শিক্ষা কি? শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ প্রধান উপাদান৷ শিক্ষাৰ দ্বাৰা মানুহৰ জ্ঞানপ্রাপ্ত হয় আৰু সেই জ্ঞানে মূল্যবোধৰ সৃষ্টি কৰি মানৱ সভ্যতাৰ অগ্রগতি আৰু বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ শিক্ষাৰ তত্ত্বসমূহৰ দ্বাৰা বিশ্লেষিত যে শিক্ষা এটা জীৱনজোৰা প্রক্রিয়া, যাক প্রদান আৰু আহৰণ কৰি শেষ কৰিব নোৱাৰি৷ কিন্তু বর্তমান সময়তো শিক্ষা কেৱল জ্ঞান আহৰণৰ মাধ্যম হৈ আছেনে? বাস্তৱ সত্যটো হ’ল বর্তমান সময়ত শিক্ষা হৈছে নম্বৰ আহৰণৰ প্রতিযোগিতা৷ জীৱন যুঁজৰ প্রতিযোগিতাখনত এনে বহু ক্ষণ আহিব, য’ত আজিও জ্ঞানতকৈ নম্বৰৰ মূল্য অধিক৷ বিচাৰিলেও এনে ব্যৱস্থা এদিনতে সলনি কৰিব পৰা নাযায়৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতিয়ে এনে বহুত সুযোগ হয়তো আমালৈ আনিব, যাৰ দ্বাৰা এলান্ধুকলীয়া শিক্ষাৰ ধাৰণাক আমি বহুখিনি সলনি কৰিব পাৰিম৷ কিন্তু তাৰ বাবে আৰু কিছু বছৰ আমি অপেক্ষা কৰিব লাগিব৷
বর্তমান সময়ত ক’ভিড অতিমাৰীয়ে সমগ্র বিশ্বৰ লগতে আমাৰ দেশ আৰু ৰাজ্যখনৰো অৱস্থা তথৈবচ কৰি পেলোৱাৰ সময়তে শিক্ষাৰ লগত জডিত এনে এক স্পর্শকাতৰ বিষয়ে ৰাজ্যৰ বহু ছাত্র–ছাত্রী আৰু অভিভাৱকক অতিকৈ চিন্তিত কৰি ৰাখিছে৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ বিগত প্রায় দুটা মাহে ৰাজ্যখনত যি কাৰবাৰ চলি আছে, তাকে দেখি এক অনাকাংক্ষিত ভৱিষ্যতৰ আশংকাত প্রায় প্রতিগৰাকী ছাত্র–ছাত্রী আৰু সচেতন অভিভাৱক শংকিত হৈ পৰিছে৷ আজি ছাত্র–ছাত্রী তথা অভিভাৱকসকলো অনিশ্চয়তাৰ মাজত৷ পৰীক্ষা হ’ব নে নহয়? যদি হয় কিদৰে হ’ব আৰু যদি নহয় কিদৰে মূল্যায়ন কৰিব? শেহতীয়াকৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্রস্তাৱক লৈও বহু ব্যক্তি, ছাত্র–ছাত্রী, অভিভাৱক তথা ছাত্র সংগঠন সন্তুষ্ট নহয়৷ সকলোৱে কৈ আছে ছাত্র–ছাত্রীক ন্যায় দিব লাগে৷ হয়৷ ছাত্র–ছাত্রীক ন্যায় লাগিবই৷ কিন্তু এই ন্যায় পাব কিদৰে?
সত্যটো হ’ল অসমৰ ৰাজ্যিক ব’ডৰ ছাত্র–ছাত্রীক যদি প্রকৃততে ন্যায় দিব লাগে যিকোনো উপায়েৰে পৰীক্ষা এটা পাতিবই লাগিব৷ সঠিকভাৱে মূল্যায়ন হোৱা এখন ‘মার্কশ্বীট’ যদি আমাক লাগে প্রথমতে সঠিকভাৱে মূল্যায়ন হোৱা এটা ‘মার্ক’ লাগিব৷ কিন্তু অসমৰ ৰাজ্যিক ব’ডৰ লগত তেনে কোনো ‘মার্ক’ নাই৷ কিছুসংখ্যক বিদ্যালয়ৰ হাতত তেনে মার্ক বা নম্বৰ আছে যদিও সৰহসংখ্যকৰেই নাই৷ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আগত সদায়েই হোৱা প্রি–ব’ড পৰীক্ষাটো এইবাৰো কিছু কিছু জিলা ব’র্ডে পাতিছিল যদিও সকলো জিলা ব’র্ডে এই পৰীক্ষা নাপাতিলে৷ সচৰাচৰ বিদ্যালয়সমূহত হোৱা মাহেকীয়া ইউনিট টেষ্টসমূহো ক’ভিডৰ বাবে বিগত দুটা বর্ষত নৱম আৰু দশম শ্রেণীৰ বাবে পাতিব পৰা হোৱা নাই৷ কিছু কিছু বিদ্যালয়ে পাতিব পাৰিছে যদিও বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত আর্থিকভাৱে দুর্বল ছাত্র–ছাত্রীৰ বহুতৰে শ্রেণী এটা কৰিব পৰাকৈ বা অনলাইন পৰীক্ষা দিব পৰাকৈ এটা স্মার্টফোনৰ অভাৱ আৰু বিশেষকৈ গাঁওসমূহত ডিজিটেল আন্তঃগাঁথনিৰ তথৈবচ অৱস্থাটোৱে পৰীক্ষা এটা পাতিব পৰাকৈ সকলো বিদ্যালয়কে সক্ষম কৰি নুতুলিলে৷ একেই অৱস্থা উচ্চতৰ মাধ্যমিকৰ ক্ষেত্রত৷ ক’ভিডৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্রথম বার্ষিকৰ পৰীক্ষাও অনুষ্ঠিত কৰিব পৰা নগৈছিল৷ গতিকে মূল্যায়ন কিহৰ ভিত্তিত কৰিব? কিহৰ ভিত্তিত দিব নম্বৰ? নম্বৰ দিলেও সি বাস্তৱসন্মত হ’বনে?
বিশেষজ্ঞ সমিতিও হয়তো নিৰূপায়৷ যিমানেই অভিজ্ঞ বিশেষজ্ঞক লৈ সমিতি নবনাওক কিয়, কেনেকৈ উলিয়াব পদ্ধতি? পদ্ধতি উলিয়াবলৈতো কিবা এটা আধাৰ লাগিব৷ প্রকৃতার্থত তেনে আধাৰ একোৱেই নাই৷ সেয়েহে হয়তো বিশেষজ্ঞ সমিতিৰ প্রতিবেদনক লৈ কিছু বিতর্ক হৈছে৷ ই স্বাভাৱিক৷ বিশেষজ্ঞ সমিতিখনে বহুকেইটা সুন্দৰ পৰামর্শ আগবঢ়াইছে৷ যিহেতু চৰকাৰে পৰীক্ষা নপতাৰ সিদ্ধান্ত লৈছিল, সেয়েহে এনে এন পৰিস্থিতিত ইয়াতকৈ ভাল পৰামর্শ আগবঢ়োৱাৰ অৱকাশ নাই৷ কিন্তু পৰীক্ষা নপতাকৈ মূল্যায়নৰ যিবোৰ পৰামর্শ আগবঢ়োৱা হৈছে প্রকৃতার্থত সেইবোৰ পৰামর্শই ছাত্র–ছাত্রীক ন্যায় দিব পাৰিবনে? মাত্র দুটা উদাহৰণেৰে বিশ্লেষণ কৰি চাওঁ–
প্রথমতে, ধৰি লোৱা হ’ল ‘ক’ নামৰ বিদ্যালয় এখনৰ ছাত্র–ছাত্রীসকল আর্থিকভাৱে সচ্ছল তথা বিদ্যালয়খন নগৰ অঞ্চলত অৱস্থিত, য’ত অনলাইন পাঠদান দিয়া বা অনলাইন পৰীক্ষা পতাৰ ক্ষেত্রত ইণ্টাৰনেট সংযোগৰ ফালৰ পৰা কোনোধৰণৰ অসুবিধা নাই৷ সেইখন বিদ্যালয়ে বিগত সময়ত অনলাইন ব্যৱস্থাৰে শ্রেণী চলাই আৰু পৰীক্ষা অনুষ্ঠিত কৰি ছাত্র–ছাত্রীৰ আভ্যন্তৰীণ মূল্যায়ন সঠিকভাৱে কৰিলে আৰু সেইসকল ছাত্র–ছাত্রীৰ নম্বৰ বিশেষজ্ঞ সমিতিৰ পৰামর্শ অনুযায়ী ব’ডলৈ প্রেৰণ কৰিলে৷ বিদ্যালয়ে পঠিওৱা নম্বৰৰ ভিত্তিত সেইখন বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ সঠিক মূল্যায়ন কৰা হ’ল৷ অর্থাৎ ৭০ শতাংশ নম্বৰ পোৱাৰ যোগ্য এজন ছাত্র বা এগৰাকী ছাত্রীয়ে প্রায় ৭০ শতাংশ নম্বৰেই পালে৷ কিন্তু ‘খ’ নামৰ বিদ্যালয়খনত যদি এই সুবিধাসমূহ নাই অর্থাৎ বিদ্যালয়খন থকা অঞ্চলৰ ৰাইজৰ যদি আর্থ–সামাজিক অৱস্থাৰ লগতে ডিজিটেল আন্তঃগাঁথনিৰ অৱস্থাও শোচনীয় তেতিয়া সেইখন বিদ্যালয়ে কিদৰে অনলাইন পদ্ধতিত শ্রেণী বা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব? যেতিয়া সেইখনে বিদ্যালয়েও ছাত্র–ছাত্রীৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ ব’ডলৈ পঠিয়াব লাগিব তেতিয়া তেওঁলোকে কিহৰ ভিত্তিত সেই নম্বৰ পঠিয়াব? এইক্ষেত্রত বিশেষজ্ঞ সমিতিয়ে কেইটামান সুন্দৰ পৰামর্শ দিছে৷ কিন্তু বাস্তৱিকতে এনে বহু বিদ্যালয় নোলাবনে যি বিশেষজ্ঞ সমিতিৰ পৰামর্শক আওকাণ কৰি কেৱল অনুমানৰ ভিত্তিত সেই নম্বৰ দিব? ৪০ শতাংশ নম্বৰৰ যোগ্য ছাত্র এজনক যদি ৯০ শতাংশ নম্বৰ দি পঠিয়ায় বা ৯০ শতাংশ নম্বৰৰ যোগ্য ছাত্র এজনক যদি ৬০ শতাংশ নম্বৰ দি পঠিয়ায় ব’র্ডে সেই কথা কেনেদৰে গম পাব? পৰৱর্তী সময়ত জীৱন যুঁজৰ প্রতিযোগিতাত সঠিকভাৱে মূল্যায়ন হৈ ৭০ শতাংশ নম্বৰ পোৱা ‘ক’ বিদ্যালয়খনৰ ছাত্রজনে যদি ৯০ শতাংশ নম্বৰ পোৱা ‘খ’ বিদ্যালয়ৰ ছাত্রজনৰ লগত প্রতিযোগিতা কৰিবলগীয়া হয়, তেতিয়া ‘ক’ বিদ্যালয়ৰ ছাত্রজনৰ প্রতি অন্যায় কৰা নহ’বনে?
দ্বিতীয়তে, উচ্চতৰ মাধ্যমিকৰ ক্ষেত্রত কোৱা হৈছে যে উচ্চ মাধ্যমিকত পোৱা তিনিটা বিষয়ৰ সর্বোচ্চ নম্বৰৰ পৰা ৫০ শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিকত ৫০ নম্বৰৰ হিচাপ কৰা হ’ব৷ কিন্তু বাস্তৱ সত্যটো হ’ল উচ্চ মাধ্যমিকত তৃতীয় বা দ্বিতীয় বিভাগ পোৱা এনে বহু ছাত্র–ছাত্রী আছে যি উচ্চতৰ মাধ্যমিকত ৮০–৮৫ শতাংশ নম্বৰ পায়৷ পৰিৱর্তে উচ্চ মাধ্যমিকত ষ্টেণ্ড কৰা ছাত্র–ছাত্রীও আছে যি উচ্চতৰ মাধ্যমিকত কেৱল দ্বিতীয় বিভাগতহে উত্তীর্ণ হয়৷ বিশেষকৈ গণিত আৰু বিজ্ঞানৰ বাবে উচ্চ মাধ্যমিকত বেয়া ফলাফল কৰা এনে বহু ছাত্র–ছাত্রী আছে যি পৰৱর্তী সময়ত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত বহুখিনি ভাল ফলাফল দেখুৱায়৷ এতেকে উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্রত উচ্চ মাধ্যমিকৰ পৰা নম্বৰ লোৱা ব্যৱস্থাটোৱে ছাত্র–ছাত্রীসকলক প্রকৃততে ন্যায় দিবনে?
গতিকে ছাত্র–ছাত্রীসকলক যদি প্রকৃতপক্ষে ন্যায় দিবলগীয়া হয় এটা সুনির্দিষ্ট পানী নসৰকা মূল্যায়ন ব্যৱস্থা লাগিব৷ নহ’লে ভৱিষ্যতে এইসকল ছাত্র–ছাত্রীয়ে হীনমন্যতাত ভোগাৰ সন্দেহো একেবাৰে নুই কৰিব নোৱাৰি, যিদৰে তাৰাপ্রসাদ দাস বা ৰাকেশ পালৰ দিনত যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাসকলেও আজিৰ দিনত এক হীনমন্যতাত ভোগে৷ সমাজে যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাজনকো সন্দেহৰ দৃষ্টিৰে চায়৷ সেয়েহে আমি মূল্যায়নৰ দিশটো যদি সঠিক কৰিব নোৱাৰোঁ ভৱিষ্যতৰ সমাজখনেও এইসকল ছাত্র–ছাত্রীৰ ফলাফলক সন্দেহৰ দৃষ্টিৰে চোৱাৰ এক অৱকাশ থাকি যাব৷
সেয়েহে ভাবোঁ যে পৰীক্ষা এটা হোৱাৰ প্রসংগটোক সকলোৱে সমর্থন কৰাটো ভাল৷ ইতিমধ্যে আমি ব্যক্তিগতভাৱেই হওক বা দুদিনমান আগতে অসম বিজ্ঞান সমিতিয়ে ‘ক’ভিড পৰিস্থিতিত শিক্ষা ব্যৱস্থা’ শীর্ষক তেওঁলোকৰ খচৰাতেই হওক নাইবা সদৌ অসম ছাত্র সন্থাই হওক সকলোৱে ক’ভিডৰ সময়তো ছাত্র–ছাত্রীৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ কিদৰে এটা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায়, তাৰ সুন্দৰ পৰামর্শ আগবঢ়াইছে৷ পৰীক্ষা সংক্রান্তীয় চৰকাৰী জাননীখনতো চাৰি নম্বৰ দফাত পৰীক্ষা পতাৰ প্রসংগ উল্লেখ কৰা হৈছে৷ কিন্তু পাঁচ নম্বৰ দফাটোত উল্লেখ কৰা ধৰণে কেৱল চাকৰিৰ বাবে এই পৰীক্ষা দিব লাগিব বুলি কোৱা কথাটো যুক্তিসংগত যেন নালাগিল৷ ওপৰত উল্লেখিত যুক্তিখিনিক যদি বিশ্লেষণ কৰি চায় এই কথা প্রণিধানযোগ্য যে পৰীক্ষা সকলোৰে বাবে অপৰিহার্য৷
তদুপৰি জাননীখনৰ চাৰি নম্বৰ দফাত উল্লেখ থকা অনুসৰি পৰীক্ষা যদি ২০২২ চনলৈ পিছুৱাবলগীয়া হয় ছাত্র–ছাত্রীসকলৰ অৱস্থা তথৈবচ হৈ পৰিব৷ কাৰণ ছাত্র–ছাত্রীসকলে ইতিমধ্যে উচ্চ পর্যায়ৰ শ্রেণীসমূহত নামভর্তি কৰিব৷ সেই শ্রেণীসমূহৰ পাঠ্যক্রম আৰু বিভিন্ন পৰীক্ষাসমূহে তেওঁলোকক হেঁচা মাৰি ধৰিব৷ তেনে এক সময়ত তেওঁলোকৰ বাবে এৰি অহা বর্ষৰ পাঠ্যক্রম পঢ়ি পৰীক্ষা এটা দিয়াটো এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিব৷
সেয়েহে সকলো দিশ সামৰি ছাত্র–ছাত্রীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত সকলোৱে বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে বিচাৰ কৰি চোৱাটো দৰকাৰ৷ ছাত্র–ছাত্রীসকলক মানসিক অস্থিৰতাৰ পৰা তাৎক্ষণিকভাৱে পৰিত্রাণ দিয়াটো বিজ্ঞ মহলৰ প্রথম প্রচেষ্টা হোৱা উচিত৷ ইতিমধ্যে যি হ’ব লগা আছিল হ’ল, আৰু যাতে বেয়া হ’ব নোৱাৰে, তাৰ প্রতি সচেতন হোৱা দৰকাৰ৷ জুলাইৰ ভিতৰত কিবা এটা ফলাফল দিব নোৱাৰিলে ছাত্র–ছাত্রীসকল বিভিন্ন প্রতিষ্ঠানত নামভর্তিৰ পৰা বঞ্চিত হ’ব৷ সেয়েহে বিশেষজ্ঞ সমিতিয়ে প্রতিবেদনৰ ৩নং দফালৈকে দিয়া পৰামর্শৰ ভিত্তিত যিকোনো উপায়েৰে এখন মার্কশ্বীট তৈয়াৰ কৰি ছাত্র–ছাত্রীসকলক এডমিছন দিয়াৰ ব্যৱস্থা কৰক৷ লগতে প্রকৃত মূল্যায়ন আৰু ছাত্র–ছাত্রীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত যিমান পাৰি সোনকালে (ক’ভিডৰ হাৰ ২ শতাংশতকৈ কম হৈ থাকোঁতেই) বিভিন্নজনে দিয়া পৰামর্শৰ ভিত্তিত সকলোৰে বাবে এটা পৰীক্ষা পতাৰ দিহা কৰক৷ ছাত্র–ছাত্রীৰ নূ্যনতম ক্ষতি আৰু সঠিক মূল্যায়নেই সকলোৰে কাম্য৷ সেয়েহে আশা কৰিম ইতিবাচক দৃষ্টিভংগীৰে সকলোৱে মিলি বিষয়টো তাৎক্ষণিকভাৱে সমাধান কৰিব৷