শগুণী লতা বা গিলইৰ গুণাগুণঃ চিকিৎসকৰ মতে ই এণ্টি- অক্সিডেণ্টছৰ শক্তি কেন্দ্ৰ স্বৰূপ
কি নাম দি মাতিম, মাতিম তোমাক? …. গিলই, শগুণী লতা, আমৈ লতা, অমৰ লতা, সিদ্ধি লতা, অমৃতা, গুলঞ্চ কিম্বা হাৰ্ট লিভড্ মুনছিড আৰু যে কি! নাম ভিন্ন, কিন্তু উৎস মাথোঁ এটাই। উজনি অসমত শগুণী লতা হিচাপে জনাজাত এইবিধ বনৌষধি লতাক নামনিত ‘অমৰ লতা’ বোলা হয়। পিছে অতি সম্প্ৰতি সৰ্বভাৰতীয় পৰ্যায়ত ‘গিলই’ বুলিলে সৰ্বজন বিদিত। যুগ যুগ ধৰি সৰ্বভাৰতীয় আয়ুৰ্বেদিক চিকিৎসা বিধানত অন্তৰ্ভুক্ত শগুণী লতা বা গিলই বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক হিচাপে সমগ্ৰ দেশৰ চুকে- কোণে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ব্যৱহাৰিক দিশৰ সাফল্যৰ খবৰে এক নতুন চিকিৎসা সম্ভাৱনাৰ উন্মেষ ঘটাইছে। অৱশ্যে স্বামী ৰামদেৱ কিম্বা কেইবাগৰাকী আগশাৰীৰ চিকিৎকে দীৰ্ঘ দিনৰ পৰাই গিলইৰ উপকাৰিতা সন্দৰ্ভত প্ৰচাৰ- প্ৰসাৰ আৰু প্ৰয়োগ অব্যাহত ৰাখিছে। অদ্ভুত ঔষধি গুণসম্পন্ন পৰজীৱি(!) শগুণী লতাৰ বৈজ্ঞানিক নাম ‘টন’ছপৰা কৰ্ডিফলিয়া’ (Tinospora cordifolia)। ইংৰাজীত ইয়াক হাৰ্ট- লিভড মুনছিড (heart-leaved moonseed) বুলি জনাৰ বিপৰীতে বেঙ্গলি ভাষাত ‘গুলঞ্চ’ বোলা হয়। ই আঙুৰ জাতীয় এবিধ বনৌষধি লতা। শতটা ঔষধি গুণাগুণ সম্পন্ন এইবিধ লতাক সেই অৰ্থতেই হয়তো শগুণী লতা বোলা হয়। অৱশ্যে শগুণী লতা দুটা ৰূপত পোৱা যায়। এবিধ বন্য আৰু আনবিধ ঘৰুৱা (বাৰীত ৰুই লোৱা)। দেখাত প্ৰায় একে যদিও বনৰীয়া বিধ কঠিন হোৱাৰ বিপৰীতে ঘৰুৱাভাৱে উপলব্ধ শগুণী লতা তুলনামূলকভাৱে চনকা আৰু ৰসাল। দুই পৃথক ক্ষেত্ৰৰ গিলইৰ প্ৰায়োগিক আৰু গুণাগুণৰ পাৰ্থক্য প্ৰাকৃতিক আৰু বৰ্ণসংকৰ (হাইব্ৰিড)ৰ পাৰ্থক্য স্বৰূপ।
উল্লেখ্য যে শতিকাজুৰি বিভিন্ন অসুখৰ বাবে শগুণী লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ই ওখ গছত বগুৱা আঙুৰ প্ৰজাতিৰ এবিধ লতা, যা’ত বাৰিষা কালত পাণ আকৃতিৰ চিৰ সেউজীয়া পাত ওলোৱাৰ সমান্তৰালকৈ ক’লা আঙুৰৰ দৰে থুপা থুপে ফল ধৰাও দেখা যায়। গা- গছ (লতা) আৰু পাতৰ দৰেই শগুণী লতাৰ ফলৰ সোৱাদো তিতা। এইবিধ লতা এবাৰ গছত বগাই লোৱাৰ পাছত ইয়াৰ গুৰিভাগ কাটি পেলোৱাৰ পাছতো জীয়াই থাকি শ্ৰীবৃদ্ধি ঘটায়। সেয়ে হয়তো নামনি অসমৰ লোকে ইয়াক ‘অমৰ লতা’ বোলে। ‘গিলই এবিধ আয়ুৰ্বেদিক ঔষধ, যি যুগ যুগ ধৰি ভাৰতীয় চিকিৎসা প্ৰণালীত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।’ এই বক্তব্য দিল্লী ভিত্তিক নিউট্ৰিছনিষ্ট আনছুল জইভাৰতৰ। সংস্কৃতত গিলইক ‘অমৃতা’ (অমৃত) বোলা হয়, যাক প্ৰাচুৰ্যশীল ঔষধি গুণৰ বাবে সাহিত্যৰ ভাষাত ‘অমৰ লতা’ বোলা হয়। নিউট্ৰিছনিষ্ট আনছুল জইভাৰতৰ সংযোজন- ‘গিলইৰ গা- গছ সৰ্বাধিক উপযোগিতাযুক্ত যদিও ইয়াৰ শিপা বা মূলো ব্যৱহাৰযোগ্য। ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (এফ ডি এ)ৰ দ্বাৰা অনুমোদিত।’ বৈদ্যদ্যনাথ ডঃ আশুতোষ গৌতমৰ মতে গিলই জুলীয়া (ৰস), গুৰি (পাউদাৰ) কিম্বা বীজকোষ (কেপচুল)ৰ ৰূপত সেৱন কৰা যায়। তেওঁৰ মতে গিলই সংক্ৰমণ মুক্ত (Boosts Immunity) চিকিৎসাৰ বাবে সাৰ্বজনীন ভেষজ (বনৌষধ)। ই অস্থিৰ আৰু তীব্ৰ প্ৰতিক্ৰিয়াশীল মৌল (ফ্ৰী- ৰেডিকেল) ৰে যুঁজ দিব পৰা মানৱ শৰীৰৰ কোষ সমৃদ্ধিশালী আৰু ৰোগ মুক্ত কৰা এণ্টি- অক্সিডেণ্টছৰ শক্তি কেন্দ্ৰ স্বৰূপ। যাৰ বাবে কৰ্কট ৰোগ, হৃৎৰোগ, বাৰ্ধক্যজনীত ৰোগ আদিৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। গিলইয়ে বিষ দূৰীকৰণ, তেজ শুদ্ধিকৰণ আদিৰ উপৰি ৰোগ সৃষ্টিকাৰী বীজানুৰে যুঁজ দিব পাৰে। যকৃত বা পিত্তাশয় আৰু প্ৰস্ৰাৱজনীত ৰোগ নিৰাময় কৰিব পাৰে। ‘গিলই বিশেষজ্ঞ সকলে হৃৎসম্পৰ্কীয় ৰোগ আৰু বন্ধ্যতা দূৰীকৰণৰ চিকিৎসাৰ বাবেও উপকাৰী ৰূপে চিহ্নিত কৰিছে’ (Giloy is used by experts in treating heart related conditions, and is also found useful in treating infertility)। ডাঃ আশুতোষ গৌতম বৈদ্যনাথে কৈছে, ‘গিলই পৌনঃপুনিক ৰোগ (ক্ৰণিক ফিভাৰ) নিৰাময়তো সহায়ক। যিহেতু গিলই প্ৰাকৃতিক প্ৰদত্ত, ই ডেঙ্গ, ছোৱাইন ফ্লু আৰু মেলেৰিয়াৰ দৰে জীৱনৰ ভাবুকিস্বৰূপ লক্ষণসমূহো নিয়ন্ত্ৰণ কৰিব পাৰে। আনছুল জইভাৰতৰ মতে গিলই হজম শক্তি বৰ্ধনৰ বাবেও উপযোগী।
ফৰ্টিছ হাস্পতালৰ ডাঃ মনোজ কুমাৰ অহুজাৰ মতে গিলইয়ে হাইপ’গ্লাইচেমিক এজেণ্ট হিচাপে কাম কৰে আৰু মধুমেহ বা বহুমূত্ৰ ৰোগ (ডাইবেটিছ)ৰ চিকিৎসাত সহায় কৰে। গিলইৰ ৰসে উচ্চ পৰ্যায়ৰ ব্লাড ছুগাৰ হ্ৰাসত আশ্চৰ্যকৰ কাম কৰে। ই মানসিক চাপৰ লগতে উদ্বিগ্নতাও হ্ৰাস কৰে। বিষ দূৰীকৰণ, মগজুৰ বিকাশ আৰু প্ৰশান্তি আদিত সহায় কৰাৰ উপৰি গিলই উত্তম শক্তি বৰ্ধক ঔষধ (টনিক) হিচাপেই চিহ্নিত হৈছে। ডাঃ আশুতোষে আৰু সংযোগ কৰে যে গিলই উত্তেজক প্ৰতিৰোধী হিচাপে জনা যায় আৰু কাঁহ, পানীলগা জ্বৰ, টনচিল আদিৰ দৰে শ্বাস- প্ৰশ্বাসজনীত সমস্যা হ্ৰাস কৰে। গিলইত উত্তেজক আৰু বিষ ৰহিত গুণাগুণ থকাৰ বাবে বাতবিষ আৰু তেনে লক্ষণযুক্ত ৰোগ চিকিৎসাত সহায় কৰে। গাঁঠি বিষৰ বাবে গিলইৰ পৰা প্ৰস্তুত কৰা পাউদাৰ গাখীৰৰ সতে উতলাই সেৱন কৰিব পাৰি। ইয়াক আদাৰে মিশ্ৰণ ঘটাই বাতবিষৰ চিকিৎসা কৰা যায়। গিলইৰ ৰস গ্ৰহণে আনকি হাঁপানি ৰোগৰো উপশম ঘটাব পাৰে বাবেই বিশেষজ্ঞ মনোজ কুমাৰ অহুজাই ৰোগীক গিলইৰ চিকিৎসা পৰামৰ্শ দিয়ে। ভাৰতৰ বিভিন্ন প্ৰান্তত দৃষ্টি শক্তি সংবৰ্ধনৰ ক্ষেত্ৰত গিলই ব্যৱহাৰ কৰা যায়। গিলই পাউদাৰ পানীত উতলাই ঠাণ্ড কৰি চকুৰ পতাত প্ৰয়োগ কৰিব লাগে। গিলই ব্যৱহাৰে মুখমণ্ডলৰ ক’লা দাগ, শালমইনা, ঘামচি, বয়সৰ চাপ আৰু খহটা বা শোটোৰা পৰাৰ পৰা দূৰত ৰাখে। ই শৰীৰৰ নিখুঁত উজ্জ্বল ছাল প্ৰদান কৰে। উল্লেখ্য যে গিলই এবিধ প্ৰাকৃতিক আৰু নিৰাপদ বনৌষধ হোৱাৰ হেতু ইয়াৰ পাৰ্শ্বক্ৰিয়া (ছাইড এফেক্ট) নাই। যিকি নহওক গিলইয়ে কিছু কিছু ৰোগৰ বাবে হ’ব পৰা কোষ্ঠকাঠিন্য আৰু ব্লাড ছুগাৰৰ লেভেল হ্ৰাস কৰিব পাৰে। সেয়ে দীৰ্ঘদিনৰ পৰা গিলই ব্যৱহাৰ কৰি অহা মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ ব্লাড ছুগাৰৰ পৰিমাণ পৰীক্ষা কৰাই থাকিব লাগে। গৰ্ভৱতী, শৰ্কৰাহীনতা (ছুগাৰ ল’), ৰক্তচাপহীনতা আৰু কেঁচুৱাক গাখীৰ খুৱাই থকা মাতৃয়ে গিলই সেৱনৰ পৰা দূৰত থাকিব লাগে।
ৰামদেৱ আৰু বিদ্যাসাগৰ আয়ুৰ্বেদৰ মতে কৰ’ণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ শগুণী লতা বা গিলই ব্যৱহাৰ কৰিব লাগে। ৰোগ প্ৰতিৰোধৰ ক্ষমতা অতি শক্তিশালী বাবেই শগুণী লতা ব্যাপক ৰূপত ব্যৱহাৰ হৈ আছে। এই অসাধাৰণ গুণসম্পন্ন শগুণী লতাত বেক্টেৰিয়া বিৰোধী পৰিবৰ্তনশীল উপাদান আছে। টাইফইড, মেলেৰিয়া, ডেঙ্গ আদি ৰোগ, কাঁহ, স্বাস ৰোগ, চৰ্মৰোগ, যকৃতৰ সমস্যা, গেছ, মধুমেহ (ডায়েবেটিছ), আৰ্থাইটিছ, ৰক্তহীনতা (এনিমিয়া), পিত্তৰোগ আদিৰ বাবে এই লতা মহৌষধ । তাদুপৰি ক্ৰণিক জ্বৰ, কামোত্তেজনা হ্ৰাস, শুক্ৰানু হ্ৰাস, স্বপ্নদোষ, ধাতুস্ৰাৱ, উগাৰ, বমি, ৰক্তহীনতা, বাতবিষ, হাড়ৰ ৰোগ, ওজন বৃদ্ধি, মুখ শুকাই যোৱা, ঘাম ওলোৱা, পেলু, কম দৃষ্টি শক্তি, অনুচক্ৰিকা (প্লেটলেট), বদহজম, মানসিক চাপ, অৱসাদকে ধৰি বিভিন্ন ৰোগৰ বাবে শগুণী লতা অন্যতম। শগুণী লতাৰ কেঁচা ৰস কিম্বা উতলাই জালুক আৰু সামান্য নিমখ দি দুবাৰকৈ খালী পেটত পুৱা- গধুলি সেৱন কৰিব লাগে। ইয়াৰ পাত পিহিও ৰস খাব পাৰে। টেবলেট আৰু কেপচুলৰ ৰূপতো গিলই ঔষধৰ দোকানত পোৱা যায়। অৱশ্যে বিভিন্ন ৰোগৰ চিকিৎসা বিধান অনুযায়ী গিলই বা শগুণী লতাৰ সতে আদা, হালধি, আমলখি, তুলসী, অশ্বগন্ধা, ব্ৰাহ্মী শাক, ঘৃত- কুমাৰী বা চাল- কুঁৱৰী (এল’ভেৰা), অমিতা পাত, মহানিমৰ পাত, বেল, মৌ আদি উপকৰণৰ মিশ্ৰণ ঘটোৱা হয়। ৰামদেৱৰ মতে গিলই সেৱনে এশ বছৰলে ৰোগমুক্ত কৰিব পাৰে একোজন লোকক। এই অভ্যাসৰ ফলত অতিৰিক্ত শকত আৰু মেদযুক্ত লোকো হ’ব পাৰে সুস্বাস্থ্য (আটিল দেহ)ৰ অধিকাৰী। স্বামী ৰামদেৱে নব্বৈ শতাংশ ঔষধতে গিলইৰ মিশ্ৰণ ঘটোৱা কাৰ্যইও গিলইৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।
- ৰবীন মৰাণ
(দূৰভাষ- ৯১০১৮৬২৪৮২)