চুপাৰিৰ আন্তঃৰাষ্ট্রীয় চোৰাং বেহা
পাণ–মচলা সেৱন ভাৰতবর্ষত তুলনামূলকভাৱে নতুনকৈ আৰম্ভ হোৱা এটা নিচা৷ ই মানুহৰ স্বাস্থ্যৰ প্রতি ভাবুকি অনাৰ উপৰি ৰাজ্যৰ ৰাজকোষতো বেয়াকৈ প্রভাৱ পেলাইছে৷ অনেক সময়ত বৃহৎ পৰিমাণৰ শুকান তামোল বা চুপাৰি আমদানি শুল্ক ফাঁকি দি ম্যানমাৰৰ মাজেৰে ভাৰতলৈ চোৰাংকৈ অনা হয়৷ এই চুপাৰিবোৰ বেছিভাগ ইণ্ডোনেছিয়া আৰু ম্যানমাৰৰ৷ সুদূৰ পূর্বত চলি থকা চুপাৰিৰ চোৰাং বেহা বছৰি ২,৫০০ কোটি টকাৰো অধিক বুলি ঠাৱৰ কৰা হৈছে৷ ভাৰতবর্ষত জনপ্রিয় গুট্খা আৰু পাণ–মচলাবোৰৰ মুখ্য উপাদান হ’ল চুপাৰি৷ ভাৰতবর্ষত পাণ–মচলাৰ ব্যৱসায় অতি বিশাল আৰু বছৰি প্রায় ২৫,০০০ কোটি টকাৰ লেনদেন হয়৷ এই লেনদেন বছৰি ১%কৈ বৃদ্ধি পাব ধৰিছে৷ ভাৰতবর্ষই আমদানিকৃত চুপাৰিৰ ওপৰত থকা আবকাৰী শুল্ক %ৰ পৰা ৪%লৈ বঢ়াই দিয়াৰ লগে লগে ২০১৭ চনৰ পৰা চোৰাং বেহা তীব্রতৰ হৈ উঠে৷
২০১৭ চনৰ ছেপ্ঢেম্বৰ মাহত ডাইৰেক্টৰেট অৱ ৰেভিন্যু ইণ্টেলিজেঞ্চে চৈয়দ আহমেদ শ্বেইখৰ নবী মুম্বাই আৰু নাগপুৰস্থিত গুদামৰ পৰা ২৪০ মেড্রিকটন ইণ্ডোনেছিয়াৰ চুপাৰি বাজেয়াপ্ত কৰে৷ সেইদৰে ২০১৮ চনৰ ছেপ্ঢেম্বৰত আহমেদাবাদৰ ৰাজা আব্দুল নামৰ আন এজন চোৰাং ব্যৱসায়ীৰ পৰা ১২০ মেড্রিকটন ইণ্ডোনেছিয়াৰ চুপাৰি জব্দ কৰা হয়৷ চুপাৰিখিনিৰ বজাৰ মূল্য আছিল ৬ কোটি টকা৷ দুয়োজন ব্যৱসায়ী এটা ডাঙৰ আন্তর্জাতিক চোৰাং চক্রৰ সৈতে জডিত থকা বুলি চিহ্ণিত হয়৷ এই চক্রটো একে সময়তে ছিংগাপুৰ, থাইলেণ্ড, ম্যানমাৰ আৰু ভাৰতবর্ষৰ উত্তৰ–পূবৰ মিজোৰাম আৰু মণিপুৰত সক্রিয় হৈ আছে৷
মূলতঃ মিজোৰামৰ জখাওথাৰ আৰু মণিপুৰৰ মৰেহৰ ভূ–শুল্ক বিভাগৰ দুটা ঘাটিৰ মাজেৰে চুপাৰিৰ অবৈধ চালান হয়৷ চোৰাং ব্যৱসায়ীসকলে স্বীকাৰ কৰা মতে সুৰক্ষা বল আৰু প্রৱর্তন এজেঞ্চীৰ কর্মচাৰীসকলৰ সহযোগত এই অবৈধ কাৰবাৰ চলে৷ ম্যানমাৰৰ পৰা ড্রাকে ড্রাকে চোৰাংকৈ অহা চুপাৰি গুজৰাট, ৰাজস্থান, নতুন দিল্লী, উত্তৰ প্রদেশ, মহাৰাষ্ট্র, হাৰিয়ানা আদি ৰাজ্য পায়গৈ৷ৰাজা আব্দুল নামৰ চোৰাং ব্যৱসায়ীজনে স্বীকাৰ কৰা মতে তেওঁৰ সহকর্মীসকলে মহাৰাষ্ট্রৰ গণ্ডিয়াৰ পৰা ব্যৱসায় চলায়৷ ঠাইখন মহাৰাষ্ট্র, মধ্যপ্রদেশ আৰু চত্তিশগডৰ সংগমস্থল আৰু চহৰখনত এটা ডাঙৰ জংচন আছে৷ এই জংচনৰ বাবে মহাৰাষ্ট্র, মধ্যভাৰত আৰু পূর্ব ভাৰতৰ সৈতে যোগাযোগ ৰখাত সুবিধা৷ গণ্ডিয়া ভাৰতবর্ষৰ চাউলৰ ৰাজধানী বুলিও জনা যায়৷ চহৰৰৰ য’তে–ত’তে থকা হাজাৰ–বিজাৰ চাউলৰ গুদামত সহজেই চুপাৰি লুকাই থ’ব পাৰি৷ এইবোৰ গুদামৰ পৰা ক’লা ব্যৱসায়ীসকলে মধ্য ভাৰতৰ বিভিন্ন গুট্খা আৰু পাণ–মচলা ফেক্টৰীলৈ চুপাৰি যোগান ধৰে৷ ২০১৭ চনৰ ছেপ্ঢেম্বৰত কাছাৰৰ ধলেশ্বৰতো প্রায় ৩ কোটি টকাৰ চুপাৰি জব্দ কৰা হৈছিল৷
বৃহৎ পৰিমাণে ক্রয় কৰিলে ইণ্ডোনেছিয়া আৰু ম্যানমাৰত শুকান তামোল বা চুপাৰি অতি কম দামত পোৱা যায়৷ এইদৰে কিনা চুপাৰিৰ দাম টনত ২০০–৩০০ ডলাৰ বা ভাৰতবর্ষৰ দাম হিচাপে কিলোত ১৩–১৬ টকাৰ ভিতৰত পোৱা যায়৷ ভাৰতবর্ষত কিনা চুপাৰিৰ ইয়াতকৈ বহুগুণে দাম৷ থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ পৰা ম্যানমাৰলৈ যান–বাহন চলাচলৰ পথেৰে চুপাৰি চোৰাংকৈ অনা হয়৷ বাটে–পথে বহুত ঠাইত টকা–পইচা দিবলগীয়া হোৱা সত্ত্বেও ভাৰতবর্ষ আহি পোৱালৈকে গুট্খা ব্যৱসায়ীসকলে বেছ কম দামতে তেওঁলোকৰ পণ্য লাভ কৰে৷ তদুপৰি ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ চুপাৰি ভাৰততকৈ উন্নত মানৰ আৰু এইবোৰৰ ভিতৰত ক’লা পচিবলৈ ধৰা কোনো দাগ নাথাকে৷ ২০১৮ চনৰ মে’ মাহৰ পৰা ভাৰত চৰকাৰে ম্যানমাৰৰ পৰা চুপাৰি আমদানি সম্পূর্ণৰূপে বন্ধ কৰে৷ ২০১৭–১৮ চনত ম্যানমাৰৰ পৰা ভাৰতবর্ষলৈ ৪০,০০০ টন চুপাৰি ৰপ্তানি কৰা হৈছিল৷ ম্যানমাৰত বছৰি ১০,০০০ টনৰ বেছি চুপাৰি উৎপন্ন নহয়৷ উপৰুৱা পৰিমাণখিনি ইণ্ডোনেছিয়াৰ পৰা ম্যানমাৰলৈ অহা বুলি সন্দেহ কৰা হৈছে৷
বৈধভাৱে চুপাৰি আমদানি কৰিবলৈ হ’লে দিবলগীয়া শুল্কৰ পৰিমাণ ৩০%লৈকে হ’ব পাৰে আৰু সেয়েহে ভাৰতবর্ষত ইয়াৰ ডাঙৰ ক’লা ব্যৱসায়৷ ঘৰুৱা উৎপাদনকাৰীসকলৰ্ মতে ‘ছাফটা’ই South Asia Free Trade Agreement) নির্ধাৰণ কৰা নিম্ন হাৰৰ আমদানি শুল্কৰ সুযোগ লৈ ব্যৱসায়ীসকলে ওচৰ–চুবুৰীয়া দেশবোৰৰ পৰা চুপাৰিৰ আমদানি বৃদ্ধি কৰিছে৷ ২০০৬ চনত ভাৰতবর্ষ, ভূটান, বাংলাদেশ, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকাৰ মাজত ছাফটা আৰম্ভ হয়৷ ভাৰত চৰকাৰে ওচৰ–চুবুৰীয়া দেশৰ পৰা আমদানি নিৰস্ত কৰিবলৈ আৰু ঘৰুৱা উৎপাদনকাৰীসকলক্ সহায় কৰিবলৈ এটা নূ্যনতম আমদানি মূল্য বান্ধি দিছে৷ নূ্যনতম আমদানি মূল্যৰ তলত কোনো বস্তুৰে আমদানি কৰা নিষেধ৷ বর্তমান চুপাৰিৰ নূ্যনতম আমদানি মূল্য প্রতি কিলোত ১৬২ টকাৰ পৰা ২৫১ টকালৈ বৃদ্ধি কৰা হৈছে৷ ২০১৫ চনৰ জুন মাহলৈ এই মূল্য আছিল কেজিত ৫২ টকাকৈ৷ ভাৰতবর্ষৰ কর্ণাটক আৰু তাৰ পাছত কেৰালা আৰু অসমত সর্বাধিক তামোল উৎপন্ন হয়৷ এটা তথ্য অনুসৰি যোৱা কেইবছৰত ভাৰতবর্ষত বছৰি ৬.৩ লাখ টনতকৈ বেছি তামোল উৎপাদন হোৱা নাই৷ ২০১৬ চনত ভাৰতবর্ষই ৭২২.২১ কোটি টকাৰ তামোল আমদানি কৰে আৰু ইয়াৰ সৰহভাগ আহে বাংলাদেশৰ পৰা৷
মিজোৰাম আৰু মণিপুৰৰ মাজেৰে চুপাৰিৰ চোৰাং বেহা চলাবলৈ সংগঠিত নেটৱর্ক বা জাল আছে৷ জখাওথাৰৰ পূবে ম্যানমাৰত থকা খৱমাৱি নামৰ গাঁওখন চোৰাং বেহাৰ মূল ঘাটি৷ এইখন গাঁৱৰ পৰা বস্তাই বস্তাই পিক্–আপ ভানত চুপাৰি সীমামূৰীয়া চম্ফাই গেটলৈ নিয়া হয় আৰু সীমা পুৰক্ষা পুলিচ আৰু শুল্ক কর্মচাৰীসকলৰ আশিসধন্য বেপাৰীসকল মিজোৰামত প্রৱেশ কৰে৷ এবাৰ চম্ফাইত প্রৱেশ কৰাৰ পাছত চুপাৰিবোৰ মিজোৰামৰ উৎপাদিত পণ্য বুলি ‘মিজোৰাম এগ্রিকালচাৰেল মার্কেটিং কর্প’ৰেচন’ৰ পৰা চার্টিফিকেট উলিওৱা অতি সহজ কাম৷ মিজোৰামত কিছু পৰিমাণে তামোলো উৎপন্ন হয়৷বর্তমান বহুতো সন্দেহজনক চুপাৰি সৰবৰাহকাৰীৰে আইজাল চহৰখন ভৰি পৰিছে৷ মিজোৰামৰ সৰবৰাহকাৰীৰ নামত মধ্য ভাৰতৰ বহুতো ৰাজ্যলৈ চুপাৰি সৰবৰাহ কৰা হয়৷ কলকাতাৰ শিয়ালদহ ষ্টেচনৰ মাজেৰেও মধ্য ভাৰতৰ পাণ–মচলা ফেক্টৰীবোৰলৈ চোৰাং চুপাৰিৰ সৰবৰাহ হয়৷ কলকাতৰ বহুতো পৰিবহণকাৰী আৰু চুপাৰি সৰবৰহকাৰী এনে ডাঙৰ আৰু আন্তর্জাতিক চোৰাং ব্যৱসায়ৰ সৈতে জডিত আছে৷
অকল মিজোৰামেই নহয়, মণিপুৰৰ মাজেৰেও ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ চুপাৰিৰ অবৈধ সৰবৰাহ প্রমাণিত হৈছে৷মণিপুৰৰ চাণ্ডেল জিলাৰ মৰেহলৈ চোৰাং পণ্যৰ সৰবৰাহ হয়৷ উচ্চ চাহিদাৰ চুপাৰি পিক্–আপ ভানেৰে পশ্চিম ম্যানমাৰৰ নামফালং বজাৰলৈ আহে আৰু তাৰ পৰা ভাৰতবর্ষৰ সীমাৰ ভিতৰলৈ অনা হয়৷ পৰৱর্তী সময়ত মৰেহৰ পৰা ড্রাকবোৰ বোজাই কৰি পৰিবহণৰ বাবে নকল অনুমতি পত্র ইত্যাদি সাজু কৰা হয়৷ ডিমাপুৰৰ পৰা চোৰাং চুপাৰিৰ কিছুংশ দূৰ গন্তব্য স্থানলৈ ড্রেইনেৰে পঠিওৱা হয় যদিও কার্বি আংলঙৰ বোকাজান আৰু গোলাঘাট জিলাৰ সৰু পথাৰৰ মাজেৰে চোৰাং বেহা যথেষ্ট সক্রিয় হৈ আছে৷
চিবিআয়ে এইবছৰৰ ফেব্রুৱাৰী মাহত ‘চেণ্ড্রেল এক্সাইজ আৰু কাষ্টমছ’ৰ আৰু অন্য কিছু লোকৰ বিৰুদ্ধে আমদানিকৃত চুপাৰিত এক বৃহৎ পৰিমাণৰ শুল্ক ফাঁকি দিয়াৰ গোচৰ আনিছে৷ এই অভিযোগ মতে, কিছু অসাধু ব্যৱসায়ীয়ে অভিযুক্ত বিভাগৰ কিছু বিষয়াৰ সৈতে মিলি ইণ্ডোনেছিয়াৰ পৰা বৃহৎ পৰিমাণৰ নিম্নমানৰ চুপাৰি মাত্র ১% আবকাৰী শুল্ক দি আমদানি কৰি আহিছে৷ যিহেতু ইণ্ডোনেছিয়া ‘ছাপটা’ SAPTA) আৰু ‘ছাফটা’ৰ SAFTA)ৰ সদস্য নহয়, এই দুই অনুষ্ঠানে চুক্তিত লোৱা সিদ্ধান্তমর্মে আমদানিকৃত চুপাৰিৰ বাবে ১%ৰ ঠাইত ১১% আবকাৰী শুল্কহে প্রযোজ্য৷ আগেয়ে উল্লেখ কৰা মতে ভাৰতবর্ষ, বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকাহে ‘ছাপটা’ আৰু ‘ছাফটা’ৰ সদস্য৷ ভাৰত, ইণ্ডোনেছিয়া আৰু ছার্ক SAARC)ৰ দেশসমূহত নানা ভুৱা তথ্যৰ পঞ্জীয়নৰ দ্বাৰা এই আমদানি চলাই অহা হৈছিল৷ তদুপৰি এই নিম্নমানৰ পচা চুপাৰিবোৰ পৰীক্ষাগাৰলৈ পৰীক্ষাৰ বাবে যাতে নাযায় তাৰ বাবে কাজুবাদামৰ বাকলি বুলি ফাঁকি দি অনা হৈছিল৷ ২০১৬ চনৰ জুন মাহত নাগপুৰ ৰে’ল ষ্টেচনত ২৩টা দবাত ভুৱা আমদানিকাৰীৰ নামত অহা চুপাৰিসমূহ বাজেয়াপ্ত হয়৷ চি বি আইৰ গোচৰমতে শুল্ক বিভাগৰ বিষয়াসকলে ঘটনাটো আওকাণ কৰি জডিত ব্যৱসায়ীসকলক সহায়ৰ হাতহে আগবঢ়ায়৷ কৰ ফাঁকিৰ এই ঘটনাটোত চৰকাৰৰ ৰাজহত বছৰি ১৫,০০০ কোটি টকাৰ ঘাটি পৰিছিল বুলি চি বি আয়ে অভিযোগ আনিছে৷
ভাৰতবর্ষৰ বিভিন্ন ঠাইত ঘটি থকা এনে ধৰণৰ বহুতো চোৰাং বেহা তথা ঠগবাজিৰ কথা সংবাদ আৰু বৈদ্যুতিন মাধ্যমৰ যোগেৰে পোৱা যায়৷ অসমৰ মাজেদি চলি থকা গৰু, কয়লা, ব’ল্ডাৰ, চুপাৰি আদিৰ চোৰাং বেহাৰ কথাও আমাৰ সকলোৰে অৱগত৷ বিশেষকৈ উত্তৰ–পূব ভাৰতৰ মাজেৰে চলা চুপাৰি আমদানি কেলেংকৰিত কোনো আঞ্চলিক ৰাজনৈতিক নেতাও সাঙোৰ খাই থকা বুলিবাতৰিত প্রকাশ পাইছিল৷ বিদেশৰ পৰা চুপাৰি বা অন্যান্য পণ্য আমদানিৰ ক্ষেত্রত আবকাৰী শুল্ক ফাঁকি দিয়া কার্যই দেশৰ ৰাজকোষত সামগ্রিকভাৱে বিশাল ঋণাত্মক প্রভাৱ পেলাইছে৷ এই ৰোগৰ পৰা পৰিত্রাণ পাবলৈ ৰোগৰ মূল কাৰণ পুলিয়ে–পোখাই উভালি পেলাব পাৰিব লাগিব৷ ভাৰতবর্ষৰ ১৩৫ কোটি জনতাৰ মুঠ ৩৩ শতাংশই আৰু ২৬ শতাংশ বয়স্কই গুট্খা, পাণ–মচলা, চাধা, জর্দা জাতীয় বস্তু সেৱন কৰে৷ ভাৰতবর্ষৰ ২৮খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত পাণ–মচলা জাতীয় দ্রব্যৰ প্রচলন নিষেধ কৰা হৈছে যদিও প্রায়বোৰ ৰাজ্যত এই নির্দেশ এতিয়াও স্থায়ীভাৱে আৰু কটকটীয়াকৈ প্রৱর্তন হোৱা নাই৷ নতুন দিল্লীৰ কিছু অঞ্চলত ধোঁৱাৰহিত ধঁপাত বন্ধ কৰিবলৈ চলোৱা এটা পৰীক্ষাত দেখা গৈছিল যে প্রায়বোৰ লোকেই গুট্খা, পাণ–মচলা বা জর্দা আদি খোৱাৰ অভ্যাস এৰিবলৈ চেষ্টা কৰি অৱশেষত চিগাৰেট খোৱা আৰম্ভ কৰিছিল৷ এটা বদ অভ্যাস ত্যাগ কৰিলে তাৰ সলনি আন এটা বদ অভ্যাস আৰম্ভ কৰাৰ বহুতৰে এটা প্রৱণতা থাকে৷ এই পৰীক্ষাটোৱে ইয়াকে প্রমাণ কৰে যে যিকোনো ৰাগিয়াল দ্রব্যৰ প্রচলন বন্ধ কৰিবলৈ কঠোৰৰ পৰা কঠোৰ আইনৰ সৈতে এনেবোৰ বস্তুৰ অপকাৰিতাৰ বিষয়ে প্রচাৰ চলাবলৈ চৰকাৰৰ দেশজুৰি এক বিশাল অভিযানৰ আৱশ্যক৷ দিল্লীত এতিয়া পঞ্চম বর্ষৰ বাবে পাণ–মচলা আৰু গুট্খা বিক্রী, সৰবৰাহ, উৎপাদন ইত্যাদি বন্ধ কৰাৰ লগতে এনে বস্তু সেৱনৰ বাবে ১,০০০ টকাকৈ জৰিমনা ঘোষণা কৰা হৈছে৷
গুট্খা, পাণ–মচলা, পাণ–চুপাৰি ইত্যাদিৰ সেৱন সকলো ৰাজ্যই যিমান পাৰে কঠোৰ আইনৰ দ্বাৰা বন্ধ কৰিবলৈ চেষ্টা কৰা উচিত৷ এইবোৰ ৰাগিয়াল বস্তুৰ সেৱন আৰু প্রচলন বন্ধ হ’লে চুপাৰিৰ চোৰাং বেহাও নিজে নিজে কমিব বুলি আশা কৰিব পাৰি৷ অৱশ্যে ভাৰতবর্ষত পূজা–পাতল আৰু নানা ধৰণৰ ধর্মীয়কর্ম, অনুষ্ঠান আদিৰ নামত চুপাৰি আৰু তামোলৰ আৱশ্যক সদায় থাকিব৷ এনেবোৰ কামৰ বাবে স্বদেশত উৎপাদিত তামোল আৰু চুপাৰিয়েই যথেষ্ট৷
পংকজ কুমাৰ নেওগ
মাস্কাট, চুলতানেট অৱ ওমান
ফোন ঃ ৯৬৮–৯৯৬৭২৭৮১