নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেখে নেকি আপুনি এইকেইটা সপোন… সলনি হ’ব পাৰে আপোনাৰ ভাগ্য

নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ   সপোন সকলোৱে দেখে। টোপনি যোৱা পিছত আমি সকলোৱে টোপনি জগতত খোজ পেলাও। সপোনাৰ জগত খনত আত্মবিভোৰ হৈ পৰো। আমি দেখা সপোনৰ মূল্য বহুত আছে। প্ৰবাদ আছে যে সপোনত যি দেখা যায় আমাৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধ থাকে। সপোন দেখাৰ যদি অৰ্থ জানিব বিচাৰিলে আমাক সপোনৰ শাস্ত্ৰই সহায় কৰে। এই শাস্ত্ৰই উল্লেখ আছে যে সপোনাৰ অৰ্থ কি আৰু আমাৰ অনাগত দিনত কিদৰে সহায় কৰিব। কোৱা হয় যে এনে কিছুমান সপোনও আছে  যিয়ে আমাৰ ভাগ্য সলনি কৰি দিব পাৰে। জানকচোন ভাগ্য সলনি কৰা সপোন কেইটাঃ

নিজকে আকাশত উৰি থকাঃ সপোনত যদি নিজকে আকাশত উৰি থকা দেখা পাই তেতিয়া শুভ বুলি কোৱা হয়। কোৱা হয় সেই লোকজনৰ ভাগ্য সলনি হৈ যায়। যিদৰে ব্যক্তিজন আকাশত উৰে ঠিক সেইদৰে নিজৰ জীৱনটো উন্নতিৰ শিখৰলৈ লৈ যায়। উল্লেখ আছে যে এনেবোৰ সপোনৰ বিষয়ে কাৰো লগত আলোচনা কৰিব নালাগে।

ময়ূৰ চৰাইয়ে নাচি থকাঃ যদি আপোনাৰ সপোনত ময়ূৰে নাচি থকা দেখা পাই তেতিয়া বহু শুভ । এই সপোনে ভাগ্যৰ দুৱাৰ খুলি দিয়ে লোকজনৰ।

গছত পানী দিয়াঃ সপোন শাস্ত্ৰৰ মতে যদি আপুনি গছত পানী দিয়া আৰু লাহে লাহে বাঢ়ি যোৱা সপোন দেখে তেতিয়াও ইয়াক শুভ বুলি ক’ব পাৰি। কিয়নো যিদৰে গছডাল লাহে লাহে বাঢ়ি যায় ঠিকে সেই দৰে সপোন দেখা লোকজনৰো ভাগ্য লাহে লাহে উদয় হয়।

ডাঙৰ গছৰ তলত বহাঃ যদি সপোনত ডাঙৰ গছৰ তলত বহা অথবা জিৰণি লোৱা দেখা পায় তেতিয়া শুভ বুলি ধৰা হয়। প্ৰবাদ মতে এই সপোনটো দেখা লোকৰ জীৱনত উন্নতিৰ যোগ বুলি ধৰা হয়। এই সপোন দেখা লোকৰ সামাজিক জীৱনত বহু সন্মান লাভ কৰে বুলি ধৰা হয়।

You might also like