টাইম বেংক এটা সুন্দৰ বিনিময় ব্যৱস্থা
ড০ নীলিমা দত্ত
‘টাইম বেংক’ ব্যৱস্থাটোৱে এতিয়ালৈ সমাজত জনপ্রিয়তা লাভ কৰিব পৰা নাই৷ আচলতে ঊনৈছ শতিকাৰ আৰম্ভণীতে পাইৰি যোচেফ প্রাউধ’ন, কার্ল মার্ক্স আদি সমাজবাদী লোকসকলৰ প্রচেষ্টাত টাইম বেংকৰ ধাৰণা মানুহৰ মনলৈ আহিছিল৷ ‘দিয়া আৰু লোৱা To give and receive)’ হ’ল এই বেংকৰ মূল বিষয়বস্তু৷ ‘অর্থনৈতিক শ্রমতত্ত্ব’ৰ ধাৰণাৰে, ‘চিনচিন্নাতি টাইম ষ্টোৰ’ (১৮২৭–১৮৩০) নামৰ ক্ষুদ্র টাইম বেংক এটা আৰম্ভ কৰিছিল আমেৰিকাৰ যোছিয়া ৱাৰেন নামৰ ব্যক্তিজনে৷ কিন্তু কার্যকৰীভাৱে ১৯৭৩ চনতহে জাপানত টেৰুকো মিজুছীমা নামৰ মহিলা এগৰাকীয়ে ‘অ’ছাকা’ (Osaka) নামেৰে এটা টাইম বেংক স্থাপন কৰে৷ বর্তমান বিশ্বত প্রায় ৩২ দেশত ৫০০তকৈ অধিক এই বেংকৰ ব্যৱস্থা হৈছে৷
এডগাৰ কান(Edgar Cahn) নামৰ আমেৰিকাৰ আইনজ্ঞ এগৰাকীয়ে চৰকাৰী সমাজসেৱাৰ পৰিপূৰক হিচাপে টাইম বেংকৰ সপক্ষে যুক্তি প্রদর্শন কৰি ‘টাইম বেংক’ নামটোক মুদ্রাংকন কৰিছিল আৰু পণ্যচিহ্ণ দিছিল৷ কানে তেওঁৰ‘No More Throw-Away People’ নামৰ কিতাপখনত টাইম বেংকৰ মূল নীতিসমূহ উল্লেখ কৰিছে এনে ধৰণে– ‘সকলো মানুহে সমাজৰ সম্পদ আৰু প্রত্যেকজন মানুহৰে সমাজলৈ কিবা হ’লেও অৱদান আছে৷ বৈতনিকেই হওক বা অবৈতনিকেই হওক, সকলো শ্রমকে মর্যাদা দিব লাগে৷ সমাজত ইজনে সিজনক কৰা সহায়–সহযোগিতাৰদ্ মানুহৰ মাজৰ সম্বন্ধ মজবুত আৰু বিশ্বাসযোগ্য হৈ উঠে আৰু মানুহৰ জীৱনবোৰ বেছি অর্থপূর্ণ হৈ পৰে৷ এখন সুস্থ আৰু সুন্দৰ সমাজৰ মূল ভেটিটোৱেই হ’ল সমাজৰ সদস্যসকলৰ পৰস্পৰৰ মাজৰ শ্রদ্ধাৰ ভাব৷’ এনেধৰণৰ নীতিবিলাকক মূল হিচাপে লৈ এডগাৰ কানে টাইম বেংক স্থাপনৰ পোষকতা কৰিছিল৷
উল্লেখ্য যে ২০১৮চনত ভাৰতৰ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে শাৰীৰিকভাৱে অক্ষম আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল, যিসকলে পৰিয়ালৰ পৰা বিশেষ সহায় নোপোৱাকৈ জীয়াই থাকিবলগীয়া হয়, তেনে ব্যক্তিৰ সহায়ৰ বাবে ‘টাইম বেংক’ আঁচনিত গুৰুত্ব দিছিল৷ ‘টাইম বেংকিং’ একপ্রকাৰ সামাজিক মুদ্রা৷ কোনো ব্যক্তিয়ে কাৰোবাক কিবা সেৱা কৰিলে, সেই সেৱাৰ সময়খিনি তেওঁৰ নামত টাইম বেংক একাউণ্টত জমা হয়৷ উদাহৰণস্বৰূপে– এজন ব্যক্তিয়ে যদি টাইম বেংকৰ জৰিয়তে কোনোবা ৰোগীক সংগ দিয়ে, সেই সংগৰ সময়খিনি ব্যক্তিজনৰ টাইম বেংকত জমা হৈ থাকিব৷ পৰৱত্কালত কিবা বিপদৰ সময়ত তেওঁৰ সময় প্রয়োজন হ’লে আন কাৰোবাৰ পৰা এই বেংকৰ জৰিয়তে সেই সময়ৰ সুবিধা ল’ব পাৰে৷ এই ব্যৱস্থাত টকা–পইচাৰ লেনদেন নহয়, লেনদেন হয় সময়ৰ৷ মানুহৰ বহুমূলীয়া সময়ৰ সেৱা সাঁচি ৰখাৰ এইটো এটা অভিনৱ সুন্দৰ পদ্ধতি৷ দক্ষতা আৰু অভিজ্ঞতা বিনিময়ৰ দ্বাৰাএখন সুন্দৰ সমাজ গঢাৰ এটা অভিনৱ মাধ্যম৷ বিশেষকৈ হাস্পতালত ৰোগীক সংগ দিয়া, বৃদ্ধাৱস্থাৰ ব্যক্তি, শাৰীৰিকভাৱে অক্ষম ব্যক্তিক সংগ দিয়া আদি কামত এই বেংকৰ উপযোগিতা অধিক৷
দৈনন্দিন কামৰ তালিকাৰ পৰা অলপ সময় উলিয়াই আনক সময় দি সহায় কৰিব পাৰিলে মনত নিশ্চয়কৈ অনাবিল সুখ পোৱা যায়৷ বহুতো মানুহ দেখা যায় যিয়ে বিশেষ কাম–বন নাথাকিলে শুই–বহিয়ে সময় কটায়৷ কিন্তু টাইম বেংকৰ জৰিয়তে আনক সহায় কৰি সেই সময়খিনি যদি বেংকত জমা থয়, তেতিয়া মানুহজনৰ বিপদৰ সময়তে হওক বা বৃদ্ধাৱস্থাতে হওক জমা হোৱা সময়খিনিৰ সুবিধা ল’ব পাৰে৷ উল্লেখনীয় যে টাইম বেংকৰ সেৱাৰ সুবিধা কেৱল বেংকৰ সদস্যসকলেহে ল’ব পাৰে৷
দার্শনিকৰ ভাষাত– ‘কাগজৰ মুদ্রাই স্মৃতি ধৰি ৰাখিব নোৱাৰে, ই আহে আৰু যায়, কিন্তু বিপদগ্রস্ততাত সময়েৰে যদি কাৰোবাক সহায় কৰা যায় ই সদায় স্মৃতিত থাকি যায়৷ টাইম বেংকে এজন ব্যক্তিক সকাহ দিব পাৰে, সাহস দিব পাৰে যে বিপদত তেওঁক সহায় কৰিবলৈ মানুহৰ অভাৱ নাই, যদিহে টাইম বেংক একাউণ্টত ব্যক্তিজনৰ সময় জমা থাকে৷ টাইম বেংক সেৱা মুদ্রা বিনিময় সেৱাতকৈ অধিক ঊর্ধ্বত৷
বি এ বার্ট, এবয়লি আদি বিখ্যাত মনীষীসকলে তিনিটা টাইম বেংকৰ অংশগ্রহণকাৰীসকল্ ওপৰত সমীক্ষা চলাই জানিব পাৰিছিল যে বেংকত অংশগ্রহণ কৰাৰ পাছতসদস্যসকলৰ্ উদ্বিগ্ণতা, বিষণ্ণতা, একাকীত্ব আদি যথেষ্ট পৰিমাণে কমি গৈছিল৷ এই অধ্যয়নৰ আধাৰতেই তেওঁলোকে টাইম বেংক স্থাপনৰ পোষকতা কৰিছিল৷ এই বিনিময় ব্যৱস্থাটোৱে অর্থনীতিও ৰক্ষা কৰে, যিহেতু ইয়াত অর্থৰ ব্যৱহাৰ নোহোৱাকৈয়ে সেৱাৰ বিনিময় হয়৷
ছুইজাৰলেণ্ডতো টাইম বেংকৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ ছুইজাৰলেণ্ডত অধ্যয়নৰত এজন চীনা ছাত্রই তেওঁৰ অভিজ্ঞতাৰ পৰা কৈছিল যে ছুইজাৰলেণ্ডত থকা সময়ত তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে এটা চাকৰি কৰিছিল৷ চাকৰিটো হ’ল মালিকনীয়ে এজন ৮৭ বছৰীয়া মানুহৰ পৰিচর্যা কৰে৷ যেতিয়া ল’ৰাজনে মানুহজনীক সুধিলে তেওঁ এই কাম কিয় কৰে, উত্তৰ শুনি ল’ৰাজন আচৰিত হ’ল৷ মহিলাগৰাকীয়ে কৈছিল যে তেওঁ এই কাম ধনৰ বিনিময়ত কৰা নাই, তেওঁ কৰিছে টাইম বেংকত সময় জমা কৰিবলৈ, যাতে বৃদ্ধ বয়সত তেওঁৰ পৰিচর্যা কৰা মানুহৰ সময়ৰ অভাৱ নহয়৷ ছুইজাৰলেণ্ডত বর্তমান নানা সামাজিক সমস্যা সমাধানৰ বাবে টাইম বেংকৰ ব্যৱহাৰ হয়৷
ভাৰতৰ মধ্যপ্রদেশত ২০১৬ চনত ‘হেপীনেছ ডিপার্টমেণ্ট’ নামৰ এটা বিভাগ সৃষ্টি কৰা হয় আৰু লগতে জ্যেষ্ঠ নাগৰিকৰ সহায়ৰ বাবে তৈয়াৰ কৰা হয় ‘হেপীনেছ কেলেণ্ডাৰ’ নামৰ এখন সূচী৷ এই সূচীৰ আধাৰতেই মধ্যপ্রদেশত ভাৰতৰ প্রথম টাইম বেংক স্থাপন হয়৷
সকলো ভাল কামৰে কিছু ঋণাত্মক দিশ থকাৰ নিচিনা টাইম বেংকৰো কিছু অসুবিধা নিশ্চয় থাকিব৷ এজন মানুহে বিপদৰ সময়ত এই বেংকৰ জৰিয়তে সেৱা বিচাৰিলে, মানুহজনক উপযুক্ত প্রয়োজনীয় সেৱা দিব পৰা ব্যক্তি বিচাৰি পোৱাত অসুবিধা হ’ব পাৰে৷ তদুপৰি স্বেচ্ছাই আগবঢোৱা সেৱা আৰু টাইম বেংকৰ জৰিয়তে আগবঢোৱা বিনিময় সেৱাৰ মাজত আন্তৰিকতাৰ তফাদ থকাটোও অস্বাভাৱিক নহয়৷ অৱশ্যে সেইটো নির্ভৰ কৰিব সেৱা আগবঢোৱা ব্যক্তিজনৰ মানসিকতাৰ ওপৰত৷ সকলো ধৰণৰ সেৱাকে যদি সমান মূল্য দিয়া হয়, অংশগ্রহণকাৰীসকল্ মনত বিপৰীত প্রতিক্রিয়াৰ সৃষ্টি হ’ব পাৰে৷ উদাহৰণস্বৰূপে– কম মূল্যৰ সেৱা (যেনে– কেঁচুৱা ৰখা) আৰু উচ্চ মূল্যৰ সেৱা (যেনে– চিকিৎসা সেৱা) এই দুয়োটাকে যদি সমান সেৱা মূল্য দিয়া হয়, তেতিয়াহ’লে উচ্চ মূল্যৰ সেৱকসকলে সময় বিনিময় সেৱাৰ সলনি মুদ্রা বিনিময় সেৱাৰ প্রতি আগ্রহী হ’ব পাৰে৷ কিছু অসুবিধা থাকিলেও বর্তমান সমাজত মানুহৰ মাজৰ সম্বন্ধৰ যি অৱক্ষয় ঘটিছে, একাকীত্ব, বিষণ্ণতা, উদ্বিগ্ণতা আদিয়ে মানুহৰ সুখ–শান্তিত যি আঘাত হানিছে, তালৈ লক্ষ্য ৰাখি পৃথিৱীৰ বিভিন্ন ঠাইৰ নিচিনা আমাৰ ইয়াতো টাইম বেংক স্থাপনৰ প্রয়োজনীয়তা অধিক প্রকট হৈ পৰিছে৷
লেখিকাৰ ঠিকনাঃ পূব কামৰূপ মহাবিদ্যালয়
ফোনঃ ৯৮৫৪১–৫২১৭৩