জাৰৰ ৰাতি মোজা পিন্ধা অভ্যাস সলনি কৰক
শীতৰ ৰাতি জাৰৰ পৰা বাচিবলৈ আমাৰ বহুতেই ভৰিত মোজা পিন্ধি শোৱে। বৰ আৰাম বোধ হয়। কিন্তু এই অভ্যাস সলনি কৰাৰ দৰকাৰ৷ গোটেই ৰাতি মোজা পিন্ধি থাকিলে টোপনিত যিমান প্রভাৱ পৰে সিমানেই হৃদস্পন্দনৰ তাৰতম্যও হ’ব পাৰে।
কি কি সমস্যা হোৱাৰ সম্ভাৱনা আছে-
১) শৰাৰৰ ৰক্ত চলাচল ব্যহত হৈ থাকে। ফলত শৰীৰত ৰক্ত জমা হোৱাত বাধা পৰে।ই খুব ক্ষতিকাৰক।
২) নাইলন অথবা ছালৰ বাবে উপযুক্ত নহোৱা কাপোৰেৰে তৈয়াৰী মোজা দীর্ঘ সময় পিন্ধি থাকিলে ছালৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে। তেনেক্ষেত্রত কপাহী মোজা ব্যৱহাৰ কৰা ভাল।
৩) আমাৰ বহুতেই খুব টান মোজা পিন্ধো। তেনেক্ষেত্রত শৰীৰৰ তাপমাত্রা বাঢ়ি যাব পাৰে। টোপনিৰ সময়ত অস্বস্তি হ’ব পাৰে। সেয়ে শোৱাৰ আগতে মোজা খুলি থোৱাই ভাল।
কেনেদৰে ভৰি গৰম কৰি ৰাখিব?
শোৱাৰ আগতে গৰম তেলেৰে ভৰি মালিচ কৰক৷ কিম্বা শুবলৈ যোৱাৰ অন্ততঃ এঘণ্টা আগেয়ে কপাহী মোজা পিন্ধিব পাৰে। শোৱাৰ আগতে মোজাজোৰ খুলি থবলৈ নাপাহৰিব।