নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৱিডৰ দ্বিতীয় ঢৌৰ বাবে দায়ী চৰকাৰ আৰু ৰাজনৈতিক দল

আকৌ আহিছে মহামাৰী ক’ৱিড্ ক’ৱিডৰ দ্বিতীয় ঢৌঃ ক’ৱিড–২১৷ একেবাৰে ৎসুনামি কিম্বা ৰীতাৰগতিত৷ ৰূপ আৰু চৰিত্রও বোলে ‘ঊনৈশ’–ৰটোতকৈ অধিক বিচিত্র৷ তাৰ ভিন্ ভিন্ চিকাৰ অর্থাৎ আক্রান্তসকল অনুসাৰে তাৰ লক্ষণগণো হেনো ভিন্ ভিন্৷ ৰাষ্ট্রৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু অর্থনৈতিক ৰাজধানী মুম্বাই তথা সমগ্র মহাৰাষ্ট্রত নিতৌ আক্রান্ত হৈছে লাখ লাখ লোক মৃত্যু হৈছে হাজাৰৰ হিচাপত৷ ইফালে, সমান্তৰালভাবে, অসম আৰু পশ্চিম বংগকে ধৰি, দেশৰ কেইবাখনো ৰাজ্যত হৈছে, হৈ গৈছে বিধান সভাৰ নির্বাচন৷ বাতৰি ওলায়েই আছে, আছিল ঃ দুয়োটা প্রপঞ্চৰে বাতৰি৷ সতর্কবাণীও জাৰি কৰা হৈছে,– প্রচাৰ, সম্প্রচাৰ সকলো কিন্তু সকলো মাথোন নিয়মমাফিক৷ কিন্তু বলৱৎকৰণ শূন্য৷ ‘ল–য এণ্ড ৰূল্য আ(ৰ) মেইড্ অর্ডার্য্ আ(ৰ্) ইশিঊড ম(ৰ) ফ(ৰ) ব্রীচ দেন্ ফ(ৰ) অব্যে’(ৰ) ভেন্স’৷ জন স্বাস্থ্য, জন সুৰক্ষা, এইবোৰ পাছৰ কথাঃ ‘দীয কেন ৱেইট’৷ সেইবোৰতকৈ বহুত ডাঙৰ কথা নির্বাচন, জয়–পৰাজয়, ক্ষমতা দখল, ৰাজাভিষেক৷ লে’ট পীপ্ল ডাই ইন্ থাউযেণ্ড্যঃ লাইক কেট্ছ এণ্ড ডগ্য্৷ স্তেটিস্টিক্স ৱিল টেইক কেয়া(ৰ) অৱ দে’ম’৷ সেয়ে হৈছে, হ’ল সেয়ে হৈছিল প্রথমটো ঢৌৰ, অর্থাৎ ক’ৱিড–১৯ৰ বেলিকাও৷ দায়ী চৰকাৰ আৰু সকলো ৰাজনৈতিক দল স্পষ্টকৈ কোনেও একো নকয় চল পালে ইলুটি, চল পালে সিলুটি৷ তেতিয়াও, এতিয়াও৷ জানোচা ক’ৰবাৰপৰা আন ক’ৰবালৈ (গৃহাভিমুখে) বৃহৎ জন নির্গমন (এ’ক্স’ডাছ) বন্ধ কৰা আৰু মুখা পৰিধান কৰাৰ সজোৰে দাবী কৰিলে কোনো ধর্মীয় বা আন সম্প্রদায় বা গোষ্ঠীৰ ভোটবোৰ হাততে হেৰায়৷ সেয়ে, বিধায়ক আৰু সাংসদসকলৰ বেতন, বানচ আৰু ৰাজকীয় সা–সুবিধা তথা পে’নশ্ন বৃদ্ধিৰ প্রস্তাৱত সোঁপন্থী, বাঁওপন্থী, মধ্যমপন্থী, সুমেৰুপন্থী আৰু কুমেৰুপন্থী আটাই জনভাগ্যবিধাতাই, সাপ আৰু নেউলৰ দৰে,– সাৱটা–সাৱটি কৰি, একো তর্ক–বিতর্ক বিনে কেইমুহূর্তমানৰ ভিতৰতে, কাণ তাল মৰা হর্ষ ধ্বনিৰে সর্বসন্মতিক্রমে বিধেয়ক গৃহীত কৰি লৈ দেশ সেৱাত মনোযোগ দিয়াৰ দৰেই, ক’ৱিড্ বিধি বলৱৎকৰণ সন্দর্ভতো চৰকাৰ, চৰকাৰী দল, বিৰোধী দল, আটাই, গোপন বুজাবুজিৰ মাজেৰে, বিধি শিথিলকৰণত চকু মুদি ঐক্যৱদ্ধ হৈছিল, হ’ল৷

ৰাজনীতিত ক্ষমতাৰ খঁক বৰ ডাঙৰ খঁক৷ এই মৰখঁক পূৰণত নীতিৰ একো বিচাৰ নাই৷ দিহিঙৰ পাৰৰ ৰাজধানী বকতাৰপৰা আহোম ৰাজ্য শাসন কৰা স্বর্গদেউ চ্যুহুংমুং ওৰফে স্বর্গনাৰায়ণে মহা প্রতাপেৰে ৪২ বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ দিনত কলিয়াবৰৰ প্রথম যুঁজত তেওঁৰ সতীয়া ভায়েক ‘নগা কোঁৱৰ’, প্রথমজনা বৰপাত্রগোহাঁই, কন্চেং বৰপাত্রই অসম আক্রমণকাৰী তুর্বকৰ মূৰ কাটি ওলমাই ৰাখিছিল৷ পিচে, স্বর্গদেৱে দীর্ঘকাল ৰাজত্ব কৰি থকাত, নিজে সহজে ৰজা হোৱাৰ আশা নেদেখা বৰজনা কোঁৱৰ চ্যুক্লেনমুঙে পিতৃ ৰজাৰ লগত সঘনাই উখনা–উখনি লাগি থাকিছিল৷ পাছলৈ চ্যুক্লেনমুঙে বকতাৰপৰা ওলাই আহি নাজিৰাৰ দিখৌ নৈৰ উত্তৰ পাৰৰ বৃহৎ ভূখণ্ডত গড় বান্ধি ‘গড়গাঁও’ নগৰ পাতি থাকিবলৈ ল’লে৷ কালক্রমত অতিষ্ঠ হৈ চ্যুক্লেনমুঙে পিতৃ ৰজা চ্যুহুংমুঙক হত্যা কৰি ১৫৩৯ চনত ৰাজপাটত আৰোহণ কৰে৷

ৰাজসিংহাসন লাভৰ মৰখঁকতে দিল্লীৰ সম্রাট আলাউদ্দিন খিল্জিৰ ভতিজাক জালালউদ্দিনে, খুৰাদেৱেক আলাউদ্দিন ৰাজ্য জয়ৰপৰা উভতি আহোঁতে, দুর্বলকৈ সজাই ৰখা এখন আদৰণি তোৰণ খুৰাকৰ মূৰৰ ওপৰতে খহাই দি তেওঁক হত্যা কৰি নিজে সিংহাসনত আৰোহণ কৰে৷ একেই লোভৰ বশৱর্তী হৈ শাহজাহানৰ তৃতীয় পুত্র ঔৰংজে’বে ককায়েক দাৰা আৰু সুজা তথা ভায়েক মুৰাদক হত্যা কৰি পিতৃ সম্রাট শাহজাহান আৰু বায়েক জাহানাৰাক আগ্রা দুর্গত বন্দী কৰি থৈ নিজে সিংহাসন দখল কৰে৷ সেই আগ্রা দুর্গৰপৰাই তাজমহললৈ চাই চাই চকুপানী টুকি টুকি বৃদ্ধ সম্রাটে তাতেই ইহলীলা সম্বৰণ কৰে৷ মুঝে নেহী লগ্তা কি আজকা ভাৰত য়া আসামকা ৰাজনৈতিক হালসাল উস্সে বহত জ্যাদা আলগ হঁ্যেয়৷ এনে এক পৰিস্থিতিত অজান্তি মুলুকৰ ১২৬খন আসনৰ ভিতৰত ৬০০/৭০০খন আসন দখল কৰিব বুলি ‘হাণ্ড্রেড পে’(ৰ)ছে’ণ্ট নিশ্চিত’ হৈ গণনা কৰি থকা ‘অংক মাস্তৰ’ৰ দলবোৰৰ কাৰণে, ক’ৱিড বিধিৰ বিষয়টোৱে কিবা মূৰ কামোৰণিৰ সৃষ্টি কৰিব পাৰে বুলি মঞি মূঢ়মতিৰ মনে নধৰে৷

স্বদেশ, স্বজাতি আৰু মাতৃ ভাষাৰ চৰম সংকটৰ বেলা নিজৰ মুখত সোপা দি বা ক’লা ফিতা বান্ধি নিবোকা ব্রত অৱলম্বন কৰি নাচ–গানত মতলীয়া হৈ থাকিব নোৱাৰি৷ মই বুদ্ধিজীৱী নহওঁ৷ চিঠি–পত্রত বা সভা–সমিতিত লোকজনে মোক সেহি ৰূপে সম্বোধন বা উল্লেখ কৰিলে মই অসন্তুষ্ট হওঁ আৰু প্রায়ে আপত্তি কৰোঁ৷ মই মাথোন মনত নপৰা কালৰেপৰা, ৰাজহুৱা তথা জাতীয় জীৱনৰ লগত ওতপ্রোতভাবে জড়িত, আৰু, তেনেবোৰ বিষয়ত স্পষ্টভাবে মাত মাতি অহা এটা মানুহ৷ অৱশ্যে বিগত বছৰদিয়েকত মই কেইবাটাও কাৰণত, ৰাজহুৱা কথাতো বৰ বেছিকৈ ৰাজপথলৈ ওলাই সক্রিয় ভূমিকা লোৱা নাই দুখন কাকতৰ দুটা নির্দিষ্ট শিতানত মাহেকত মুঠ চাৰিটা পষেকীয়া লেখাৰ যোগে, জাতীয় স্বার্থ জড়িত বিভিন্ন বিষয়ত, কাকত কর্তৃপক্ষ আৰু সম্পাদনা কক্ষৰ, তথা মাজে মাজে বাকচ কর্তৃপক্ষ আৰু সম্পাদনা কক্ষৰ ৰাজনৈতিক–সামাজিক ধ্যান–ধাৰণা, চিন্তা–চর্চা, ‘দর্শন’, উদ্দেশ্য, লক্ষ্য, মতলব আদিলৈ কেৰেপ বা পৰোৱাই নকৰাকৈ, সুযোগ, সুবিধা, সুৰুঙা উলিয়াই আপোচহীনভাবে মতামত ব্যক্ত কৰি আহিছোঁ৷ মই মাথোন অসম মাতৃৰ প্রতি দায়ৱদ্ধ এটা গোঁৱাৰ অসমীয়া পক্ষপাতদুষ্ট বুলিলেও আপত্তি নাই৷ আজিৰ কথাকেইটাও তেনেকৈয়ে ক’ম বঢ়া–টুটা হ’লে দায়–দোষ খেমিব৷

ৰ’ব, কথা আছে৷ দৰাচলতে, আঙুলিৰ মূৰত লেখিব পৰা কেইগৰাকীমানৰ বাহিৰে মুলুকত প্রকৃত বুদ্ধিজীৱীৰ সংখ্যা কিমান, সেই বিষয়ে মোৰ মনটো কলীয়া ডাৱৰে আৱৰি আছে৷ অভিধাটোৰ বাবে ভোকাতুৰ, প্রায় সমূহ প্রার্থী বিপদৰ সময়ত নিৰাপদ দূৰত্বত (‘থাক’ ধাতুৰ ক্রিয়া ৰূপ উহ্য সেয়ে, কর্তা ‘প্রার্থী’–ত প্রত্যয় নাই)৷ পূর্বে, দেশ তথা ৰাজ্যৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অর্থনৈতিক আদি বিভিন্ন সমস্যাত ৰাজহুৱা মতামত গঠনত আগভাগ লৈছিল শিক্ষক সমাজে স্পষ্টকৈ মাত মাতিছিল বেছ কিছু বিদ্যায়তনিক সংগঠনে৷ কিন্তু এতিয়া– ‘অল্মৌস্ত্ অল্ ইয্ কোৱায়ে’ৎ অন দী এডুকেইশ্ন্ল্/একাডে’মিক্ ফ্রাণ্ট্’৷ আজিকালি, দৰমহা সংশোধনৰ পাছত, প্রাথমিক বিদ্যালয়ৰপৰা, বিশ্ববিদ্যালয়লৈকে বিভিন্ন বর্গৰ শিক্ষক–শিক্ষাবিদৰ বেতনৰ নিৰিখ দেখিলে, শুনিলে মূৰ আচন্দ্রাই কৰে৷ ঠিকাদাৰ, বেপাৰী, চোৰাং ব্যৱসায়ী, কয়লা বেপাৰী, দাগী অপৰাধীৰে অর্ধেক ভৰি থকা চৰকাৰবোৰ পৰম বুদ্ধিজীৱী৷ শিক্ষা দানক সমাজৰপৰা বহিষ্কাৰ কৰি শিক্ষানুষ্ঠানৰ পাঠদান কক্ষৰ চাৰিসীমাৰ পোতাশালত বন্দী কৰি ৰখা হ’ল৷ মোৰ পুৰণিকলীয়া দৃষ্টিত বিশ্ববিদ্যালয়সমূহ বিদ্যাৰ জাহাজ৷ পিচে, আজিৰ সৰহ সংখ্যক বিশ্ববিদ্যালয়ৰ জাহাজ, জাহাজৰ অধিনায়ক (কেপ্ঢিন)সহ, বিয়াগোম বেতনৰ শিলাখণ্ডত খুন্দা খাই মাজপানীত ৰৈ থকা অচল জাহাজ৷ একাংশৰ বেতন, ভেটী নোখোৱা ভাৰতীয় প্রশাসনিক সেৱা আৰু ভাঃ আৰক্ষী সেৱাৰ বিষয়াৰো ঈর্ষাৰ হেতু৷ এনেয়েনো, বিশ্ববিখ্যাত ৰাষ্ট্রীয় উদ্যানৰ নামত প্রতিষ্ঠিত বিদ্যাৰ জাহাজৰ অনা–সমীয়া অধিনায়কেও, চৰকাৰৰ ৰাজনৈতিক মহলৰ নির্দেশত চৰকাৰী আমোলা–বিষয়া–কর্মচা ‘হঠাৎ ৰাজ্য ভাষা’ অসমীয়াত প্রস্তুত কৰি দিয়া, বাতৰি কাকতৰ পৃষ্ঠা ভৰা বিজ্ঞাপনত হাতী, নে, মাখি, নে, পঁইতাচোৰা, নে, পাত বেঙৰ কথা আছে, তাৰ একো ভু–ভটং নোপোৱাকৈ,– টিপ চহীৰ লগত পার্থক্য নথকা, ইংৰাজীত স্বাক্ষৰ দান কৰি, নিজকে বুদ্ধিজীৱী বুলি জাহিৰ কৰি জ্ঞানার্জনৰ আৱাহন জনায়নে?

নহ’লেনো অসমৰ থলুৱাক চেপি–খুন্দি, থেঁতালি, থেকেচি, পিত শুকুৱাই টেটেৰা কৰি পেলোৱা বাংলাদেশ আৰু বাংলাদেশীৰ সমস্যাটো আলোচনা কৰাহে নালাগে, ‘বাং’ বুলিবও নক’বলৈ বান আৰু খহনীয়াৰ বিষয়ে তিনিটকীয়া, দুটকীয়া, এটকীয়া আৰু বিনামূলীয়া (এক কিলোগ্রেম্) চাউল প্রদানৰ যোগে থলুৱাক নিষ্কর্মা, ধোদৰ পচলা কৰি সিহঁতৰ পৈতৃক মাটিখিনি কাঢ়ি নি হিন্দুস্তানী বণিয়াক গতাই দিয়াৰ জঘন্য ষড়যন্ত্রৰ বিষয়ে বাঘজানৰ এমে’জন্ কাণ্ডৰ বিষয়ে সমগ্র নির্বাচনী অভিযানটোত টু শব্দ এটাও নকৰিবৰ বাবে শাসক আৰু বিৰোধী আটাই দলৰে মাজত হোৱা গোপন বুজাবুজিৰ মাজেৰে আৰু মাথোন নাচ, গান, হৈ–চৈ, চিঞৰ–বাখৰ, হনুমন্ত জাঁপ, গামোচা, শৰাই, উকি, কিৰীলি, উৰুলি, গালি–শপনি, ছে’ল্ফী, খিকিন্দালি, বিহু গীত, বিহু নাচ, ভোজপুৰী নৃত্য–গীত, চাইকেল (বাইছিক্ল্) দৌৰ, হে’লমিট্ নিপিন্ধাকৈ বাইক চলোৱা আইন প্রণয়নকাৰী মন্ত্রী–বিধায়কৰ নেতৃত্বত উৰুলিকৃত বাইক আৰোহীৰ সমদল যাত্রা, এনেবোৰ প্রতাৰণা আৰু ধাপ্পাবাজিৰ মাজেৰেই বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্রখনৰ অংশ বিশেষত এটা নির্বাচন সমাপ্ত হৈ যাব পাৰিলেহেঁতেননে? ‘জাতীয়তাবাদ’ আৰু ‘ৰাষ্ট্রীয় জাতীয়তাবাদ’ৰ নামত টেঁটু ফলা দলবোৰৰ কোনোবাই ক’ৰবাত, ৰাজ্যৰ ঐতিহাসিক কীর্তিচিহ্ণসমূহ সংৰক্ষণৰ বিষয়ে এষাৰ মাত মাতিবলৈ মুখৰ চিলাইবোৰ খুলিছিলনে? হুঁঃ, জনসেৱা কৰে চৌদিশে চূড়ান্ত অনিয়ম আৰু বিশৃংখলাৰ মাজত নির্বাচনী অভিযান তথা নির্বাচনটো হৈ গ’ল৷ তথাপি, ৰাজ্যৰ আইন–শৃংখলা মন্ত্রী অর্থাৎ গৃহ মন্ত্রী সর্বানন্দ সোণোৱালদেউৰ মুখত ‘বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম…’ আৰু ‘নৰেন্দ্র মোদী ডাঙৰীয়াৰ সবল নেতৃত্ব’ৰ বাহিৰে বিশেষ একো শুনা নগ’ল৷ আজিকালি ‘বৰাক–ব্রহ্মপুত্র…’ বুলি শুনাৰ লগে লগে মোৰ…৷ কছাৰীৰ বৰাকত এতিয়া দেব ( x) পৰিয়াল, ৰয় পৰিয়াল আৰু দে’ পুৰকায়স্থ পৰিয়ালৰ পুৰণা এক অসমীয়া বিৰোধিতাৰ লগত যোগ হৈছে ছাদ্রিভাষী চাহ বনুৱাৰ মাজত হিন্দী সম্প্রসাৰণৰ অভিযান আৰম্ভ কৰোঁতা কোনো এক বহিৰাগত হিন্দীভাষীৰ নতুন এক অসমীয়াবিৰোধী ষড়যন্ত্র পশ্চাদপটে হস্তিনাপুৰ কোনে জানে,– ইয়াত নাই কোনো ‘গোৱালা’ৰ মন্ত্রণা আৰু হাত? মই ভোট নিদিলোঁ৷

এতিয়া শুনক ক’ৱিড্ কাণ্ড৷ লাখ লাখ মানুহ ক’ৱিডত আক্রান্ত হৈছে, হাজাৰ হাজাৰৰ মৃত্যু হৈছে দেশৰ বিভিন্ন ঠাইত৷ ইফালে দেশৰ সকলো ঠাইৰপৰা সকলো ঠাইলৈ স্থল পথ, ৰেইল পথ আৰু আকাশী পথেৰে লাখ লাখ মানুহৰ যাতায়াত অব্যাহত আছে৷ দেশৰ আন ঠাইৰ পৰা অসমলৈ ব্রইলা(ৰ্) কুকুৰাৰ আমদানি বন্ধৰ নির্দেশ দিয়া আছে কিন্তু নিতৌ সেই কুকুৰাৰ চোৰাং আমদানি চলিয়েই আছে লোকজনে কিনিয়েই আছে খায়েই আছে৷ এতিয়া অসম মানেই চোৰাং বজাৰৰ ৰম্যপুৰী৷ অথচ যিখিনি সময়ত গুৱাহাটীৰ কালাপাহাৰৰ ক’ৱিড্ চিকিৎসালয়লৈ ৰোগীৰ প্রৱল সোঁত ব’বলৈ আৰম্ভ হৈছিল (এতিয়া সেই চিকিৎসালয়ত আৰু ঠাই নাই), সেইখিনি সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৈয়েই থাকিল যে অসমত ক’ৱিড্ ৰোগীৰ সংখ্যা ভয়াৱহ নহয়৷ আচলতে নৰেন্দ্র মোদী–মিত শাহ চৰকাৰৰপৰা আৰম্ভ কৰি আটাই ৰাজনৈতিক দললৈকে, সকলোৰে পেটৰ কথাটো হ’ল,– নির্বাচনবোৰ হৈ যাবলৈ দিয়ক, পাছত যি হয়, দেখা যাব৷ যুদ্ধ বুলিলেই ‘কেনন্ ফডা(ৰ্)’ (বৰতোপৰ খাদ্য) বুলি কথা এটা, বস্তু এটা আছেই৷ প্রকৃতপক্ষে, বী টী আৰৰ নির্বাচনতে আৰম্ভ কৰি দিয়া হ’ল এই প্রক্রিয়া৷ নির্বাচনী সভা, সমাৱেশ, সমদল যাত্রা আটাইতে দেখা গ’ল গাত গা লগাই, কান্ধত কান্ধ্ লগাই দহ হাজাৰ, কুৰি হাজাৰ, পঞ্চাশ হাজাৰ, ডেৰ লাখ, দুই লাখ মানুহৰ সমাৱেশ তামাম গালি, তামাম হৈ ধ্বনি৷ কিন্তু ক’ৰবাত দুই–চাৰিজনৰ বাহিৰে কাৰো মুখত মুখা অর্থাৎ মাস্ক্ নাই৷ সোণোৱালৰ মুখত প্রায় সকলো সময়তে থাকে ড০ শর্মাৰ মুখত কিছুমান বিশেষ সময়ত থাকে, কিন্তু হাজাৰজনে ঠেলা–হেঁচা কৰি ছে’ল্ফী তোলোঁতে, কাণে কাণে কথা কওঁতেও প্রায়ে নাথাকে৷ ৰঞ্জিত দাস আৰু চন্দ্রমোহন পাটোৱাৰীৰ মাস্ক্ নাক আৰু মুখত নাথাকে থাকে ডিঙিত৷ বোধ হয় তেৰাসৱ দুগৰাকীৰ শৰীৰলৈ ক’ৱিডৰ বীজাণুৰ সম্ভাৱ্য প্রৱেশ দ্বাৰ অর্থাৎ ফুটাকেইটা আছে তেৰাসৱৰ ডিঙিত৷ ৰাইজক বুজিবলৈ দিয়া হয় যে আইন সাধাৰণ নৰমনিচৰ বাবেহে তেৰাসৱৰ দৰে অসাধাৰণ ৰাজপুৰুষৰ বাবে নহয়৷ ভোটদাতা ৰাইজেও তেৰাসৱৰ মুখবোৰ চিনি পাব আৰু মনত ৰাখিব লাগিব নহয় প্রমোদ বড়োৱে কেতিয়াও পিন্ধা মই দেখা নাই হাগ্রামা মহিলাৰীয়ে ক’ৰবাত হঠাৎ, কাচিৎ, দৈৱাৎ৷ ইফালে হ’লহি বিধান সভাৰ নির্বাচন সমাগত৷ মুখেৰে শব্দোচ্চাৰণ নকৰাকৈ এটা বার্তা প্রেৰণ কৰি দিয়া হ’ল ঃ খাৰ খোৱা অসমীয়া আৰু বাৰে বঙলুৱা অনা–সমীয়া আটাইকে বুজিবলৈ দিয়া হ’ল– ক’ৱিড্ গ’ল, উৎসৱৰ বতৰ আহিল, শিৱৰাত্রি আহিল, ফাকুৱা আহিল, হোি=চা–ৰা–ৰা–ৰা–ৰা–ৰা আহিল ‘ৰংগালী বিহু’, বিশ্বৰ সর্ববৃহৎ, দীর্ঘতম (৩/৪ মহীয়া) ‘জাতীয় উৎসৱঃ দ্য বিগে’স্ত এণ্ড লংগে’স্ত নেশ্ন্ল ফে’স্তিভ্ল ইন দ্য ৱ’ল্ড’ এইবোৰ কথা লিখিবই লাগিব, ক’বই লাগিব কাৰণ, এইখন এখন গণতান্ত্রিক ৰাজনৈতিক সমাজ৷ জনগণে জানিব লাগিব,– কেনেবোৰ মানুহে জনগণৰ ভাগ্য নিয়ন্ত্রণ কৰি আছে৷

প্রথম বাৰতো আৰু এতিয়া দ্বিতীয় বাৰতো ৰাইজক ‘কঠোৰ’ সতর্কবাণী শুনোৱা হ’ল– ৰাজহুৱা ঠাইত আটায়ে মাস্ক্ পৰিধান কৰিবই লাগিব নকৰিলে এহেজাৰ টকাৰ জৰিমনা৷ প্রথম বাৰ হঠাৎ এদিন, তাকো মাথোন গুৱাহাটীত, মাস্ক্ নিপিন্ধাকৈ বাটলৈ ওলোৱা কিছুমান লোকক টপাটপ ধৰি আৰক্ষীয়ে গাইপতি এহেজাৰকৈ টকা জৰিমনা কৰিলে৷ কিছুমানে দিলে, কিছুমানে কাষেদি ‘পুৰুককৈ’ সৰকি গ’ল৷ পাছদিনাৰ পৰা পুনর্মুষিকঃ আৰক্ষীৰ ‘টৌট্ল ছাৰে’ণ্ড(ৰ)’ পাখি জপোৱা চৰাই নৱ প্রজন্মৰ ভোট হেৰুওৱাৰ ভয়৷ এইবাৰতো কোনেও কেৰেপকে নকৰিলে বাপ্পেকে৷ এনেবোৰ নির্দেশ দি চৰকাৰে নিজকে হাঁহিয়াতৰ পাত্র কৰে কিয়? অলপতে এটা ৱিডিঔত দেখিলোঁ,– কোনোবা এজন সাংবাদিকক স্বাস্থ্য মন্ত্রীয়ে কৈছে– (মাস্ক পৰিধান কৰিলে) ‘পার্লা(ৰ্)বোৰ কেনেকৈ চলিব?’ কি আজব্ উত্তৰ মইনো এনেয়ে কওঁনে– ‘হাতীটোকে মাখি, মাখিটোকে হাতী’ বুলি? কিন্তু দিল্লী, মহাৰাষ্ট্র, মধ্য প্রদেশৰ পার্লা(ৰ)বোৰৰ কি হ’ব? এতিয়া আকৌ আহিছে ‘বিহু’ (আচলতে মঞ্চ বিহু শিল্পী) বিতর্ক৷ বিভিন্নজনৰ কিচিম কিচিম মন্তব্য, প্রশ্ন, দাবী আদি ইত্যাদি৷ মুখ্য তথা গৃহ মন্ত্রীয়ে একো কোৱা মোৰ কাণত বা চকুত পৰা নাই৷ কিন্তু স্বাস্থ্য মন্ত্রী ড০ শর্মাই কৈ আছে,– ‘বিহু হ’বই’৷ মানে, মঞ্চ বিহু৷ আচল বিহু অসমীয়াৰ জাতীয় জীৱনৰ পৰা কাহানিবাতে গ’ল৷ কিন্তু সি যি কি নহওক, তিনি–চাৰিমহীয়া ‘জাতীয় মঞ্চোৎসৱ’ৰ কি হ’ব? যদি মহামাৰীয়ে অধিক ভয়ংকৰ ৰূপ লয়? যদি কেন্দ্রৰ পৰা তলা বন্ধৰ নির্দেশ আহে? কাৰো কথা শেষ কথা নহয়৷

শেষত এটা কথা৷ কেন্দ্রীয় চৰকাৰৰ পে’ট্রলিয়াম মন্ত্রী আৰু অইল ইণ্ডিয়াৰ অধ্যক্ষ হোৱাৰ কিছুদিনৰ ভিতৰতে দেৱকান্ত বৰুৱাই তৈল প্রযুক্তিৰ বহু কথা আয়ত্ত কৰাৰ দৰে, ড০ হিমন্ত বিশ্ব শর্মায়ো নিজৰ প্রত্যেকটো দপ্তৰৰে বহুখিনি কাৰিকৰী কথা আয়ত্ত কৰি লয়৷ কিন্তু তথাপি তেখেত প্রকৃত কাৰিকৰী ব্যক্তি নহয়৷ কিন্তু বিগত তেৰ–চৈধ্যটা মাহত ক’ৱিড্ সম্পর্কীয় সাধাৰণ কথাবোৰৰ উপৰি, সেই সম্পর্কীয় নিতান্ত কাৰিকৰী প্রায় সকলো কথাতেও সংবাদ মাধ্যমৰ আগত তেখেতেই বিভিন্ন মন্তব্য দি আহিছে সেয়াও, প্রায় সদায়, লগত কোনো কাৰিকৰী লোক অবিহনে৷ এতেকে, স্বাভাৱিকতে তেখেতৰ মন্তব্যসমূহ ৰাজনৈতিক কাৰিকৰী মন্তব্য৷ এই বিষয়ত কাৰিকৰী ব্যক্তি হ’ব পাৰিলেহেঁতেন স্বাস্থ্য বিভাগৰ সঞ্চালক, স্বাস্থ্য শিক্ষা (মে’ডিক্ল্ এ’জিউকেশ্ন্) বিভাগৰ সঞ্চালক, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়কেইখনৰ্ অধ্যক্ষসকল তথা অধীক্ষকসকল৷ কথাটো অশুদ্ধ নেকি?

পুচ্ছপটঃ মোৰ জীৱনত কিছুমান ৰসাল ঘটনা ঘটি থাকে৷ তাৰে কিছুমান কথা পাঠকক জনাবৰ মন যায় কিন্তু ঠায়ে নাটে৷ তথাপি আজি এটা কওঁ৷ মই ৰাতি শোওঁতে বহুত দেৰি হয় কেতিয়াবা পুৱা ৪.৩০/৫ বাজে৷ কথাটো বহুতে জানে৷ কিছুদিনৰ আগেয়ে, চিত্র নির্মাণ, কলা–শিল্প আদিৰ লগত জড়িত এজন ডেকা পাঠক মোৰ লগত পৰিচিত হয়৷ তেওঁ মাজে মাজে মোলৈ বার্তা প্রেৰণ কৰে আৰু মোৰ লগত কথাও পাতে৷ সম্ভৱতঃ বয়স বেছি হোৱা নাই৷ এদিন ৰাতি অলপ সোনকালে পাটীত পৰিবলৈ গৈ ফৌনটো হাতত লৈ দেখোঁ তেওঁৰ পৰা ৰাতি ১০.৪১ বজাত অহা এটা ‘শুভ ৰাত্রি’ বার্তা–Good night, Sir(.)৷ পুৱা দেখা পাওঁ ৮ বাজি ৪ মিনিটত তেওঁ পঠোৱা এইটো বার্তাঃ Good morning, Sir; 3.40? Oh my God ! Very bad habit, very bad (.) বার্তাটো পাই পুৱাতে খুব হাঁহিলোঁ৷ ল’ৰাটোলৈ বৰ মৰম লাগিল, হাঃ হাঃ হাঃ৷ এতিয়াও চাৰি বাজি গ’ল, শোওঁগৈ আৰু৷

You might also like