নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদায় ২০২০: স্বাগতম আশাভৰা ২০২১

-ড০ পবন কুমাৰ চহৰীয়া

সদায় প্রাণচঞ্চল পৃথিৱীখনত হঠাৎ হাহাকাৰ লাগিল৷ প্রথম খবৰটো আহিল চীন দেশৰ ঊহান চহৰৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ মাহত নৱবর্ষলৈ মাত্র কেইটামান দিন থাকোঁতে৷ এক আচৰিত ধৰণৰ শ্বাস–প্রশ্বাসজনিত ৰোগত বহুকেইজন মানুহ আক্রান্ত হৈছে, প্রচলিত কোনো ঔষধেই কাম দিয়া নাই৷ প্রথম এই খবৰ দিয়া ডাক্তৰ লি ৱেনলিঙক ভুৱা বাতৰি প্রচাৰ কৰা বুলি প্রশাসনে শাস্তিমূলক ব্যৱস্থাৰে বক্তব্য উঠাই ল’বলৈ বাধ্য কৰিলে৷ কেইদিনমান পাছতে ৱেনলিঙৰ গাতো এই বেমাৰে দেখা দিলে আৰু ফেব্রুৱাৰীৰ প্রথম সপ্তাহত ৱেনলিঙৰ মৃত্যু হ’ল৷ অলপ দিনৰ ভিতৰতে এই ৰোগে এজন–দুজনকৈ সমগ্র ঊহান চহৰ আগুৰি পেলালে৷ ৰোগৰ সংক্রমণ ৰোধ কৰিবলৈ ঊহান চহৰক সম্পূর্ণ বিচিছন্ন কৰি দিয়া হ’ল৷ কিন্তু ইতিমধ্যে পলম হৈ গ’ল৷ অত্যন্ত সংক্রমণশীল ভাইৰাছজনিত এই ৰোগে ভৌগোলিক পৰিসীমা অতিক্রম কৰি ইউৰোপ পালেগৈ৷ প্রথমে ইটালী আৰু তাৰ পাছত ইখনৰ পাছত সিখনকৈ সমগ্র ইউৰোপ ছানি ধৰিলে মাত্র এমাহৰ ভিতৰতে৷ আটলাণ্টিক পাৰ হ’বলৈও বেছি দিন নালাগিল৷ উত্তৰ–দক্ষিণ দুয়ো আমেৰিকাক কম দিনৰ ভিতৰতে এই ৰোগ আৰু ইয়াৰ পৰা হোৱা মৃত্যুৰ বিভীষিকাই কঁপাই তুলিলে৷ জানুৱাৰীৰ শেষৰ দিনাই আমাৰ দেশতো পদার্পণ কৰিলেহি৷ মার্চ–এপ্রিললৈ পৃথিৱীৰ কোনো এখন দেশেই বাদ নপৰিল৷ ক’ৰবাত কম, ক’ৰবাত বেছি৷ উন্নত বুলি গর্ব মৰা পশ্চিমৰ দেশৰ হাস্পতাল কেৱল এই ৰোগীৰে ভৰি পৰিল, ক’তো খালী বিছনা নোহোৱা হ’ল৷ ৰোগৰ কোনো প্রমাণিত ঔষধ নাই, কেৱল পৰীক্ষামূলক দৰব, পৰিচর্যা আৰু প্রয়োজনত অক্সিজেনৰ যোগান৷ হাস্পতাললৈ চিকিৎসা কৰিবলৈ যোৱা ককা–আইতা, দেউতা–খুডা বহুতেই আৰু ঘৰলৈ উভতি নাহিল৷ এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময়তো মাত দিবলৈ পুত্র–কন্যা, নাতি–নাতিনী ওচৰত কাকোৱেই নাপালে৷ নিজৰ শুই থকা বিছনাখনকে কফিন কৰি মৃত দেহেৰে অকলেই যাব লগা হ’ল কোনো অজ্ঞাত স্থানত হেজাৰজনৰ লগত একেলগে চিৰনিদ্রাত ঘুমটি যাবলৈ৷ পৰদেশত যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকৰ সমাধিস্থল উলিওৱাৰ দৰে কোনো আত্মীয়ই হয়তো ভৱিষ্যতে উলিয়াব সেই স্থান৷ সকলোতে এক কল্পনা কৰিব নোৱাৰা পৰিৱেশ৷ কত পৰিয়ালৰ সুখৰ সংসাৰ ছাৰখাৰ হ’ল, কত সপোন মৰহি গ’ল৷ ডাক্তৰ, নার্ছ, চিকিৎসাকর্মীৰ পৰা আৰম্ভ কৰি পুলিচ, ৰাজনীতিবিদ কোনো বাদ নপৰিল৷ পৃথিৱীৰ নগৰ–চহৰে কেৱল এই ৰোগ, ই কঢ়িয়াই অনা ভয় আৰু মৃত্যুৰ বিভীষিকা৷ ভাইৰ’লজিষ্ট, সংক্রমণ ৰোগ বিশেষজ্ঞ, ডাক্তৰ সকলো অসহায় এই অচিন ভাইৰাছৰ সন্মুখত৷ দৰব আৰু প্রতিষেধক নোলোৱাপর্যন্ত সন্মুখত এটাই বাট৷ যিকোনো উপায়ে ইয়াৰ গতি ৰুদ্ধ কৰিবই লাগিব, ইয়াৰ সংক্রমণৰ শৃংখল ছিঙিবই লাগিব৷ বিশেষজ্ঞৰ পৰামর্শ– এই শৃংখল ছিঙিবলৈ বন্ধ কৰি দিয়া যাওক মানুহে মানুহৰ সংস্পর্শলৈ আহিব পৰা সকলো ক্রিয়া–কলাপ৷ মার্চৰ দ্বিতীয় ভাগৰ পৰা আৰম্ভ হ’ল এই লকডাউন৷ ইখনৰ পাছত সিখনকৈ প্রাণচঞ্চল এই পৃথিৱীৰ সকলো দেশলৈ প্রৱাহিত হ’ল এই লকডাউন৷ বন্ধ হ’ল স্কুল–কলেজ, কল–কাৰখানা, ৰে’ল,বাছ, উৰাজাহাজ, হোটেল, ৰেষুটৰেণ্ট, দোকান–পোহাৰ, চিনেমা–থিয়েটাৰ সকলো৷ বন্ধ হ’ল দুখীয়া দেশৰ অজস্র মানুহৰ চৰুৰ তলৰ জুই, বন্ধ হ’ল সদায় উপেক্ষিতসকলৰ উপার্জনৰ সকলো বাট ৷ হেজাৰ–বিজাৰ মানুহেৰে অনবৰত গিজগিজাই থকা ব্যস্ত নগৰীৰ জনপথ জনশূন্য হ’ল৷ কেউফালে জীৱন যেন স্তব্ধ৷ চকুৰে মণিব নোৱাৰা এক ভাইৰাছৰ সন্মুখত বুদ্ধিমান বুলি গর্ব কৰা জীৱ ভয়ত ত্রস্তমান, স্তব্ধ৷
কিন্তু এক মুহূর্তৰ বাবেও স্তব্ধ নহ’ল আন এক স্থান বিজ্ঞানীৰ বিজ্ঞানাগাৰ৷ বৰং আগতকৈও বহুগুণে বেছি উৎসাহ আৰু ব্যস্ততাৰে ৰাতি–দিন একাকাৰ কৰি এক দুৰন্ত গতিত চলিল এই ভাইৰাছৰ বিৰুদ্ধে অভিযান৷ কাৰণ তেওঁলোকে ভালদৰে বুজিছিল যে মানুহে সন্মুখীন হোৱা এই হতাশজনক আৰু ভয়াৱহ পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ এটাই বিশ্বস্ত পথ আছে, সেয়া হ’ল বিজ্ঞানৰ পথ৷ বিজ্ঞানৰ বাহিৰে আন একোৱেই ইয়াৰ পৰা মানৱক উদ্ধাৰ কৰিব নোৱাৰে৷ এই ৰোগে প্রথম দেখা দিয়াৰ পৰা এমাহৰো কম সময়ৰ ভিতৰতে জানুৱাৰী মাহত ইয়াৰ আচল কাৰণ নির্ণয় কৰাত তেওঁলোক সফল হ’ল ৷ ইতিপূর্বে পৃথিৱীত কেইবাবাৰো দেখা দিয়া ক’ৰোনা ভাইৰাছ নামৰ এক ভাইৰাছৰ ই এক নতুন সংস্কৰণ৷ নাম দিলে ইয়াৰ SARS-Cov2৷ ইয়াৰ মাত্র এদিন নে দুদিন পাছতে এই ভাইৰাছৰ সম্পূর্ণ জেনেটিক প্রফাইল ইণ্টাৰনেটত প্রকাশ কৰিলে চীন–ষ্ট্রেলিয়াৰ এক যুটীয়া গৱেষকৰ দলে আৰু পৃথিৱীৰ সকলো দেশৰ গৱেষকে নিমিষতে লাভ কৰিলে এই অমূল্য তথ্য৷ গতিকে ইয়াৰ বিৰুদ্ধে যুঁজাৰ পথ প্রশস্ত হ’ল৷ দুটা দশক আগতে যদি এই ভাইৰাছেআক্রমণ কৰিলেহেঁতেন, তেনেহ’লে কিন্তু ইমান সোনকালে এই জেনেটিক প্রফাইল সম্ভৱ নহ’লহেঁতেন৷ জেনেটিক প্রফাইল প্রকাশ হোৱাৰ কেইদিনমান পাছতে ইয়াৰ নতুন আৰু কম খৰচতে কৰিব পৰা ডায়েগ্ণ’ষ্টিক টেষ্টো উদ্ভাৱন হ’ল৷ সমান্তৰালভাৱে এই ভাইৰাছ কেনেকৈ ইজনৰ পৰা সিজনলৈ বিয়পে তাৰো পৰীক্ষা–নিৰীক্ষা বহু ভুল–ভ্রান্তিৰ মাজেৰে চলি থাকিল৷ ফেব্রুৱাৰী মাহতে বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে এই ভাইৰাছে কি প্রক্রিয়াৰে কিদৰে দেহৰ কোষৰ ভিতৰত আক্রমণ কৰে৷ তেওঁলোকে আৱিষ্কাৰ কৰিলে যে মানৱ দেহৰ কিছুমান অংগ যেনে– হাওফাঁও, পাচননলী ইত্যাদিৰ জীৱকোষৰ পৃষ্ঠভাগত থকাACE2 নামৰ এক প্র’টিন অণুৰ লগত এঠা লগাদি লাগি এই ভাইৰাছে দেহৰ কোষৰ ভিতৰত প্রৱেশ কৰে৷ এই প্রৱেশত ভাইৰাছটোৰ পৃষ্ঠভাগত থকা প্র’টিনৰ এক হুল বা শিঙে spike) সহায় কৰে৷ এইACE2 নামৰ প্র’টিন অণুবোৰ যেন আমাৰ দেহৰ কোষবিলাকৰ একো একোডাল এণ্টেনা আৰু ক’ৰোনা ভাইৰাছ যেনিবা ক’ৰবাৰ পৰা ভাহি অহা এটা ছিগনেল৷ এই ছিগনেলে এণ্টেনাৰ সংস্পর্শলৈ আহিলেই তাত জোকৰ দৰে লাগি মানৱ কোষৰ ভিতৰলৈ সোমায়৷ এবাৰ সোমোৱাৰ পিছত ইয়াৰ গতি ৰুদ্ধ কৰা কঠিন হৈ পৰে৷ ইয়াৰ আগতে ২০০৩ চনত ক’ৰোনা ভাইৰাছৰ এক পূর্বৱর্তী ৰূপেও কেইখনমান দেশত এক ত্রাস সৃষ্টি কৰিছিল৷ কিন্তু সেইবাৰৰ ভাইৰাছৰ তুলনাত এইবাৰৰ ভাইৰাছটোৰ হেনো এই লাগি ধৰিব পৰা ক্ষমতা প্রায় দহগুণমান বেছি৷ সেয়েহে ইয়াৰ প্রবল সংক্রমণ আৰু আক্রমণ৷ এক সাধাৰণ পৰিৱেশৰ সময়ত হোৱা হ’লে এনেকুৱা আৱিষ্কাৰসমূহৰ কাৰণেও বছৰদিয়েক লাগিলহেঁতেন৷
পৃথিৱীৰ সমগ্র জনতাই একেলগে চিঞৰিলে, ভেকচিন লাগে, আমাক ভেকচিন লাগে৷ কিন্তু ভেকচিন এনেকুৱা এটা বস্তু নহয় যে ই পকেটত আছে, পকেটৰ পৰা উলিয়াই দিলেই হ’ল৷ কি প্রযুক্তিৰ সহায়ত ভেকচিন প্রস্তুত কৰিব তাৰ চিনাক্তকৰণ, প্রস্তুতকৰণ, মানুহৰ গাত কোনো হানি নোহোৱাকৈ দিব পৰা পৰীক্ষা safety test), ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতাৰ পৰীক্ষা efficacy test) ইত্যাদি সাধাৰণতে কেইবাবছৰো লগা নানা পৰীক্ষাৰ এক দীঘলীয়া প্রক্রিয়াৰ অন্তত ভেকচিন এটা মানুহৰ মাজত মুকলি কৰি দিব পৰা হয়৷ জেনেটিক প্রফাইল ওলোৱাৰ ঠিক পিছতে ফেব্রুৱাৰীৰ পৰাই কেইবাটাও কোম্পানীয়ে নতুন ভেকচিন আৱিষ্কাৰৰ কামত যুদ্ধকালীন ক্ষিপ্রতাৰে নামি পৰিল৷ যুদ্ধকালীন ক্ষিপ্রতা বুলি ক’লেও সঠিক নহ’ব, তাতকৈও বেছি, ভৱিষ্যতে কোনোবাই হয়তো ইয়াৰ উদাহৰণ দি ক’ব ক’ৰোনাকালীন ক্ষিপ্রতা বুলি৷ কেইবাটাও কোম্পানীয়ে ভেকচিন প্রস্তুতৰ প্রতিষ্ঠিত আৰু পুৰণি পদ্ধতিৰে আগবাঢ়িল৷ ইয়াৰ বিপৰীতে আমেৰিকান কোম্পানী ফাইজাৰ আৰু মডার্নাই এক নতুন পদ্ধতি অৱলম্বন কৰি আগবাঢ়িল৷ সকলোৰে সন্মুখত এক প্রত্যাহ্বান কোনে সোনকালে আৰু আটাইতকৈ বেছি কার্যকৰী আৰু পার্শ্বক্রিয়া নোহোৱা ভেকচিন প্রস্তুত কৰিব পাৰে৷ বিভিন্ন স্তৰৰ পৰীক্ষাত অতি সোনকালে যোৱা এপ্রিল মাহৰ পৰাই বহুকেইটা স্থানৰ পৰা ভাল খবৰ আহিবলৈ ধৰিলে৷ মানুহৰ মুখলৈ পানী আহিল, অন্ধকাৰ সুৰংগৰ শেষত কিছু আশাৰ ৰেঙনি দেখিবলৈ পালে৷ সকলোতকৈ আগবাঢ়িল নতুন প্রযুক্তিৰে MRNA) আগবঢ়া ফাইজাৰ আৰু মডার্না৷ নৱেম্বৰ মাহত তেওঁলোকে প্রকাশ কৰিলে যে দুয়োটা প্রতিষ্ঠানে প্রস্তুত কৰা ভেকচিনৰ কার্যকাৰিতা প্রায় ৯৫ শতাংশ৷ ইমানখিনি কোনোৱে আশা কৰা নাছিল, আশাতকৈ এয়া বহুত বেছি৷ সকলো প্রত্যাহ্বান নেওচি ডিচেম্বৰ মাহৰ দ্বিতীয় ভাগত ফাইজাৰে নতুন প্রযুক্তিৰে প্রস্তুত কৰা ভেকচিন ইংলেণ্ড আৰু আমেৰিকাত মানুহৰ গাত প্রয়োগ কৰা হ’ল৷ এই মুহূর্তত প্রায় এশৰো অধিক ভেকচিন বিভিন্ন পৰীক্ষাৰ স্তৰত৷ আমাৰ দেশত প্রস্তুত কৰা ভেকচিনো মানৱ দেহত পৰীক্ষাৰ প্রায় শেষ পর্যায়ত৷
বিজ্ঞানৰ ইতিহাসত ইমান ক্ষিপ্র গতিৰে অন্ধকাৰাচছন্ন অৱস্থাৰ পৰা আৰম্ভ কৰি ইমান কার্যকৰী সফল ভেকচিন প্রস্তুত কৰাৰ উদাহৰণ পাবলৈ নাই৷ সাধাৰণতে নতুন ভেকচিন প্রস্তুত কৰিবলৈ খুব কমেও ছয়–সাত বছৰৰ প্রয়োজন৷ এয়া সম্ভৱ হৈছে এই বিষয়ৰ সকলোবোৰ গৱেষণা প্রতিষ্ঠান, কোম্পানী, বিশ্ববিদ্যালয়ে সকলো তথ্য আৰু গৱেষণা প্রবন্ধ সকলোৰে বাবে সহজে আৰু বিনামূলীয়াকৈ উপলব্ধ কৰি আৰু মুকলিমূৰীয়াকৈ সহযোগিতাৰ মনোভাবেৰে এই যুদ্ধত অৱতীর্ণ হোৱা কাৰণেহে৷ মানৱৰ এক সমূহীয়া শত্রুৰ বিৰুদ্ধে তেনেকুৱা যুদ্ধ আমি কেৱল চিনেমাতহে দেখিবলৈ পাইছিলোঁ৷ এই সফলতা সঁচাকৈয়ে অভিনৱ, চমৎকাৰ৷ দেখাত যদিও এয়া জীৱবিজ্ঞানী, ভাইৰাছ বিশেষজ্ঞ, মহামাৰী বিজ্ঞানী, চিকিৎসা বিজ্ঞানী আদিৰ সাফল্য যেন লাগে, কিন্তু আচলতে এয়া বিজ্ঞানৰ এক উমৈহতীয়া সফলতা৷ অৱশ্যে এইটো ঠিক যে জীৱবিজ্ঞানীসকলৰ ইয়াত কৃতিত্ব অধিক৷ এজন জ্যোতির্বিদ বা তাত্ত্বিক পদার্থবিজ্ঞানী প্রত্যক্ষভাৱে এই প্রয়াসত জডিত নহয়, তথাপি ইয়াত তেওঁলোকৰো এক পৰোক্ষ অৱদান নথকা নহয়৷ জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, পদার্থবিজ্ঞান, গণিত আদি কৰি বিজ্ঞানৰ সকলো বিভাগ লগ লাগি যি এক উমৈহতীয়া বিশ্বজনীন পৰিৱেশ গঢ়ি তুলিছে, সেই পৰিৱেশেহে এই কার্য সম্ভৱপৰ কৰি তুলিছে৷ আধুনিক বিজ্ঞানৰ উৎকর্ষৰ ইতিহাসৰ লগত কিছু চিনাকি থাকিলে এই কথা সহজে প্রতীয়মান হয়৷ যোৱা বছৰটোত ক’ভিড–১৯এ সৃষ্টি কৰা সন্ত্রাস আৰু ইয়াৰ লগত কৰা আমাৰ এই যুঁজখনে বহুত নতুন প্রশ্ণৰ অৱতাৰণা কৰিলে আৰু মানুহক এক শিক্ষা দিলে৷ দুখন দেশৰ মাজত থকা ভৌগোলিক সীমাৰেখাডাল বা কোনে কোনজন ভগৱানক পূজা কৰে সেইবোৰ মানৱ জাতিৰ প্রধান সমস্যা নহয়, মানুহৰ কোনো কাৰো শত্রু নহয়৷ মানৱ সভ্যতা ধ্বংস কৰিব পৰা আচল শত্রু লুকাই আছে আমাৰ সন্মুখতে৷ এই শত্রু নতুন ৰূপত নতুন বলেৰে আকৌ অৱতীর্ণ হ’ব আমাৰ সন্মুখত, এয়া জৈৱ–বিৱর্তনৰ নিয়ম৷ গতিকে সন্মুখৰ পথ বিপদমুক্ত নহয়, বহুত অনিশ্চয়তাৰে ভৰা এই পথ৷ এই অনিশ্চয়তাৰ মাজেৰে আহি আহিয়ে মানৱে আজিৰ ৰূপ পাইছে৷ অৱশ্যে এই অনিশ্চয়তা বিজ্ঞানৰ চিৰন্তন লগৰী, এই অনিশ্চয়তাই বিজ্ঞানক দিছে এক নিজস্ব বৈভৱ আৰু গৰিমা৷
আমি আজি লক্ষজনক হেৰুৱালোঁ, কাল ক’ভিডে লক্ষজনক আমাৰ মাজৰ পৰা কাঢ়ি নিলে৷ এক নির্দয় ২০২০এ বহুতৰ সপোন চূৰমাৰ কৰিলে, লক্ষ লক্ষ পৰিয়ালে জীৱনৰ ছন্দ হেৰুৱালে৷ হেৰুওৱাসকলক আমি ওভতাই আনিব নোৱাৰোঁ, দুর্ভগীয়া পৰিয়ালবোৰৰ চকুপানী সোনকালে নুশুকায়৷ কিন্তু এই চৰম হতাশজনক পৰিস্থিতিৰ মাজতো বিজ্ঞানে বছৰটোৰ শেষত আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিলে, এক সফলতাৰ হঁাহি আকৌ এবাৰ অপৰাজেয় মানুহৰ মুখত বিৰিঙি উঠিল৷ এই আশা, হঁাহি আৰু বিজ্ঞানৰ ওপৰত পৰম আস্থাৰে নতুন বছৰ ২০২১ক স্বাগতম জনাওঁ আহক৷

You might also like