নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কুঁহি টী বাৰ’ৰে সংস্থাপন দিছে ৩০গৰাকী মহিলাক

থলুৱা খাদ্যৰ ব্যৱসায়েৰে আত্মপৰিচয় গঢ়া নগাঁৱৰ ৰেণু মহন্ত

নগাঁও চহৰৰ পৰা উজনি অসমলৈ যাওঁতে চামগুৰিৰ বেছিক প্রশিক্ষণ কেন্দ্রৰ ৫০০ মিটাৰ নিলগতে ভেলৌগুৰিৰ হেমাৰবডী নামৰ ঠাইত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষতে পোৱা যায় এখন ব্যতিক্রমী ৰেষ্টুৰেণ্ট৷ নাম– ‘কুঁহি টী বাৰ’৷ এগৰাকী মহিলাৰ অদম্য সাহস আৰু কর্মতৎপৰতাৰ ফচল এই টী বাৰখন৷ মহিলাগৰাকীৰ নাম ৰেণু মহন্ত৷

চামগুৰিৰ হেমাৰবডীৰ ৰেণু মহন্তৰ উদ্যোগত স্থাপন হোৱা এই ৰেষ্টুৰেণ্টখন সম্প্রতি পর্যটকৰ আকর্ষণৰ কেন্দ্র হৈ পৰিছে৷ ২০১১ চনৰ পৰা ‘ফুড প্রছেচিং’ প্রক্রিয়াৰ লগত জড়িত ৰেণু মহন্তই ২০১৯ বর্ষৰ ৯ আগষ্টত আৰম্ভ কৰিছিল ‘কুঁহি টী বাৰ’৷ ইয়াৰ পূর্বে তেওঁ এটা শ্বিল মেচিন ক্রয় কৰি কডাইগুৰি, ভজা চাউল, কোমল চাউল আদি তৈয়াৰ কৰিছিল৷ তদুপৰি তেওঁ প্রায় ২৫বিধ আচাৰ প্রস্তুত কৰিছিল৷ এই আচাৰসমূহৰ ভিতৰত সাধাৰণতে মানুহে প্রস্তুত নকৰা আচাৰ যেনে– কেৰালাৰ আচাৰ, মূলা, পটলৰ আচাৰ আদি প্রস্তুত কৰিছিল৷ একেদৰে বাঁহ গাজ, ভোট জলকীয়া, কর্দৈ, কাঁচকল, নহৰু, ঔটেঙা, বগৰী, অমিতা, কচু, বুট, গাজৰ, তেঁতেলি আদিৰ সুস্বাদু আচাৰ, জাম, জেলি আদি প্রস্তুত কৰিছিল৷ তেওঁৰ এই আচাৰে ৰাজ্যৰ লগতে ৰাষ্ট্রীয় পর্যায়তো সমাদৃত হৈছে৷ ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে বেকাৰী৷ তাত তেওঁ বিস্কুট, ব্রেড আদিও প্রস্তুত কৰে৷

এনেদৰে সামগ্রী প্রস্তুত কৰাৰ পিছত এই সামগ্রীসমূহ বিক্রীৰ বাবে এটা বিশেষ স্থানৰ প্রয়োজন আছিল৷ ইয়াৰ বাবেই আৰম্ভ হয় কুঁহি টী বাৰ৷ এই ৰেষ্টুৰেণ্টখনত এই সামগ্রীসমূহ বিক্রীৰো ব্যৱস্থা আছে৷ ৰেষ্টুৰেণ্টখনত ঘৰুৱা খাদ্য পৰিৱেশন কৰা হয়৷ ইয়াত ৫০বিধ চাহৰ ব্যৱস্থা আছে৷ এই চাহসমূহৰ ভিতৰত প্রচলিত গাখীৰ চাহ, লাল চাহ আদিৰ লগতে মচলা চাহ, বগা চাহ, সেউজীয়া চাহ, নীলা চাহ, ষ্টেভিয়াৰ চাহ আদি পৰিৱেশন কৰা হয়৷ একেদৰে কোমল চাউল, দৈ গাখীৰ, মিঠৈ আদিৰে জলপান, ভজা চাউলৰ জলপান আদিও গ্রাহকক যোগান ধৰা হয়৷

শেহতীয়াকৈ ক’ভিড–১৯ সংক্রমণৰ এই জটিল সময়ত তেওঁলোকে প্রস্তুত কৰিছে ক’ভিড প্রটেক্টিভ টী নামৰ এবিধ চাহ৷ এই চাহবিধ হালধি, ইলাচী, লং, জালুক, চাহপাত আদি দি প্রস্তুত কৰা হয়৷ চাহবিধ প্রস্তুত কৰোঁতে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰা হয়৷ এই চাহবিধৰ বাবেও ভালেসংখ্যক লোক টী বাৰখনলৈ আহে৷ ৰেণু মহন্তই জনোৱা মতে ৰেষ্টুৰেণ্টখনত কর্মচাৰী হিচাপে প্রায় ৩০গৰাকী মহিলা কর্মৰত হৈ আছে৷ একাংশ মহিলাই ঘৰৰ পৰাই কর্মৰত হৈ আছে৷ ঘৰত থকা মহিলাসকলৰ কোনোগৰাকীয়ে কলাখাৰ প্রস্তুত কৰে৷ কোনোগৰাকীয়ে নাৰিকল যোগাৰ কৰে, কোনোগৰাকীয়ে কর্দৈ সংগ্রহ কৰি ঘৰতে কাটি দিয়ে ইত্যাদি৷

মহন্তই জনোৱা মতে ৰেষ্টুৰেণ্টখনত চাহৰ লগতে ঘৰুৱাভাৱে প্রস্তুত কৰা পিঠা–পনা আদি পৰিৱেশন কৰা হয়৷ এই পিঠাপনা ৰেষুটৰেণ্টতে প্রস্তুত কৰি গৰমে গৰমে গ্রাহকক পৰিৱেশন কৰা হয়৷ বহিঃসম অথবা অন্য স্থানৰ পৰা অহা গ্রাহকে এই পিঠা প্রস্তুত কৰা পদ্ধতি দেখিও আকর্ষিত হয়৷ তদুপৰি কিছুসংখ্যক গ্রাহকৰ বাবে ‘চাওমিন’, পুৰী–চবজি আদিৰো ব্যৱস্থা আছে৷

একেদৰে দুপৰীয়াৰ আহাৰ হিচাপে ভাতৰ লগত থলুৱা খাদ্য সামগ্রী বাঁহৰ গাজ, পদিনা, নৰসিংহৰ জোল, বেহুৱা, মাহৰ গুৰা, ভেবেলী লতা আদি ব্যৱহাৰ কৰা হয়৷ ৰেণু মহন্তই জনোৱা মতে নৰসিংহ, ভেবেলী লতা, পদিনা আদিৰ তেওঁলোকে নিজে খেতি কৰে৷ মহন্তই কয়–‘অসমৰ পৰম্পৰাগত খাদ্য সামগ্রীসমূহ সদায় স্বাস্থ্যবর্ধক৷ সেয়ে গ্রাহকৰ আকর্ষণো বেছি৷ মই এই ৰেষ্টুৰেণ্টখন স্থাপন কৰি লাভান্বিত হৈছোঁ৷ অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগত বহিঃৰাজ্যৰ পর্যটকসকল যাতে পৰিচিত হয়, তাৰ বাবেই এনেধৰণৰ ৰেষ্টুৰেণ্ট অসমৰ অন্য প্রান্তত মহিলাসকলে আৰম্ভ কৰাটো মই বিচাৰোঁ৷’

উল্লেখ্য যে ৰেণু মহন্তই বেঙেনাৰ আহাৰ প্রস্তুত কৰি আই আই টি এফৰ দিল্লীত হোৱা প্রদর্শনীত যোগদান কৰি সঁহাৰি লাভ কৰিছে৷ তেওঁ নগাঁও কৃষি বিজ্ঞান কেন্দ্রই মাছৰ আচাৰৰ কাৰণে দিয়া প্রশিক্ষণত অংশ লৈ সকলো ধৰণৰ স্থানীয় মাছেৰে আচাৰ প্রস্তুত কৰা আঁচনিও লৈছে৷ ২০১৬ চনত তেওঁ অসম চৰকাৰৰ অধীনস্থ ‘জোনাক’ প্রতিষ্ঠানৰ অন্তর্ভুক্ত হৈ ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্রী ক্রয় কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছে৷ ৰেণু মহন্ত পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্রী প্রস্তুত কৰা কার্যতো পার্গত৷ ‘কুঁহি ফুড প্রছেচিঙে’ ২০১৮ চনত শ্রেষ্ঠ এম এছ এম ই–৫০০০ বঁটা লাভ কৰিছিল৷ ২০১৬ চনত তেওঁ মৃণাল কুমাৰ শর্মা সোঁৱৰণী উত্তৰ–পূর্বাঞ্চলৰ শ্রেষ্ঠ উদ্যোগী বঁটা লাভ কৰিছিল৷ তেওঁ সিদ্ধিনাথ কলিতা স্মাৰক বত্তৃণতা অনুষ্ঠানটো নৱপ্রজন্মৰ উদ্যোগী হিচাপে সম্বর্ধিত হৈছে৷

তাৎপর্যপূর্ণ যে ৫০বিধ চাহ আৰু থলুৱা পৰম্পৰাগত খাদ্য–সামগ্রীৰে উজলি উঠা কুঁহি টী বাৰ আৰু কুঁহি ফুড প্রছেচিং ইউনিট সম্প্রতি দেশী–বিদেশী পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্র হৈ পৰিছে৷ সম্পূর্ণ ঘৰুৱা পৰিৱেশত ইয়াত খাদ্য পৰিৱেশন কৰা হয়৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে গ্রহণ কৰা ‘লকডাউন’ৰ সময়ত সামান্য ক্ষতিগ্রস্ত হৈছিল যদিও বর্তমান পুনৰ গ্রাহকৰ সঁহাৰি আশানুৰূপ৷ স্বাৱলম্বী মহিলাৰ আর্হি হৈ পৰা ৰেণু মহন্তই অসমৰ বিভিন্ন প্রান্তৰ মহিলাসকলে এনেদৰে থলুৱা খাদ্যসম্ভাৰৰে ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে৷

-কনক হাজৰিকা

You might also like