বিবিধ আঁচনিৰ জৰিয়তে হিতাধিকাৰীলৈ নগদ ধন(Direct Cash Transfer) অথবা বিনামূলীয়াকৈ সামগ্রী–সেৱা(Cash in Kind) আগবঢ়োৱাটো এটা চৰকাৰী নীতি হৈ পৰিছে৷ মহিলাসকলৰ বাবে ক্ষুদ্র ঋণ ৰেহাই দিয়া নির্বাচনী প্রতিশ্রুতি নগদ ধন প্রদানৰ নামান্তৰ৷ চৰকাৰখনে এই প্রতিশ্রুতি পালনৰ দিশে আগবঢ়াৰ লগে লগে এটা মহলত বিতর্ক আৰু আপত্তিৰ সূচনা হৈছে৷ আপত্তি কৰাসকলৰ মূল কাৰণটো হৈছে যে তেওঁলোকে দিয়া কৰ–কাটলৰ পৰা চৰকাৰে এনেধৰণে হিতাধিকাৰীক ধন দিয়াটো এটা অযথা ব্যয়৷ ফলত আন উন্নয়নমূলক কাম–কাজৰ বাবে অর্থৰ অভাৱ হ’ব৷ এচামে সংবাদ–সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰাৰ উপৰি হিতাধিকাৰকো কটু কথা শুনাই বা কটাক্ষ কৰি আছে যে বহি বহি খোৱাৰ প্রৱণতা বাঢ়িব, এইচাম ধোদ হ’ব৷ আপাততঃ এই সমালোচনাৰ ভিত্তি থকা যেন লাগে৷ কিন্তু দৰাচলতে উন্নয়নৰ সৈতে জডিত পৃথিৱীৰ আগশাৰীৰ বিশেষজ্ঞসকলৰ মতামত সুকীয়া৷
এই কথা সুকীয়া যে কোনে অগ্রাধিকাৰ পাব, ধনৰ যোগাৰ ক’ৰ পৰা হ’ব ইত্যাদি লৈ সুস্থ বিতর্ক বা আলোচনাৰ প্রয়োজন আছে৷ কিন্তু আমাৰ সমালোচনা ব্যক্তিগত পূর্বনির্ধাৰিত ধাৰণা আৰু পক্ষপাতিত্বৰ দ্বাৰা ইমানকৈ প্রভাৱিত হয় যে সম্যক বিতর্ক নহয়৷ সামগ্রিক ক্ষতিহে হয়৷
কিছু সমালোচকৰ হয়তো ধাৰণা নাই যে যোৱা দশকটোত হিতাধিকাৰীলৈ নগদ ধন বা বিনামূলীয়াকৈ সামগ্রী–সেৱা আগবঢ়োৱাটো বিশ্বৰ ধনী–দুখীয়া বা সৰু–বৰ বহু দেশৰ জনকল্যাণ আৰু অর্থনৈতিক উন্নয়নৰ নীতি আৰু কৌশল হৈ পৰিছে৷ অক্সফ’ডকে ধৰি বহু বিশ্ববিদ্যালয়ৰ অর্থনীতিবিদ আৰু বিষয় বিশেষজ্ঞই বহু গৱেষণা কৰিছে৷ এই ধৰণৰ গৱেষণাসমূহ পৰীক্ষাগাৰত কৰা নাযায় বৰং সমাজত বা মানুহৰ মাজত কৰা হয়৷ ৰাষ্ট্রসংঘ, বিশ্ববেংক আৰু আন আন অর্থ–সাহায্য দিয়া এজেন্সীয়ে আজিকালি হিতাধিকাৰীক বিনাচর্তে নগদ ধন দিয়াটোহে আটাইতকৈ কার্যকৰী উপায় বুলি পোষকতা কৰিছে৷ চর্ত সাপেক্ষে, যেনে– শিক্ষা বা স্বাস্থ্য বা কৃষিমূলক কামত ব্যয় কৰিব লাগিব বুলি ধন দিয়া(Conditional Cash Transfer)ৰ এটা প্রতিষ্ঠিত নীতি৷ বর্তমান বিনাচর্তে যি ধৰণে হিতাধিকাৰীয়ে খৰচ কৰিব খোজে, কৰিব পাৰিব বুলি নগদ ধন দিয়া(Unconditional Cash Transfer)ৰ জৰিয়তেহে অর্থনৈতিকভাৱে দুর্বল ব্যক্তি বা পৰিয়ালটোৰ অধিক সামগ্রিক উন্নয়ন হয় বুলি গৱেষণাসমূহত ওলাইছে৷ ইযাৰ এটা প্রধান কাৰণ চৰকাৰী উন্নয়নমূলক আঁচনি বা প্রকল্পত অর্থৰ অপচয় হয়৷ ৰঙা ফিতাৰ মেৰপাক আৰু দুর্নীতি ইমান হয় যে কার্যক্ষেত্রত প্রকল্প একোটা সময়ত নহয় আৰু হৈ উঠাৰ পাছতো বিশেষ একো লাভ নহয়৷ এনে অভিজ্ঞতা ৰাইজৰ দৈনন্দিন৷
সমান্তৰালভাৱে প্রতিজনৰে সর্বজনীন নূ্যনতম আয়(Universal Basic Income) মানৱাধিকাৰ বুলি এক ধাৰণাৰ উদ্ভৱ হৈছে৷ আফ্রিকাৰ দুখীয়া দেশৰ পৰা ইউৰোপ–আমেৰিকাৰ ধনী দেশলৈ, কেনিয়াৰ পৰা কেলিফ’র্নিয়ালৈকে, সার্বজনীন নূ্যনতম আয়ৰ পৰীক্ষামূলক ৰূপায়ণ হৈছে৷ ইউৰোপৰ কেইবাখনো দেশত, যেনে– ফিনলেণ্ড, জার্মানী আদিত সার্বজনীন নূ্যনতম আয়ৰ পৰীক্ষামূলক ৰূপায়ণ হৈছে৷ ইউৰোপৰ আন বহুকেইখন দেশত এই ধাৰণা গা কৰি হৈছে৷ গ্রেট ব্রিটেইনৰ অন্যতম এখন দেশ ৱেল্ছত অচিৰে সার্বজনীন নূ্যনতন আয় ৰূপায়ণ কৰা হ’ব৷
দেখা হৈছে যে অভাৱত ভোগাজনক বিনাচর্তে নগদ ধন দিয়াটোহে জনকল্যাণৰ নামত ধার্য ৰাজহৰ কার্যকৰী আৰু উত্তম ব্যৱহাৰ৷ ইয়াৰ ফলত মানুহৰ সুখ–শান্তি বাঢ়িছে আৰু সামগ্রিক উৎকর্ষ হৈছে৷ হিতাধিকাৰীসকল ধোদৰ পচলা হোৱা নাই বৰং কাম–কাজত মনোনিৱেশহে কৰিছে৷ হিতাধিকাৰীক ধন দিলে ধনৰ অপব্যৱহাৰ বা ধোদৰ পচলা সৃষ্টি নহয় এনে ফলহে গৱেষণাবোৰত ওলাইছে৷
বর্তমান ক’ৰোনা পৰিস্থিতিত পৃথিৱীৰ বহু ধনী দেশে ব্যাপক পর্যায়ত নাগৰিকক নগদ ধন দিছে৷ ক’ৰোনা পৰস্থিতিৰ পৰিপ্রেক্ষিতত স্পেইনে সার্বজনীন নূ্যনতন আয় বাস্তৱায়িত কৰাৰ পৰিকল্পনা খৰতকীয়া কৰিছে৷
যোৱা মার্চ মাহলৈ অসমত ২৬ লাখ (৪৫ লাখ একাউণ্ট) মহিলাই প্রায় ১২,৫০০ কোটি টকাৰ ক্ষুদ্র ঋণ (মূল আৰু সুদ) পৰিশোধ কৰিবলৈ বাকী আছে৷ ১০.৮২ লাখে ২৫,০০০তকৈ কম আৰু ৬.৮৯ লাখে ২৫,০০০ৰ পৰা ৫০,০০০ ভিতৰত ঋণ পৰিশোধ কৰিবলগীয়া আছে৷ ৫.৫৮ লাখে ৫০,০০০ৰ পৰা এক লাখলৈ, ১.২৫ লাখে ১ লাখৰ পৰা ১.২৫ লাখলৈ আৰু ১.৬৯ লাখে ১.২৫ লাখৰ ওপৰত ঋণ পৰিশোধ কৰিবলগীয়া আছে৷ নিঃসন্দেহে উচ্চ হাৰত ঋণ ল’বলগীয়া হোৱা এগৰাকী মহিলা অতিকৈ অভাৱী৷ কোনো ধৰণৰ ৰঙা ফিতাৰ মেৰপাক নোহোৱাকৈ এইসকল হিতাধিকাৰীক সহজে চিনাক্ত কৰিব পাৰি৷ প্রতিগৰাকীকে ঋণ ৰেহাই দিব পাৰিবনে সেয়া চৰকাৰৰ বিত্তীয় অৱস্থাৰ বিষয়৷ কিন্তু নীতি বা কৌশলৰ দিশৰ পৰা ই একমাত্র ভাল ৰাজনীতিয়ে নহয়, বৰং উন্নয়নমূলক অর্থনৈতিক নীতিও৷ নিশ্চয়কৈ অভাৱী মহিলাসকলৰ গৰিষ্ঠসংখ্যকক সাঙুৰি ল’ব পৰা ধৰণৰ কৌশল কল্যাণকামী হ’ব৷ ইয়াৰ মাজত বিত্তৱান যিসকলে ঋণ পৰিশোধ কৰিবলৈ সক্ষম, তেওঁলোকে অগ্রধিকাৰ নাপাব পাৰে বা সকলোকে এটা পৰিমাণৰ সকাহ দিয়া বা মূলৰ পৰিৱর্তে সুদখিনিহে বহন কৰা বা সুদৰ পৰিমাণ হ্রাস কৰা হ’ব ইত্যাদি বিকল্প চৰকাৰৰ বিত্তীয় অৱস্থা অনুসৰি বিবেচনা হ’ব পাৰে৷ কিন্তু আজিৰ ক’ভিড–১৯ পৰিস্থিতিত মহিলাক উচ্চ সুদৰ ক্ষুদ্র ঋণৰ পৰা সকাহ দিয়াটো এনে এক নীতি যাৰ প্রভাৱ শুভ হ’ব৷
বিশ্ববেংকৰ মানৱ সম্পদ প্রকল্প(Human Capital Project) নামেৰে এটা প্রকল্প আছে৷ তেওঁলোকে মানৱ সম্পদ বিকাশৰ এক সূচকাংক ব্যৱহাৰ কৰে৷ ২০১৮ চনৰ বাবে ইয়াক যুগুতাই তোলা হৈছিল৷ এই সূচকাংকই আজি জন্মগ্রহণ কৰা শিশু এজন ডাঙৰ হ’লে কিমান উৎপাদনশীল হ’ব সেয়া সূচিত কৰে৷ ভাৰতৰ এই সূচকাংক ৪%৷ অর্থাত শিশুটিৰ সম্ভাৱনা ৪%হে বিকশিত হ’ব৷ উপযুক্ত শিক্ষা–দক্ষতা আহৰণ বা সুস্বাস্থ্যৰ অধিকাৰী হোৱা হ’লে উৎপাদনশীলতা অধিক হ’লহেঁতেল৷ এয়া ক’ভিড–১৯ পৰিস্থিতিৰ আগৰ হিচাপ৷ আজি পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে৷
মহিলা আৰু শিশুৰ বাবে কৰা বিনিয়োগ মানৱ সম্পদ বিকাশৰ বাবে অটাইতকৈ প্রশস্ত৷ দেশ এখনৰ নিবনুৱা সমস্যা সমাধান আৰু অর্থনৈতিক বিকাশৰ বাবে মানৱ সম্পদৰ বিকাশ এতিয়া প্রয়োজনীয়৷ এই শিতানত চৰকাৰী ধন বিনিয়োগৰ আটাইতকৈ প্রশস্ত উপায় হৈছে চর্তবিহীন নগদ ধন প্রদান৷
উন্নয়নমূলক কাম–কাজ বুলিলে সাধাৰণতে আমি চৰকাৰী পৃষ্ঠপোষকতাত বিশেষ প্রকল্পৰ মাজেৰে ৰূপায়ণ কৰা অর্থনৈতিক আঁচনিসমূহক বুজোঁ৷ এই ধৰণৰ প্রকল্পভিত্তিক কাম–কাজ আনকি নিয়মীয়া চৰকাৰী কাম–কাজসমূহ দুর্নীতিৰ গ্রাসত৷ প্রকল্প সফল ৰূপায়ণৰ ক্ষেত্রত ৰাজ্যৰ দক্ষতা আৰু সামর্থ্যৰ অভাৱেও দুর্নীতি বঢ়ায়৷ মুঠতে চৰকাৰী কাম–কাজত, স্কুল, হাস্পতাল, কল–কাৰখানা আদি যিয়েই নহওক কিয়, উৎপাদনশীলতা অতি কম৷ হিতাধিকাৰীক অর্থনৈতিক হিতসাধন এটা প্রশস্ত নীতি, যি আজি সমগ্র পৃথিৱীৰ চৰকাৰসমূহৰ মনোযোগ আকর্ষণ কৰিছে৷ হিতাধিকাৰীয়ে নিজেই সিদ্ধান্ত ল’ব সন্তানক পঢুৱাব নে নপঢুৱায়৷ যদি পঢ়ুৱায়, ক’ত পঢ়ুৱাব৷ কি কিনিব বা নিকিনিব৷ সঞ্চয় কৰিবনে আটাইখিনি খৰচ কৰিব৷ ইয়াৰ ভিত্তি হৈছে মানুহে নিজৰ কল্যাণ নিজে বিচাৰ কৰিবলৈ সক্ষম৷ ইয়াত আনৰ নীতি জ্ঞান বা নির্দেশ নালাগে৷
ইয়াৰ বিপৰীতে হিতাধিকাৰীৰ প্রতি এচামে এক অৱমাননা মনোভাব পোষণ কৰে৷ ৰাজনৈতিক দলৰ চাতুৰি বুলি ভাবে৷ ৰাজনৈতিক দল যি এই নামৰ যোগ্য, তেনে দলৰ কামেই হৈছে ভোটদাতাৰ বিশ্বাস আহৰণ৷ ইয়াৰ কাৰণে আটাইতকৈ প্রশস্ত উপায়েই ল’ব৷ সেই উপায়টো যদি অর্থনৈতিক নীতি ৰূপেও মান্যতাপ্রাপ্ত হয়, তেনেহ’লে বিৰোধিতা কৰাৰ স্থল নাথাকে৷
এইখিনিতে আন এটা কথাও প্রণিধানযোগ্য৷ হিতাধিকাৰী কোনো নহয়? আটাইতকৈ বিয়াগোম হিতাধিকাৰী হৈছে বহু চৰকাৰী বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰসকল৷ কাৰণ গৰিষ্ঠসংখ্যকৰ উৎপাদনশীলতা প্রায় শূন্য৷ দৰমহাতকৈ তেওঁলোকৰ পৰা কাম আদায়ৰ পৰিমাণ বা ফলাফল কম৷ এওঁলোকহে চৰকাৰৰ স্থায়ী হিতাধিকাৰী৷ ৰাইজৰ ৰাজহৰ ধনেৰে জীৱিকা নির্বাহ কৰি আছে৷ আজি পাঁচ বছৰমান আগলৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰা প্রতিজনেই চৰকাৰী অনুদান গ্রহণ কৰি আছিল৷ এনেস্থলত আমি প্রায় প্রত্যেকেই একোজন হিতাধিকাৰী৷ ক্ষুদ্র ঋণগ্রস্ত মহিলাসকলৰ ঋণ মাফ হ’লে তেওঁলোকে পোৱা হিতৰ পৰিমাণ উৎপাদনশীলতা প্রায় নথকা চৰকাৰী চাকৰিয়ালসকলতকৈ কমহে হ’ব৷ বৃহৎ হাৰত ঋণ লোৱাসকলে নানান কাৰচাজিৰে ঋণ আদায় নিদিয়াৰ প্রসংগ নানিলোৱেই বা৷ উৎপাদনশীলতাৰ আন এক মাপকাঠী হৈছে ব্যক্তি এজনে আয়কৰ দিয়ে নে নিদিয়ে৷ ২০১৮–১৯ চনৰ বাবে (১ ফেব্রুৱাৰী, ২০২০ পর্যন্ত) ভাৰতৰ মাত্র ৫.৭৮ কোটি লোকেহে আয়ৰ হিচাপ দাখিল কৰিছিল আৰু ইয়াৰ ১.৪৬ কোটি জনসংখ্যাৰ মাথোঁ % নাগৰিকেহে পাঁচ লাখৰ ওপৰত বছৰি আয় দাখিল কৰি আয়কৰ দিছিল৷ এই হিচাপ চালে সমালোচকৰ বুজনসংখ্যকে যে আয়কৰ নিদিয়ে, অনুমান কৰাটো কঠিন নহয়৷ কিন্তু সমালোচনাৰ অধিকাৰ সকলোৰে আছে৷ কিন্তু শেহতীয়া অর্থনৈতিক ভাবধাৰ বাদ দি কৰিলে ফলপ্রসূ নহ’ব৷
ঠিক তেনেধৰণে তৃণমূল পর্যায়ৰ ৰাজহুৱা সংগঠন, যেনে– নামঘৰ, মন্দিৰ–মছজিদ, ক্লাব আদিকো নগদ অনুদান দিয়াটো অর্থৱহ৷
সকলো বিষয় আপেক্ষিক৷ এইটো নুবুজায় যে চৰকাৰে ৰাস্তা–ঘাট নির্মাণ আদি অর্থনৈতিক বুনিয়াদ গঢ়ি তোলা কাম বাদ দি হিতাধিকাৰী আঁচনিতেই সমস্ত ধন ব্যয় কৰিব৷ হিতাধিকাৰীক নগদ ধন দিয়া নীতি জনকল্যাণৰ আন উপায়সমূহতকৈ প্রত্যক্ষ হিত সাধনৰ ক্ষেত্রত অধিক কার্যকৰী আৰু অর্থৱহ৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্রত মহিলা আৰু শিশুৰ বাবে বিনিয়োগ অধিক কার্যকৰী আৰু অর্থৱহ৷ এয়া যদি চর্তবিহীন নগদ ধন দিয়াৰ দৰে সহজ উপায়েৰে কৰিব পৰা বিধৰ হয়, তেনেহ’লে মাজৰ চৰকাৰী মধ্যভোগী বিষয়া–কর্মচাৰীসক ধন চান কাঢ়ি নিবলৈ সুযোগ নাপায়৷ এই নীতিৰ ফলত হিতাধিকাৰীৰ ক্রয় ক্ষমতা বাঢ়ে আৰু স্বাধীনভাৱে নিজৰ হিত নিজে বিবেচনা কৰি স্থানীয় অর্থনীতিৰ জৰিয়তে ব্যয় কৰে৷ ফলত স্থানীয় উদ্যোগ আৰু ব্যৱসায় উপকৃত হয়৷ এটা অর্থনৈতিক বাতাৱৰণ গঢ়ি উঠে৷ তৃণমূল পর্যায়ৰ হিতাধিকাৰীয়ে ধনী আৰু উচ্চ মধ্যবিত্তৰ দৰে বিদেশ ভ্রমণ বা বিদেশী কোম্পানীৰ সামগ্রী ক্রয় কৰি ক্ষমতা নখটুৱায় বৰং স্থানীয় অর্থনীতিত খৰচ কৰে৷
মই অর্থনীতিবিদ নহয়৷ এটা প্রয়োজনীয় মাত্রা দিবলৈ বিষয়টো উত্থাপন কৰিলোঁ৷ মোতকৈ এই বিষয়ৰ বিশেষজ্ঞই অধিক অর্থৱহ আলোকপাত কৰিব পাৰিব৷ ১২,৫০০ কোটি টকা বা ইয়াৰ একাংশ এটা বৃহৎ অংক৷ অনুৎপাদনশীল প্রকল্পৰ পৰা ধন আঁতৰাই আনি বাজেট কেনেকৈ মিলাব ইত্যাদি অর্থনীতিবিদসকলে তর্ক–বিতর্ক কৰা উচিত৷ কিন্তু হিতাধিকাৰীক নগদ ধন আদায় দিয়া, যিটো মহিলাৰ ক্ষুদ্র ঋণ মাফৰ জৰিয়তে অতি সহজ আৰু কার্যকৰীভাৱে কৰিব পাৰি, অথবা সার্বজনীন নূ্যনতম আয়ৰ নিশ্চয়তা প্রদান নীতি আজি বিশ্বত সুপ্রতিষ্ঠিত৷ ই ধোদৰ পচলা সৃষ্টি কৰিব বুলিলে অজ্ঞানতাৰ পৰিচয় দিয়া হয়৷