নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ বাবে মাথোঁ এটা ভাষাতেই দখল সম্ভৱ নেকি?

অলপতে গৃহীত হোৱা ভাৰতৰ নতুন ৰাষ্ট্রীয় শিক্ষানীতিত উল্লেখ কৰা হৈছে যে প্রাথমিক আৰু মাধ্যমিক পর্যায়ত ইংৰাজী ভাষাৰ তুলনাত শিক্ষার্থীৰ মাতৃভাষা আৰু আঞ্চলিক ভাষাক অধিক গুৰুত্ব দিয়া হ’ব৷ এয়া প্রশংসনীয় প্রস্তাৱ৷ অনাগত সময়ত এই শিক্ষানীতিৰ বিভিন্ন দিশ সম্পর্কে নিশ্চয় যথেষ্ট আলাপ–আলোচনা দেখিবলৈ পোৱা যাব৷ এই প্রবন্ধত মই ভাষা–শিক্ষাৰ বাটত হেঙাৰ দিয়া সংকীর্ণ ধাৰণা কেতবোৰৰ কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ৷ এই ধাৰণাবোৰ দূৰ নকৰিলে আমাৰ ছাত্র–ছাত্রীৰ বাবে ইংৰাজী বা স্থানীয় ভাষা কোনোটোৰে গভীৰ জ্ঞান অর্জন সম্ভৱ নহ’ব৷
আজিৰ দিনত অসংখ্য লোকে বিশ্বাস কৰে যে শৈশৱৰে পৰা, অর্থাৎ মাত ফুটা–নুফুটাৰে পৰা ইংৰাজী ভাষাৰ শিক্ষা আৰম্ভ নকৰিলে শিক্ষার্থীৰ বাবে পাছলৈ ইংৰাজী ভাষাটো শিকা সম্ভৱ নহয়৷ এই অন্ধবিশ্বাসৰ বশৱর্তী হৈয়ে শিশুসকলৰ বাবে মাতৃভাষা অথবা অন্য স্থানীয় ভাষা শিকাৰ প্রক্রিয়াটো স্থগিত বা সীমিত কৰি তোলা হয়৷ ইয়াৰ উদ্দেশ্য ইংৰাজী ভাষাৰ জ্ঞান আহৰণৰ প্রক্রিয়াটো অধিক সুচল কৰি তোলা৷ কিন্তু মাতৃভাষাৰ শিক্ষাই ইংৰাজী ভাষাৰ জ্ঞান আহৰণৰ প্রক্রিয়াটোত বাধা প্রদান কৰিব–ই এক ভিত্তিহীন অন্ধবিশ্বাস মাত্র৷
এই অন্ধবিশ্বাসবোৰে আমাৰ মনত দুটা বৰ ক্ষতিকাৰক ধাৰণাৰ জন্ম দিছে৷ এহাতে ইংৰাজী স্কুলত পঢ়া–শুনা কৰি অহা ছাত্র–ছাত্রীসকলে বিশ্বাস কৰে যে যিহেতু তেওঁলোকে ‘ইংলিছ্ মিডিয়াম’ত শিক্ষা গ্রহণ কৰিলে, গতিকে তেওঁলোকৰ বাবে মাতৃভাষাৰ ওপৰত দৃঢ় দখল লাভ কৰাটো সম্ভৱ নহয়৷ অর্থাৎ তেওঁলোকৰ বাবে মাতৃভাষাৰ পৃথিৱীখন জেওৰা দিয়া ফুলনি এখনৰ দৰে৷ তাক তেওঁলোকে বাহিৰৰ পৰা চাব পাৰে যদিও ভিতৰলৈ সোমাই তাৰ ফল–ফুল–গছ–লতিক্ বর্ণ–গন্ধ–সোৱাদ গ্রহণ কৰিব নোৱাৰে৷ তেওঁলোকে এই পৰিস্থিতিৰ কোনো গত্যন্তৰ নাই বুলিয়েই ভাবে৷ এই মনোভাব মাথোঁ ছাত্র–ছাত্রীসকলৰ মাজতেই নহয়, বৰং তেওঁলোকৰ অভিভাৱকসকলৰ মাজতো ষোল্ল অনাই বিদ্যমান৷
এই ছবিখনৰ সিটো পিঠিত আছে মাতৃভাষাৰ মাধ্যমত অধ্যয়ন কৰা ছাত্র–ছাত্রীসকল৷ তেওঁলোকৰো অধিকসংখ্যকৰ মাজত একেধৰণৰে অন্ধবিশ্বাস দেখিবলৈ পোৱা যায়৷ তেওঁলোকে ভাবে যে অসমীয়া (বা বঙালী, হিন্দী আদি স্থানীয়) ভাষাৰ মাধ্যমত পঢ়া–শুনা কৰাহেতুকেই তেওঁলোকৰ বাবে ইংৰাজী ভাষাৰ দুৱাৰ বন্ধ৷ নিজৰ ইংৰাজী ভাষাজ্ঞানৰ সীমাবদ্ধতাৰ বাবে তেওঁলোকে প্রধানকৈ স্কুলীয়া পর্যায়ৰ শিক্ষাৰ মাধ্যমকে জগৰীয়া কৰে ‘কাৰণ মই ‘আছামিজ মিডিয়াম’ত পঢ়া৷’
অর্থাৎ, ইংৰাজীয়েই হওক বা মাতৃভাষাই হওক, উভয় মাধ্যমতে পঢ়া এক বৃহৎসংখ্যক ছাত্র–ছাত্রী এই একেই ক্ষয়ংকৰী ধাৰণাৰ বন্দী৷
আমাৰ সমাজৰ প্রায়ভাগ লোকৰ মনতে এই ধাৰণাবোৰ ইমান গভীৰলৈ শিপাই পৰিছে যে মাতৃভাষা আৰু ইংৰাজী, এই দুই ‘মেৰু’ৰ যে কেতিয়াবা সংযোগ ঘটিব পাৰে সেয়া তেওঁলোকৰ বাবে অকল্পনীয়৷ আজিৰ পৰা বাৰ–তেৰ বছৰ আগত মই ইংৰাজী সাহিত্যত মেজৰ লৈ বি এ মহলাত নাম লগাওঁতে বহুতে চকু কপালত তুলি প্রশ্ণ কৰিছিল কিন্তু তুমি জানো আছামিজ মিডিয়ামৰ নহয় ? কলেজত পাছক’ছ পেপাৰৰ অসমীয়া বিষয়ৰ শ্রেণীকোঠাত উপস্থিত হওঁতে অন্য বিভাগৰ ল’ৰা ছোৱালীবোৰে আমাৰ ইংৰাজী মেজৰৰ কেইটাক কিবা আচহুৱা জন্তু চোৱা দি চাইছিল৷ কাৰণ আমাৰ দুই–তিনিজনৰ বাদে ইংৰাজী মেজৰৰ আন সকলোবোৰ ল’ৰা–ছোৱালী আছিল ঐচ্ছিক ইংৰাজী বিষয়ৰ শ্রেণীকোঠাত৷
পাছলৈ ইংৰাজী সাহিত্যত এম এ কৰি থকা কালত, আৰু তাৰো পাছত সেই বিষয়ত গৱেষণা আৰম্ভ কৰাত এই প্রশ্ণবোৰৰ ধৰণটো কিছু সলনি হ’ল৷ তেতিয়া (আৰু এতিয়া) মোৰ টেবুলত অসমীয়া কিতাপ–পত্র অথবা লেখা দেখিলে এদিনীয়া মানুহে আচৰিত হৈ প্রশ্ণ কৰে কিন্তু তুমিতো ইংৰাজীৰ মানুহ তোমাৰ টেবুলত অসমীয়া কিতাপ কিয়? অর্থাৎ ইংৰাজী সাহিত্যৰ ছাত্র হিচাপে মোৰ পৰিচয় ইংৰাজী ভাষাটোৰ সৈতে কটকটীয়াকৈ বান্ধ খোৱা৷ ইংৰাজীৰ বাদে মই অন্য স্থানীয় ভাষাৰ সৈতে সংশ্রৱ ৰক্ষা কৰাটো মোৰ সেই পৰিচয়ৰ সৈতে খাপ নাখায়৷ কিজানি মই অসমীয়া সাহিত্যৰ ছাত্র হোৱা হ’লেও মানুহে মোক একেদৰেই প্রশ্ণ কৰিলে হয় কিন্তু তুমিতো অসমীয়াৰ মানুহ তোমাৰ টেবুলত ইংৰাজী কিতাপ কিয়? ক’ছত লাগে নেকি ?
এনেধৰণৰ কথাবোৰৰ মাজেৰে আমাৰ জাতিটোৰ অতি ড্রেজিক ছবি এখন ফুটি উঠে৷ যি অসমীয়া জাতিয়ে এসময়ত কৃষ্ণকান্ত সন্দিকৈৰ লেখীয়া পণ্ডিতৰ জন্ম দিছিল, সেই অসমীয়া জাতিয়ে এতিয়া অসমীয়া আৰু ইংৰাজী, এই দুটা ভাষাৰ মাজত ভাৰসাম্য ৰাখিব নোৱাৰি থৰকবৰক কৰিছে৷ আন নালাগে সন্দিকৈৰ একালৰ কর্মভূমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বুজনসংখ্যক ছাত্র–ছাত্রীৰ মাজতে এনে ভাৰসাম্যহীনতা স্পষ্টকৈ দেখিবলৈ পোৱা যায়৷ ইয়াৰ অসহায় আৰু কৰুণ সাক্ষী হৈ ৰৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল গ্রন্থাগাৰ (‘কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰ’)–ৰ এক বৃহৎ অংশজুৰি থকা সন্দিকৈৰ বিশাল আৰু বিস্ময়কৰ ব্যক্তিগত পুথিভঁৰালটো–যাৰ অনেক দেশী–বিদেশী ভাষাৰ শাৰী শাৰী অসংখ্য কিতাপবোৰ দেখিলে বিস্ময়ত মুখৰ মাত হেৰায়৷ এই পৰিস্থিতি অকল ইয়াতেই নহয়, বৰং ৰাজ্যৰ আৰু দেশৰ প্রায়বোৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানতো৷
এই গোটেইবোৰ কথাই আমাৰ মনত থকা কেতবোৰ উদ্বেগজনক ধাৰণা উদঙাই দিয়ে৷ এনে এটা ধাৰণা হৈছে যে আমাৰ শিক্ষাব্যৱস্থা বা শিক্ষাৰ মাধ্যমে আমাৰ সকলো সৃজনীশীল সম্ভাৱনা আৰু সামর্থ্যৰ সীমা বান্ধি দিয়ে৷ তাত আমাৰ অহোপুৰুষার্থ অথবা ৰাপ–ৰুচিৰ কোনো ভূমিকা নাথাকে৷ আন কথাত, আমি সম্পূর্ণৰূপে এনে সামাজিক অনুষ্ঠান–প্রতিষ্ঠান আদিৰ দাস৷
দ্বিতীয়তে এনে আন এক ক্ষয়ংকৰ ধাৰণা হৈছে যে আমাৰ শিক্ষার্থীসকলে মাথোঁ এটা ভাষাত বা এটা বিষয়তহে বুৎপত্তি লাভ কৰিব পাৰে৷ হয় ইংৰাজীত নহয় অসমীয়াত৷ হয় বিজ্ঞানত নহয় কলাত৷ এনে চিন্তা–ধাৰণাবোৰ আমাৰ শিক্ষা ব্যৱস্থাটোৰ মান্ধাতাযুগীয়া বৃত্তিমুখী মানসিকতাৰ ফচল৷ সৰুৰে পৰা আমাক মাথোঁ সেইবোৰ কথাতহে গুৰুত্ব দিবলৈ শিকোৱা হৈছে যিবোৰে আমাক এটি লোভনীয় জীৱিকা যোগাৰ কৰাত সহায় কৰিব পাৰে৷ সেয়েহে পাছলৈ আমি তেনে জীৱিকাৰ খাতিৰত আমাৰ আন সকলো বৌদ্ধিক–মানসিক শক্তি–ক্ষমতা আৰু সম্ভাৱনাক অকুণ্ঠিতভাৱে জলাঞ্জলি দিবলৈ সাজু হৈ উঠোঁ৷
এইদৰে আমি নিজৰ অজানিতেই শিক্ষা সম্পর্কে কেতবোৰ অতি সংকীর্ণ ধাৰণাক আঁকোৱালি লৈছোঁ৷ এই ধাৰণা অনুসৰি শিক্ষা আমাৰ মুক্তিৰ সঁচাৰ কাঠী নহয়, বৰং সীমাবদ্ধতাৰ কাৰাগাৰহে৷ এই কাৰাগাৰত আবদ্ধ ইংৰাজী ভাষা–সাহিত্যৰ ছাত্রই হিন্দী–সমীয়া–বঙলা শিকিব নোৱাৰে, আৰু অসমীয়াৰ ছাত্রই নোৱাৰে ইংৰাজী–হিন্দী–বঙলা শিকিবলৈ৷ অথবা বিজ্ঞানৰ ছাত্রই গল্প–উপন্যাস নপঢ়ে, আৰু কলা–বাণিজ্যৰ ছাত্রই বুজি নাপায় বিজ্ঞানৰ বুনিয়াদী তত্ত্ব৷
এই মানসিক বন্দীশালৰ পৰা মুক্তি পাবলৈ মাথোঁ চৰকাৰী শিক্ষানীতিয়েই যথেষ্ট নহয়৷ তাৰ বাবে লাগিব এক ব্যাপক আৰু প্রবল প্রচেষ্টাৰ, ব্যক্তিগত আৰু সামাজিক উভয় পর্যায়তে৷ সমাজৰ বৌদ্ধিক মহলে এইক্ষেত্রত আগভাগ ল’ব লাগিব৷ সকলোৱে নিজকেবহুতো জটিল আৰু অপ্রিয় প্রশ্ণ কৰিব লাগিব৷ মনত ৰাখিব লাগিব যে এই বন্দীশালৰ পৰা মুক্তি লাভৰ চাবিকাঠী আমাৰ নিজৰ হাততহে আছে৷

You might also like