সাগৰ সোণোৱাল সম্ভাৱনা
প্রকৃতি, প্রাকৃতিক সম্পদ–শক্তি কিম্বা প্রাকৃতিক ঐশ্বর্যৰ উৎসবোৰক মানুহে নিজ স্বার্থৰ অনুকূলে ব্যৱহাৰ কৰাৰ চেষ্টা–আঁচনি–পৰিকল্ কৰিলেই প্রতিবাদ হয়৷ মানুহেই কৰে সেই প্রতিবাদ–আন্দোলন৷ সেই দৃষ্টিকোণৰ পৰা চাবলৈ হ’লে সর্বানন্দ সোণোৱালৰ সন্মুখতো প্রত্যাহ্বান বৰ উলাই কৰিব পৰাবিধৰ নহ’ব সমাগত সময়ত৷ যোৱা ৭ জুলাইৰ কথা৷ পুৱাৰে পৰা দেশজুৰি কৌতূহল–উৎকণ্ঠা–চ সন্ধিয়ালৈ শপতগ্রহণ কৰিবলগীয়া মোদীৰ সম্প্রসাৰিত কেবিনেটৰ সদস্যসকলৰ কোনে কি দপ্তৰ পাব৷ নতুন দায়িত্ব কি হ’ব দিল্লীলৈ প্রত্যাৱর্তন ঘটা অসমৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ নতুন মন্ত্রী পৰিষদক লৈ সেই জল্পনা–কল্পনা চলি থকাৰ সময়তে সোণোৱালৰ প্রতি প্রধানমন্ত্রী মোদীয়ে ঠিক কৰি ৰখা দপ্তৰটোৰ অধীনস্থ এটা অভিলাষী প্রকল্পৰ বিৰোধিতাৰে কর্ণাটকৰ আৰব সাগৰৰ তীৰত প্রস্তুত কৰা হৈছে এলানি বিক্ষোভ–আন্দোলনৰ আঁচনি৷ স্থান ৰাজধানী বাংগালুৰুৰ পৰা ৩৪৫ কিঃমিঃ পশ্চিমে অৱস্থিত গুৰুপুৰা নৈৰ পাৰৰ ‘ফাল্গুনী’ নামৰ চহৰখন (৮ জুলাইৰ দিনা দ্য হিন্দু কাকতত প্রকাশিত বাতৰি)৷ স্থানীয় মাছমৰীয়া বা মৎস্যজীৱীসকলৰ উমৈহতীয়া মঞ্চ ‘ফাল্গুনী সাম্প্রদায়িকা মিনুগাৰা সংঘ’ নামৰ সংগঠনটোৱে প্রস্তাৱ লৈছে পিছদিনা অর্থাৎ ৮ জুলাইৰ দিনা তেওঁলোকৰ মাছ চিকাৰৰ সঁজুলি, নৌকা আদি লৈ এক বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰিব ‘সাগৰমালা’ প্রকল্পৰ অধীনত স্থানীয় বেংগৰে নামৰ ঘাটটোত আৰম্ভ কৰিবলৈ লোৱাCoastal Berth Project (ঘাট উন্নয়ন প্রকল্প) বাতিল কৰাৰ দাবীত৷ উপকূলৱর্তী এইসকল জনতাৰ যুক্তি– প্রস্তাৱিত প্রকল্পটোৱে স্থানীয় মৎস্যজীৱীসকলৰ জীৱন–জীৱিকা কাঢ়ি নিয়াৰ লগতে পৰিৱেশগত দিশৰ পৰাও অঞ্চলটোলৈ নমাই আনিব প্রচণ্ড ভাবুকি৷ কাৰণ এই প্রকল্প আৰম্ভ হোৱাৰ লগে লগে স্থানীয় ‘মাৰুভাই’ Maruvai) নামৰ সাগৰীয় শামুকবিধৰ, যি সাগৰীয় খাদ্যৰ বিশেষ গুৰুত্ব আৰু চাহিদা আছে কর্ণাটকৰ ৰেস্তোৰাঁসমূহৰ মেন্যুত লগতে বিভিন্ন প্রজাতিৰ সাগৰীয় কেঁকোৰা সম্পূর্ণৰূপে বিলুপ্ত কৰি পেলাব৷ ‘বেংগৰে’ত প্রস্তাৱিত ঘাট আধুনিকীকৰণ আৰু সম্প্রসাৰণ প্রকল্পৰ বাবে জলৰাশিৰ গভীৰতা বৃদ্ধিৰ স্বার্থত চলিব খনন৷ কাৰণ ৫ হাজাৰটন বা তাতোকৈ অধিক ওজনৰ সামগ্রীৰ বহন ক্ষমতা থকা বিশাল বাণিজ্যিক জাহাজে লংগৰ পেলাবহি এই ঘাট অর্থাৎ বন্দৰত৷ লগে লগে মাছমৰীয়াসকলৰ সৰু নাওবোৰৰ বাবে ইয়াত ঠাই পোৱা নাযাব৷ ইফালে জলপৃষ্ঠৰ গভীৰতা বৃদ্ধিৰ লগে লগে পানী আৰু সোঁতৰ চৰিত্রলৈ আহিব পৰিৱর্তন৷ সাগৰীয় শামুক, কেঁকোৰা আদি দূৰলৈ উটি যাবগৈ৷ একপ্রকাৰ এই সাগৰীয় জীৱকুলৰ ওপৰতে নির্ভৰশীল স্থানীয় লোকসকল হৈ পৰিব উপার্জনহীন, কর্মহীন৷ সাতামপুৰুষৰ স্থান–বৃত্তি ত্যাগ কৰাৰ বিকল্প নাথাকিবগৈ তেওঁলোকৰ৷ গতিকে আন্দোলনৰো বিকল্প নাই৷ যোৱা ৭ জুলাইৰ কথা সেয়া৷
কিন্তু তাৰ পৰা আৰু দুসপ্তাহ আগৰ অর্থাৎ যোৱা ২৫ জুনৰ দিনটোৰ অন্য এক প্রেক্ষাপট (একেখন কাকত অর্থাৎ দ্য হিন্দুত ২৬ জুনৰ দিনা প্রকাশ পোৱা অন্য এটা বাতৰি)৷ দেশৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু মিলিত হৈছে তেওঁৰ গৃহৰাজ্য অন্ধ্রপ্রদেশৰ বংগোপসাগৰীয় বন্দৰ বিশাখাপট্টনম বন্দৰ নিধিৰ বিষয়ববীয়াসকলৰ সৈতে৷ নাইডুৰ গভীৰ বিশ্বাস– ক’ভিডে থানবান কৰি পেলোৱা দেশৰ অর্থনীতি পুনৰ উদ্ধাৰৰ বাবে ক’ভিডোত্তৰ সময়ত দেশৰ সামুদ্রিক বাণিজ্যই অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ আচলতে কৌশলগত দিশৰ পৰাই দেশৰ বাণিজ্য–র্থনীতিলৈ সুদূৰপ্রসাৰী পৰিৱর্তন অনাৰ বাবে প্রচুৰ সম্ভাৱনাময় ৭,৫১৭ কিঃমিঃ উপকূলীয় পথ Coastal line) ভাৰতৰ এক সম্পদ৷ এই পথ সামৰি আছে সৰু–বৰ দুই শতাধিক বন্দৰ৷ প্রাচীন কালত ভাৰতবর্ষৰ সামুদ্রিক বাণিজ্য ক্ষেত্রত আছিল ঈর্ষণীয় সক্ষমতা৷ প্রাচীন কলিংগ ৰাজ্যই সামুদ্রিক বাণিজ্যৰ ক্ষেত্রত ৰাখি থৈ গৈছে ভৱিষ্যতৰ বাবে অনুকৰণীয় দৃষ্টান্ত৷ বিশাখাপট্টনম বন্দৰ নিধিৰ অধ্যক্ষ কে ৰামমোহন ৰাও প্রমুখ্যে অন্যান্যসকলক সম্বোধন কৰি উপ–ৰাষ্ট্রপতিৰ বিশেষ গুৰুত্ব আৰোপ– দেশৰ সাগৰীয় পথ আৰু বন্দৰসমূহক সামৰি ৫৭৭টা অভিলাষী প্রকল্পৰ সমষ্টি ‘সাগৰমালা’ৰ ওপৰত৷ ৯.২ ত্রিলিয়ন (৮,৫৭,০৫,০০১ টকা বাজেট) যি প্রকল্পৰ জৰিয়তে বিকাশৰ পথেৰে এখন নতুন ভাৰতবর্ষ নির্মাণৰ নেতৃত্ব ল’ব দেশৰ সামুদ্রিক বন্দৰসমূহে৷ পিছে এইখিনিৰ পৰাই আৰম্ভণি সমস্যা–প্রত্যাহ্বানৰ্৷ পাতনিতে কৈছোঁৱেই নহয়, বান্দৰৰ আধুনিকীকৰণক লৈ কর্ণাটকৰ সমুদ্রতীৰৰ মৎস্যজীৱী ৰাইজৰ ক্ষোভ–সন্তুষ্টিৰ কথা৷ আন্দোলন আৰম্ভ হৈয়েই গৈছে৷
যোৱা ১১ জুলাই, দেওবাৰৰ দিনটো প্রায় এবেলা কটাইছিলোঁ নতুন দিল্লীৰ সংসদ মার্গত অৱস্থিত পৰিবহণ ভৱনত৷ এই অট্টালিকাতে আছে কেন্দ্রীয় চৰকাৰৰ আন কেইবাটাও মন্ত্রালয়ৰ কার্যালয়ৰ লগতে নৰেন্দ্র মোদীয়ে সর্বানন্দ সোণোৱালক মন্ত্রিত্ব দিয়া জাহাজ–বন্দৰ–জলপ্ বিভাগৰ মন্ত্রীৰ কার্যালয় (সোণোৱালে মোদীৰ সম্প্রসাৰিত কেবিনেটত আয়ুস দপ্তৰো লাভ কৰিছে যদিও আমাৰ এই আলোচনাৰ বিষয় তেওঁ পোৱা সাগৰীয় দপ্তৰটোহে)৷ ৭ জুলাইত শপত লোৱা নতুন মন্ত্রীসকলৰ বেছিভাগেই মন্ত্রিত্বৰ দায়িত্ব লোৱাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে যদিও সোণোৱালে শুভ দিন–বাৰ চাই নতুন দায়িত্ব গ্রহণ কৰাৰ বাবে ১১ জুলাইৰ দিনটো ঠিক কৰিছিল৷ সিদিনা নতুন মন্ত্রীৰ লগত চা–চিনাকিৰ সৌজন্যবোধ পালনৰ বাবে কার্যালয়ত ভিৰ কৰিছিলহি বিভাগটোৰ বহু উচ্চস্তৰীয় আমোলা–বিষয়া তথা ব্যৱসায়ীয়ে৷ কোনোবা যদি চেন্নাইৰ, কোনোবাজন আহিছে হায়দৰাবাদৰ পৰা৷ গোৱা, ওড়িশা, পঃবংগৰ পৰাও অহা দুজনমানৰ লগত সৌজন্যমূলক চিনাকি হৈছিলোঁ৷ মন্ত্রীৰ গৃহৰাজ্যৰ সাংবাদিক বুলি গম পাই দুই–এজনে আমাৰ লগত বেছ ভালদৰেই কথা–বতৰা পাতিছিল৷ কিন্তু এটা কথা বুজি পোৱাত অলপো অসুবিধা হোৱা নাছিল যে সোণোৱালৰ ওপৰত মোদীয়ে অর্পণ কৰা এই বিয়াগোম বিভাগটোৰ অধীনস্থ কেৱল ‘সাগৰমালা’ক লৈয়েই সকলোৰে মনত নতুন মন্ত্রীজনক ক’বলগীয়া– আলোচনা কৰিবলগীয়া বহুত৷ আচলতে সোণোৱালক বন্দৰ–জাহাজ–জলপ্ দপ্তৰ দিয়াৰ পিছত কোনো কোনো মহলত ব্যাপক চর্চা হৈছিল এইবুলি– আমাৰ প্রাক্তন মুখ্যমন্ত্রীজনে মোদী মন্ত্রীসভাত বিশেষ গুৰুত্বপূর্ণ দায়িত্ব নাপালে নেকি৷ কাৰণ সোণোৱালৰ নামৰ বিপৰীতে মানুহৰ মুখত চর্চিত–উচ্চাৰিত হৈছিল পেড্র’লিয়াম, খনি, তীখা, উত্তৰ–পূর্বাঞ্চলৰ বাবে বিশেষ গুৰুত্বপূর্ণ ড’নাৰ আদিৰ প্রসংগহে৷ কিন্তু সোণোৱালে যি দপ্তৰ পালে, সেয়া উত্তৰ–পূর্বাঞ্চলৰ মানুহৰ বৰ পৰিচিত নহয়৷ প্রধানকৈ দক্ষিণ ভাৰতীয় ৰাজনীতিতহে এইটো দপ্তৰৰ সাংঘাতিক গুৰুত্ব৷ গতিকে, সেই দপ্তৰৰ গুৰুত্ব বুজিবলৈ আমাৰ মানুহবোৰৰ সময় লাগিল অলপ৷ সেয়া স্বাভাৱিক কথা৷
আহঁো সাগৰমালাৰ কথালৈ৷ ২০১৫ চনৰ ২৫ মার্চত কেন্দ্রীয় চৰকাৰেNational Perspective Plan [NPP] For the comprehensive development of India অনুসৰি দেশৰ ৭,৫০০ কিঃমিঃ উপকূলীয় পথ Coastline) আৰু ১৪,৫০০ কিঃমিঃ জলপথক সামৰি প্রকল্প সমষ্টি ‘সাগৰমালা’ক অনুমোদন জনায়৷ কিন্তু এনে এটা প্রকল্পৰ সপোন প্রথমে দেখিছিল অটল বিহাৰী বাজপেয়ীয়ে৷ ২০০৩ চনত তেতিয়াৰ বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰে পথ আৰু ৰাষ্ট্রীয় ঘাইপথ সংযোগীGolden Quadrilateral প্রকল্পৰ সমান্তৰাল কার্যসূচী ৰূপে বন্দৰ সংযোগী আঁচনিৰ ধাৰণাটো তুলি লৈছিল৷ ২০১৪ চনত দিল্লীত নৰেন্দ্র মোদীৰ নেতৃত্বত পুনৰ এন ডি এ ক্ষমতালৈ অহাৰ পিছত ২০১৫ৰ ২৫ মার্চত ‘সাগৰমালা’ৰ প্রতি কেন্দ্রীয় কেবিনেটৰ অনুমোদন আৰু একেটা বছৰৰে ৩১ জুলাইৰ দিনা বাংগালুৰু চহৰত প্রকল্পটোৰ শুভাৰম্ভ কৰা হয়৷ ২০১৬ৰ ২০ জুলাইত কেন্দ্রীয় মন্ত্রী পৰিষদে সাগৰমালালৈ প্রাৰম্ভিক পুঁজি ৰূপে ১০০০ কোটি টকা Authorized share capital) আৰুSubscribed share capital শিতানত ৯০ কোটি টকা অনুমোদন দিয়ে৷ একেটা বছৰৰে ৩১ আগষ্টতSagarmala development company limited গঠন কৰা হয়৷ এয়াই সাগৰমালাৰ থূলমূল বুৰঞ্জী৷ ২০১৮ চনত ভাৰত চৰকাৰে সাগৰমালা প্রকল্পৰ বিপৰীতে বিনিয়োগ ৮.৫ ত্রিলিয়ন টকালৈ বৃদ্ধি কৰে৷ ইতিমধ্যে এই মেগা প্রকল্পক লৈ চিন্তা–চর্চা, পৰিকল্পনাত বহুখিনি আধুনিকতাৰ সংযোজন ঘটে৷ সিদ্ধান্ত লোৱা হয় দেশত ১৪টা সাগৰীয় অর্থনৈতিক মণ্ডল গঠন কৰি উন্নয়ন কৰাৰ৷ আকৌ বন্দৰসমূহৰ সৈতে পথ যোগাযোগ ব্যৱস্থাৰ অত্যাধুনিক উন্নয়নৰ লক্ষ্যৰে আহি পৰে ‘মাল্টি মডেল লজিষ্টিক পার্ক’ৰ এটা নতুন ধাৰণা৷ য’ত থাকিব সাগৰীয় বা জলপথেৰে অহা সামগ্রী বন্দৰত নমোৱাৰ পিছত শিতলীকৰণৰ পৰা প্রদর্শনী, কিনা–বেচা, আমদানি–ৰপ্তানিৰ সকলোবোৰ অত্যাধুনিক সা–সুবিধা৷ ভাৰত চৰকাৰৰ পথ–যোগাযোগ আঁচনি ‘ভাৰতমালা’ৰ অধীনত বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা বছৰৰ পৰা কাম আৰম্ভ হৈছে দেশৰ প্রথমখন আন্তর্জাতিক মাল্টি মডেল লজিষ্টিক পার্কৰ৷ আৰম্ভ হৈছে অসম চৰকাৰে ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম NHIDCL)ক দিয়া ২০০ বিঘা মাটিত৷
সাগৰমালা প্রকল্পক শ্রেণীবদ্ধ কৰা হৈছে কেন্দ্রীয় বন্দৰ–জাহাজ–জলপ্ মন্ত্রালয়ৰ ফ্লেগশ্বিপ কার্যসূচী ৰূপে৷ ২০১৯ বর্ষত সাগৰমালাৰ বিপৰীতে বিনিয়োগ বৃদ্ধি কৰা হয় ৯.২ ত্রিলিয়ন টকালৈ৷ মুঠতে সাগৰমালাক লৈ প্রত্যাশা আৰু পৰিকল্পনা বাঢ়ি গৈ থকাৰ লগে লগে বাঢ়ি গৈ আছে বিনিয়োগৰ পৰিমাণ৷ লগতে এই কথাও মনত ৰাখিব লাগিব যে দেশৰ বন্দৰ তথা সামুদ্রিক বাণিজ্যত গভীৰ দখল মোদীৰ ৰাজ্য গুজৰাটৰ ধনকুবেৰ গৌতম আদানি তথা আদানি গ্রুপৰ৷
সামগ্রিকভাৱে সাগৰমালা প্রকল্পৰ পুঁজিৰাশি বান্দৰ আধুনিকীকৰণ, সংযোগ বৃদ্ধি, বন্দৰ সংযোগী ঔদ্যোগিকীকৰণ আৰু উপকূলৱর্তী সম্প্রদায়ৰ উন্নয়ন এইকেইটা শিতানত ভাগ কৰা হৈছে৷ উপকূলীয় সম্প্রদায়ৰ উন্নয়ন Coastal community development) শিতানত ধার্য কৰা পুঁজিৰ পৰিমাণ আজিৰ তাৰিখত ৬৯,৭৬০ মিলিয়ন৷ আৰু সামগ্রিকভাৱে সাগৰমালাই সৃষ্টি কৰিব প্রত্যক্ষ–পৰোক্ষ ১০ নিযুত নিযুক্তিৰ পথ৷ কিন্তু সাগৰমালাৰ আওতাত থকা বিভিন্ন কার্যসূচীৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈ গৈছে৷ সোণোৱাল ডাঙৰীয়াৰ হাতত সদ্যহতে সময় মাত্র আঢ়ৈ বছৰ৷ গতিকে ক্ষিপ্র সিদ্ধান্ত, গতিশীল কর্মৰ বিকল্প নাই৷ ইফালে বিশাখাপট্টনম বন্দৰ নিধিৰ প্রতি ভেংকায়া নাইডুৰ নির্দেশ, ঈপ্সিত লক্ষ্যত উপনীত হ’ব পৰাকৈ বিশ্বৰ সর্বশ্রেষ্ঠ কৌশল, কর্মসূচীৰ পণ লোৱাৰ৷ কোৱা হৈছে এয়াই ভিজন টুৱেণ্টী–থার্টী৷
-সঞ্জীৱ প্রকাশ, ফোনঃ ৭০০২৯–১৯৭৫৮