব লাগিছিল৷ এতিয়ালৈকে সেয়া পৰিলক্ষিত হোৱা নাই৷ অনুৰূপ ধৰণে কংগ্রেছৰ সপক্ষে নির্বাচনী জোৱাৰ তোলাৰ শক্তিৰে সমৃদ্ধ হৈ আছে প্রতিমাহত প্রতিটো পৰিয়ালক ২০০ ইউনিটতকৈ বিদ্যুৎ ৰেহাই৷ এইটো গেৰাণ্টীৰ দ্বাৰা প্রতিটো পৰিয়ালৰ ১৪ হাজাৰ টকাকৈ ৰাহি হ’ব বুলি কোৱা হৈছে৷ চাহ শ্রমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ লগতে পাঁচ লাখ নিবনুৱাক বছৰি নিযুক্তি দিয়া হ’ব বুলি গেৰাণ্টী দিয়া হৈছে৷ এখন ৰাজ্যৰ ৰাজনীতি সলাবলৈ ইমানখিনি প্রতিশ্রুতি যথেষ্ট৷ কিন্তু কংগ্রেছৰ গেৰাণ্টীকেইটাক লৈ যেন ৰাজ্যখনৰ জনসাধাৰণ বৰ বিশেষ উৎসুক বা আগ্রহী নহয়৷ ইয়াৰ কাৰণ সম্ভৱতঃ দুটা৷ প্রথমটো জনগণে মনত পুহি ৰখা প্রতাৰণা শব্দটো৷ শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমলৈ আহি শব্দটোৰ আবেদনক অধিক প্রসাৰ আৰু প্রভাৱশালী কৰিলে৷ তেওঁ কংগ্রেছৰ বিগত প্রায় ৫০ বছৰৰ শাসনকালৰ কথা মানুহৰ মনত সজীৱ কৰি থৈ গ’ল৷ আনটো কাৰণ গ্রহণযোগ্যতা৷ জনসাধাৰণৰ মাজত দলটোৰ গ্রহণযোগ্যতা ইমানেই নিম্নস্তৰলৈ নামিছে যে কংগ্রেছৰ কথাত বিশ্বাস কৰা লোকৰ সংখ্যা তেনেই কম হৈ পৰিছে৷ গেৰাণ্টীকেইটাৰ কথা ৰাহুল গান্ধীয়ে আহি নির্বাচনী প্রচাৰ সভাত কৈ আছে৷ দলটোৰ শীর্ষ নেত্রী প্রিয়ংকা গান্ধী ৱদ্রাৰ উপস্থিতিত গেৰাণ্টীকেইটা এটা এটাকৈ প্রদেশ কংগ্রেছৰ নেতাই জনসাধাৰণৰ মাজত তুলি ধৰিছিল৷ তৎসত্ত্বেও ইয়াৰ প্রভাৱ সীমিত হৈয়েই থাকিল৷ এইখিনিতে ২০১৯ চনত অনুষ্ঠিত লোকসভা নির্বাচনত কংগ্রেছে দিয়া প্রতিশ্রুতি এটালৈ মনত পৰিছে৷ দলটোৰ যুৱৰাজ ৰাহুল গান্ধীয়ে নূ্যনতম আয় যোজনা (ন্যায়) নামেৰে এটা প্রতিশ্রুতি জনসাধাৰণৰ মাজলৈ লৈ আহিছিল৷ দলটো শাসনলৈ আহিলে দেশৰ ৫ কোটি দৰিদ্র পৰিয়ালক মাহেকত ছয় হাজাৰকৈ বছৰত ৭২,০০০ টকা নূ্যনতম আয়ৰ গেৰাণ্টী দিয়া হৈছিল৷ ন্যায়ৰ দ্বাৰা দেশৰ ২৫ কোটি লোক লাভান্বিত হ’ব বুলি কোৱা হৈছিল৷ এনে এটা প্রতিশ্রুতিয়ে দেশখনৰ ৰাজনীতি সলাই কংগ্রেছক শাসনলৈ অনাৰ বাবে যথেষ্ট আছিল৷ কিন্তু দেশত কংগ্রেছ তথা ৰাহুল গান্ধীৰ গ্রহণযোগ্যতা ইমানেই কম আছিল যে সিয়ে ভোটাৰৰ মাজত সামান্যতমো প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ অসমতো গেৰাণ্টীটোৰ প্রভাৱ দেখা নগ’ল৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাবমূর্তিক ভালদৰে ব্যৱহাৰ কৰি বিজেপিয়ে অভূতপূর্ব বিজয় সাব্যস্ত কৰিলে৷ ইয়াৰ অর্থ এইটো নহয় যে প্রধানমন্ত্রী মোদীয়ে দেশবাসীক দিয়া প্রতিশ্রুতিসমূহ ২০১৪–১৯ৰ কার্যকালত পূৰণ কৰিছিল৷ বৰং ওলোটাটোহে হৈছিল৷ কিন্তু কার্যকালটোত প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে ছার্জিকেল ষ্ট্রাইক, বিদেশত ভাৰতৰ মর্যাদা বৃদ্ধি, নিজৰ ৰাজনৈতিক কেৰিয়াৰত পৰিব পৰা প্রভাৱক আওকাণ কৰি লোৱা কিছুমান সিদ্ধান্তৰে তেওঁ দেশবাসীৰ মনত এটা সুকীয়া ইমেজ গঢ়ি লৈছে৷ সেইটোৱে বিজেপিক নির্বাচনত জয়ী হোৱাত সহায় কৰিলে৷ এনে সম্পদ কংগ্রেছৰ নাই৷ সেইবাবেই লোকসভা নির্বাচনত ‘ন্যায়’–এ মুখথেকেচা খোৱাৰ দৰে পাঁচটা গেৰাণ্টীৰো দুৰৱস্থা হোৱাৰ সম্ভাৱনা নথকা নহয়৷

You might also like