আমি জানো যে ভাৰতীয় অর্থনীতি মূলতঃ কৃষি আৰু পশুপালনভিত্তিক৷ আমাৰ দেশৰ ৭০ শতাংশতকৈও অধিক লোকে গাঁৱত বাস কৰি কৃষি আৰু পশুপালন কৰে৷ দেশৰ ৯০ শতাংশতকৈও অধিক খেতিয়কে প্রায় ৯০ নিযুত গাখীৰ দিয়া পশুক প্রতিপালন কৰি আছে, অর্থাৎ দেশৰ অর্থনীতিৰ মাপকাঠী আজিৰ একবিংশ শতিকাতো মূলতঃ নির্ভৰ কৰি আছে কৃষিকর্ম আৰু পশুপালন ক্ষেত্রখনৰ ওপৰতেই৷ দেশৰ ৭৩ শতাংশ গাঁৱত বাস কৰা লোকে গৰু কিম্বা ছাগলী কিম্বা গাহৰি কিম্বা কুকুৰা পালন কৰি জীৱন নির্বাহ কৰি আছে (ইয়াৰ এক তৃতিয়াংশ দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰা লোক)৷ একাদশ সংখ্যক পঞ্চবার্ষিক পৰিকল্পনা (২০০৭–২০১২)লৈকে পশুধনৰ সংখ্যা বৃদ্ধিৰ হাৰ আছিল ৫.৪০ শতাংশ৷ যি সংখ্যাই কৃষি ক্ষেত্রত ১২.৩৪ শতাংশ জনমূৰি আয় আৰু পশুপালন ক্ষেত্রত দেশৰ জনমূৰি আয়ৰ ৩.৩৭ শতাংশ অংশ বহন কৰিছিল৷ আনহাতে, আশা কৰা হৈছিল যে দ্বাদশ সংখ্যক পঞ্চবার্ষিক পৰিকল্পনাত (২০১২–২০১৭) এই ৫.৪ শতাংশৰ বৃদ্ধি হ’ব৷ কিন্তু পৰিতাপৰ কথা এয়ে যে এই পৰিকল্পনাত কৃষিকর্ম আৰু পশুপালন ক্ষেত্রখনত বিনিয়োগ কৰা পৰিমাণ আগৰ তুলনাত ০.৬ শতাংশ কম৷ পৰিকল্পনা আয়োগ (২০১১)ৰ প্রতিবেদন মতে, ২০১০–১১ চনত পশুধনে ৩,৪০,৫০০ কোটি টকাৰ মুনাফা প্রদান কৰিছে, যিটো কৃষিৰ ২৮ শতাংশ আৰু দেশৰ জনমূৰি আয়ৰ ৫ শতাংশ৷ এই প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি, পশুধনৰ পৰা হোৱা আয় ৩,১৫,৬০০ কোটি আৰু ফল–মূল তথা শাক–পাচলিৰ পৰা আয় ২,০৮,৮০০ কোটি৷
পশুধনে কৰি অহা সহায়সমূহ যদি যুকিয়াই চাওঁ, তেন্তে দেখিম যে ই গ্রামাঞ্চলত সংস্থাপনৰ সুবিধা কৰি দিছে, পুষ্টিকৰ আহাৰ যোগান ধৰাত উল্লেখনীয় অৰিহণা আগবঢ়াইছে, উপার্জনৰ পথ মুকলি কৰি দিছে, গ্রামাঞ্চলত মহিলাৰ সবলীকৰণত সহায় কৰিছে, প্রাকৃতিক দুর্যোগৰ সময়ত সম্বল হৈ থিয় দিছে আৰু আনকি বেংকৰ পৰা ঋণ লোৱাতো সহায়ক হিচাপে থিয় দিছে৷ ২০১২ চনৰFood and Agricultural Office FAO)ৰ প্রতিবেদন অনুসৰি, দেশত মাংস উৎপাদন হয় ৬.২৭ নিযুত টন, যিটো বিশ্বৰ ২.২১ শতাংশ৷ য’ত ভেডাৰ পৰা ৪.৬১ শতাংশ, ছাগলীৰ পৰা ৯.৩৬ শতাংশ, গাহৰিৰ পৰা ৫.৩১ শতাংশ আৰু কুকুৰাৰ পৰা ৩৬.৬৮ শতাংশ অৰিহণা আহিছে৷ পূর্বতে প্রকাশিত (৩১–১২–২০২০) মোৰ প্রবন্ধটোত গাহৰি পালন আৰু ছাগলী পালনৰ দ্বাৰা কিদৰে অর্থনৈতিক উন্নয়ন সম্ভৱ, সেই সম্পর্কে বিস্তৃত ব্যাখ্যা আগবঢ়াইছিলোঁ৷ আজিৰ বিষয়বস্তু হিচাপে বাছি লোৱা বিষয় দুটা হৈছে– দুগ্ধ উৎপাদনত ম’হখুঁটিসমূহৰ ভূমিকা আৰু ব্যৱসায়ভিত্তিক শহাপহু পালনৰ দ্বাৰা আমাৰ অর্থনৈতিক উন্নতি৷
দেশৰ মুঠ পশুধনৰ ২০.৫ শতাংশ অৰিহণা আগবঢ়াইছে ম’হসমূহে৷ ২০১৯ চনৰ সমীক্ষা মতে, আমাৰ দেশত ম’হৰ সংখ্যা হৈছে ১০৯.৮৫ নিযুত, যিটো আগৰ পশুধনৰ সমীক্ষাৰ (২০১২) ১.১ শতাংশ বৃদ্ধি৷ দেশত মাইকী ম’হৰ সংখ্যা ৮.৬১ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে মতা ম’হৰ সংখ্যা ৪২.৩৫ শতাংশ হ্রাস পাইছে৷ গাখীৰ দিয়া ম’হৰ সংখ্যা যোৱা সমীক্ষাতকৈ (৩৬.৫৭ নিযুত) ০.২ শতাংশ বৃদ্ধি পাই ৩৮.১৬ নিযুত হোৱা দেখা গৈছে আৰু গাখীৰ নিদিয়া ম’হৰ সংখ্যা আগৰ সমীক্ষাৰ (১৪.৪৮ নিযুত) ১০.২ শতাংশ হ্রাস পাই ১৩.০১ নিযুত হৈছে৷ অর্থাৎ গাখীৰ দিয়া ম’হৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে গাখীৰৰ পৰিমাণো ক্রমাগতভাৱে বৃদ্ধি পাইছে৷ আমাৰ দেশৰ প্রায় ৬৩ শতাংশ ম’হ সাধাৰণ শ্রেণীৰ খেতিয়কৰ ঘৰতে উপলব্ধ৷ অসমত পোৱা ম’হৰ বেছিভাগেই ‘স্বোৱাম্প’ প্রজাতিৰ৷ এই প্রজাতিৰ বৈশিষ্ট্য হৈছে যে ইহঁতৰ গাখীৰত স্নেহ পদার্থ Fat molecule)ৰ পৰিমাণ বেছি (গড হিচাপত ৮.৫ শতাংশ), অধিক মিঠা আৰু সেয়েহে বজাৰত ইয়াৰ আদৰো বেছি৷ সহজ ভাষাত এইবিধ গাখীৰক ‘খুঁটিৰ গাখীৰ’ বুলি কোৱা হয়৷ এনে গাখীৰৰ ১৭–১৮ শতাংশ দৈ, ক্রীম, ঘি আদিলৈ ৰূপান্তৰ কৰি বিক্রী কৰা দেখা যায়৷ এনে ধৰণৰ ম’হৰ খুঁটিসমূহ অসমৰ উজনি, নামনি আৰু মধ্য ব্রহ্মপুত্র উপত্যকাত বিদ্যমান৷ বিশেষকৈ, শিৱসাগৰ, ডিব্রুগড, যোৰহাট, কামৰূপ, শোণিতপুৰ, বিশ্বনাথ, দৰং আৰু নগাঁও জিলাত পোৱা যায়৷ মন কৰিবলগীয়া কথা এয়ে যে এনে ধৰণৰ খুঁটিসমূহত অসমীয়া ম’হৰ সংখ্যা (‘স্বোৱাম্প’) ক্রমাগতভাৱে কমি আহিছে৷ পশুধন সমীক্ষাত এই কথা প্রকাশ পাইছে৷ ২০০৩ চনত সংখ্যা আছিল ৬,৭৮,০০০, তাৰ পৰৱর্তী সময়ত ২০০৭ চনত এই সংখ্যা হ’লগৈ ৫,০০,০০০ আৰু ২০১২ চনৰ সমীক্ষাত পুনৰ কমি হ’লগৈ ৪,৩৫,২৬৫টা৷ ই এক চিন্তাৰ বিষয়৷ কাৰণ, ক্রমাগতভাৱে যদি আমাৰ মাজৰ পৰা এনে ধৰণৰ পুষ্টিকৰ গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্রীসমূহ হেৰাই যায়, তেন্তে একেই সামগ্রী আমদানি কৰাৰ নামত বহু পৰিমাণৰ ৰাজহ বহিঃৰাজ্যলৈ ওলাই যাব৷ মোৰ দৃষ্টিত বৈজ্ঞানিক ভিত্তিত থলুৱা ম’হ পালনো হ’ব পাৰে নিবনুৱা যুৱক–যুৱতীৰ বাবে অর্থ উপার্জনৰ উৎস৷
ব্যৱসায়ভিত্তিক শহাপহু পালন অসমৰ দৃশ্যপটত এক নতুন সংযোজন হ’ব পাৰে৷ শহাপহুৰ মাংসক বগা মাংস White meat) বুলি কোৱা হয় আৰু ইয়াত কম পৰিমাণৰ স্নেহ পদার্থ আৰু কলেষ্টেৰল থাকে, যিটো বহুসংখ্যক বেমাৰৰ বাবে উপকাৰী৷ এই বৃত্তিৰ সুবিধাসমূহ হৈছে– ঘৰ বনোৱাটো সহজ, ই খুব কম সময়তে পোৱালি দিয়ে, ইহঁতে ঘাঁহ–বন–পাত খায়, গতিকে খাদ্যৰ খৰচ কম, ইয়াৰ মাংসৰ ঔষধি গুণ আছে আৰু এই মাংস সকলো ধর্মৰ লোকে গ্রহণ কৰিব পাৰে৷ বিশ্বৰ বজাৰত শহাপহুৰ মাংস বছৰি প্রায় ১.১২ নিযুত মেড্রিকটন উৎপাদন হয়৷FAO, ২০০৪ৰ তথ্য মতে, শহাপহুৰ মাংসৰ যোগেৰে বিশ্বৰ বজাৰ দখল কৰি থকা দেশসমূহ হৈছে– চীন (৪,৪০,০০০ মেড্রিকটন), ইটালী (২,২২,০০০ মেড্রিকটন), স্পেইন (১,১৫,০০০ মেড্রিকটন), ফ্রান্স (৮৫,২০০ মেড্রিকটন) আৰু ইজিপ্ত (৬৯,৮৪০ মেড্রিকটন)৷ যদিও চীন দেশত উৎপাদন বেছিকৈ হয়, তথাপি মাংস খোৱাৰ ক্ষেত্রত Meat consumption) ইটালী প্রথম৷ ইটালীত ৫.৮ কিলোগ্রাম মাংস প্রতিজন লোকে বছৰি গ্রহণ কৰে৷ ২০১২ চনৰ সমীক্ষা মতে, ভাৰতত মুঠ শহাপহুৰ সংখ্যা ০.৫৯ নিযুত, আনহাতে ২০০৩ চনৰ (১৭সংখ্যক) সমীক্ষাত এই সংখ্যা আছিল ০.৪০ নিযুত৷ অর্থাৎ গড হিচাপত আমাৰ দেশতো শহাপহুৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে৷ ই শুভ লক্ষণ৷ যদিও বর্তমানৰ তথ্যৰ অভাৱ, তথাপিFAO, ১৯৯৭ চনৰ তথ্য মতে, ভাৰতত শহাপহুৰ মাংস উৎপাদন হয় ৫০০০–১৯০০০ টন/বছৰ আৰু বর্তমানৰ বজাৰত এইবিধ পশুধন প্রতিকিলো ৮০০–১০০০ টকা পর্যন্ত বিক্রী হয়গৈ৷ পালকসকলৰ সুবিধার্থে জনাব বিচাৰোঁ যে এটা মাইকী শহাপহুৱে পোৱালি জন্ম দিয়াৰ যোগেৰে বছৰি প্রায় ৮০ কিলোগ্রাম মাংসৰ উৎপাদন কৰিব পাৰে, অর্থাৎ ইয়াৰ নিজৰ জীৱিত ওজনৰ Live weight) ২৯০০–৩০০০ শতাংশ৷ বজাৰত উপলব্ধ ব্রইলাৰ শহাপহু Broiler Rabbit) দেশৰ যিকোনো অঞ্চলতে পোহপাল দিব পাৰি আৰু বাকচ প্রণালী Cage system)ৰ দ্বাৰা সহজতেই ব্যৱসায় আৰম্ভ কৰিব পৰাৰ থল আছে৷ সাধাৰণতে ব্রইলাৰ শহাপহুক ৮–১০ সপ্তাহ পালন কৰি মাংসৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ বৈজ্ঞানিকভাৱে এই সময়ছোৱাৰ ভিতৰত ইয়াৰ ওজন ২.০ কিলোগ্রাম হ’ব লাগে৷ আমাৰ দেশৰ কেৰালাত সর্বাধিক শহাপহু পোৱা যায় (১,৪৮,২৩৩)৷ ইয়াৰ পিছতে নাগালেণ্ড (৩৮,৪০৮), বিহাৰ (২৯,৩৮০), ৰাজস্থান (২২,৯২৯) আৰু উত্তৰ প্রদেশ (২২,১৯১)৷ মাংসৰ উপৰি গাৰ নোমৰো বজাৰ মূল্য যথেষ্ট৷ মেঘালয়ৰ বৰাপানীস্থিত কেন্দ্রীয় শহাপহু গৱেষণা কেন্দ্রই সময়ে সময়ে কিছুমান প্রশিক্ষণ আগবঢ়াই আহিছে৷ যিসকল উদ্যমী যুৱক–যুৱতীয়ে ব্যৱসায়ভিত্তিক শহাপহু পালন কৰাৰ মানস কৰে, তেওঁলোকে নিজাববীয়াকৈ এই অনুষ্ঠানৰ লগত যোগাযোগ কৰি আগবাঢ়িব পাৰে৷ মোৰ দৃষ্টিত ই এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হ’ব পাৰে৷
‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিক’ৰ শেহতীয়া তথ্যত প্রকাশ পোৱা মতে, যোৱা ডিচেম্বৰ মাহত ভাৰতত নিবনুৱাৰ সংখ্যা ৩.৮৭ কোটিলৈ বৃদ্ধি পালে৷ নৱেম্বৰ মাহত এই সংখ্যা আছিল ২.৭৪ কোটি৷ অর্থাৎ ১ মাহৰ ভিতৰত দেশত বৃদ্ধি হোৱা নিবনুৱাৰ সংখ্যা হৈছেগৈ ১.১৩ কোটি৷ নিবনুৱাৰ সমানুপাতিকভাৱে সময়ে সময়ে দেশত অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি হোৱাটো দেশৰ অর্থনীতিৰ বাবে অশুভ ইংগিত৷ চৰকাৰখনো এইক্ষেত্রত নিৰুপায়, সেয়েহে চাকৰিপ্রার্থী হোৱাতকৈ নিজাববীয়াকৈ যাতে সৰু সৰু কিছুমান ব্যৱসায় গঢ় দিব পাৰে, তাৰ প্রতি যুৱপ্রজন্মক আগ্রহী কৰি তোলাৰ বাবে প্রচেষ্টা চলোৱা দেখা গৈছে৷
মোৰ এনে সৰু সৰু ধাৰাবাহিক লেখাৰ দ্বাৰা যদি অতিকমেও চাৰিগৰাকী যুৱক–যুৱতীক নিজাববীয়াকৈ কর্মসংস্থাপনৰ ব্যৱস্থা কৰাত সহায় কৰিব পাৰোঁ, তেন্তে মোৰ আশা আৰু কষ্টই সফল ৰূপ পাব (পাওক) বুলি মোৰ বিশ্বাস৷