আকৌ অন্ধকাৰ যুগলৈ উভতি গ’ল আফগানিস্তান৷ তালিবানৰ বিজয় নিশ্চিত হৈ পৰিছিল৷ শেহতীয়া ঘটনাক্রমে ইংগিত দিছিল – আফগানিস্তান পুনৰ দখল কৰিব তালিবানে৷ কিন্তু ইমান ক্ষিপ্রগতিত কাবুল তালিবানৰ হাতলৈ যাব বুলি কোনেও কল্পনা কৰা নাছিল৷ আফগান বাহিনীয়ে কট্টৰ ইছলামপন্থী তালিবানৰ ওচৰত ইমান সহজতে শিৰনত কৰিব বুলি ভবা নাছিল বিশ্বৰ বিচক্ষণ সমৰ বিশেষজ্ঞসকলেও৷ বিগত কেইটামান সপ্তাহত প্রায় অপ্রতিৰোধ্য হৈ পৰিছিল তালিবান বাহিনী৷ তাৰেই চূড়ান্ত ফল তালিবানে লাভ কৰিলে ১৫ আগষ্টত৷ দুই দশকৰ পাছত আফগানিস্তানত পুনৰ বিজয় পতাকা উৰিছে তালিবানৰ৷ পৰাজয় স্বীকাৰ কৰি বর্তমানৰ চৰকাৰে ক্ষমতা হস্তান্তৰৰ প্রতি সন্মতি জনায় মাত্র কেইঘণ্টামানৰ ভিতৰতে৷ মহাপৰাক্রমী আমেৰিকা নির্বিকাৰ, হতবাক সমগ্র বিশ্ব৷ চকু থৰ হৈ চাই থকাত বাহিৰে কাৰো একো যেন কৰাৰ উপায় নাই৷ এক দুর্দমনীয় শক্তি হৈ তালিবানে কেনেদৰে আফগানিস্তানলৈ নমাই আনিলে চয়তানিৰাজ, কেনেদৰে ২০ বছৰৰ পাছত মধ্য এছিয়াৰ সভ্যতাৰ প্রাণকেন্দ্র আফাগানিস্তান মধ্যযুগীয় অন্ধকাৰৰ পোতাশালত পুনৰ বন্দী হ’ল তাক লৈ হতচকিত বিশ্বৰ শান্তিকামী জনতা৷
বিশ্ব ৰাজনীতিৰ বাবে এয়া এক অঘটন৷ আধুনিক সভ্যতা আৰু মানৱ প্রগতিৰ আলোকযাত্রাৰ বাবে ই তীব্র প্রত্যাহ্বান৷ বিগত কেইটমান দিনৰ ভিতৰতে আফগানিস্তানৰ উত্তৰৰ পৰা দক্ষিণৰ দিশলৈ ইখনৰ পাছত সিখন প্রদেশ দখল কৰি ৰাজধানী কাবুল অভিমুখে অগ্রসৰ হৈছিল তালিবান বাহিনী৷ লগে লগে এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় সাধাৰণ মানুহৰ মাজত৷ বিভিন্ন প্রদেশৰ পৰা নিৰাপত্তাৰ সন্ধানত ৰাজধানী কাবুলত আহি আশ্রয় লয় অসংখ্য নিৰীহ লোকে৷ কাবুলৰ ৰাজপথ, উপপথ, মুকলি খেলপথাৰবোৰত আশ্রয় লয় শিশু–মহিলাকে ধৰি কেইবা লাখো আফগান লোকে৷ অনাহাৰ–নিদ্রাৰে কাবুলৰ ৰাজপথত দিন–ৰাতি কটোৱা শিশুসকলে ইতিমধ্যে আফগানিস্তানলৈ পুনৰ ভয়াৱহ দিন আহি থকাৰ ইংগিত দিছিল৷ যদিও আফগান চৰকাৰ এইক্ষেত্রত নির্লিপ্ত আছিল, আন্তর্জাতিক সংবাদ মাধ্যমে কিন্তু পৰিস্থিতিৰ সঠিক পর্যালোচনা কৰিছিল৷ কেইবাটাও সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি ১৪ আগষ্ট অর্থাৎ শনিবাৰ নিশাটো কাবুল উজাগৰে আছিল৷ তালিবানৰ অগ্রসৰৰ আতংকত কোনেও শুব পৰা নাছিল৷ পুৱাৰ ভাগতে বিমানবন্দৰত বিৰ দি বাট নোপোৱা ভিৰ৷ বেংকৰ সন্মুখত মানুহৰ দীঘলীয়া লাইন৷ ভেটি–মাটি এৰি যোৱাৰ পূর্বে সকলোৱে শেষ সম্বলকণ লগত লৈ যাব বিচাৰিছে৷ শনিবাৰে পুৱাৰ পৰাই কাবুলৰ ৰাজপথতো একেই ভিৰ৷ যান–বাহন আগবাঢ়িব নোৱাৰা অৱস্থা৷ সকলোৰে মনত মাত্র এক অজান আতংক৷ এই আতংকিত মানুহৰ মুখবোৰ দেখিলেই ধাৰণা কৰিব পাৰি–নিশাটোৰ ভিতৰতে যেন কাবুলৰ ‘ভাগ্য’ সলনি হ’বলৈ গৈ আছে৷ দেওবাৰে পুৱা কাবুলৰ সমীপৱর্তী জালালাবাদৰ বাসিন্দাসকলে খিৰিকী খুলিয়েই শংকাত কঁপিবলগীয়া হৈছে৷ নিশাৰ অন্ধকাৰতে চহৰখনৰ পৰিয়ালবোৰৰ ঘৰৰ বাহিৰত, পথৰ কেঁকুৰিত নিজৰ বিজয় পতাকা উৰুৱাইছে তালিবানে৷ চৰকাৰী প্রাসাদবোৰতো উৰিছে তালিবানী পতাকা৷ কাবুলৰ গাতে লাগি থকা চহৰখন তালিবানে দখল কৰাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিল মাত্র কেইটামান মুহূর্তৰ ভিতৰতে৷ আফগান চৰকাৰে যে তালিবানৰ ওচৰত যিকোনো মুহূর্ততে শিৰনত কৰিব জালালাবাদ দখলৰ পাছতে সেই কথা স্পষ্ট হৈ পৰে৷ ইতিমধ্যে পৰাজয় স্বীকাৰ কৰি বহু শীর্ষ বিষয়ববীয়াই পলায়ন কৰিছে৷
দুপৰীয়াৰ ভাগতে সংবাদ–সংস্থাসমূহ প্রতিবেদনত প্রকাশ পায় যে তালিবানে কাবুলৰ ৰাজপথেৰে প্রৱেশ কৰিবলৈ লৈছে৷ লক্ষণীয়ভাৱে কাবুল চহৰ প্রান্তত উপস্থিত হৈয়ে তালিবানে উল্লেখ কৰে যে কোনোধৰণৰ ৰক্তক্ষয়ী যুদ্ধ নিবিচাৰে তেওঁলোকে৷ কেৱল ক্ষমতা হস্তান্তৰ কৰিব লাগিব তেওঁলোকক৷ কাবুলৰ ৰাস্তাত অত্যাধুনিক মাৰণাস্ত্র লৈ তালিবানযোদ্ধাবোৰে মুক্তভাৱে বিচৰণ কৰাৰ লগে লগে স্পষ্ট হৈ পৰে যে চৰকাৰী বাহিনীয়ে প্রতিৰোধৰ পথ পৰিহাৰ কৰি কার্যতঃ পৰাজয় স্বীকাৰ কৰিছে৷ ইতিমধ্যে তালিবানে ৰাষ্ট্রপতি প্রাসাদ দখল কৰি তাত নামাজ পঢ়া পৰিলক্ষিত হৈছে৷ পাঠ কৰিছে কোৰাণ৷ তালিবানৰ তৰফৰ পৰা দাবী কৰা অনুসৰি ৰাজধানী কাবুলত কোনো তালিবানী যোদ্ধাই প্রৱেশ কৰা নাই৷ ক্ষমতা হস্তান্তৰৰ পাছতহে কাবুল দখল কৰিব তেওঁলোকে৷ তালিবানৰ এই দাবীৰ কেইটামান মুহূর্তৰ পাছতে পদত্যাগৰ কথা ঘোষণা কৰে ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে৷ পদত্যাগী ৰাষ্ট্রপতিগৰাকীয়ে তাজিকিস্তানলৈ পলায়ন কৰে যদিও দেশখনৰ চৰকাৰে ঘানিক আশ্রয় দিবলৈ অস্বীকাৰ কৰে৷ প্রাণৰ সংশয়ত নেতাগৰাকীয়ে গৈ আশ্রয় লৈছে ওমানত৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘানিয়ে খুব শীঘ্রে আমেৰিকালৈ যাত্রা কৰিব৷ সংবাদ সংস্থা এএফপিৰ প্রতিবেদন অনুসৰি তালিবানপ্রধান মোল্লা আব্দুল ঘানি বৰাদৰৰ সৈতে ক্ষমতা হস্তান্তৰৰ বিষয় লৈ আলোচনা হোৱাৰ পাছতে ৰাষ্ট্রপতি ঘানিয়ে পদত্যাগ কৰিছে৷ অৱশ্যে সংবাদ সংস্থাবোৰে এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰিব পৰা নাই৷ কিন্তু এটা কথা স্পষ্ট যে কাবুলত আফগান চৰকাৰৰ পতন ঘটিছে৷ আৰু তালিবান হ’ব দেশখনৰ শাসকীয় দল৷ অৱশ্যে তালিবানৰ হাতলৈ আফগানিস্তানৰ পূর্ণ ক্ষমতা তাৎক্ষণিকভাৱে যাব বুলি ক’ব নোৱাৰি৷ ইয়াৰ পূর্বে গঠন হ’ব পাৰে অন্তর্ৱর্তীকালীন চৰকাৰ৷ সেই চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিব তালিবানৰ হাতলৈ৷ অন্তর্ৱর্তীকালীন চৰকাৰে হয়তো এদিনৰ সময় ল’ব পাৰে৷
শূন্যহাতে উভতিব আমেৰিকা
দুই দশক পূর্বে লাডেনক আশ্রয় দিয়াৰ অভিযোগ তুলি আমেৰিকাই আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল যুদ্ধ৷ উদ্দেশ্য আছিল তালিবানক উৎখাত কৰা৷ ক্ষমতাৰ পৰা তালিবান উৎখাত হৈছিল ঠিকেই কিন্তু সাংগঠনিক ভেটি নির্মূল কৰিবলৈ সক্ষম নহ’ল আমেৰিকা৷ আফগানিস্তানত আমেৰিকাক সন্ত্রাসবাদ নির্মূলৰ যুদ্ধত বিভিন্ন দেশে সহায় কৰি আহিছিল৷ যুদ্ধ–সংঘর্ষই ক্ষত–বিক্ষত কৰি ৰাখিছে আফগানিস্তানক৷ আমেৰিকাৰ সেই উৎসাহ এতিয়া নাই৷ এতিয়া মাথোঁ নিজৰ দেশৰ নাগৰিকসকলক নিৰাপদে ঘূৰাই নিব বিচাৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে৷ তাৰ বাবে আফগানিস্তানৰ ৰাজধানী কাবুলত ছহাজাৰ সৈনিকক মোতায়েন কৰা হৈছে৷ তালিবানৰ বিৰুদ্ধে আৰু যুদ্ধ চলাই যোৱাৰ মানসিকতা নাই আমেৰিকাৰ৷ লক্ষণীয়ভাৱে আফগানিস্তানৰ সেনা প্রত্যাহাৰৰ সিদ্ধান্ত লৈছিল হোৱাইট হাউছে৷ ৰাষ্ট্রপতি বাইডেনে সেনা প্রত্যাহাৰ প্রক্রিয়া অধিক ক্ষিপ্রতৰ কৰি তোলে৷ আগন্তুক ১১ ছেপ্ঢেম্বৰৰ পূর্বে আফগান ভূমিৰ পৰা সকলো মার্কিন সৈনিকক গৃহভূমিলৈ ঘূৰাই নিব বুলি ঘোষণা কৰিছিল বাইডেনে৷ সমান্তৰালকৈ নাটো বাহিনীৰ অন্তর্ভুক্ত সকলো দেশে আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰিছিল৷ আফগানিস্তানৰ সংকটৰ শান্তিপূর্ণ সমাধান বিচাৰি তালিবান–আফগান চৰকাৰৰ মাজত শান্তি আলোচনাৰ দুৱাৰো মুকলি কৰি দিছিল আমেৰিকাই৷ কাটাৰৰ ৰাজধানী ডোহাত কেইবালানিও শান্তি আলোচনা হৈছিল যদিও তালিবানে সশস্ত্র সাংগঠনিক কাম–কাজ পূর্বতকৈ অধিক উৎসাহেৰে চলাই আহিছিল৷ আমেৰিকান তথা অন্যান্য বিদেশী সেনাৰ উপস্থিতিতেই তালিবান এক শক্তিত পৰিণত হয়৷
২০ বছৰ পূর্বে আমেৰিকাই আৰম্ভ কৰা আফগান যুদ্ধ সেই সময়ত যুক্তিসংগত আছিল বুলিয়েই বহুতে ধাৰণা কৰিছিল৷ নিউয়র্কৰ বিশ্ব বাণিজ্য কেন্দ্রৰ যমজ দুর্গ Twin Tower) সন্ত্রাসবাদীৰ আত্মঘাতী বিমান আক্রমণত মুহূর্ততে ধূলিত পৰিণত হৈছিল৷ নিমিষতে তিনি হাজাৰ লোকৰ জীৱন বন্তি নুমাই গৈছিল৷ গতিকে আফগানিস্তানত আক্রোশমূলকভাৱে জঁপিয়াই পৰিছিল মার্কিন বাহিনী৷ মার্কিন যোদ্ধাৰ বীৰত্বৰ বহু কাহিনী শুনা যায়৷ আফগানিস্তানত সেই বীৰগাঁথা নিষ্প্রভ৷ ২০ বছৰ ধৰি হাজাৰ হাজাৰ কোটি ডলাৰ খৰচ কৰি, কেইবাহাজাৰো সৈনিকৰ দেহ কফিনত বন্দী কৰি গৃহভূমিলৈ নিবলগীয়া হৈছিল আমেৰিকাই৷ দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া যুদ্ধৰ পৰা শূন্যহাতে উভতিবলগীয়া হৈছে আমেৰিকা৷ পেণ্টাগনৰ পৰা প্রকাশ পোৱা পৰিসংখ্যা অনুসৰি আফগানিস্তানৰ যুদ্ধত ২,২৬,০০০ কোটি ডলাৰ খৰচ কৰিছে হোৱাইট হাউছ প্রশাসনে৷ অকল আফগান সেনাক প্রশিক্ষণ দিয়াৰ নামতেই আমেৰিকাৰ খৰচ হৈছে ৮,৯০০ কোটি ডলাৰ৷ প্রত্যক্ষ যুদ্ধৰ নামত খৰচ ৮১,৫৭০ কোটি ডলাৰ৷ আল–কায়দা আৰু তালিবানক নিঃশেষ কৰাৰ সংকল্পৰে যুদ্ধ আৰম্ভ কৰা আমেৰিকাই আফগানিস্তানত নিজৰ নিয়ন্ত্রণ অক্ষত ৰাখিবলৈ ঋণপর্যন্ত ল’বলগীয়া হয়৷ সেই ঋণৰ সুত হিচাপে আমেৰিকাই ৫৩ হাজাৰ কোটি ডলাৰ পৰিশোধ কৰিবলগীয়া হৈছে বুলি ‘স্পেচিয়েল ইনষ্পেক্টৰ জেনেৰেল ফৰ আফগানিস্তান ৰিকনষ্ট্রাকচন’ (ছিগাৰ) নামৰ সংস্থাটোৰ প্রতিবেদনত প্রকাশ পাইছে৷ ২০০৯ চনত আফগানিস্তানত আমেৰিকাই সেনাশক্তি বৃদ্ধি কৰে এক লাখলৈ৷ বাৰাক অ’বামাৰ সিদ্ধান্ত অনুসৰি আফগান সেনা–আৰক্ষী মিলি আমেৰিকাৰ হৈ তালিবানৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হয় মুঠ তিনি লাখ জোৱান৷ ছিগাৰৰ প্রতিবেদন অনুসৰি আমেৰিকান সেনাৰ ২,৪৪২গৰাকীৰ প্রাণহানি হৈছে আফগানিস্তানত৷ বেচৰকাৰী সংস্থাৰ পৰা নিৰাপত্তাকর্মী হিচাপে আফগানিস্তানত গৈ নিহত হৈছে চাৰি হাজাৰ৷ এই চাৰি হাজাৰৰ অধিকসংখ্যকৰে মৃত্যুৰ কোনো তথ্যই নাই পেণ্টাগনৰ হাতত৷ ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈ দেশলৈ উভতিছে ২০,৬৬৬গৰাকী আমেৰিকান সৈনিক৷ ছিগাৰে দাবী কৰা অনুসৰি আফগানিস্তানৰ পৰা আমেৰিকালৈ ওভতা আহত সৈনিকসকলৰ চিকিৎসা আৰু কল্যাণকামী আঁচনিৰ নামত এতিয়ালৈ খৰচ হৈছে ২৯,৬০০ কোটি ডলাৰ৷ ২০ বছৰত আফগানিস্তানত পৰিস্থিতিৰ কোনো উন্নয়নো সাধিব নোৱাৰিলে আমেৰিকাই৷ ২০২০ চনত বিশ্ববেংকে প্রকাশ কৰা প্রতিবেদন অনুসৰি আফগানিস্তানত এতিয়াও নিবনুৱাৰ হাৰ ২৫ শতাংশ৷ দৰিদ্র্যৰ হাৰ আজিও দেশখনত ৪৭ শতাংশ৷ অকল আর্থিক ক্ষতিয়েই নহয়৷ দীঘলীয়া এই যুদ্ধই আমেৰিকাৰ ভাবমূর্তিও বিনষ্ট কৰিছে৷ ভিয়েটনামৰ যুদ্ধৰ পৰা শিক্ষা নল’লে দেশখনে৷ আফগানিস্তানক পুনৰ গৃহযুদ্ধৰ ৰক্তস্নান কৰিবলৈ এৰি দিলে বাইডেন প্রশাসনে৷ বিগত ২০ বছৰত আফগানিস্তানত ৪৭,২৪৫গৰাকী নিৰীহ লোকৰ প্রাণহানি হৈছে৷ সংঘর্ষজর্জৰ দেশখনৰ সংবাদ পৰিৱেশন কৰিবলৈ যোৱা ৮০জন সাংবাদিকক হত্যা কৰা হৈছে৷ যুদ্ধক্ষেত্রত স্বেচ্ছাসেৱকৰ কাম কৰিবলৈ যোৱা চাৰি শতাধিক লোকে প্রাণ দিছে বিগত দুটা দশকত৷ আমেৰিকাৰ ব্রাউন বিশ্ববিদ্যালয়ৰ এক প্রতিবেদনত পোহৰলৈ আহিছে এইবোৰৰ তথ্য৷ আফগানিস্তানত তালিবানৰ কি ক্ষতি হৈছে, সেয়া বিচার্য বিষয় নহয়৷ কাৰণ তালিবানৰ বাবে আফগানিস্তান আছিল জীৱন–মৰণৰ ভেটি৷ গতিকে এজন তালিবান যোদ্ধা নিহত হ’লে সেই ঠাই পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে অন্য দহজন৷ আফগানিস্তানত বোমা ক্ষেপণাস্ত্র ব্যৱহাৰ হৈছে নজিৰবিহীনভাৱে৷ ২০১৩ চনৰ পৰা আফগানিস্তানত আমেৰিকাই নিক্ষেপ কৰিছে ২৭ হাজাৰ বোমা৷ অকল যোৱা বছৰটোতে নিক্ষেপ কৰা হয় ৭ হাজাৰ ৪০০ বোমা৷ এই বোমাৰ আঘাতত ধ্বংসস্তূপত পৰিণত হৈছে দেশখন৷ এই ধ্বংস আৰু বিনাশৰ পথ গ্রহণ কৰি আফগানিস্তানৰ জনসাধাৰণক অন্ধকাৰত এৰি থৈ গ’ল আমেৰিকাই৷ ইয়াৰ বিপৰীতে আন্তর্জাতিক সংস্থাসমূহৰ হিচাপ অনুসৰি তালিবানৰ যোদ্ধাৰ সংখ্যা আফগানিস্তানত বৃদ্ধি পাইছে ৬০ হাজাৰলৈ৷ আমেৰিকাৰ উপস্থিতিত এয়া কেনেদৰে সম্ভৱ হ’ল এই পৰিস্থিতিৰ বাবে আমেৰিকাই জগৰীয়া নহয়নে?
কাবুলত অৰাজক পৰিস্থিতি
তালিবানৰ দখললৈ আফগানিস্তান সম্পূর্ণৰূপে যোৱাৰ লগে লগে ৰাজধানী কাবুলৰ আন্তর্জাতিক বিমানবন্দৰত হাজাৰ হাজাৰ বিদেশী লোকে ভিৰ কৰিছে৷ দেশখনত কর্মৰত বিভিন্ন দেশৰ নাগৰিকক তাৎক্ষণিকভাৱে ওভতাই অনাৰ বাবে প্রতিখন দেশৰ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে যদিও হুলস্থূলীয়া পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আজি মার্কিন সেনাই গুলীচালনা কৰিবলগীয়া হয়৷ মার্কিন সেনাৰ গুলীত নিহত হয় পাঁচগৰাকী নিৰীহ লোক৷ ইফালে, বিমানবন্দৰৰ পৰা বিমান সেৱা সম্পূর্ণৰূপে বাতিল কৰা হৈছে অৰাজক পৰিস্থিতিৰ বাবে৷ ভাৰত, আমেৰিকা, ইউৰোপ আদি সকলো দেশেই নিজৰ নাগৰিকক ওভতাই অনাৰ বাবে কাবুললৈ প্রেৰণ কৰিছে বিশেষ বিমান৷ আনকি তালিবানক বিশ্বৰ ৬০খন ৰাষ্ট্রই বিভিন্ন দেশৰ নাগৰিকক উদ্ধাৰ কৰা কার্যত বাধা প্রদান নকৰিবলৈ আহ্বান জনাইছে৷ তালিবানৰ আফগানিস্তান পুনৰ দখলৰ লগে লগে আন্তর্জাতিক মঞ্চত বিষয়টোক লৈ সৃষ্টি হৈছে আশংকা৷ আজি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূর্ণ বৈঠক আহ্বান কৰা হৈছে৷ লক্ষণীয়ভাৱে তালিবানে বিভিন্ন দেশৰ সৈতে সম্পর্ক স্থাপন কৰাৰ উপৰি নৰমপন্থী মনোভাব গ্রহণ কৰিব বুলি ইংগিত দিছে৷
বিশ্ব নেতৃত্বৰ প্রতিক্রিয়া
আফগানিস্তানত তালিবানে সমৰ শক্তিৰ উমান দিছে কাবুল পুনৰ দখল কৰি৷ অকল সেয়াই নহয়, আফগান সেনাৰ বৃহৎ পৰিমাণৰ অস্ত্র ভাণ্ডাৰ এতিয়া তালিবানৰ দখলত৷ কাবুল তালিবানৰ নিয়ন্ত্রণলৈ যোৱাৰ লগে লগে কাৰাগাৰৰ পৰা বন্দী তালিবান সদস্যসকলক মুক্ত কৰা হৈছে৷ কাবুলৰ কাৰাগাৰৰ পৰা তালিবান বন্দীসকলক মুক্ত কৰি আনি ভৱিষ্যতে আফগানিস্তানত সেনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণৰ ইংগিত দিছে সশস্ত্র সংগঠনটোৱে৷ ইফালে তালিবানৰ এই উত্থানত প্রতিক্রিয়া প্রকাশ কৰিছে বিশ্বৰ কেইবাগৰাকীও নেতাই৷ প্রত্যক্ষভাৱে তালিবানৰ এই উত্থানৰ বাবে আমেৰিকা জগৰীয়া বুলি অভিযোগ কৰিছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ গৃহভূমিতে আজি আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন তীব্র ক্ষোভৰ সন্মুখীন হৈছে৷ আফগানিস্তানত তালিবানৰ পুনৰ উত্থানৰ বাবে আমেৰিকান নাগৰিকসকলে দেশখনৰ চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছে৷ বহু মার্কিন নাগৰিকৰ মতে আমেৰিকাৰ বৈদেশিক নীতিৰ ভুলৰ পৰিণাম হৈছে তালিবানৰ উত্থান৷ বিশ্ব নেতৃত্বৰ সন্মুখত আফগানিস্তানৰ পৰিস্থিতি আজি আমেৰিকা পুনৰ সমালোচিত হৈছে যদিও দেশখনৰ চৰকাৰে তাৎক্ষণিকভাৱে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷
আফগানিস্তানৰ ভৱিষ্যৎ কি হ’ব
পূর্বৰ তুলনাত তালিবানে নিজৰ মতাদর্শ বা বিচাৰধাৰা কিছু সলনি কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ ১৯৯৬ ৰ পৰা ২০০১ চনলৈ আফগানিস্তানত যি বর্বৰ শাসন তালিবানে চলাইছিল তাৰ পুনৰাবৃত্তি নঘটিব বুলি বিভিন্ন দেশে আশা প্রকাশ কৰিছে৷ কিন্তু কট্টৰ মৌলবাদী দল বা সংগঠনে কোনোদিনেই উদাৰপন্থী নীতি গ্রহণ কৰিব নোৱাৰে৷ গতিকে তালিবানৰ পাশৱিক শাসনৰ অভিজ্ঞতা থকা সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে আতংক৷ পুনৰ বোর্খাৰ তলত বন্দী হ’ব লাগিব নেকি আফগান নাৰী পুনৰ ক্রীড়া–সংস্কৃতি সকলোতে আৰম্ভ হ’ব নেকি ফতোৱা জাৰি প্রাচীন মানৱ সভ্যতাৰ উর্বৰ ক্ষেত্র আফগানিস্তানক পুনৰ কট্টৰ ইছলামিষ্ট তালিবানে কলংকিত কৰিব নেকি এই চিন্তা এতিয়া সমগ্র আফগানবাসীৰ৷ বিশ্বৰ শান্তিকামী তথা গণতন্ত্রৰ পক্ষত থকা জনসাধাৰণেও তালিবানৰ হাতলৈ যোৱা আফগানিস্তানক লৈ উদ্বেগ প্রকাশ কৰিছে৷ আকৌ আফগানিস্তান হৈ পৰিব নেকি নিৰীহ বধ্যভূমি, নে এইবাৰ তালিবান শাসকে আফগানিস্তানত নৰমপন্থী দৃষ্টিভংগী গ্রহণ কৰি প্রকৃতার্থত প্রগতিৰ পথ আঁকোৱালি ল’ব?