নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ পুনৰ উদয়

সমগ্র ভাৰতবাসী ৭৫সংখ্যক স্বাধীনতা দিৱস উদ্যাপনত ব্যস্ত হৈ থকা দিনটোত কাবুলত হাজাৰ হাজাৰ মহিলা উচুপি উঠিছিল পৰাধীনতাৰ ভয়াৱহ ভৱিষ্যতৰ দিনৰ কথা ভাবি৷ তেতিয়াও অৱশ্যে কাবুলৰ অভ্যন্তৰত তালিবান সন্ত্রাসবাদীৰ অনুপ্রৱেশ ঘটা নাছিল৷ ৰাজধানী চহৰখনক চাৰিওফালৰ পৰা ঘেৰি ৰাখিছিল৷ কিন্তু কাবুলৰ পতন নিশ্চিত হৈ পৰিছিল৷ কাবুলৰ পতন মানে আফগানিস্তানৰ পতন৷ আফগানিস্তানৰ পতন মানেই মধ্য যুগৰ সেই বর্বৰ আৰু অন্ধকাৰ দিনবোৰলৈ ৰাষ্ট্রখন উভতি যোৱা য’ত জীৱন আৰু অধিকাৰ উপহাস মাথোঁ৷ বিশেষকৈ নাৰীৰ বাবে৷ সেয়ে ১৫ আগষ্টৰ দিনটোত কাবুলৰ নাৰীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিছিল৷ অনেকেই কৈছিল, আমি ভিডি’ প্রস্তুত কৰি কান্দিবহে পাৰোঁ৷ আমাৰ কথা কোনেও চিন্তা নকৰে৷ আমাক লৈ কোনেও নাভাবে৷ কিন্তু কিয় এনে হ’ল? ইয়াৰ বাবে দায়ী কোন?
বিশ্ব বাণিজ্য সংস্থাৰ যমজ টাৱাৰত আক্রমণ কৰাৰ আগলৈকে তালিবানক লৈ যুক্তৰাষ্ট্রৰ কোনো সমস্যা বা মূৰৰ বিষ নাছিল৷ আচলতে তালিবান নামৰ অপশক্তিটো আমেৰিকাৰে সৃষ্টি৷ তদানীন্তন ছোভিয়েট ৰাছিয়াক আফগানিস্তানৰ পৰা খেদাৰ উদ্দেশ্যে আমেৰিকাই পাকিস্তানৰ জৰিয়তে গঠন কৰা মুজাহিদীনসকলে মিলি তালিবান গঠন কৰিছিল৷ এদিন চৰকাৰো গঠন কৰিছিল৷ অৱশ্যে আমেৰিকাই তালিবানৰ চৰকাৰখনক স্বীকৃতি দিয়া নাছিল৷ আচলতে বিশ্বৰ তিনিখন ৰাষ্ট্রৰ বাহিৰে আন কোনোৱে তালিবান চৰকাৰক স্বীকৃতি দিয়া নাছিল৷ স্বীকৃতি আহিছিল মূলতঃ পাকিস্তান৷ অৱশ্যে এইক্ষেত্রত পাকিস্তানৰ সমস্যা এটাই কাম কৰিছিল৷ বিশ্বৰ আন ৰাষ্ট্রই বৈদেশিক নীতি নির্ধাৰণ কৰে নিজৰ হিতৰ প্রতি লক্ষ্য ৰাখি৷ পাকিস্তানৰ বৈদেশিক নীতি নির্ধাৰণ হয় ভাৰতৰ স্থিতিলৈ লক্ষ্য কৰি৷ ৰাষ্ট্রখনৰ কামেই হৈছে ভাৰতবিৰোধী অৱস্থানত থকা৷ সেয়ে আজিলৈকে আফগানিস্তানৰ কোনো এখন ৰাষ্ট্রীয়তাবাদী চৰকাৰৰ সৈতে পাকিস্তানৰ সু–সম্পর্ক গঢ়ি নুঠিল৷ তালিবানী শাসনৰ পতনৰ পাছত যিকেইখন চৰকাৰ আফগানিস্তানৰ শাসনত অধিষ্ঠিত হ’ল, কোনো এখন চৰকাৰৰ সৈতে পাকিস্তানৰ সম্পর্ক মধুৰ নহ’ল৷ বৰং পৰৱর্তী পর্যায়ত আফগানিস্তানৰ পৰা খেদা খাই পাহাৰৰ গুহা, অৰণ্য আদিত আত্মগোপন কৰা তালিবানসকলক অস্ত্র–শস্ত্রসহ বিভিন্ন ধৰণৰ সা–সুবিধা দি সহায় কৰিলে৷ তালিবানৰ অৱস্থা ইমানেই সুবিধাজনক হৈ পৰিল যে আমেৰিকাই সৈন্য অপসাৰণ প্রক্রিয়া সম্পূর্ণ নকৰোঁতেই সন্ত্রাসবাদীসকলে আফগানিস্তান দখল অভিযান আৰম্ভ কৰি দিলে৷ অর্থাৎ তালিবানে আফগানিস্তান দখল কৰাত পাকিস্তানৰ সহযোগিতা সবাতকৈ অধিক৷ সন্ত্রাসবাদীৰ মিত্রৰাষ্ট্রখনে আনকি আফগান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানৰ পৰা ১০ হাজাৰ সন্ত্রাসবাদীও প্রেৰণ কৰে৷ তদুপৰি পাকিস্তানী সেনাও যুদ্ধত চামিল হোৱা বুলি আফগানিস্তানৰ পৰা পলায়নৰ কেইদিনমান পূর্বে দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে অভিযোগ কৰিছিল৷ অৱশ্যে এইক্ষেত্রত সন্মুখত আছিল, চীন আছিল পর্দাৰ আঁৰত৷ কিন্তু পাকিস্তান আৰু চীনক জগৰীয়া কৰিলেই সকলো শেষ নহয়৷ আফগানিস্তানক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়া মূল শক্তিটো হৈছে আমেৰিকা৷ বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্রখনে নিজৰ স্বার্থত অকল আফগানিস্তানেই নহয়, এছিয়াৰ এটা বৃহৎ অংশক অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিলে৷ আমেৰিকাই আফগানিস্তানত এটা সুস্থ পৰিৱেশ গঢ় দি দেশখনৰ পৰা সেন্য অপসাৰণ কৰিব পাৰিলেহেঁতেন৷ দেশখনৰ চোৰাংচোৱা সংস্থা, আফগানিস্তানত থকা চোৰাংচোৱা, সেনা আদিয়ে তালিবানৰ ক্রমশঃ বৃদ্ধি পাই থকা শক্তি সন্দর্ভত অজ্ঞ নাছিল৷ তদুপৰি আমেৰিকাৰ সৈন্য অপসাৰণৰ লগে লগে তালিবানে নিজৰ শক্তি আৰু প্রভুত্ব বৃদ্ধি কৰিবলৈ চেষ্টা চলাব, সেইটোও অৱধাৰিত আছিল৷ তৎসত্ত্বেও আমেৰিকাই আলোচনাৰ নামত নাটক ৰচনা কৰি আফগানিস্তানৰ পৰা যেনে–তেনে আঁতৰি যোৱাটোতহে গুৰুত্ব দিলে৷ এইটো আমেৰিকাই কেইবছৰমান পূর্বেও কৰিব পাৰিলেহেঁতেন৷ তেতিয়া আফগানিস্তানত তালিবানৰ শক্তি তেনেই সামান্য আছিল৷ সেই সময়ত তালিবানক আলোচনাৰ মেজলৈ আনিলে আজিৰ দৰে দুর্দশা নহ’লহেঁতেন৷ সঁচা কথা ক’বলৈ হ’লে, আজি আফগানিস্তানৰ ভাগ্যৰ চকৰিটো যিটো দিশত গতি কৰিলে, তাৰ মূলতে আমেৰিকা যুক্তৰাষ্ট্র৷ লগতে দায়ী পাকিস্তান৷ এই মুহূর্তত কঠিন বাস্তৱটো হ’ল, আফগানিস্তানৰ সিংহভাগ অঞ্চলৰ নিয়ন্ত্রণ তালিবানৰ হাতত৷
আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানৰ হাতলৈ যাব, কথাটোত বিশ্বৰ বহু দেশ নিশ্চিত আছিল৷ মাথোঁ সময়ৰ হিচাপটোহে নিমিলিল৷ বেছিভাগ দেশে ভাবিছিল, তালিবানে আফগানিস্তানৰ নিয়ন্ত্রণ নিজৰ হাতলৈ অনাত ছমাহমান লাগিব৷ তেতিয়ালৈকে ক্ষমতা হস্তান্তৰৰ কিবা এটা পথ উলিয়াব পৰা যাব৷ কিন্তু ভবাতকৈ বহু বেছি পূর্বে তালিবানে আফগানিস্তানত নিজৰ নিয়ন্ত্রণ প্রতিষ্ঠা কৰি এনে এটা অৱস্থাৰ সৃষ্টি কৰিলে যে দেশখনত অন্তর্ৱর্তীকালীন চৰকাৰৰ পৰিকল্পনা কৰি থকা বহু বিদেশী ৰাষ্ট্রৰ মুৰব্বী হতবাক হোৱাৰ বাহিৰে আনপথ খোলা নাথাকিল৷ তালিবানে এইক্ষেত্রত অধিক দক্ষতা আৰু পৰিপক্বতাৰ পৰিচয় দিলে৷ লগতে এটাও গুলী নচলোৱাকৈ কাবুল দখল কৰি বিশ্ববাসীক বুজাই দিবলৈ চেষ্টা কৰিলে যে তেওঁলোক আগৰ তালিবান নহয়৷ ৰক্তপাত নঘটোৱাকৈ ৰাজধানী কাবুল দখল কৰি তালিবানে তেওঁলোকৰ নেতৃত্বত গঠন হ’বলগীয়া চৰকাৰখনে যাতে বিশ্বৰ সমর্থন পায়, সেইটো নিশ্চিত কৰিব বিচাৰিলে৷ কিয়নো বন্দুকৰ নলীৰ সন্মুখত ক্ষমতা দখল কৰিলে, চৰকাৰখনক স্বীকৃতি দিয়া নহ’ব বুলি ভাৰতকে ধৰি বিশ্বৰ বহু দেশে ঘোষণা কৰি থৈছে৷ অনেকে কৈছে, এইবাৰৰ তালিবান ১৯৯৬ চনৰ তালিবান নহয়৷ বহু বছৰ গুহা, অৰণ্যত থাকি ক্ষমতালৈ অহা তালিবান সলনি হৈছে বা হ’বলৈ বাধ্য৷ অর্থাৎ একাংশৰ মনত ইতিমধ্যে উদাৰ তালিবানৰ ছবি এখন অংকিত হৈছেই৷ কিন্তু মোৰ মনে নকয়, তালিবান কেতিয়াবা সলনি হ’ব৷ অৱশ্যে যুগৰ সৈতে খাপ খুৱাই তালিবানৰ নেতৃত্বৰ কূটনৈতিক দক্ষতা অলপ বৃদ্ধি পাইছে৷ বিশ্বৰ আন আন নেতাৰ সৈতে, সংবাদ মাধ্যমৰ সৈতে কিদৰে কথা পাতিব লাগে, সেই শিষ্টাচাৰ তেওঁলোকৰ মাজত দেখা গৈছে৷ সামাজিক মাধ্যমৰ জৰিয়তে প্রপাগণ্ডাও কৰিবলৈ শিকিছে৷ কিন্তু ইছলামিক শাসনৰ যিটো আদর্শ অথবা ধাৰণা তেওঁলোকে নিজৰ মাজত কঢ়িয়াই ফুৰিছে, তাৰ পৰা এখোজো পিছুৱাই নাহে৷ দেশখনত মহিলাই অধিকাৰ হেৰুৱাব৷ পুৰুষে দাড়ি ৰাখিবই লাগিব৷ শ্বৰিয়ত শাসন অনুসৰি সকলো চলিব, যিটো পূর্বৰ শাসনকালত চলিছিল৷ বর্বৰ তালিবান বর্বৰ হৈয়েই থাকিব৷ তালিবানৰ সৈতে বিশ্বৰ বহু দেশ আলোচনা কৰিবলৈ গৈছিল মাথোঁ এটা আশা লৈ যাতে ক্ষমতালৈ আহিলে তেওঁলোকে আফগানিস্তানৰ ভূমি আন দেশৰ সন্ত্রাসবাদীক ব্যৱহাৰ কৰিবলৈ নিদিয়ে৷ তালিকাখনত ৰাছিয়া, উজবেকিস্তান, তাজিকিস্তান, চীন, পাকিস্তান, ইৰান সকলো আছে৷ তালিবানে সকলোকে আশ্বাস দিছে, আফগানিস্তানৰ ভূমি আন দেশৰ সন্ত্রাসবাদীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব৷ কিন্তু হাস্যকৰ কথাটো হ’ল, তালিবানে সন্ত্রাসবাদীক নিয়ন্ত্রণ কৰিব, সেইটোও বিশ্বাসযোগ্যনে? বর্তমান তালিবানৰ সৈতে এই অঞ্চলটোৰ কেইবাটাও সন্ত্রাসবাদী সংগঠনে কান্ধত কান্ধ মিলাই আফগান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছে৷ তাত ভাৰতবিৰোধী লস্কৰ–ই–তৈবাৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠনো আছে৷ সন্ত্রাসবাদী সংগঠনসমূহে আফগানিস্তানক সন্ত্রাসবাদৰ স্বর্গভূমিত পৰিণত কৰিব৷ পৃথিৱীৰ এই অঞ্চলটোত ইছলামিক সন্ত্রাসবাদে নতুন ৰূপ পৰিগ্রহ কৰিব৷ তালিবানৰ আগমনে ইছলামিক সন্ত্রাসবাদক নতুনকৈ শক্তি দিয়াটো নিশ্চিতপ্রায়৷ অথচ ইয়াকে নিঃশেষ কৰিবলৈ কুৰি বছৰ পূর্বে আফগানিস্তানলৈ আমেৰিকা আহিছিল৷ বিশ বছৰ ধৰি যুদ্ধ হ’ল৷ কিন্তু লাভৰ ঘৰত সকলো শূন্য৷ আফগানিস্তানৰ বর্বৰ শক্তি এটাৰ হাতলৈ গ’ল৷ এছিয়াৰ বৃহৎ অংশ এটাৰ ওপৰত নতুনকৈ ইছলামিক সন্ত্রাসবাদৰ শংকা বাঢ়িল৷ আইছিছ, আল–কায়দাৰ শক্তি হ্রাস পোৱাত দেশে দেশে বিয়পি পৰা ইছলামিক সন্ত্রাসবাদ, জেহাদৰ বিষবাষ্পৰ আবেদন, গাঢ়তা যথেষ্ট পৰিমাণে হ্রাস পাইছিল৷ তাৰ পুনৰুত্থান ঘটিব পাৰে৷ মুঠতে অনিশ্চয়তাৰ দিনবোৰ আকৌ উভতি আহিব৷

You might also like