হাগ্রামাৰ ভৱিষ্যৎ
ডিচেম্বৰৰ ভিতৰত বিটিআৰত (পূর্বৰ বিটিএডি) সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব৷ বিশেষ ধৰণৰ সাংবিধানিক সংকটে দেখা নিদিলে কোনো এটা দল অথবা মঞ্চই পৰিষদখনৰ শাসন ক্ষমতা লাভ কৰিব৷ গণতান্ত্রিক শাসন ব্যৱস্থাত ই এটা তেনেই স্বাভাৱিক কথা৷ কিন্তু সমগ্র নির্বাচনী প্রক্রিয়াটোৱে জনসাধাৰণৰ মাজলৈ এটা গুৰুত্বপূর্ণ প্রশ্ণ উলিয়াই দিছে– হাগ্রামা মহিলাৰীৰ বিপিএফৰ ভৱিষ্যৎ কি হ’ব? নির্বাচনটোৰ পাছত দলটো পুনৰ শাসন ক্ষমতালৈ আহিব নে অস্তিত্বক জীয়াই ৰখাৰ সংগ্রামত অৱতীর্ণ হ’ব লাগিব? কথাখিনি আলোচনাৰ পূর্বে পৰিষদীয় অঞ্চলটোৰ ৰাজনৈতিক ইতিহাসলৈ উভতি চোৱা যাওক৷ ১৯৮৭ চনৰ ৩ মার্চত আৰম্ভ হোৱা ডিভাইড আছাম ফিফটী ফিফটী আন্দোলনটোৰ পূর্বে সামগ্রিকভাৱে অসমৰ বডো জনজাতিসকলৰ মাজত নিজক লৈ ৰাজনৈতিক সচেতনতা চকুত পৰা ধৰণৰ নাছিল৷ অৱশ্যে পিটিচিএ নামৰ ৰাজনৈতিক দল এটা সুকীয়া ৰাজ্য ‘উদয়াচল’ৰ দাবীক লৈ নির্বাচনী ৰাজনীতিৰ সৈতে যুক্ত হৈ পৰিছিল৷ কেইজনমান জনপ্রতিনিধি নির্বাচিত কৰোৱাই অনাৰ বাহিৰে জনগোষ্ঠীটোৰ মাজত বিশেষ জাগৰণ আনিবলৈ সক্ষম হোৱা নাছিল৷ ইয়াৰ বিপৰীতে সেই সময়ছোৱাত জনগোষ্ঠীটো মূলতঃ ব্যস্ত আছিল ভাষা–সংস্কৃতি ৰক্ষাৰ সংগ্রামত৷ পর্যায়ক্রমে তাৰ সুফলো হাতলৈ আহিছিল৷ শিক্ষাৰ মাধ্যম হিচাপে প্রাথমিক পর্যায়ৰ পৰা ক্রমশঃ ওপৰৰ পর্যায়লৈ ভাষাটোৱে স্বীকৃতি লাভ কৰি গৈছিল৷ লগতে এইটো কথাও কৈ থোৱা উচিত হ’ব যে এই প্রাপ্তি সৰল বাটেৰে অহা নাছিল৷ তাৰ বাবে জনগোষ্ঠীটোৰ বহু লোকে চৰম ত্যাগ কৰিবলগীয়া হৈছিল৷ কঠিন বাটেৰে চলা এই আন্দোলনবোৰেই লাহে লাহে জনগোষ্ঠীটোৰ মনত আত্মপৰিচয় হেৰুৱাই পেলোৱাৰ দুশ্চিন্তাটোক গভীৰৰ পৰা গভীৰতৰ কৰে৷ চাৰিওফালৰ পৰিৱেশ–পৰিস্থিতি আছিল হতাশাজনক৷ নিজৰ মাজতে বসবাস কৰি ভালপোৱা জনগোষ্ঠীটোৰ চাৰিওফালে ক্রমশঃ অজনজাতীয় লোকৰ বসতি বাঢ়ি গৈছিল৷ সেইবোৰ আছিল জনজাতি খণ্ড, বেষ্টনীৰ ভূমি৷ ভাষা–সাহিত্য লোপ পাই বিশ্বৰ মানচিত্রৰ পৰা বডো জনগোষ্ঠীটো হেৰাই যাব বুলি লাহে লাহে বহুতৰে এটা ধাৰণা গা কৰি উঠিছিল৷ ৰাজনৈতিক শক্তিৰ পৰা ইয়াৰ প্রত্যয়জনক উত্তৰো পোৱা নাছিল৷ যি নহওক, বডো জাতীয়তাবাদী ৰাজনীতিৰ প্রকৃতার্থত সবল আত্মপ্রকাশ ঘটিছিল ১৯৯১ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত৷ পৃথক ৰাজ্যৰ আন্দোলন চলি থকাৰ সমান্তৰালকৈ এবছুৱে সমর্থিত প্রার্থী অৱতীর্ণ কৰোৱাই নির্বাচনটোত প্রতিদ্বন্দ্বিতা কৰে৷ সম্ভৱতঃ ১০গৰাকী এবছু সমর্থিত প্রার্থী নির্বাচনটোত জয়ী হৈছিল৷ অৱশ্যে সমষ্টিকেইটাত ব্যাপক হাৰত ৰিগিং চলিছিল অভিযোগো উঠিছিল৷ যি কি নহওক, সেই নির্বাচনটো আছিল বডো জাতীয়তাবাদী ৰাজনীতিৰ নব্য উত্থানৰ বাটকটীয়া৷ নির্বাচনটোৱে বডোসকলক নিজৰ ৰাজনৈতিক শক্তি–সামর্থ্য সম্পর্ক সচেতন কৰি তুলিলে৷ তাৰ পাছৰে পৰা অঞ্চলটোৰ কমেও ১০টা বিধানসভা সমষ্টিত বডো জাতীয়তাবাদী ৰাজনীতিৰ শক্তি অপ্রতিৰোধ্যপ্রায় হৈ পৰে৷
১৯৯১ চনত আৰম্ভ হোৱা বডো জাতীয়তাবাদী ৰাজনীতিৰ পৰিক্রমাটোত এটা বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়৷ প্রতিটো ৰাজনৈতিক দল অথবা শক্তি এটা বিশেষ ইছ্যু নাইবা পৰিস্থিতিৰ ভিত্তিত গঢ় লৈ উঠে আৰু সময়ত অস্তিত্বহীন হৈ পৰে৷ ১৯৯১ চনৰ বিধানসভা নির্বাচনৰ পাছত ১৯৯৩ চনত স্বাক্ষৰিত বিএচি চুক্তিৰ জৰিয়তে গঠিত বিএচি শাসনৰ বাবে তদানীন্তন এবছুৰ সভাপতি ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে এবছু ত্যাগ কৰি ৰাজনীতিলৈ আহে৷ কিন্তু তেওঁ বেছিদিন বিএচিৰ শাসনত নাথাকিল৷ পৰৱর্তীত প্রেমসিং ব্রহ্ম বিএচিৰ মুখ্য কার্যবাহী সদস্য হয়৷ তেনেদৰে সৰু সৰু ৰাজনৈতিক দল অথবা শক্তিৰ আত্মপ্রকাশ ঘটি থাকে আৰু কালৰ সোঁতত হেৰাই গৈ থাকে৷ পৰিষদীয় অঞ্চলটোত প্রকৃতার্থত ৰাজনৈতিক দলৰ আর্হিত পিডিএফ নামৰ এটা ৰাজনৈতিক দলৰ বিশেষ পৰিস্থিতিত গঠন হয়৷ আৱির্ভাৱৰ সময়ত যথেষ্ট শক্তিশালী যেন লগা দলটোও এটা সময়ত ইতিহাসৰ পৃষ্ঠাত হেৰাই যায়৷ ৰাজনৈতিক শক্তিৰ আঁৰত থকা উগ্রপন্থী সংগঠনৰ যুঁজত দলটোৰ এজন বিধায়ক নিহত হ’বলগীয়া হয়৷ ইয়াৰ পাছত প্রেক্ষাপটলৈ আহে বিপিএফ৷ বিটিচি চুক্তিৰ পাছত অধিক ক্ষমতাৰে নতুন নামত গঠিত পৰিষদীয় অঞ্চলটোৰ শাসন ক্ষমতা হাগ্রামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা বিপিএফৰ হাতলৈ যায়৷ ২০০৫ চনত অনুষ্ঠিত নির্বাচনৰ পাছৰে একেৰাহে তিনিটা কার্যকাল এই দলটোৱে বিটিচিৰ শাসন নিজৰ হাতত ৰাখিবলৈ সক্ষম হয়৷ ইয়াৰ মাজতে বিপিপিএফ নামৰ এটা ৰাজনৈতিক দলে বিপিএফক প্রত্যাহ্বান জনাইছিল যদিও দলটোৰ ওপৰত বিভিন্ন দিশৰ পৰা এনেদৰে আক্রমণ চলিল যে এটা সময়ত দলটো অস্তিত্বহীন হৈ পৰিল৷ দলটোৰ মুৰব্বী ৰবিৰাম নার্জাৰী এতিয়া বিপিএফৰ বিধায়ক৷ তাৰ পাছত এবছুৰ সমর্থন লৈ ইউপিপিএল নামৰ ৰাজনৈতিক দল এটা গঠন হয়৷ আৰম্ভণিৰ সময়ছোৱাত দলটোৱে প্রতিপক্ষৰ পৰা ভিন্ন ধৰণৰ প্রত্যাহ্বান লাভ কৰিছিল যদিও বিটিচিত দলটোৰ কেইবাজনো নির্বাচিত প্রতিনিধি থকাৰ সুবাদত তথা শেহতীয়াকৈ স্বাক্ষৰিত বিটিআৰ চুক্তিৰ বলত দলটোক প্রতিপক্ষই ধ্বংস কৰিব নোৱাৰিলে৷ বৰং এইবাৰ ইউপিপিএল বিপিএফৰ অস্তিত্বৰ বাবে সংকটৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে৷ বিগত সময়ছোৱাত বডো ৰাজনীতিৰ পৰিক্রমালৈ লক্ষ্য কৰিলে এইবাৰ মানচিত্রৰ পৰা নোহোৱা হোৱাৰ পাল বিপিএফৰ৷
হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফে সুদীর্ঘ কালৰ বাবে বিটিচি শাসন কৰি থাকিবলৈ সক্ষম হোৱাৰ আঁৰত আছিল পৰিষদীয় অঞ্চলত দ্বিতীয়টো বডো জাতীয়তাবাদী ৰাজনৈতিক দলে প্রয়োজনীয় শক্তি আহৰণ কৰিব নোৱাৰা বাবে৷ ইয়াত হাগ্রামা মহিলাৰীৰ দলটোৰ নষ্ট ৰাজনীতিও জড়িত হৈ আছে৷ বিপিপিএফ হওক নতুবা ইউপিপিএল নাইবা আন ৰাজনৈতিক দল, বিগত সময়ছোৱাত বিটিএডি অঞ্চলত কোনো এটা বিৰোধী ৰাজনৈতিক দলে শান্তিৰে কাম কৰিব পৰা নাছিল৷ তেওঁলোকক সুসংগঠিত হ’বলৈ দিয়া হোৱা নাছিল৷ বিটিআৰ চুক্তিয়ে প্রেক্ষাপট সলনি কৰিলে৷ নহ’লে এইবাৰো বিটিচি অঞ্চলত ইউপিপিএলৰ বাবে বিপিএফক প্রত্যাহ্বান জনোৱা সহজসাধ্য হৈ নাথাকিলহেঁতেন৷ কিন্তু পৰিৱর্তিত পৰিস্থিতিয়ে হাগ্রামা মহিলাৰীকহে সংকটৰ দিশে ঠেলি দিলে৷ যদি পৰিষদীয় নির্বাচনত বিপিএফৰ পৰাজয় ঘটে, আগন্তুক দিনত দলটোক জীয়াই ৰাখিবলৈ হাগ্রামা মহিলাৰীয়ে যথেষ্ট কষ্ট কৰিব লাগিব৷ ইতিমধ্যে সেই লক্ষণ ফুটি উঠিছে৷ বহু শীর্ষনেতাই বিপিএফ ত্যাগ কৰিব বুলি সংবাদ মাধ্যমত খবৰ ওলাইছে৷
বিটিচি বা বর্তমানৰ বিটিআৰ অঞ্চলত এতিয়ালৈকে যিমানকেইটা বডো জাতীয়তাবাদী শিবিৰৰ ৰাজনৈতিক দল গঠন হৈছে, তাৰে ভিতৰত পৰিকাঠামো দিশৰ পৰা বিপিএফ সকলোৰে ঊর্ধ্বত৷ দলটোক প্রকৃতার্থত এটা ৰাজনৈতিক দলৰ দৰে গঢ়ি লৈছে হাগ্রামা মহিলাৰীয়ে৷ কিন্তু বিটিআৰ চুক্তি আৰু বিটিআৰৰ বাহিৰৰ বডোসকলৰ বাবে বডো কছাৰী স্বায়ত্ত পৰিষদখনৰ বিৰোধিতা কৰি হাগ্রামা মহিলাৰীয়ে হাতৰ কুঠাৰ ভৰিত মাৰিলে৷ বিটিআৰৰ বিৰোধিতা কৰি পৰিষদীয় অঞ্চলৰ বডো জনসাধাৰণৰ অপ্রিয়ভাজন হ’ল৷ বডো কছাৰী স্বায়ত্ত পৰিষদৰ বিৰোধিতা কৰি পৰিষদীয় অঞ্চলৰ বাহিৰৰ বডো জনগোষ্ঠীৰ লোকৰ আস্থা হেৰুৱালে৷ অথচ এই দুটা শক্তিয়েই আছিল ৰাজনৈতিক ক্ষেত্রখনত বিপিএফে গুৰুত্ব লাভ কৰাৰ মূল চাবিকাঠী৷ পৰিষদীয় অঞ্চলৰ বডো লোকসকলক লৈ হাগ্রামা মহিলাৰীয়ে ৰাজ্যৰ ৰাজনীতিত বিপিএফ তথা নিজৰ গুৰুত্ব প্রতিষ্ঠা কৰিছিল৷ পৰিষদীয় অঞ্চলৰ ক্ষেত্রতো একেই কথা৷ হাগ্রামা মহিলাৰীয়ে পৰিষদীয় অঞ্চলৰ বাহিৰৰ বডো লোকসকলক একপ্রকাৰ বিজেপিৰ হাতত তুলি দিয়াৰ দৰেই হ’ল৷ বিজেপিয়েও সেই সুযোগ লোৱাত অলপো বিলম্ব নকৰি পৰিষদ গঠনত অনুমোদনো দিলে আৰু ইউবিপি’ৰ জৰিয়তে পৰিষদৰ বাহিৰৰ বডো লোকসকৰ সমর্থন নিজৰ পক্ষে অনাৰ পথ প্রশস্ত কৰি ল’লে৷ তদুপৰি, বিটিআৰ চুক্তিৰ এটাৰ পাছত এটাকৈ দফা কার্যকৰী কৰি বিজেপিয়ে বিটিআৰৰ ৰাজনীতিত নিজকে এনে অৱস্থালৈ লৈ গ’ল যে হাগ্রামা মহিলাৰীৰ অজনজাতীয় ভোটৰ ভেটিটোও থৰক–বৰক হ’বলৈ আৰম্ভ কৰিছে৷ অর্থাৎ চাৰিওদিশৰ পৰা বিপিএফৰ সংকট নামি আহিছে৷ এই অৱস্থাৰ দলটোক উদ্ধাৰ কৰি নির্বাচনত সফলতাৰ মুখ দেখুৱাব নোৱাৰিলে অনাগত দিনত বডো জাতীয়তাবাদী ৰাজনীতিৰ পূর্বৰ দলসমূহৰ যি দুর্দশা হৈছিল, সেয়া বিপিএফৰ ক্ষেত্রতো হ’ব পাৰে৷ পিটিচিএৰ পৰা পিডিএফলৈকে তালিকাখন একেবাৰে চুটি নহয়৷ অৱশ্যে দুটা কথাত হাগ্রামা মহিলাৰীক বডো জাতীয়তাবাদী ৰাজনৈতিক শিবিৰে সদায়েই মনত ৰাখিব৷ প্রথমটো হৈছে, তেওঁ বডো জাতীয়তাবাদী ৰাজনীতিক প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতা দখলৰ সাৰথি হ’ব পৰাকৈ থকা শক্তিখিনিক উলিয়াই আনিলে৷ দ্বিতীয়তে, পৰিষদীয় অঞ্চলৰ বাহিৰৰ বডোসকলক মোটামুটিকৈ একত্র কৰি বিটিচিৰ পৰাই যে ৰাজ্যৰ ৰাজনীতিও নিয়ন্ত্রণ কৰিব পাৰি, তাকো হাতে–কামে কৰি দেখুৱালে৷