নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ কৃষক আন্দোলন আৰু অসম

-বৈকুণ্ঠনাথ গোস্বামী

ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হোৱা ‘দিল্লী চলো’ আন্দোলন ক্রমাৎ তীব্র হৈ উঠিছে৷ প্রথমতে পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে অংশগ্রহণ কৰা এই আন্দোলনে উত্তৰপ্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, মধ্যপ্রদেশ আদি ৰাজ্যৰ কৃষক সমাজক আকর্ষণ কৰিব ধৰিছে৷ আন কেতবোৰ দূৰণিবটীয়া ৰাজ্যৰ ভালেমান কৃষক আৰু শ্রমিক সংগঠনে আন্দোলনকাৰী কৃষকসকলৰ সৈতে সংহতি প্রকাশ কৰিছে৷ প্রায়বোৰ বিৰোধী দলে বিজেপি চৰকাৰৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ প্রতি সমর্থন আগবঢ়াইছে৷ শাসকীয় জোঁট এনডিএৰ অংশীদাৰ শিৰোমণি আকালি দলৰ কেন্দ্রীয় মন্ত্রীসভাত থকা একমাত্র প্রতিনিধিগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিছে৷
বিভিন্ন ক্ষেত্রত প্রদর্শন কৰা দক্ষতাৰ স্বীকৃতি হিচাপে চৰকাৰে প্রদান কৰা সন্মান আৰু বঁটা–বাহনবোৰ পঞ্জাবৰ প্রাপকসকলে ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে৷ সাহিত্যিকসকলেও অনুৰূপ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে৷ জনসাধাৰণৰ পৰা লাভ কৰা ব্যাপক সমর্থনে আন্দোলনকাৰী কৃষকসকলৰ মনোবল বৃদ্ধি কৰিছে৷ দিল্লীৰ প্রচণ্ড শীতকো নেওচি ৰাজধানী চহৰখনৰ প্রধান প্রৱেশ পথবোৰত নিশাৰ পাছত নিশা অৱস্থান কৰাৰ শক্তি আৰু সাহস পাইছে৷ কিহৰ কাৰণে কৃষকসকলৰ এই আঁকোৰগোজ স্থিতি?
কৃষকসকলে বিচাৰিছে কেন্দ্রীয় চৰকাৰে অলপতে গ্রহণ কৰা কৃষি সম্বন্ধীয় তিনিখন আইন শীঘ্রে বাতিল কৰা হওক৷ এই আইনকেইখনক ‘কর্প’ৰেট বান্ধৱ’ আৰু ‘কৃষকবিৰোধী’ আখ্যা দি আন্দোলনকাৰী কৃষক সংগঠনবোৰৰ নেতাসকলে অভিযোগ কৰিছে যে এই আইনকেইখনৰ যোগেদি কৃষকসকলক কর্প’ৰেট গোষ্ঠীবোৰৰ ক্রীতদাসত পৰিণত কৰিব বিচৰা হৈছে৷ কৃষকসকলে আশংকা প্রকাশ কৰিছে যে অনেক ত্যাগৰ বিনিময়ত, কৃষিজাত সামগ্রীৰ নূ্যনতম সমর্থনমূল্য আদায়ৰ অধিকাৰ নতুনকৈ প্রণয়ন কৰা আইন তিনিখনৰ যোগেদি চৰকাৰে হৰণ কৰিব৷ তাৰ উপৰি কৃষিকার্যৰ বাবে ৰেহাই মূল্যত বিজুলী শক্তিৰ যোগান বন্ধ কৰা হ’ব বুলিও তেওঁলোকে সন্দেহ কৰিছে৷ উল্লেখ্য যে বিগত জুন মাহৰ পাঁচ তাৰিখে অধ্যাদেশযোগে চৰকাৰে উক্ত আইনত সন্নিৱিষ্ট ব্যৱস্থাসমূহ বলৱৎ কৰা হৈছিল৷ সংসদৰ শৰৎকালীন অধিৱেশনত তাক মান্যতা দি আইনত পৰিণত কৰাৰ আনুষ্ঠানিকতা সম্পূর্ণ কৰা হৈছিল মাত্র৷ যিয়ে নহওক, অধ্যাদেশ জাৰি কৰাৰ পাছৰকেইমাহৰ অভিজ্ঞতা কৃষকসকলৰ বাবে সুখকৰ নাছিল৷ কেইবাবিধো কৃষিজাত সামগ্রী নূ্যনতম সমর্থনমূল্যতকৈ ৩০ শতাংশ কম দামত বিক্রী কৰিবলৈ বাধ্য হৈছিল কৃষকসকল৷ কেইবাবিধো কৃষিজাত সামগ্রীৰ নূ্যনতম সমর্থনমূল্য চৰকাৰে দাবী কৰা অনুসৰি উৎপাদন ব্যয়ৰ ৫০ শতাংশ অধিক হাৰত নির্ধাৰণ কৰা হৈছে যদিও সেই হাৰত সংগ্রহ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা কৰা নাই৷ এফচিআই–এ ধান আৰু গম সংগ্রহ কৰিয়েই দায়িত্ব সামৰে৷ তাকো আংশিকভাৱেহে৷ কোনো এটা বছৰত উৎপাদন অধিক হ’লে, অতিৰিক্ত ধান বা গম মুকলি বজাৰত ব্যক্তিগত ব্যৱসায়ীৰ ওচৰত বিক্রী কৰিবলগীয়া হয়৷ পৰিস্থিতিৰ সুযোগ লৈ ব্যৱসায়ীসকলে কম দামতে শস্য বিক্রী কৰিবলৈ বাধ্য হয়৷ চলিত খাৰিফ বতৰত খাদ্যশস্যৰ উৎপাদন যোৱা বছৰতকৈ ১.১ নিযুত টন অধিক হ’ব বুলি অনুমান কৰা হৈছে৷ এই বৃহৎ পৰিমাণৰ শস্যৰ নূ্যনতম সমর্থনমূল্য প্রদান কৰাৰ দায়িত্ব কোনে ল’ব? নতুন কৃষি আইনত তাৰ কোনো ইংগিত নাই৷ সেয়েহে ক্ষুব্ধ হৈ পৰিছে ভাৰতৰ অন্নদাতা কৃষক সমাজ৷
আন্দোলনকাৰী কৃষকসকলক প্রতিনিধিত্ব কৰা ত্রিশটাৰো অধিক সংগঠনে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্রত আপোচহীন মনোভাব প্রদর্শন কৰিছে৷ কৃষকসকলৰ প্রধান দাবী হ’ল– বিতর্কিত কৃষি আইনকেইখন বাতিল কৰা আৰু কৃষিজাত সামগ্রীৰ নূ্যনতম সমর্থনমূল্য নিশ্চিত কৰা৷ এই দাবী পূৰণ নোহোৱালৈকে আন্দোলন চলাই যাবলৈ ৰাজপথলৈ ওলাই আহিছে লক্ষাধিক কৃষক৷ প্রতিদিনে নতুন নতুন অঞ্চলৰ পৰা কৃষক আহি আন্দোলনত অংশগ্রহণ কৰিছে৷ ছমাহলৈ এনেদৰে আন্দোলন চলাই যাবলৈ সাজু বুলি তেওঁলোকে ঘোষণা কৰিছে৷
কৃষকসকলৰ ৰুদ্রমূর্তি প্রত্যক্ষ কৰি অস্বস্তিত পৰিছে কেন্দ্রীয় চৰকাৰ৷ সাধাৰণতে বর্তমানৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখন জনআন্দোলনৰ প্রতি কেৰেপ কৰাবিধৰ নহয়৷ ‘কা’বিৰোধী আন্দোলন, ব্যক্তিগতকৰণৰ প্রক্রিয়া বাতিল কৰা আদি বিষয়ত যোৱা দুটা বছৰত চলা তীব্র গণ আন্দোলনৰ সময়তো আন্দোলনকাৰী পক্ষৰ লগত আলোচনা কৰাৰ বাবে মোদী চৰকাৰে আগ্রহ প্রকাশ কৰা নাছিল৷ কিন্তু এইবাৰ ঘটনা বেগতিক দেখা পাই চৰকাৰে নমনীয় স্থিতি গ্রহণ কৰিছে৷ আন্দোলন সমগ্র দেশতে বিয়পি পৰাৰ আগতেই আলোচনাৰ যোগেদি মীমাংসাত উপনীত হোৱাৰ প্রচেষ্টা চলাইছে৷ ইতিমধ্যে কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে৷ এই প্রতিবেদন প্রস্তুত কৰা সময়লৈ কোনো সমাধানসূত্র ওলোৱা নাই৷ সাধাৰণতে সংবাদ শিৰোনামৰ পৰা আঁতৰত থকা কৃষকসকলে মহাশক্তিশালী কেন্দ্রীয় চৰকাৰক প্রত্যাহ্বান জনাবলৈ শক্তি আৰু প্রেৰণা ক’ৰ পৰা লাভ কৰিলে৷
মহাৰাষ্ট্রৰ কৃষকসকলে সংগঠিত কৰা ২০১৭–১৮ চনৰ ‘লংমার্চ’–এ উত্তৰ ভাৰতৰ কৃষকসকলক অনুপ্রাণিত কৰিছিল৷ মহাৰাষ্ট্রৰ কৃষকসকলৰ আন্দোলনৰ হেঁচাত সেও মানি বিজেপি নেতৃত্বাধীন মর্চা চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নৱিছে বিক্ষুব্ধ কৃষকসকলৰ সকলো দাবী মানি লোৱাৰ প্রতিশ্রুতি দিয়াৰ পিছতহে সাময়িকভাৱে বিধানসভা ঘেৰাও কার্যসূচী প্রত্যাহাৰ কৰা হৈছিল৷ চিপিআই (এম) দলৰ কৃষক শাখা নিখিল ভাৰত কৃষক সভাই এই আন্দোলন সংগঠিত কৰিছিল যদিও সর্বস্তৰৰ গৰিব–মধ্যবিত্ত ৰাইজৰ পৰা অভূতপূর্ব সমর্থন লাভ কৰিছিল৷ এই ঘটনাই দেৱেন্দ্র ফাড়নৱিছ চৰকাৰক এনেদৰে বিচলিত কৰিছিল যে বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ আন্দোলনবিৰোধী স্থিতিক আওকাণ কৰিও মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীয়ে কৃষকসকলৰ দাবী মানি ল’বলগীয়া হৈছিল৷
এই ‘লংমার্চ’ সংগঠিত কৰা হৈছিল ২০১৮ চনৰ ৬–১২ মার্চলৈ৷ প্রায় ৫০,০০০ কৃষকে নাছিকৰ পৰা মুম্বাইলৈ বিধানসভা ঘেৰাও কৰাৰ উদ্দেশ্যে পদব্রজে যাত্রা কৰিছিল৷ এই যাত্রাপথত স্বেচ্ছাসেৱী সংগঠনৰ পৰা আৰম্ভ কৰি গৃহিণীলৈ কৃষকসকললৈ সমমর্মিতা প্রকাশ কৰি যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছিল৷ তেওঁলোকৰ প্রধান দাবী আছিল– ২০১৭ চনত চৰকাৰে ঘোষণা কৰা ৩৪,০০০ কোটি টকাৰ ঋণ ৰেহাই, প্রতিকূল বতৰৰ বাবে ক্ষতিগ্রস্ত হোৱা কৃষকসকল, বিশেষকৈ কপাহ উৎপাদনকাৰীসকলৰ্ বাবে বিশেষ সাহায্য প্রদান, ২০০৬ চনৰ ফ’ৰেষ্ট ৰাইটছ আইন কার্যকৰী কৰা ইত্যাদি৷
পশ্চিম ভাৰতৰ অতি ধনী এই ৰাজ্য মহাৰাষ্ট্রৰ কৃষকসকল ঋণৰ হেঁচাত বহু দিনৰ পৰাই জর্জৰিত হৈ আহিছে৷ ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৯ চনৰ আগষ্টলৈ মুঠ ১৪,৫৯১ কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ লৈছিল৷ সেয়েহে ঋণগ্রস্ত কৃষকসকলে ব্যাপক সংখ্যাত এই লংমার্চত অংশগ্রহণ কৰিছিল৷ লংমার্চৰ যোগেদি লাভ কৰা সাফল্যই ভাৰতবর্ষৰ অন্য ৰাজ্যৰ কৃষকসকলৰ মনোবল বৃদ্ধি কৰিলে৷ সংগঠিত কৃষকৰ শক্তিৰ ওচৰত শাসকসকল নতশিৰ হ’বলৈ বাধ্য– এই সহজ সত্যটো সকলো কৃষকে অনুধাৱন কৰিলে৷ নিজৰ প্রতিশ্রুতি পালনত চৰকাৰৰ ব্যর্থতা এক অন্য অধ্যায়৷
লক্ষ্য পূৰণ নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ বাবে কৃষকসকলৰ দৃঢ় সংকল্পৰ অন্যতম উৎস হৈছে তেওঁলোকৰ আন্দোলনৰ প্রতি ব্যাপক জনসমর্থন৷ প্রধান বিৰোধী দলবোৰ আৰু পঞ্জাবৰ একাংশ বুদ্ধিজীৱী তথা খেলুৱৈসকলে লাভ কৰা চৰকাৰী বঁটা–বাহন আৰু সন্মান ঘূৰাই দিয়াৰ কথা আগতে উল্লেখ কৰা হৈছে৷ কৃষকৰ স্বার্থ ৰক্ষাৰ প্রশ্ণত আন্দোলন কৰি পশ্চিমবংগত ক্ষমতা দখল কৰা মমতা বেনার্জী এইবাৰো কৃষকৰ স্বার্থত থিয় দিছে৷ অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া পূর্বাঞ্চলৰ এই গুৰুত্বপূর্ণ ৰাজ্যখনৰ নির্বাচনী ফলাফলত বিৰূপ প্রভাৱ পেলাব বুলি শংকিত হৈ পৰিছে শাসকীয় দল বিজেপি৷ বিহাৰত শক্তিশালী বিৰোধী দল আৰজেডি–ৰ নেতৃত্বত দিল্লীৰ কৃষক আন্দোলনৰ সমর্থনত বিক্ষোভ সমাৱেশ অনুষ্ঠিত হৈছে৷ আন্দোলন অধিক ৰাজ্যলৈ বিয়পি পৰাৰ আগতে এটা মীমাংসা সূত্র বিচাৰি উলিয়াবলৈ ব্যগ্র হৈ পৰিছে বিজেপি৷ সেইবাবেই সংসদত সংখ্যাগৰিষ্ঠতাৰ জোৰত কৃষি সম্বন্ধীয় বিধেয়কখন কোনো আলোচনা নোহোৱাকৈ পাৰিত কৰাই নিয়া বিজেপি চৰকাৰে এতিয়া আলোচনা কৰাৰ বাবে আন্দোলনকাৰী সংগঠনবোৰৰ নেতাসকলক আমন্ত্রণ জনাইছে৷ এই আলোচনা বিধেয়ককেইখন সংসদত উত্থাপন কৰাৰ আগতে অনুষ্ঠিত কৰা হ’লে আজিৰ এই অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন৷
এটা কথা মন কৰা দৰকাৰ যে কৃষকসকলৰ আপোচবিহীন স্থিতিৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এতিয়াও দাবী কৰি আছে যে নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধিৰ লগতে উৎপাদনো বৃদ্ধি কৰিব৷ কৃষক প্রতিনিধিৰে হোৱা আলোচনাৰ সময়ত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে স্পষ্ট কৰি দিছে যে বিতর্কিত আইনকেইখন বাতিল কৰিবলৈ চৰকাৰ সাজু নহয়৷ অৱশ্যে আইনত সন্নিৱিষ্ট কোনো বিশেষ ধাৰা সম্পর্কে কিবা ওজৰ–আপত্তি থাকিলে, তাৰ সংশোধনীৰ প্রস্তাৱ চৰকাৰে বিবেচনা কৰিব পাৰে৷ পৰৱর্তী বৈঠকত সংশোধনী প্রস্তাৱৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷
ৰাষ্ট্রীয় পর্যায়ত কৃষক আন্দোলনৰ তীব্রতা বৃদ্ধি হোৱাৰ সময়ত অসমৰ কৃষক সংগঠনবোৰ প্রায় নির্লিপ্ত হৈ থকা দেখা গৈছে৷ ৰাজনৈতিক দলৰ ছত্রছায়াত গঠন হোৱা কৃষক সংগঠন কেইটামানে সংবাদ মাধ্যমত বিবৃতি দিয়েই দায়িত্ব সামৰাৰ চেষ্টা কৰিছে৷ অথচ অসমত কৃষকৰ অৱস্থা দেশৰ অন্যান্য অংশৰ কৃষকতকৈ কোনোগুণে উন্নত নহয়৷ বৰং বহু দিশৰ পৰা অধিক শোচনীয়হে৷ এফচিআই–এ অতি কম পৰিমাণৰ ধানহে নূ্যনতম সমর্থনমূল্যত অসমৰ কৃষকৰ পৰা সংগ্রহ কৰে৷ অসমৰ জলবায়ুৰ প্রভাৱত ৰাজ্যখনত উৎপাদিত ধানত জলীয় বাষ্পৰ শতাংশ অধিক– এই অজুহাতত কেন্দ্রীয় প্রতিষ্ঠানটোৱে অসমৰ কৃষকক ধানৰ নূ্যনতম সমর্থনমূল্য লাভৰ পৰা বঞ্চিত কৰি আহিছে৷ তাৰ উপৰি সাৰ, বীজ আদিৰ মূল্য অসমত অন্যান্য ৰাজ্যৰ তুলনাত অধিক৷ অসমৰ মাত্র ৭ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ সুবিধা আছে৷ অসমৰ কৃষকৰ এতিয়া মূল দাবী হোৱা উচিত– আন ৰাজ্যৰ কৃষকসকলে ভোগ কৰি থকা সুবিধাসমূহ অসমতো উপলব্ধ হ’ব লাগে৷ অসমৰ কৃষকসকলৰ আন্দোলনৰ অভিমুখ সেই দিশত কেন্দ্রীভূত হ’ব লাগে৷

You might also like