আৱহমান সময়ো মাজে–সময়ে স্থবিৰ হৈ পৰে৷ আমাৰ জীৱনকালত এতিয়ালৈকৈ মুঠ তিনিবাৰ সময়ৰ স্থবিৰতাৰ সৈতে মুখামুখি হ’বলগীয়া হ’লোঁ৷
সেয়া আছিল ১৯৭১ চনৰ নৱেম্বৰ–ডিচেম্বৰ মাহ৷ শ্বিলং চহৰ৷ আমি ষষ্ঠ শ্রেণীৰ ছাত্রী৷ বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ উক্মুকনিৰ সময়৷ যুদ্ধ প্রায় সমাগত৷ ভাৰতৰ প্রতিৰক্ষা বিভাগ সম্পূর্ণ সষ্টম৷ পৰিস্থিতিৰ গভীৰতাৰ উমান পাই সেই সময়ৰ বছৰেকীয়া পৰীক্ষাবোৰ নিধার্ৰিত সময়তকৈ দুসপ্তাহমান আগতীয়াকৈ অনুষ্ঠিত কৰা হ’ল৷ আমাৰো এম ই বৃত্তি পৰীক্ষা শেষ হ’ল৷ লাহে লাহে যুদ্ধ আৰম্ভ হ’লেই৷ শ্বিলং চহৰৰ কাষৰে ‘বালাট’ নামে সৰু ঠাইখনত ভাৰত পূব–পাকিস্তানৰ সীমান্ত মুকলি কৰি অজস্র ভগনীয়াৰ বাবে ৰিফিউজী কেম্প বহুওৱা হ’ল৷ ভাৰত চৰকাৰে এই ভগনীয়াবোৰৰ থকা–খোৱাৰ সম্পূর্ণ ব্যৱস্থা কৰিলে৷ সকলোবোৰ স্কুলৰে পৰীক্ষা শেষ হোৱা হেতুকে, জাৰৰ বন্ধ আৰম্ভ হ’ল যদিও সমগ্র শ্বিলং চহৰৰ পৰিৱেশ আতংকময় হৈ পৰিল৷ সকলো চৰকাৰী কর্মচাৰীয়েই গধূলি পাঁচ বজাৰ আগতেই বজাৰ–সমাৰ কৰি ঘৰ সোমোৱা হ’ল৷ আমাৰ ঘৰত ৰাতি চাৰে আঠ বজাৰ পৰা ৯ বজাৰ ভিতৰত দেউতাই ৰেডি’যোগে দিল্লী বা পাকিস্তানৰ বাতৰি নিয়মিতভাৱে শুনিবলৈ ধৰিলে৷ ইংৰাজী আৰু হিন্দী বাতৰিবোৰৰ কিছুমান কথা বুজি নাপালেও পিছত দেউতাই বুজাই দিয়ে৷ মাজে মাজে প্রধানমন্ত্রী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ সামৰিকপ্রধানে সেনাবাহিনীক উদ্দেশ্যি দিয়া ভাষণো শুনিবলৈ পোৱা গৈছিল৷ আনহাতে, শ্বিলং চহৰত বোমাবর্ষণ হোৱাৰো আশংকা কৰা হৈছিল৷ কাৰণ, যুদ্ধক্ষেত্র শ্বিলঙৰ পৰা বেছি দূৰৈত নহয়৷
সেয়েহে, প্রতিটো চুবুৰিৰে ডেকা ল’ৰাবিলাকক চোৱা–চিতা কৰিবলৈ দিয়া হৈছিল – যাতে কোনো বাসগৃহৰ পৰাই বিজুলীবাতিৰ পোহৰ বাহিৰলৈ ওলাব নোৱাৰে৷ আমি আৰু আমাৰ ওচৰ–চুবুৰীয়া সকলোৱে ভেণ্টিলেটৰ, খিৰিকী–দুৱাৰ ইত্যাদিৰ কাঁচত কাগজ এঠা লগাই দিলে, যাতে ৰাতি বিজুলীবাতি জ্বলালেও পোহৰ বাহিৰৰ পৰা দেখা নাযায়৷ কাৰণ, যিকোনো এলেকাত পোহৰ দেখিলেই শত্রুপক্ষই বিমানৰ পৰা বোমা পেলাবলৈ সুবিধা হ’ব৷ নিশা আৱাসিক এলেকাত বোমা পেলাব পাৰিলেই প্রচুৰ ধন–জনৰ হানি হ’ব৷ এইবোৰ আলোচনা আমি ডাঙৰৰ মুখত প্রায়ে শুনিছিলোঁ৷ ক্রমান্বয়ে আতংকৰ মাত্রা বাঢ়ি আহিছিল৷ প্রায়বোৰ অসমীয়া পৰিয়ালৰে ভৈয়ামত নিজৰ বুলিবলৈ নিৰাপদ ঘৰ এখন আছিল যদিও প্রায়বোৰ ঘৰৰে গৃহস্থ চাকৰিয়াল হেতুকে তেনে অৱস্থাত গৃহস্থক এৰি আন আন বছৰৰ দৰে জাৰৰ বন্ধত শ্বিলং এৰাৰ কথা ভাবিবই পৰা নাছিল৷ অৱশ্যে, এনে ‘আবদ্ধ সময়’ৰ আয়ুস আছিল প্রায় পোন্ধৰ দিন৷ ইতিমধ্যে, পাকিস্তানৰ সেনাপ্রধানে বৈশ্যতা স্বীকাৰ কৰাত বাংলাদেশ গঠন হোৱাৰ লগতে শ্বিলঙৰো ‘আবদ্ধ সময়’ আৰু আতংকিত পৰিৱেশৰ অৱসান ঘটিল৷ এতিয়াও আমাৰ স্মৃতিত বাংলাদেশৰ যুদ্ধৰ সময়ৰ আতংক সজীৱ হৈয়ে আছে৷
ইয়াৰ পিছত ‘স্থবিৰ সময়’ৰ মুখামুখি হ’লোঁ – ১৯৭৯–৮০ চনত৷ তেতিয়া আমি কটন কলেজৰ স্নাতক দ্বিতীয় বার্ষিকৰ ছাত্রী৷ ১৯৮০ চনৰ এপ্রিল মাহৰ মাজমানৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষা আৰম্ভ হোৱাৰ কথা৷ কিন্তু ১৯৭৯ চনৰ ডিচেম্বৰৰ পৰাই সমগ্র ৰাজ্যতে পৰিৱেশ, পৰিস্থিতি উত্তপ্ত হৈ পৰিল৷ আমাৰ দৰে প্রায়ে সকলোবোৰ ছাত্র–ছাত্রীয়েই কিতাপ–পত্র টোপোলা বান্ধি থৈ আন্দোলনত জঁপিয়াই পৰিলোঁ৷ আন্দোলনৰ নেতৃবৃন্দই আহ্বান দিয়া প্রতিটো কার্যসূচীতে যোগদান কৰিলোঁ৷ যেনে– কার্ফিউ ভংগ কৰি ৰাজপথলৈ ওলাই যোৱা, কামৰূপ জিলাৰ উপায়ুক্ত কার্যালয়ত গণ অনশনত অংশগ্রহণ, জজ্ ফিল্ডৰ গণ সমাৱেশত যোগদান, বিভিন্ন সভা–সমিতিত উপস্থিত থাকি নেতৃবৃন্দৰ ভাষণ মনোযোগেৰে শুনা, ৰাতি জোঁৰ লৈ ৰাজপথত প্রতিবাদ কৰা ইত্যাদি৷ সেই সময়ত নিজকে আন্দোলনৰ নিচাই ধৰা দেশপ্রেমিক যেন লাগিছিল৷ আমাৰ অভিভাৱকৰ দৰে অসংখ্য চাকৰিয়াল মধ্যবিত্ত অভিভাৱকৰ বাবে সময় স্থবিৰ হৈ পৰিছিল – সন্তানৰ শিক্ষাবর্ষৰ ক্ষতিৰ লগতে অনিশ্চিত ভৱিষ্যতৰ চিন্তাত৷ চৰকাৰৰ তৰফৰ পৰা কোনো জাননী নোহোৱাকৈয়ে সকলোবোৰ শিক্ষানুষ্ঠান নিজে নিজেই বন্ধ হৈ পৰিছিল৷ সেই বয়সত পৰীক্ষাত ফেইল নকৰাকৈয়ে এটা শিক্ষা বছৰৰ ক্ষতিয়ে অসংখ্য মেধাৱী অসমীয়া ছাত্র–ছাত্রীৰ পিছৰছোৱা শিক্ষা জীৱন আৰু চাকৰি জীৱনত কি যে নেতিবাচক প্রভাৱ পেলাইছিল – পিছতহে গম পোৱা গ’ল৷ নেপথ্যত থাকি কলেজ–বিশ্ববিদ্যালয়্ ভালেমান শিক্ষকেই আন্দোলনৰ নেতৃবৃন্দৰ পৰামর্শদাতা আছিল৷ সেয়েহে পিছলৈ এখেতসকলৰে ভালেমানে পুৰস্কাৰ হিচাপে এম এল এ, মন্ত্রী, সাংসদ হোৱাৰো সুবিধা লাভ কৰিছিল৷ বাকী সাধাৰণ ছাত্রৰ শিক্ষাবর্ষৰ ক্ষতিৰ কথা ভাবিবলৈ কাৰো অৱকাশেই নাছিল৷ ১৯৮০ চনৰ মার্চ মাহমানৰ পৰা মেলে–মিটিঙে আন্দোলনকাৰী নেতাসকলে বত্তৃণতা দিওঁতে কিছু দুখ প্রকাশ কৰা যেন দেখুৱাই এটা শিক্ষাবর্ষ ক্ষতি হোৱাৰ সম্ভাৱনা প্রকট কৰিছিল৷ কাৰণ, সেই সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্রায়বোৰ পৰীক্ষাই মার্চ–এপ্রিল মাহতেই শেষ হৈছিল৷ পিছত আন্দোলনকাৰী অসমীয়া ৰাইজে নিশ্চয় বুজি পালে যে নেতৃবৃন্দৰ শিক্ষাগত অর্হতা বুলিবলৈ একোৱেই নাছিল৷ বেছিভাগ নেতাই আছিল চুঁচৰি–বাগৰি পাছ কৰাবিধৰ৷ অৱশ্যে আঢ়্যৱন্ত কিছু সচেতন অভিভাৱকে অসমৰ বাহিৰৰ কলেজ বা বিশ্ববিদ্যালয়ত সন্তানক পঢ়ুওৱাৰ ব্যৱস্থা কৰিলে৷ ১৯৭৯–৮০ চনৰ ‘স্বসৃষ্ট স্থবিৰ সময়ে’, গৰিষ্ঠসংখ্যক অসমীয়া ছাত্রৰ শিক্ষা আৰু চাকৰি জীৱনত বাৰুকৈয়ে নেতিবাচক প্রভাৱ পেলালে৷
এতিয়া তৃতীয়বাৰৰ বাবে মুখামুখি হ’লোঁ – স্থবিৰ সময়ৰ৷ আমাৰ চাকৰি জীৱনো শেষ হওঁ হওঁ৷ কাৰণ যিয়েই নহওক, এইবাৰ কিন্তু সকলোৱেই ছাত্রসকলৰ বাবে অত্যন্ত সজাগ৷ কাৰণ, ১৯৭৯–৮০ চনৰ ‘আবদ্ধ সময়’ৰ অভিজ্ঞতাপুষ্ট ভালেমানেই এতিয়া শিক্ষা জগতৰ সৈতে জড়িত৷ সেয়েহে, শিক্ষক সমাজৰ সকলোৰেই চিন্তা – যাতে ছাত্রৰ শিক্ষাবর্ষৰ ক্ষতি নহয়৷ গতিকে, অনলাইন শ্রেণীৰ ব্যৱস্থাৰে ছাত্র–শিক্ষকৰ সংযোগ অব্যাহত আছে৷ আমি নিজেও অনলাইন ব্যৱস্থাযোগে পাঠদান কৰিবলৈ শিকিলোঁ৷ সেয়েহে, ছাত্র সমাজে এই সুযোগ পূৰামাত্রাই গ্রহণ কৰা উচিত বুলি ব্যক্তিগতভাৱে আমি অনুভৱ কৰোঁ৷ যদিও শ্রেণীকক্ষত পাঠদান কৰিলে আন কিছুমান সুবিধাজনক স্থিতিও আছে, তথাপি আপাতকালীনভাৱে ছাত্রসকলে অনলাইন শ্রেণীসমূহৰ সম্পূর্ণ সুবিধা গ্রহণ কৰি আগন্তুক পৰীক্ষাৰ বাবে সাজু হোৱাটোৱেই– শিক্ষক হিচাপে আমাৰ একান্ত কাম্য৷