নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফটো বা দোকানত সদায়ে ঘড়ীৰ সময় ১০.১০ বজা কৰি সজাই ৰখা হয়, কিয় জানেনে?

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আপুনি কেতিয়াবা মন কৰিছেনে যে ঘড়ীৰ দোকান বা ঘড়ীৰ বিজ্ঞাপনত যিবোৰ ঘড়ী দৃশ্যমান হয়, তাৰ সময় সদায়ে ১০.১০ বজা হয়। অৰ্থাৎ ১০.১০ বজা অৱস্থাত দেখা যায় সকলো ঘড়ী।

ই একপ্ৰকাৰ জিজ্ঞাসা সৃষ্টি কৰিব পৰা ঘটনা। পৃথিৱীৰ য’তেই নাযাওক বা য’তেই প্ৰত্যক্ষ নকৰক কিয়, সকলোতে ঘড়ীৰ কাঁটা সদায়ে বন্দী হৈ থাকে ১০.১০ত। ইয়াৰ কাৰণ কি? বহুতে এই ঘটনাৰ কাৰণ কোনো বুৰঞ্জী বিশেষকৈ ঘাতকৰ হাতত প্ৰাণ দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডী আৰু আব্ৰাহাম লিংকনৰ লগতে জাপানত পেলোৱা আণৱিক বোমাৰ মাজত বিচাৰিবলৈ যায় যদিও সেয়া সঁচা নহয়।

তেন্তে ইয়াৰ কাৰণ কি? কাৰণ তেনেই সাধাৰণ- নান্দনিকতা বা সৌন্দৰ্য। ১০ বাজি ১০ মিনিটত থকা অৱস্থাত ঘড়ীৰ যি সৌন্দৰ্য ফুটি উঠে সেয়া ঘড়ীৰ কাঁটাৰ আন ঠাইৰ অৱস্থানতকৈ উন্নত। হাতত বা কোনো ফটোত থকা ঘড়ীৰ ১০.১০ বজাৰ সৌন্দৰ্যৰ বাবেই প্ৰতিখন দেশৰ প্ৰতি ঠাইতে থকা ঘড়ীৰ দোকান বা বিজ্ঞাপনত এনে অৱস্থানত ঘড়ী ৰখোৱা হয়।

সৌন্দৰ্যৰ লগতে ইয়াৰ এক মনস্তাত্ত্বিক কাৰণো আছে। ১০.১০ অৱস্থানটো প্ৰতিসম বা সুশৃংখল অৱস্থান, যিটো মানুহৰ মগজুৰ বাবে অধিক আকৰ্ষণীয়। এই সাধাৰণ কথাৰ কাৰণেই এনে বিশ্বজনীন অৱস্থানত ৰখোৱা হয় ঘড়ীৰ কাঁটা।

You might also like