ট্রলিং, ইণ্টাৰনেট সাক্ষৰতা, চাইবাৰ বিপদ
শ্যামকানু মহন্ত
ডিজিটেল ডেস্কৰ এজন ভাতৃপ্রতিম বন্ধুক কৈছিলো– সামাজিক মাধ্যমত খবৰবোৰ অতিপাত বিকৃত কৰি কিয় প্রকাশ কৰে? অথবা যৌনতা সম্পর্কীয়, হত্যা, সংঘাত বা বিভিন্ন মচলাযুক্ত খবৰৰ প্রচাৰত অত্যধিক গুৰুত্ব প্রদান নাইবা খেলৰ খবৰো অত্যন্ত বিকৃত কৰি বিভিন্ন ডিজিটেল ডেস্কে কিয় ৰাইজক বিপথে পৰিচালিত কৰাৰ প্রচেষ্টা কৰে৷
তেওঁ ক’লে যে মানুহে এইবোৰ বাতৰিয়েই পছন্দ কৰে৷ প্রেম, যৌনতা, পৰিয়ালকেন্দ্রিক বিবাদ, পৰকীয়া প্রেমজনিত কেলেংকাৰি, গ্লেমাৰ জগতৰ বিবাদৰ খবৰবোৰহে মানুহে চায়৷ ভাল খবৰৰ সিমান কদৰ নাই, লাইক নাইবা বাকী প্রতিক্রিয়া, কমেণ্ট নাহে৷ মই ক’লো, মোৰ পেজত মই নিয়মিতভাৱে ষ্টেটাছ দিওঁ, যোগাত্মক কথা, অসমীয়া যুৱপ্রজন্মৰ ভাল কাম, পদক্ষেপ বা চৰকাৰৰ বিভিন্ন কামৰ পর্যালোচনা কৰোঁ, যথেষ্ট প্রতিক্রিয়া হয়, কেইবা হাজাৰলৈকে লাইক, প্রতিক্রিয়া আহে৷ তেওঁ ক’লে, আপোনাৰ নিদিষ্ট বহু যুৱ অনুসৰণকাৰী আছে তেওঁলোকে প্রতিক্রিয়া কৰে, বাকী সংবাদ হিচাপে ৰাইজে আমাৰ পৰা মচলা খবৰ বিচাৰে আৰু তথ্যসহকাৰে তেওঁ মোক দেখুৱালে কেনেকৈ মচলা নিউজে অধিক কদৰ পাইছে৷
কথাষাৰ বহু পৰিমাণে সঁচা৷ একপ্রকাৰৰ বিকৃত আনন্দই মানুহক উৎসাহী কৰি তুলিছে৷ এখন সমাজৰ এই অৱস্থাৰ বাবে আমি অৱশ্যে কেৱল সংবাদ মাধ্যমকে দায়ী কৰিব নোৱাৰোঁ৷ টিভি চেনেল, বাতৰি কাকত ইত্যাদি চলিবলৈ টি আৰ পি লাগে, চার্কুলেচন লাগে, তেতিয়াহে বিজ্ঞাপন আহে৷ তাৰ কাৰণে খবৰ জনপ্রিয় হ’ব লাগিব৷ কিন্তু তাৰ লগতে সামাজিক দায়বদ্ধতাৰে সমাজৰ ক্ষতি নকৰাকৈ সংবাদ পৰিৱেশন কৰাটো সংবাদ মাধ্যমৰ দায়িত্ব, যিটো আমাৰ বেছিভাগ সংবাদ মাধ্যমে সাধাৰণতে কৰি আছে৷
প্রকৃত অর্থতেইবহু মানুহৰ মানসিকতা সলনি হৈছে৷ ম’বাইলত পর্ন ছবি চাই কণমানি কিশোৰে সহপাঠীক হত্যা কৰাৰ দৰে সিদিনা কলিয়াবৰত হোৱা ঘটনাটোৱে সকলোকে সচকিত কৰিছে, কিয় হৈছে এনেকুৱা ঘৃণনীয় ঘটনা৷ মহিলাৰ ওপৰত অত্যাচাৰৰ ঘটনা আমাৰ ৰাজ্যত দিনে দিনে বাঢ়ি গৈছে৷ সুৰাসক্ত যুৱতীৰ তাণ্ডৱৰ ঘটনাও বৃদ্ধি পাইছে৷
ইণ্টাৰনেটৰ জৰিয়তে দেশ–বিদেশৰ বিভিন্ন খবৰৰ লগতে সাধাৰণ জ্ঞানৰো বহু বিষয় জানিব পাৰি বাবে ছাত্র–ছাত্রীৰ উৎকর্ষ সাধনত সুবিধা হৈছে৷ মই নিজেও দেশ–বিদেশৰ বিভিন্ন খবৰ, ৰাজনৈতিক, অর্থনৈতিক পর্যালোচনা ইণ্টাৰনেটৰ জৰিয়তে আহৰণ কৰিবলৈ চেষ্টা কৰোঁ৷ গান, চিনেমা, খেলা, খবৰ, কিতাপ পঢ়া সকলো ইণ্টাৰনেটতেই উপলব্ধ৷ ডিজিটেল বজাৰত সকলো বস্তু কিনিব পাৰি, টেক্সি বুক কৰা, ইলেক্ট্রিচিটিৰ বিল দিয়া, সন্তানৰ স্কুল ফীজ ইত্যাদি সকলো কাম ইণ্টাৰনেটৰ দ্বাৰা হ’বলৈ লৈছে৷ আশা কৰা হৈছে সমগ্র দেশতে অহা দহ বছৰত ৱাই ফাই বিনামূলীয়া হ’ব আৰু তেতিয়া সকলোখিনি কামেই ইণ্টাৰনেটৰ জৰিয়তে হ’ব৷
কিন্তু এতিয়া ম’বাইল টেকন’লজীৰ দ্বাৰা ৱেবছাইট, এপবোৰে মানুহৰ ব্যক্তিগত বহু খবৰো সংগ্রহ কৰে৷ তথ্য এতিয়া নতুন তেল বুলি কোৱা হয়৷ তথ্যৰ কর্ষণ কৰিবলৈ নতুন যুগৰ কর্প’ৰেট খণ্ডই অহৰহ লাগি আছে, ভাৰতৰ ১৩০ কোটি মানুহৰ কিমানৰ ক্রয় ক্ষমতা আছে, তেওঁলোকে কি ভাল পায়, কি কিনে, কাক ভোট দিয়ে, তেওঁলোকৰ পৰিয়ালে কি ভাল পায় এইবোৰ বিজ্ঞাপন জগতৰ বাবে অতি দৰকাৰী হৈ পৰিছে৷ এইখিনি কর্মকাণ্ড যথেষ্ট সমালোচিতও হৈছে৷ যিকোনো এপ ইনষ্টল কৰোঁতে তেওঁলোকে অনুমোদন লয় যে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰিব নে নাই৷
গতিকে ছ’চিয়েল মিডিয়া অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে৷ নিজৰ ব্যক্তিগত তথ্য, সন্তানৰ ফটো ইত্যাদি দিওঁতে অতি সাৱধান হ’ব লাগে৷
ম’বাইলৰ ডাটা অন কৰাৰ লগে লগেই পর্ন বা বিভিন্ন হত্যা–ধর্ষণৰ দৰে উত্তেজক খবৰবোৰ আহি ভিৰ কৰেহি৷ এনে ধৰণৰ বিষয়বোৰে বিশেষকৈ কিছু শিশু আৰু কিছু লোকৰ মাজত নেতিবাচকভাৱে ক্রিয়া কৰে৷ ভালদৰে ক্রিয়া নকৰাসকলৰ কিছুৰ বাবে সমাজলৈ বিশৃংখলতা আহে, যৌন নির্যাতনৰ ঘটনা বৃদ্ধিৰ এক মূল কাৰণ এইবোৰ৷ অসমতো মই সেই বিশৃংখলতা দেখা পাইছেছা৷ এইবোৰৰ প্রতিকাৰৰ বাবে ভাল কাউঞ্চেলিঙৰ অতিশয় দৰকাৰ৷ ইণ্টাৰনেটৰ সাক্ষৰতা দৰকাৰ হৈছে, বিশেষকৈ অভিভাৱকসকলৰ মাজত৷ যৌন শিক্ষাৰো দৰকাৰ হৈছে৷ লকডাউনত অনলাইন শিক্ষাৰ ব্যৱস্থা হোৱাৰ পৰা শিশু, কিশোৰৰ হাতে হাতে ম’বাইল হৈছে৷
অভিভাৱকে সন্তানক ম’বাইল দিয়ে, কিন্তু সন্তানে কি চাই আছে সেইটো বহুতে মন নকৰে৷ ম’বাইলৰ পৰা কিছুমান ছাইট ব্লক কৰিব পৰা যায়৷ আমাৰ অফিচসমূহত এটা কেন্দ্রীভূত ব্যৱস্থাৰ দ্বাৰা কিছুমান ছাইট ব্লক কৰা থাকে, যাতে কর্মচাৰীয়ে সেইবোৰ চাব নোৱাৰে৷ ঠিক তেনেদৰে শিশুক ম’বাইল দিওঁতেই কিছুমান পর্ন ছাইট, খেলা ইত্যাদি ব্লক কৰিয়েই দিব লাগে৷ পাবজীৰ দৰে ভয়ংকৰ ইণ্টাৰনেট খেলাই অকালতে জীৱন শেষ কৰি দিবও পাৰে৷ সন্তানে কি অনলাইন খেলাৰ প্রতি আসক্ত হৈছে মন কৰি থকাটো অতি দৰকাৰ৷
ক’ভিডৰ সময়ত ম’বাইলতে ক্লাছবোৰ হৈছে, ইতিমধ্যে বহু শিক্ষার্থী ম’বাইল আসক্ত হৈছে৷ বহুতে ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিবলৈও শিকিছে৷
কি ধৰণৰ ছাইটবোৰ চালে শিশুৰ মনলৈ বিকৃত চিন্তা আহিব পাৰে বা কৈশোৰ অৱস্থাত কেনে ধৰণৰ কথাই শিশুৰ ওপৰত নেতিবাচক প্রভাৱ পেলাব পাৰে সেইবোৰ বিষয়ত অভিভাৱক, শিক্ষক সমাজ সাৱধান হ’ব লাগিব৷ এইক্ষেত্রত সমাজৰো বৃহৎ দায়িত্ব আছে৷ সকলো কথাতে চৰকাৰলৈ দোষ ঠেলিলে নহ’ব৷ এইক্ষেত্রত অভিভাৱকৰ দায়িত্ব সবাতোকৈ বেছি৷ শিশুৰ চৰিত্র গঠন ঘৰখনৰ পৰাই আৰম্ভ হয়৷ কিছুদিন ধৰি ৰাজ্যখনত যি হাৰত হত্যা–ধর্ষণ সংঘটিত হৈছে এইবোৰ সমাজৰ বাবে শুভ লক্ষণ নহয়৷
চাইবাৰ অপৰাধ এই ইণ্টাৰনেট যুগত এক বৃহৎ সমস্যা৷ অলপতে অসমত কেইবাজনো বৃদ্ধ লোকৰ বেংক একাউণ্ট হেক কৰি লাখ লাখ টকা হৰলুকী হৈছে৷ সমগ্র দেশতে বেংক একাউণ্ট হেক কৰা এটা চক্র আছে, কেতিয়াও, ভুলতেও ম’বাইলত অহা অ’টিপি বেলেগক নিদিব৷ নিমিষতে টকা–পইচা উধাও হ’ব পাৰে৷ আপোনাৰ ম’বাইল নম্বৰটোৱে ১০ লাখ টকা পুৰস্কাৰ পাইছে বুলি মেছেজ আহিলে কেতিয়াও বিশ্বাস নকৰিব৷ কোনেও কাকো পুৰস্কাৰ নিদিয়ে, ক’ৰবাত লটাৰী লৈছিল আৰু যদিহে আপোনাৰ নম্বৰটো লাগিছে তেতিয়া বেলেগ কথা৷
সামাজিক মাধ্যমৰ জৰিয়তে হানীড্রেপিঙৰ বাবে এটা চক্রই অহৰহ চেষ্টা কৰি থাকে ব্লেকমেইলিং কৰিবলৈ৷ কাৰোবালৈ কিবা ফটো পঠিয়ালে হাজাৰবাৰ ভাবি ল’ব, ব্লেকমেইলিং আৰম্ভ হৈ যাব পাৰে৷ যুৱতী তথা মহিলাসকল অতি সাৱধান হ’ব লাগে৷ একাউণ্ট হেক কৰি অশ্লীল বাক্য, ফটো আপলোড কৰি চৰিত্রহননৰ বহু উদাহৰণ আছে৷ সামাজিক মাধ্যমৰ জৰিয়তে অতি সহজে অচিনাকি ব্যক্তিৰ লগত ভাল সম্বন্ধ গঢ়ি উঠে৷ বেয়া চক্রৰ হাতত পৰিলে বিপদ হ’ব পাৰে৷ বহু প্রেম সম্পর্কীয় প্রৱঞ্চনা, লাভ জেহাদৰ সমস্যা এনেধৰণেই হৈছে৷
হোৱাটছএপত মেছেজ ফৰৱার্ড কৰোঁতে অতি সাৱধান হ’ব লাগে৷ যদি এটা মেছেজে সমাজত অসূয়া–শান্তি কৰিব পাৰে, তেনে মেছেজ কেতিয়াও ফৰৱার্ড কৰিব নালাগে৷ এনে কৰি বহু লোক গ্রেপ্তাৰ হ’ব লগা হৈছে৷
যোৱা কিছুদিন ধৰি অসমত মতৰ অমিল হ’লেই বিপৰীত ব্যক্তিজনৰ ব্যক্তিগত জীৱনক সাঙুৰি অমার্জিতভাৱে ট্রল কৰাৰ এটা ৰোগে দেখা দিছে৷ কোনোবা দলৰ মতাদর্শৰ লগত অমিল হ’লেই অশালীনভাৱে ট্রল, বিশেষকৈ মহিলাসকলক উদ্দেশ্য কৰি শেহতীয়াভাৱে ট্রলিঙৰ যিবোৰ ঘটনা ঘটিছে সি অতিশয় নিন্দনীয়৷ ট্রল সংস্কৃতিয়ে অসমত বেয়াকৈ গা কৰি উঠিছে৷ এচাম মানুহে হয়তো ট্রলৰ বাবে নেতিবাচক কথাৰ সন্ধানেই কৰি থাকে৷ ৰাজ্যখনৰ ভাল কথা বা ভাল কামবোৰত তেওঁলোকে মন নিদিয়ে৷
মই যেতিয়া গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণৰ কথা কৈছিলো, তেতিয়া বহু লোকে বেয়াকৈ ট্রল কৰিছিল৷ তাৰে কিছুসংখ্যকক মই উত্তৰ দিছিলো, টিভি টক শ্ব’ত কৈছিলো৷ তেতিয়া এজন ঘনিষ্ঠ বন্ধুৱে মোক কৈছিল যে বিশ্বৰ সর্বশ্রেষ্ঠ বিমানবন্দৰবোৰ ভ্রমণ কৰি সেইবোৰ কেনেদৰে পৰিচালনা কৰে ওচৰৰ পৰা দেখিছে, এতিয়া কোনোদিনেই বিমানবন্দৰ সম্পর্কে একো ব্যৱহাৰিক জ্ঞান নথকা ব্যক্তিৰ লগত যুক্তি–তর্কলৈ অহাটো একেবাৰেই অনুচিত৷ এই ট্রল সংস্কৃতি, সামাজিক মাধ্যমৰ অপব্যৱহাৰ বা চাইবাৰ অপৰাধ সকলোখিনি অনাগত দিনত ভয়ানক সমস্যা হৈ পৰিব৷ এই ধৰণৰ ট্রলে বহু ব্যক্তিক হতাশগ্রস্ত কৰি তুলিব পাৰে৷ সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে ট্রল সহ্য কৰিব পৰাকৈ মানসিকভাৱে শক্তিশালী হ’ব লাগিব৷ কাৰণ যিকোনো মানুহ ট্রলৰ চিকাৰ হ’ব পাৰে৷ গতিকে শুদ্ধ পথত থাকি কাকো ভয় কৰিব নালাগিব৷
সকলো সময়তে যাকে–তাকে ট্রল কৰি থকাসকললৈ মোৰ আহ্বান– কিছুমান কথাত মতবিৰোধ হ’ব পাৰে৷ এনে সময়ত মানুহজনক অপমান নকৰাকৈও যুক্তিৰে কথাবোৰ ক’ব পাৰি৷ বিশেষকৈ নাৰীক অপমানজনক কথা কোৱা ব্যক্তি কংগ্রেছ, বিজেপি, এজিপি, ৰাইজৰ দল, জাতীয় পৰিষদ যি দলৰেই নহওক, তেওঁলোকৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্রহণ কৰিব লাগে৷ অন্যথা এনে ঘটনাবোৰে উৎসাহ পাব৷ ছ’চিয়েল মিডিয়াৰ ৰাইজক অনুৰোধ জনাওঁ যে অযথা কাকো ট্রল নকৰিব৷ পৃথিৱীত অজস্র কাম আছে৷ কামত মন দিয়ক৷ নিজৰ সময়ৰ সদ্ব্যৱহাৰ কৰক৷ দেশত প্রায় ৪৫ শতাংশ মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ সেই হিচাপত হয়তো প্রায় ৭৫ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশত আছে৷ এই সংখ্যা দিনে দিনে বাঢ়ি আহিছে৷ আমাৰ সৰু কালছোৱাত ইণ্টাৰনেট নাছিল৷ শৈশৱ–কৈশোৰত আমি ফুটবল–ক্রিকেট খেলি, পথাৰে পথাৰে ঘূৰি, নৈত সাঁতুৰি, মইনা পাৰিজাতত অংশগ্রহণ কৰি সময় পাৰ কৰিছিলো৷ সেই শৈশৱ অতিশয় সুমধুৰ আছিল৷ ফেচবুক নাছিল, ইনষ্টাগ্রামৰ ৰীল নাছিল, টিকটক নাছিল৷ নিজৰ লগত ব্যস্ত থাকিবলৈ, সমনীয়া–পৰিয়ালৰ সৈতে কটাবলৈ অপর্যাপ্ত সময় আছিল৷ কৈশোৰৰ সেই মূহূর্তবোৰ বাস্তৱ ৰীলৰ দৰে এতিয়াও সজীৱ হৈ আছে৷
দুর্ভাগ্যৰ কথা যে আজিৰ প্রজন্মই বাস্তৱৰ পৃথিৱীখনৰ সন্মুখীন হ’বলৈ কোনো সুযোগ নাপায়৷ আমি গাঁৱত ডাঙৰ হৈছিলো৷ আজিকালি আমাৰ সন্তানে চহৰত গাঁৱৰ দৰে পৰিৱেশ লাভ নকৰে৷ আনকি বেছিভাগ গাঁৱতো এতিয়া আমাৰ সময়ৰ দৰে স্বতঃস্ফূর্ত সেই পৰিৱেশ নাই৷ ম’বাইলত বিশেষকৈ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্রাম, বিভিন্ন অনলাইন গেম, অ’ টি টি প্লেটফর্মত শৈশৱ–কৈশোৰৰ সময় অতিবাহিত হয়৷ কম পৰিমাণে ব্যৱহাৰ কৰিলে স্ফূর্তিও হয়, জ্ঞানো বৃদ্ধি হয় আৰু বহু শিক্ষার্থীৰ যথেষ্ট উত্তৰণো হৈছে৷ অত্যধিক হ’লেই সকলোফালে বিপদ আহে৷ সমগ্র দেশতে শিশুৰ মাজত এই ইণ্টাৰনেট আসক্তি বাঢ়ি আহিছে৷ অত্যধিক ইণ্টাৰনেটত অভ্যস্ত শিশু বন্ধু–বান্ধৱ তথা পৰিয়ালৰ পৰা দূৰ হৈ গৈছে৷ উৎকণ্ঠা বাঢ়িছে, টোপনি নোহোৱা হৈছে৷ বাস্তৱ পৃথিৱীৰ পৰা আঁতৰি মানুহ এখন ভার্চুৱেল পৃথিৱীত বাস কৰিবলৈ লৈছে৷ জীৱনৰ অত্যধিক সময় ভার্চুৱেল পৃথিৱী এখনক দিয়া ব্যক্তিৰ পাৰিবাৰিক সম্পর্কত সমস্যা আহিছে৷ সামাজিক মাধ্যমত এজন ব্যক্তিৰ হাজাৰ হাজাৰ বন্ধু থাকিব পাৰে৷ কিন্তু বিপদৰ সময়ত হয়তো দহজন বন্ধু পাবলৈও টান৷ এইটো ৰূঢ় বাস্তৱ৷ ইয়াক উপলব্ধি নকৰি বাস্তৱ পৃথিৱীত নিজকে জনপ্রিয় কৰাৰ স্বার্থত আকর্ষণীয়ভাৱে ফটো আপলোড কৰাৰ প্রতিযোগিতা চলিছে৷ উপভোক্তাৰ সংস্কৃতি বাঢ়িছে কিছু লোকৰ মাজত৷ মানুহক দেখুৱাবলৈ ভাল ঘৰ লাগে, ড্রেছ লাগে, দামী গাডী লাগে৷ সৰু ল’ৰা–ছোৱালীক ভাল ফটো উঠিবলৈ দামী ম’বাইল লাগে৷ পিতৃ–মাতৃক কিছুৱে দামী ম’বাইল কিনিবলৈ হেঁচা প্রয়োগ কৰে৷ ফলস্বৰূপে নিম্ন মধ্যবিত্ত পিতৃ–মাতৃ বিপদত পৰে৷ দুর্নীতি কৰি হ’লেও সন্তানক দামী ম’বাইল দিব লাগে৷ নিদিলে ঘৰত অশান্তি৷
লগতে অত্যধিক সময় ম’বাইলত কটোৱাৰ ফলত চকুৰ বিভিন্ন সমস্যাৰ লগতে মানসিক ক্লান্তি, কঁকালৰ বিষকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ তথাপিও মানুহ ডিজিটেল আকর্ষণীয় পৃথিৱীখনৰ সৈতে সংলগ্ণ হৈ থাকে৷ এই আকর্ষণত আমি বেছিভাগেই মোহাচ্ছন্ন৷
ম’বাইলৰ পৰা বহু উপকৃত হ’বও পৰা যায়৷ মই নিজেও ম’বাইল যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰোঁ৷ ব্যস্ততাৰ মাজত সুবিধা পালেই সময় অনুযায়ী শাৰীৰিক বিভিন্ন কচৰৎ কৰি থাকোঁ৷
মোৰ দৃষ্টিত ম’বাইল ব্যৱহাৰৰ আটাইতকৈ যোগাত্মক দিশটো বিশ্বৰ যিকোনো খবৰ বা তথ্য মূহূর্ততে সকলোৱে সমানে লাভ কৰা৷ আমি শিৱসাগৰৰ গৱর্নমেণ্ট স্কুলত পঢ়াৰ পিছত গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ আহঁোতে গুৱাহাটীৰ ছাত্র–ছাত্রীসকল বিভিন্ন দিশত আগবঢ়া আছিল বুলি এটা ধাৰণা আছিল৷ শিৱসাগৰতকৈ গুৱাহাটীত কিতাপেই হওক বা অনন্য জ্ঞান অর্জনকাৰী সমলসমূহ সহজতে পোৱা গৈছিল৷ একেদৰে মুম্বাইৰ শিক্ষার্থীসকল গুৱাহাটীতকৈও অধিক আগবঢ়া আছিল বা বিদেশৰসকল তাতোকৈও অধিক৷ কিন্তু আজিৰ ইণ্টাৰনেটৰ পৃথিৱীত দেশ–বিদেশৰ যিকোনো খবৰ মুম্বাই–লণ্ডনৰ সমান্তৰালভাৱে শিৱসাগৰৰ কোঁৱৰপুৰ বা ধেমাজি–কোকৰাঝাৰৰ গাঁৱৰ ছাত্র এজনেও একে সময়তে লাভ কৰে৷ এই তথ্য–খবৰ বা জ্ঞান যদি ইণ্টাৰনেটৰ পৰা ছাত্র–ছাত্রীয়ে লয়, তেন্তে নিশ্চিতভাৱেই ভাল ফল লাভ হ’ব৷ মই দেখিছো যে ডিজিটেল যুগত ল’ৰা–ছোৱালী আগতকৈ বহু বেছি স্মার্ট হৈছে৷ এইবোৰেই মানৱ সম্পদ৷ ভাৰতবর্ষৰ জনসংখ্যাৰ বেছিভাগেই ৩৫ বছৰতকৈ তলৰ৷ ডিজিটেল জ্ঞানেৰে উজ্জীৱিত প্রজন্মৰ যোগেদি ভাৰত তথা অসম বহু আগুৱাই যাব পাৰে যদিহে আমি এই শক্তিক ভালদৰে কামত খটুৱাব পাৰো৷ তাৰ কাৰণে অভিভাৱক, সমাজ সকলোৱেই গুৰুত্ব দিব লাগে৷ আজিৰ বিশ্বত যি ষ্টার্ট আপ বিপ্লৱ হৈছে বেছিভাগেই ইণ্টাৰনেটৰ সহযোগত সফল হৈছে৷ বিশ্বৰ বেছি ধনী ব্যক্তি, কম্পেনী ডিজিটেল উদ্যোগী৷ অসমৰ দৰে ভৌগোলিকভাৱে পিছ পৰা ৰাজ্য এখনত ইণ্টাৰনেটে একধৰণৰ বৃহৎ ভৌগোলিক দূৰত্ব কম কৰি ভাৰসাম্য সৃষ্টি কৰিব পাৰে৷ ধৰা হওক আমাৰ হস্তশিল্পৰ বাবে বজাৰৰ অসুবিধা আছিল৷ এতিয়া ধেমাজি বা বাক্সা যিকোনো ঠাইত থাকিও উৎপাদিত সামগ্রীসমূহৰ ভালদৰে সামাজিক মাধ্যমত প্রচাৰ চলালে দেশৰ লগতে বিদেশতো বিক্রী কৰাৰ সুবিধা আছে৷ কাৰণ লণ্ডনৰ পৰা জকাইচুকলৈকে মানুহে ইণ্টাৰনেট প্লেটফর্মত সামগ্রী বিচাৰিব পাৰে৷ ৱেবছাইট, এপ, ছ’চিয়েল মিডিয়াৰ জৰিয়তে সামগ্রীসমূহৰ প্রচাৰ কৰাব পাৰিলে অসমৰ বাবে যথেষ্ট সুবিধাৰ কথা হ’ব৷ আমি দিল্লীত নর্থ–ইষ্ট ফেষ্টিভেল পাতোঁ, কিন্তু ইয়াৰ সমগ্র পাব্লিচিটি কেম্পেইন গুৱাহাটীৰ পৰাই চলাওঁ৷ দিল্লীত টিভি নাইবা পেপাৰ বিজ্ঞাপন দিয়াৰ আমাৰ ক্ষমতা নাথাকে, আমাৰ সামাজিক মাধ্যমৰ দলটোৱে কম খৰচতে আকর্ষণীয় কেম্পেইন চলায় আৰু দিল্লীত প্রায় লাখৰ ঘৰৰ মানুহে চাবলৈ আহে৷ ঠিক তেনেদৰে আমি বেংককত নর্থ–ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰোঁতে গুৱাহাটীৰ পৰাই অনলাইন কেম্পেইন কৰিছিলো৷ তেনেদৰে অনলাইন কেম্পেইনৰ জৰিয়তে আমাৰ কৃষিজাত সামগ্রী নেমু বা মাটিকঁঠাল সমগ্র বিশ্বতে জনপ্রিয় কৰিব পৰা যায়৷ বিশেষকৈ অসমৰ পর্যটনৰ ক্ষেত্রত ৰাজ্যৰ আপুৰুগীয়া সম্পদসমূহ ভাল ফটো নাইবা ভিডি’ৰ সৈতে কেম্পেইন চলাই সমগ্র বিশ্বতে জনপ্রিয় কৰিব পাৰি৷ মানুহে আজিকালি এখন ঠাইলৈ ফুৰিবলৈ অহাৰ আগতে ঠাইখন সন্দর্ভত অনলাইন অধ্যয়ন কৰে৷ সেই কাৰণে অসম চৰকাৰৰ বিভাগীয় ৱেবছাইটসমূহ ভাল হোৱাটো জৰুৰী৷ তাৰ লগতে ধুনীয়া ফটোৰ সৈতে অসমৰ হস্ততাঁত সামগ্রীসমূহৰ প্রচাৰ কৰিব পৰা যায়৷ আজিকালি পইচা খৰচ কৰি ছ’চিয়েল মিডিয়াত য’ত বিচাৰে সেইখন বজাৰত পাব্লিচিটী কেম্পেইন কৰিব পাৰি৷ আপুনি বাংগালুৰুত, মুম্বাইত য’তে বিচাৰে সেই ঠাইত কিনিব পৰা মানুহ বিচাৰি প্রচাৰ কৰিব বিচাৰিলে ইনষ্টাগ্রাম–ফেচবুক কম খৰচতে কৰিব পাৰি৷ সৰু সৰু ভিডি’ৰ জৰিয়তে এনে কৰিব পাৰি৷ অসমত বহু ভাল ভাল ল’ৰা–ছোৱালীয়ে এনেকুৱা ভিডি’ৰ কাম কৰি আছে৷ আমাৰ লগতো বহুতে কাম কৰি আছে৷ মেঘালয়ৰ কেইটামান সংস্থাই ইনষ্টাগ্রামৰ জৰিয়তে হালধি, আদাক জনপ্রিয় কৰিবলৈ সক্ষম হৈছে৷ ডিজিটেল পৃথিৱীত সংগীত জগতৰ পৰা কেছেট, চিডি নাইকিয়া হ’ল৷ ক’ভিডৰ ঘৰত থাকিয়েই আমাৰ জনপ্রিয় সংগীত শিল্পীয়ে গান ৰেকর্ডিং কৰি বিশ্বৰ বজাৰত এৰি দিছে, ডাঙৰ সম্ভাৱনা আহিছে৷
বিশেষকৈ অসম চৰকাৰৰ তৰফৰ পৰা ল’ৰা–ছোৱালীক তথা অভিভাৱকক ইণ্টাৰনেট সাক্ষৰতা সন্দর্ভত এটা ব্যাপক কেম্পেইনৰ প্রয়োজন৷ ল’ৰা–ছোৱালীক ইণ্টাৰনেট সুস্থ ৰূপত ব্যৱহাৰৰ প্রশিক্ষণ দিব লাগে আৰু লগতে চৰকাৰেও কিছুমান ছাইটব্লক কৰি দিব লাগে৷ সহজে পর্ন উপলব্ধ কৰাটো বন্ধ কৰিব লাগে৷ বিশেষকৈ শিশুৰ ওপৰত এই বিষয়বোৰে নেতিবাচকভাৱে প্রভাৱ পেলায়৷ তাৰ লগতে যৌন শিক্ষা প্রদান কৰাটো অতিশয় প্রয়োজনীয়৷
যোৱাটো বর্ষত দেশত অসংখ্য পৰিমাণে চাইবাৰ অপৰাধৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে, প্রায় ৫০,০০০তকৈ বেছি৷ লকডাউনৰ সময়ত এনে ঘটনা আৰু বাঢ়ি আহিছে৷ চাইবাৰ অপৰাধৰ জৰিয়তে মানুহৰ কষ্টোপার্জিত ধন নাইকিয়া কৰিব পাৰে৷ মহিলাৰ শ্লীলতা হানি কৰিব পাৰে৷ যৌন নির্যাতনৰ লগতে বিভিন্ন ডাবি–ধমকিৰ চাইবাৰ ক্রাইম চলি আছে৷ এই সময়ত প্রথম কথা অসম পুলিচ আৰু সচেষ্ট হ’ব লাগে৷ ইতিমধ্যে অসম পুলিচে চাইবাৰ অপৰাধৰ এটা ভাল ছ’চিয়েল মিডিয়া কেম্পেইন চলাইছে৷ চাইবাৰ অপৰাধ শাখা অধিক শক্তিশালী হ’ব লাগে আৰু দোষীক শাস্তি দিয়াত অধিক সক্রিয় হ’ব লাগে৷ চাইবাৰ দোষী ধৰিবলৈ সহজ নহয়, কাৰণ বেছিভাগ এপ নাইবা ডিজিটেল প্লেটফর্ম আমেৰিকা বা চীনৰ, সেইবাবে আৰক্ষীক যাৱতীয় মেচিন, দক্ষ মানৱ সম্পদ লাগিব৷ ভৱিষ্যতে হয়তো বিশ্ব চাইবাৰ যুদ্ধৰ সন্মুখীন হ’ব৷ এখন দেশে শত্রু দেশৰ অর্থব্যৱস্থা চাইবাৰ আক্রমণেৰে বিধ্বস্ত কৰি পেলাব পাৰে৷ নাইবা প্রতিৰক্ষাৰ সকলোখিনি নেটৱর্ক শেষ কৰি পেলাব পাৰে৷ শক্তিশালী চাইবাৰ সুৰক্ষাৰ বাবে আমাৰ দেশখনে কাম কৰি আছে, বিশেষকৈ চীনা চাইবাৰ আক্রমণৰ সম্ভাৱনাৰ পৰা৷ অসমতো এটা শক্তিশালী চাইবাৰ সুৰক্ষাৰ বিভাগ লাগে৷ মই পুনৰ কৈছোঁ চাইবাৰ অপৰাধৰ বিপক্ষে বা ইণ্টাৰনেট সাক্ষৰতা সন্দর্ভত ব্যাপক কেম্পেইন বা সজাগতাৰ সৃষ্টি হ’ব লাগে৷ এই চাইবাৰ যুগত অনাগত দিনত ৰাজ্যখনে ইণ্টাৰনেটৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বাবে লগতে চাইবাৰ বিপদৰ মোকামিলাৰ বাবে আমি সকলো, চৰকাৰ সাজু হ’ব লাগিব৷
ফোনঃ ৯১০১১–৬৯৯৭৮