পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখনঃ য’ত থাকিব পাৰে মাত্ৰ ২জন লোক
নিয়মীয়া বার্তা, ১২ মাৰ্চঃ আপুনি হয়তো অধিক বিলাসবহুল আৰু ব্যয়বহুল হোটেলৰ কথা শুনিছে আৰু হয়তো দেখিছে বা আপুনি তাত আছেও, কিন্তু আপুনি পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখনৰ বিষয়ে জানেনে?
আপুনি জানি আচৰিত হ’ব যে পৃথিৱীৰ এই আটাইতকৈ সৰু হোটেলখন কোনো অট্টালিকাত নাই, আছে এখন গাড়ীত। হোটেলখন দক্ষিণ-পশ্চিম এছিয়াৰ আকাবা উপসাগৰৰ দক্ষিণে জৰ্ডানত অৱস্থিত।
এই হোটেলখনৰ মালিকৰ নাম হৈছে মহম্মদ আল-মালাহম, যি জৰ্ডানৰ বাসিন্দা। তেওঁ দাবী কৰে যে তেওঁৰ ভিন্টেজ ভক্সৱাগন বিটল হোটেল হৈছে পৃথিৱীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ অতুলনীয়।
উল্লেখ্য যে এই সৰু হোটেলখন ২০১১ চনত আৰম্ভ কৰা হৈছিল।
ইয়াৰ মালিক মহম্মদ আল-মালাহমে কয় যে তেওঁৰ হোটেলখন ডাঙৰ শিলৰ মাজত থিয় হৈ আছে। সেইবাবে ইয়ালৈ অহা লোকসকলে আশ্চৰ্যকৰ দৃশ্য উপভোগ কৰিব পাৰে।
অৱশ্যে, এই হোটেলখনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যে এবাৰত কেৱল দুজন মানুহহে ইয়াত থাকিব পাৰে। যাৰবাবে এই হোটেলখন প্ৰেমিক বা দম্পতিসকলৰ বাবেহে ভাল বুলি বিবেচিত হৈ আহিছে। বিজনেছ ইনচাইডৰৰ এক প্ৰতিবেদন অনুসৰি, ইয়াত থকা অতিথিসকলে দিনে প্ৰায় ৫৬ ডলাৰ অৰ্থাৎ দিনে প্ৰায় চাৰি হাজাৰ টকা পৰিশোধ কৰিব লাগে।
কিন্তু যেতিয়াই আপুনি বিচাৰে তেতিয়াই এই ‘মিনি হোটেল’ত থাকিব পাৰিব তেনে নহয়, কিয়নো এই বিশেষ হোটেলখনত থাকিবলৈ মানুহে বহু সময় অপেক্ষা কৰিবলগীয়া হয়। ইয়াত থাকিবলৈ হ’লে আগতীয়াকৈ বুকিং কৰিব লাগে।
এই ভিনটেজ ভক্সৱাগন বিটল হোটেলখন হস্তনিৰ্মিত এমব্ৰইডেৰী শ্বীট আৰু গাৰুৰে সজোৱা হৈছে। তাৰোপৰি এই হোটেলখনত থকা লোকসকলক ওচৰৰ গুহাত আল-মালাইম স্থানীয় পনীয় আৰু জলপান পৰিৱেশন কৰা হয়।
এই ‘মিনি হোটেল’খনৰ মালিক মহম্মদ আল-মালাহম এতিয়া জৰ্ডানত অতি বিখ্যাত হৈ পৰিছে। তেওঁ এক সাক্ষাৎকাৰৰ সময়ত কৈছিল যে তেওঁ সদায় এনে এক পৰ্যটন প্ৰকল্পত কাম কৰিব বিচাৰিছিল, যিয়ে নিম্নতম স্থান ব্যৱহাৰ কৰে আৰু প্ৰকল্প পৰ্যটনৰ ক্ষেত্ৰত নিজৰ চিহ্ন এৰি যাব পাৰে।