নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসম্পদৰ ব্যৱস্থাপনাঃ ব্রহ্মপুত্র উপত্যকাৰ বাবে সম্ভাৱনীয়তা

-যজ্ঞেশ্বৰ শর্মা

পৃথিৱীৰ আটাইবিলাক সভ্যতাৰ উত্থানতে পানীৰ অৱদান অপৰিসীম৷ পানীৰ ব্যৱহাৰ কিহত নহয়? সেয়েহে খোৱাপানী তথা উদ্যোগ, কৃষি বা অন্যান্য অর্থনৈতিক কার্যৰ বাবে প্রয়োজনীয় পানীৰ সু–ব্যৱস্থা কৰা যিকোনো চৰকাৰ এখনৰ বাবে এক উচ্চ প্রাথমিক দায়িত্ব৷ পানীৰ উপলব্ধতাক লৈ ঠায়ে ঠায়ে নানা ধৰণৰ সংঘাত সৃষ্টি হোৱাৰ বাতৰি সময়ে সময়ে বাতৰিত প্রকাশ পায়৷ আমাৰ দেশৰ বহু ঠাইত বছৰৰ কেইটামান মাহত পানীৰ অভাৱ অতি সংকটজনক হয়৷ যেনে মহাৰাষ্ট্রৰ মাৰাথৱাডা অঞ্চল, সেইঠাইবিলাকলৈ বিশেষ ৰে’লগাডীৰে পানীৰ টেংকাৰ নিয়াৰ দৃশ্য আমাৰ সকলোৰে নিশ্চয় মনত আছে৷ আনহাতে, অত্যধিক বৰষুণ তথা অন্যান্য কাৰণত হোৱা বানে কি ধৰণে আন কিছুমান স্থানত (প্রধানতঃ বিহাৰ আৰু উত্তৰ–পূর্বৰ ৰাজ্য সমূহত) অবর্ণনীয় তাণ্ডৱৰ সৃষ্টি কৰে, সেয়া আমি বছৰ বছৰ ধৰি প্রত্যক্ষ কৰিছোঁ৷ পানীৰ অভাৱ বা অত্যধিক দুয়োটাই সমস্যা আৰু দুয়োটাৰে সমাধান কৰা চৰকাৰৰ প্রধান দায়িত্ব৷
I) ভাৰতত খোৱাপানীৰ উপলব্ধতা ঃ
দেশৰ প্রত্যেক নাগৰিকে পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী পোৱা মানুহৰ বিকাশ যাত্রাৰ এক শুভাৰম্ভণি বুলি গণ্য কৰিব পাৰি৷ দুর্ভাগ্যবশতঃ স্বৰাজোত্তৰ ৭৩ বছৰৰ পিছতো ভাৰতৰ কোনো ৰাজ্যই সকলো নাগৰিকক প্রয়োজনীয় খোৱাপানীখিনি পর্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ সক্ষম হোৱা নাই৷ ২০১৮ চনৰ আগষ্ট মাহত সংসদত ভাৰতৰ নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষকে Comptroller and Auditor General, চি এ জি) কৰা ৰাষ্ট্রীয় গ্রাম্য খোৱাপানী যোগান আঁচনিৰ National Rural Drinking Water Programme) পর্যালোচনা Review) উপস্থাপন হৈছিল, য’ত স্পষ্টভাৱে উল্লেখ কৰিছে যে ২০০৯ চনৰ পৰা কার্যান্বিত কৰা এই আঁচনিয়ে ধার্য কৰা লক্ষ্যত উপনীত হ’ব পৰা নাই৷ ২০১২–২০১৭ৰ সময়ছোৱাত এই আঁচনিত ৮১,১৬৮ কোটি টকাৰ খৰচ হৈছিল যদিও ৫০ শতাংশ গাঁৱৰ মানুহক বিশুদ্ধ খোৱাপানী (গডে প্রতিদিন প্রত্যেককে ৫৫ লিটাৰ পানী দিয়াৰ লক্ষ্য) আৰু ৩৫ শতাংশ গাঁৱৰ পৰিয়ালক rural household) পাইপেৰে পানী যোগান দিয়া লক্ষ্যৰ বিপৰীতে ২০১৭ চনৰ ৩১ মার্চলৈকে এয়া হৈছিল ক্রমান্বয়ে ১৮ শতাংশ আৰু ১৭ শতাংশ (প্রায় ১৭.৯ নিযুত গাঁৱৰ ঘৰৰ)৷ কেইখনমান ৰাজ্যত যথেষ্টসংখ্যক লোকে এই সুবিধা পাইছে যদিও ডাঙৰ ৰাজ্যকেইখনৰ ভিতৰত ওডিশা, অসম, বিহাৰ আৰু উত্তৰ প্রদেশৰ গাঁওবিলাকত পাইপেৰে খোৱাপানী পোৱা মানুহৰ সংখ্যা তুলনামূলকভাৱে কম৷
অসমৰ অগ্রগতিৰ খতিয়ানত চি এ জিয়ে পর্যালোচনাত দেখুৱাইছে যে অসমত ৩১–৩–২০১৭লৈকে মাত্র ১.৮৮ শতাংশ গ্রামীণ পৰিয়ালকহে পাইপেৰে খোৱাপানী যোগান ধৰা হ’ল৷ পর্যালোচনাত স্পষ্ট হৈছে যে এই সম্পর্কীয় আঁচনিসমূহত সম্যক যোজনা আৰু পুঁজিব্যৱস্থাপনাৰ অভাৱ আছিল তথা ৰূপায়ণো হৈছিল দক্ষতাহীন, ফলত আঁচনি ৰূপায়ণত অবাঞ্ছিত undue) পলম হৈছিল৷ চিৰপ্রৱহমান ব্রহ্মপুত্রকে ধৰি ইমানকেইখন ইয়াৰ উপনৈ অসমৰ মাজেৰে বৈ আছে যদিও চহৰতেই হওক বা গাঁৱতেই হওক পর্যাপ্ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা এতিয়াও নথকাটো অতি চিন্তাৰ বিষয়৷ চহৰবিলাকৰ পৰিস্থিতিও উৎসাহজনক নহয়৷ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰী মহাবাহু ব্রহ্মপুত্রৰ পাৰতে স্থিত যদিও চৰকাৰে ইয়াতো নাগৰিকক নিয়মীয়াকৈ পর্যাপ্ত খোৱাপানীৰ যোগান ধৰিব পৰা নাই৷ নিটি আয়োগৰ ২০১৯ চনৰ জুন মাহত প্রকাশ কৰা প্রতিবেদন অনুসৰি দেশৰ কেইখনমান বৃহৎ চহৰৰ ভূ–তলৰ জলস্তৰ অতি সংকটজনকভাৱে কমি গৈছে আৰু ভাৰতৰ জনসংখ্যাৰ ৪০ শতাংশ লোকে হয়তো ২০৩০ৰ ভিতৰত খোৱাপানীৰ অভাৱত ভুগিব৷ গতিকে, কেন্দ্র তথা ৰাজ্য চৰকাৰসমূহৰ বাবে এইটো অতি জৰুৰী বিষয় হৈ পৰিছে৷
II) ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ ঃ
নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ ২০১৯ চনত আৰম্ভ হোৱা দ্বিতীয় কার্যকালত জলসম্পদ ব্যৱস্থাপনাৰ Water Resource Management) ওপৰত অগ্রাধিকাৰ দিয়া হৈছে আৰু সেয়েহে জলশক্তি মন্ত্রালয় Ministry of Jal Shakti) নামেৰে এক সুকীয়া মন্ত্রালয় স্থাপন কৰিছে, যাতে এতিয়ালৈকে বিভিন্ন মন্ত্রালয়/বিভাগে ৰূপায়ণ কৰি থকা জলসম্পদ সম্পর্কীয় প্রকল্পবিলাক (যেনে পূর্বৰ জলসম্পদ, নদী বিকাশ আৰু গংগা পুনৰুত্থান মন্ত্রালয় আৰু খোৱাপানী আৰু স্বচ্ছতা মন্ত্রালয়ে ৰূপায়ণ কৰি থকা প্রকল্পবিলাক) এঠাইৰ পৰা চোৱাচিতা কৰি সিবিলাকৰ ওপৰত প্রয়োজনীয় গুৰুত্ব আৰোপ কৰিব পাৰি৷ চৰকাৰে সঠিকভাৱেই অনুধাৱন কৰিছে যে জলসম্পদৰ সঠিক আৰু দক্ষ ব্যৱস্থাপনা অত্যন্ত গুৰুত্বপূর্ণ, কাৰণ পানীৰ অভাৱে ভাৰতৰ ৰাষ্ট্রীয় আয়ৰ Gross Domestic Product) ওপৰত ৬ শতাংশ পর্যন্ত প্রতিকূল প্রভাৱ পেলাব পাৰে৷ অন্যান্য বিষয়ৰ উপৰি জলশক্তি মন্ত্রালয়ৰ প্রধান লক্ষ্য হৈছে পানীৰ নাটনি আৰু উদ্বৃত্ততাৰ বিভিন্ন পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সময়বদ্ধ আঁচনি ৰূপায়ণেৰে ২০২৪ চনলৈকে দেশৰ প্রায় ১৩৭ কোটি মানুহৰ সকলো শ্রেণীৰ লোকলৈ বিশুদ্ধ খোৱাপানী পর্যাপ্ত পৰিমাণে যোগান ধৰা আৰু তাৰ বাবে সকলোৰে মনত এক আশাৰ সঞ্চাৰ হৈছে৷
III) জলসম্পদ সম্পর্কীয় বিভিন্ন আঁচনি ঃ
(ক) সর্বপ্রথমে মন্ত্রালয়ে গাঁৱৰ প্রত্যেক ঘৰলৈকে ২০২৪ৰ ভিতৰত পর্যাপ্ত পৰিমানে খোৱাপানী যোগান ধৰিবলৈ জল জীৱন মিছন Jal Jeevan Mission) প্রকল্প আৰম্ভ কৰিছে৷ কেন্দ্রীয় চৰকাৰে উল্লেখ কৰা মতে ০১–০৪–২০১৯লৈকে প্রায় ১৮.৯৩ কোটি গ্রামীণ পৰিয়ালৰ মাত্র ৩.২৩ কোটি ঘৰেহে পাইপেৰে খোৱাপানীৰ যোগান পাইছিল৷ সেয়েহে লক্ষ্য হৈছে বাকী থকা ১৫.৭০ কোটি ঘৰত পানীৰ ব্যৱস্থা কৰা৷ ইয়াৰ বাবে ৩.৬০ লাখ কোটি টকাৰ ধনৰাশি ধার্য কৰিছে–ইয়াৰে ২.০৮ লাখ কোটি টকা কেন্দ্রীয় চৰকাৰে আৰু ১.৫২ লাখ কোটি ৰাজ্য চৰকাৰে খৰচ কৰিব লাগিব৷
(খ) খোৱাপানী যোগানৰ উপৰি জলশক্তি মন্ত্রালয়ৰ অন্যান্য আঁচনিৰ ভিতৰত আছে–
i) জল সংৰক্ষণৰ বাবে জলশক্তি অভিযান Jal Shakti Abhiyan)
ii) জন সমুদায়ৰ সহযোগিতাৰে অটল ভূ–জল যোজনা (Atal Bhujal Yojana )
iii) ভূ–জলৰ স্থায়ী বিকাশৰ কাৰণে ৰাষ্ট্রীয় একুইফাৰ মানচিত্রকৰণ আঁচনি
(National Aquifer Mapping Programme)
iv) বৃষ্টিজল সঞ্চয় আৰু সংৰক্ষণ Rain Water harvesting)
v) পুৰণি আৰু আন জলাশয়/পুখুৰীৰ নৱীকৰণ
vi নলীনাদৰ bore well) পুনৰ ব্যৱহাৰ
vii) জলচ্ছেদ বিকাশ Watershed development)
viii) প্রগাঢ় বনানীকৰণ Intensive Afforestation)
ix) প্রত্যেক খেতিৰ মাটিত পানী Har Khet Ko Paani) তথা প্রত্যেক টোপা পানীৰ পৰা অধিক শস্যোৎপাদন Per Drop More Crop)ৰ নিচিনা লক্ষ্যৰে প্রধানমন্ত্রী কৃষি সিঞ্চন আঁচনি Pradhan Mantri Krishi Sinchayee Yojana)
x) ধর্মাৰ DHARMA, DAM Health & Rehabilitation Monitoring Application) জৰিয়তে নদীবান্ধবিলাকৰ অৱস্থাৰ তদাৰক আৰু পুনৰুদ্ধাৰৰ ব্যৱস্থা
xi) প্রকৃতি–বান্ধৱ পর্যটন Eco-friendly tourism)
xii) নমামি গংগা যোজনাৰ অধীনত (Namami Gange) নানা ধৰণৰ প্রকল্প আৰু
xiii) চ্ছ ভাৰত অভিযানৰ অন্তর্গত বিভিন্ন আঁচনি৷
আপাততঃ নতুন জলশক্তি মন্ত্রালয়ৰ কাম–কাজবিলাক দেশৰ বিকাশ যাত্রাৰ এক মহত্ত্বপূর্ণ অংগ আৰু এইবিলাক বেচ প্রত্যাহ্বানপূর্ণ৷
ওপৰৰ পটভূমিৰ পৰিপ্রেক্ষিতত পানীৰ সমস্যাৰে জজ্জৰিত ভাৰতৰ বিভিন্ন ৰাজ্যই সমীচীন আঁচনি তৈয়াৰ কৰি নির্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ কঁকালত টঙালি বান্ধি লোৱাৰ এয়ে উপযুক্ত সময়৷ জল–উদ্বৃত্ত water surplus) উত্তৰ–পূব ভাৰতৰ ৰাজ্যকেইখনেও এই কামত উঠিপৰি লাগিব লাগে৷
IV) উত্তৰ–পূৱ ভাৰতৰ বাবে নির্দিষ্ট ব্যৱস্থা ঃ
ভাৰতৰ উত্তৰ–পূব অঞ্চলৰ পানীৰ সমস্যা যে ইয়াৰ সর্বাংগীণ উন্নয়নৰ প্রধান অন্তৰায়, সেয়া উপলদ্ধি কৰি ভাৰত চৰকাৰে ইতিমধ্যে নিটি আয়োগৰ NITI AYOG) উপাধ্যক্ষৰ সভাপতিত্বত উত্তৰ–পূব জল ব্যৱস্থাপনা প্রাধিকৰণ North East Water Management Authority) গঠন কৰিছে আৰু এই প্রাধিকৰণে বহুতো বিষয় সামৰি ল’ব৷ যেনে, জলবিদ্যুৎ প্রকল্প , জৈৱ–বৈচিত্র্য Bio-diversity ), কৃষি, আভ্যন্তৰীণ জল পৰিবহণ, জল সংৰক্ষণ, বাননিয়ন্ত্রণ, মৎস্য পালন, পৰিৱেশ–বান্ধৱ পর্যটন (eco-tourism) আদি৷ দেখা গৈছে যে জলসম্পদ পৰিচালনা সম্পর্কত প্রথমবাৰৰ বাবে এক সর্বতোমুখী Comprehensive) আৰু সুসংহত integrated) আঁচনি তৈয়াৰ কৰাৰ পন্থা অৱলম্বন কৰা হৈছে আৰু ব্রহ্মপুত্র উপত্যকাৰ বিকাশৰ বাবে কৰিবলগীয়া পৰিকল্পনাবিলাক এই প্রাধিকৰণে সামৰি লৈছে৷ এইবিলাকৰ অন্তর্গত সময়বদ্ধ কার্য আঁচনি তৈয়াৰ কৰি ৰূপায়ণ কৰিলে অসমত অবিৰতভাৱে চলি অহা বান সমস্যাৰ চিৰস্থায়ী সমাধান ওলাব বুলি আশা কৰিব পাৰি অৱশ্যে ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগিব৷
V) অসমত বান আৰু খোৱাপানী সমস্যাৰ চমু আভাস ঃ
খোৱাপানী যোগানৰ ক্ষেত্রত অসমৰ পৰিস্থিতিৰ কিছু আভাস ওপৰত দিয়া হৈছে৷ বান সমস্যাও উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতেই আটাইতকৈ বেছি৷ উপত্যকাটোৰ অর্থব্যৱস্থা কৃষিভিত্তিক আৰু ধান খেতি অঞ্চলটোৰ প্রধান কৃষিকর্ম, য’ত সময়মতে পানী যোগান হোৱা অতি প্রয়োজন৷ প্রায় প্রত্যেক বছৰেই উপত্যকাটোৰ বহু অঞ্চলত অত্যধিক বৰষুণ আৰু বানৰ (কেতিয়াবা বছৰত তিনিবাৰও হয়)বাবে ধান খেতিৰ সময়ত হোৱা সমস্যা নিয়ন্ত্রণাধীন হৈ পৰে৷ কেতিয়াবা বিভিন্ন অঞ্চলত খৰাংবতৰ সদৃশ অৱস্থাও হয় ফলত কিছুসংখ্যক খেতিয়কে তেওঁলোকৰ আটাইকেইডৰা মাটি ৰুবও নোৱাৰে৷বহু খেতিৰ মাটি পানীত বুৰ গৈ থকাৰ বাবে কৃষি উপযোগী নহয়৷ জলসিঞ্চন ব্যৱস্থাৰ ভালকৈ বিকাশ হোৱা নাই বাবে এনেকুৱা পৰিস্থিতিত কৃষিকার্য আগবাঢ়িব নোৱাৰে৷ খেতি–বাতিৰ ক্ষেত্রত দেখা দিয়া দুর্দশা এতিয়া যেন সাধাৰণ বার্ষিক কথা৷
বানৰ সময়ত কেনেকৈ মানুহ, ঘৰচীয়া–বনৰীয়া জীৱ–জন্তুৰ আলৈ–আথানি হয়, যাতায়াত–যোগাযোগ ব্যৱস্থা ব্যাহত হয়, কোটি টকাৰ সম্পত্তি ধবংস হয় আদি দোহৰা নিষ্প্রয়োজনীয়৷ এপ্রিলৰ পৰা ছেপ্ঢেম্বৰলৈকে বিভিন্ন ঠাইৰ ৰাস্তাৰ দুৰৱস্থা (ক্ষোভ প্রকাশ কৰিবলৈ মানুহে এনে ৰাস্তাৰ ওপৰত ভূঁই ৰোৱা দৃশ্য বাতৰিত প্রকাশ পায়), সৰু নদীৰ ওপৰৰ দুয়োফালৰ মানুহৰ একমাত্র সংযোগ–সম্বল দলং ভাগি পৰা আৰু তাৰ দ্বাৰা ৰোগীক চিকিৎসালয়লৈ নিয়াত হোৱা মর্মন্তুদ বেদনাৰ পৰা আৰম্ভ কৰি হোৱা মানুহৰ নানান আহুকাল অসমৰ সংবাদ মাধ্যমে এই সময়ছোৱাত বিশদভাৱে প্রচাৰ কৰে৷
বান হ’লে প্রত্যেক বছৰেই যুদ্ধসদৃশ তৎপৰতাৰে ৰাজ্য প্রশাসন বিভিন্ন কামত ব্যস্ত হৈ পৰে৷ বানবিধ্বস্ত অঞ্চলৰ মানুহক সাহায্য সামগ্রী যোগান ধৰা, নিৰাপদ স্থানলৈ মানুহক স্থানান্তৰ কৰা, ৰাষ্ট্রীয় উদ্যান যেনে, কাজিৰঙা আদিৰ পশু–পক্ষীৰ সুৰক্ষা নিশ্চিত কৰা, ততাতৈয়াকৈ যাতায়াত ব্যৱস্থা সুচল কৰা আদি এই সময়ত ৰাজ্য চৰকাৰৰ কাম–কাজৰ অভিন্ন অংগ হৈ পৰে৷ ৰাজ্যিক প্রশাসনৰ প্রায় আটাইবিলাক বিভাগৰ কর্মচাৰী বান সাহায্যৰ কামতেই এই কেইমাহত ব্যস্ত থকাৰ ফলত অন্যান্য কাম–কাজ ব্যাহত হয়৷ ৰাজকোষৰ পৰা এইবিলাকৰ বাবে অধিক মাত্রাত ব্যয়ও কৰিবলগীয়া হৈছে৷ চৰকাৰে বানৰ সময়ত দেখুওৱা নিষ্ঠা আৰু তৎপৰতা অক্ষুণ্ণ ৰাখি তাৰ পিছৰ সময়ছোৱাত বানবিধ্বস্ত অঞ্চলৰ নষ্ট হোৱা আন্তঃগাঁথনি মজবুত কৰাত তথা আগন্তুক বছৰৰ বাবে কি ধৰণে সাজু হ’ব লাগিব, সেই বিষয়েও মনোনিৱেশ কৰিব লাগে, যিটো সাধাৰণতে লক্ষ্য কৰা নাযায়৷
সময়ে সময়ে ভাৰতৰ চি এ জিয়ে অসমৰ বান নিয়ন্ত্রণৰ বাবে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ পর্যালোচনা Review) কৰি নানান আসোঁৱাহ আঙুলিয়াই দি আহিছে এনে আসোঁৱাহ ২০১৭ৰ পর্যালোচনাতো উল্লেখ কৰিছে যেনে, আঁচনি ৰূপায়ণৰ লেহেমীয়া গতি, কেন্দ্রীয় সাহায্য সময়মতে উপলব্ধ নোহোৱা, প্রকল্প ৰূপায়ণত অনেক অনিয়মিতা irregularity), বিনা অনুমোদনেৰে বা অযথা ব্যয় কৰা, প্রয়োজনতকৈ অধিক কর্মচাৰী ৰখা, আঁচনি ৰূপায়ণৰ সম্যক তদাৰক তথা মূল্যায়ন নোহোৱা আৰু কামৰ গুণাগুণ নিয়ন্ত্রণৰ অভাৱ lack of monitoring, evaluation and quality control ) আদি ফলত আঁচনিবিলাক নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰা নাই৷
অলপতে অসমৰ সংবাদ মাধ্যমত প্রকাশ পাইছিল যে ২০১৫–২০১৬ৰ পৰা ২০১৮–২০১৯ৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে অসমক জলসম্পদ ব্যৱস্থাপনাৰ বিভিন্ন শিতানত (বান নিয়ন্ত্রণ সম্পর্কীয় কাম–কাজকে ধৰি) প্রদান কৰা ধনৰাশিৰ প্রায় ১১.৮ শতাংশহে ব্যয় হৈছিল এই তথ্য যদি সঁচা হয়, (প্রকাশিত বাতৰিটো চৰকাৰৰ ফালৰ পৰা খণ্ডন কৰা নাই), এয়া এক অতি গম্ভীৰ বিষয়৷ কেন্দ্রীয় চৰকাৰে অতি উদ্যমেৰে সৌ সিদিনা অর্থাৎ ২০১৯ চনত আৰম্ভ কৰা জল জীৱন মিছনৰ ক্ষেত্রতো অসমত কাম–কাজবিলাক আশানুৰূপভাৱে আগবঢ়া নাই বাবে কেন্দ্রীয় চৰকাৰে অসন্তুষ্টি প্রকাশ কৰা বুলিও অলপতে সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ব্রহ্মপুত্র উপত্যকাৰ উন্নয়ন ইয়াৰ জলসম্পদৰাজিৰ সু–ব্যৱহাৰৰ লগত ওতপ্রোতভাৱে জডিত, সেয়েহে অসম চৰকাৰে এই বিষয়টোত সর্বাধিক অগ্রাধিকাৰ দিয়াৰ নিতান্তই প্রয়োজন৷
VI) ব্রহ্মপুত্র উপত্যকাৰ কিছু বৈশিষ্ট্য ঃ
ব্রহ্মপুত্র হৈছে এই উপত্যকাৰ, বিশেষকৈ অসমৰ জীৱন ৰেখা এই নদীৰ আৰু লগতে ইয়াৰ উপনৈসমূহৰ জলসম্পদ ব্যৱস্থাপনাৰ এক সামগ্রিক আঁচনিৰ অন্তর্গত বান নিয়ন্ত্রণ নহ’লে ৰাজ্য চৰকাৰৰ বিকাশমুখী প্রকল্পবিলাক (কৃষি, উদ্যোগ, পর্যটন, পথ উন্নয়ন আদি) সুকলমে ৰূপায়ণ কৰাত ব্যাঘাত জন্মি থাকিব আৰু ইয়াৰ উন্নয়ন আশানুৰূপ হ’ব নোৱাৰে৷ এই উপত্যকাত, বিশেষকৈ অসমত বহুসংখ্যক খাৰুৱা তেলৰ পুং, কয়লা খনি আৰু ঐতিহ্যমণ্ডিত স্থলও আছে আৰু ইয়াৰে কিছুমান বানধ্যুষিত অঞ্চলত অৱস্থিত৷ ভাগ্যক্রমে তুলনামূলকভাৱে উচ্চস্থানত স্থিত কাৰণেই চাহ বাগানবিলাকৰ বেছি ভাগেই বানৰ কবলত নপৰে৷ এই উপত্যকাটোৰ আৰু লগতে প্রধান নদী মহাবাহু ব্রহ্মপুত্র আৰু ইয়াৰ অসমৰ মাজেৰে বৈ যোৱা উপনৈসমূহৰ বৈশিষ্ট্যখিনি বিস্তৃতভাৱে অনেক কিতাপ–প্রতিবেদনত প্রকাশ পাইছে, গতিকে সেয়া দোহৰা নিষ্প্রয়োজন৷ তথাপি তলত উল্লেখ কৰা কথাকেইটা মন কৰিবলগীয়া–
I) ২০১৫ৰ এক চৰকাৰী প্রতিবেদন অনুসৰি ১৯৫৪ চনৰ পৰা অসমৰ ৩৮০০ বর্গকিঃমিঃৰ অধিক খেতিৰ মাটি নদীত জাহ গৈছে ( অর্থাৎ ছিকিম ৰাজ্যৰ মাটিকালিৰ আধা)৷
II) ভূ–তত্ত্ববিদসকলৰ্ মতে ব্রহ্মপুত্রৰ গতিপথ যোৱা ২৫০ বছৰত অদ্ভুতভাৱে পৰিৱর্তন হৈছে তেওঁলোকৰ মতে ছিয়াং, দিবাং আৰু লুইত মিলি যি সংগমস্থলৰ পৰা ব্রহ্মপুত্র উদ্ভৱ হৈছিল, সেই স্থানো ১৯৭৫ চনলৈ ১৬ কিঃমিঃ ভটিয়াই লাইকাঘাট পালেগৈ আৰু ২০০৫ চনলৈকে এই সংগমস্থলৰ প্রায় ১৯ কিঃমিঃ স্থানান্তৰণ হ’ল৷ তদুপৰি নদীখনৰ প্রস্থ ঠাই বিশেষে ২ কিঃমিঃৰ পৰা ১০–১১ কিঃমিঃ৷
III) বিভিন্ন চৰকাৰী প্রতিবেদনত (ৰাষ্ট্রীয় বান আয়োগৰ মতেওRashtriya Barh Ayog) প্রকাশ পোৱা মতে অসমৰ প্রায় ৩১.৬ লাখ হেক্টাৰ মাটি বানপ্রৱণ আৰু বছৰি গডে ৯.৩০ লাখ হেক্টাৰ মাটি বানে বুৰায় পেলায়৷
IV) উপত্যকাটোৰ অৱস্থিতি ভূমকম্পপ্রৱণ অঞ্চলত তথা ইয়াৰ ভূ–প্রকৃতি আপেক্ষিকভাৱে ঠুনুকা fragile) হোৱাৰ বাবে ইয়াত বৃহৎ প্রকল্প ৰূপায়ণ কৰিবলৈ যাওঁতে যথেষ্ট বিজ্ঞানসন্মত সাৱধানতা অৱলম্বন কৰিব লাগিব৷
এই পৰিপ্রেক্ষিততে কেন্দ্রীয় চৰকাৰে ২০১৭ চনৰ ডিচেম্বৰত পৃথিৱীৰ সর্ববৃহৎ জনবসতিপূর্ণ নদীদ্বীপ মাজুলীৰ উন্নয়নৰ লগতে ব্রহ্মপুত্রৰ বুকুৱেদি আভ্যন্তৰীণ জল পৰিবহণৰ উন্নয়নৰ কাৰণে কৰা ঘোষণা অতি তাৎপর্যপূর্ণ৷ ব্রহ্মপুত্রৰ খহনীয়াই ১৮৯১ চনৰ প্রায় ১,২৫৬ বর্গকিলোমিটাৰৰ পৰা ২০১৭ চনত ৫২৫ বর্গকিঃমিঃলৈ সংকুচিত কৰা মাজুলী সংৰক্ষণৰ কাৰণে কেইটামান প্রকল্প ৰূপায়ণৰ উপৰি ব্রহ্মপুত্রক ড্রেজিং কৰা, ব্রহ্মপুত্র উপত্যকাৰ নদী প্রণালীৰ বিভিন্ন দিশ অধ্যয়ন কৰিবলৈ গুৱাহাটী আই আই টিত ব্রহ্মপুত্র অধ্যয়ন কেন্দ্র স্থাপন কৰা আদি ঘোষণাৰ পৰা এনে লাগিছিল যে প্রথমবাৰৰ কাৰণে বানৰ চিৰন্তন সমস্যা সমাধানৰ ক্ষেত্রত এক পদ্ধতিগত কার্যপন্থা systematic approach) অৱলম্বন কৰিবলৈ যো–জা চলিছে৷ অসম চৰকাৰেও অসমৰ নদী প্রণালীৰ ( ব্রহ্মপুত্র আৰু বৰাক উভয় উপত্যকাতে) জলৰেখা বিষয়ক hydrological/hydrographic) বৈশিষ্ট্যসমূহ, নদীৰ ভৌতিক গতিবিধি, বিশেষকৈ জলস্তৰ, সোঁতৰ গতি, পলস–গেদৰ পৰিমাণ আৰু উৎস আদি জানিবৰ বাবে বিশেষজ্ঞৰ হতুৱাই অধ্যয়ন কৰাইছে বুলি বাতৰিকাকত পঢ়িবলৈ পাইছোঁ৷ ব্রহ্মপুত্র উপত্যকাৰ নদী প্রণালীৰ ওপৰত কৰা অধ্যয়নৰ পৰা পোৱা তথ্যই জলসম্পদ পৰিচালনাত যথেষ্ট অৰিহণা যোগাব৷ কেন্দ্রীয় জল আয়োগ Central Water Commission ) তথা অসমৰ তেজপুৰস্থিত উত্তৰ–পূব আঞ্চলিক জল আৰু ভূ–পৰিচালনা সংস্থানে North Eastern Regional Institute of Water and Land Management, Tezpur) এই বিষয়ত কৰা বিভিন্ন অধ্যয়নৰ পৰামর্শৰাজিও কামত আহিব৷ মাজুলীৰ বাবে ঘোষণা কৰা প্রকল্পবিলাক বিজ্ঞানসন্মতভাৱে ৰূপায়ণ হ’লে এই ঐতিহ্যমণ্ডিত দ্বীপটোৰ অন্ততঃ বর্তমানস্থিত ভূ–খণ্ড সংৰক্ষিত হ’ব বুলি আশা কৰিব পাৰি৷ অৱশ্যে সদ্যহতে ব্রহ্মপুত্রক ড্রেজিং কৰা কার্য বিভিন্ন কাৰণত স্থগিত কৰা হৈছে৷ (আগলৈ)

You might also like