আমেৰিকা জ্বলিছে কিয়?
I am asking you, is that what a black man’s life is worth ? $20 ? This is 2020. Enough is enough. The people marching in the streets are telling you enough is enough.’ (Philonise Floyd, Late George Floyd’s younger brother before the House Judiciary Committee in USA)
মই বিদ্যালয়ত নপঢ়োঁতেই আই আই টিৰ পৰা বি টেক কৰি আমেৰিকালৈ গৱেষণা কৰিবলৈ যোৱা বর্তমান আমেৰিকাৰ নাগৰিক মোৰ ককাইদেউ এজনে আমি সৰু থকাৰ পৰায়েই আমাক কৈ আহিছিল ক’ৰবাত যদি সৰগ আছে– সেইখন আমেৰিকাই, আৰু বেলেগে সৰগ নাই৷ মোৰ ব্যক্তিগত অভিজ্ঞতা ভিন্ন হ’লেও প্রকৃত আমেৰিকাখন নেদেখা, নুবুজা বহুতো অনুন্নত দেশৰ মানুহৰ বাবে আজিও আমেৰিকা এখন কল্পনাৰ সৰগ৷ সেই কল্পনাৰ সৰগত এতিয়া পিছে জুই লাগিছে৷ মানুহৰ ক্ষোভৰ জুই৷ বর্ণ–ধর্ম নির্বিশেষে সমগ্র আমেৰিকাৰ জনগণ আজি ক্ষুব্ধ৷
যোৱা ২৫ মে’ত আমেৰিকাৰ এক শ্বেতাংগ পুলিচে নৃশংসভাৱে হত্যা কৰে এজন কৃষ্ণাংগ যুৱকক৷ এই ঘটনাক কেন্দ্র কৰি আমেৰিকাৰ দুখীয়া–মধ্যবিত্ত সাধাৰণ মানুহ, বিশেষকৈ খাটিখোৱা নিপীড়িত কৃষ্ণাংগ জনসাধাৰণৰ বুকুত দীর্ঘদিন ধৰি পুঞ্জীভূত হৈ থকা শোষণ–বঞ্চনাৰ আগ্ণেয়গিৰিৰ এতিয়া বিস্ফোৰণ ঘটিছে৷
সেইদিনা মিনিয়াপোলিছৰ কৃষ্ণাংগ যুৱক জর্জ ফ্লয়েডক মাটিত বগৰাই লৈ ডিঙিত আঁঠুৰে জোৰে হেঁচা মাৰি ধৰিছিল শ্বেতাংগ পুলিচ ডেৰেক স্বাভিনে৷ দম বন্ধ হৈ আহিছিল ফ্লয়েডৰ৷ বাৰে বাৰে ক্ষীণার্ত স্বৰত সেয়া ক’বলৈ চেষ্টা কৰিছিল তেওঁ৷ নাক–মুখৰ পৰা তেজ বিয়পি আহিছিল ৰাজপথৰ কংক্রিটৰ ওপৰেৰে৷ ওচৰতে চাই থকা মানুহৰ অনুনয়–বিনয়লৈকো কাণ দিয়া নাছিল হত্যাকাৰী পুলিচে৷ ন মিনিট ধৰি তেনেকৈ ফ্লয়েডৰ ডিঙি চেপি ধৰি ৰাখিছিল সেই দানৱে৷ অৱশেষত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাবটি ল’লে ফ্লয়েডে৷
এই ঘটনা লগে লগে আমেৰিকাৰ চাৰিওফালে বিয়পি পৰে৷ প্রবল বিক্ষোভত ফাটি পৰে আমেৰিকাৰ বর্ণবৈষম্যবিৰোধী জনসাধাৰণ৷ প্রতিদিনে অসংখ্য মানুহৰ উত্তাল বিক্ষোভত উত্তপ্ত হৈ উঠে আমেৰিকাৰ সৰু–ডাঙৰ প্রতিখন নগৰ–চহৰৰ গলি আৰু ৰাজপথ৷ আতংকিত শাসকে ৪০খন নগৰ–চহৰত সান্ধ্য আইন জাৰি কৰে৷ দেশজুৰি নমোৱা হয় সেনা৷ কিন্তু কোনো মানুহেই সেইবোৰলৈ কেৰেপকে নকৰিলে৷ লাঠী চলাই, কন্দুৱা গেছৰ চেল দলিয়াই, ঘোঁৰাত উঠা পুলিচ লগাই, জলকীয়াৰ গুড়ি স্প্রে কৰি, আনকি গুলী চলায়ো আমেৰিকাৰ পুলিচ আৰু সেনাই ৰখাব পৰা নাই বিক্ষোভকাৰীসকলৰ উদ্দাম মিছিল৷
যোৱা ২৯ মে’ত সকলো বাধা অগ্রাহ্য কৰি বিক্ষোভকাৰীসকল আনকি ৱাশ্বিংটন ডিচিত থকা আমেৰিকাৰ ৰাষ্ট্রপতিৰ দপ্তৰ আৰু বাসস্থান হোৱাইট হাউছৰ ফালে অগ্রসৰ হয়৷ প্রতিমুহূর্তত যাৰ ৰণহুংকাৰত সমগ্র বিশ্ববাসী কঁপি উঠে, স্বয়ং সেই ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্প মানুহৰ ক্ষোভত আতংকিত হৈ এসময়ত হিটলাৰৰ দৰে মাটিৰ তলৰ বাংকাৰত আশ্রয় ল’ব লগা হয়৷ বাহিৰৰ ৰাজপথত পুলিচৰ সৈতে সংঘর্ষত বিক্ষোভকাৰীসকলে চিঞৰি চিঞৰি কয়– ‘আমাৰো শ্বাসৰুদ্ধ হৈ আহিছে, আমাৰ নৱপ্রজন্মই আৰু এনেদৰে পৰি–ধৰি জীয়াই থাকিবলৈ ৰাজী নহয়৷’
সমগ্র বিশ্বক গণতন্ত্রৰ পাঠ পঢ়োৱা গণতন্ত্রৰ স্ব–ঘোষিত চর্দাৰ আমেৰিকাৰ প্রশাসনতেই যে বর্ণবিদ্বেষৰ বিষ সিঁচৰতি হৈ আছে মাজে মাজে অকাৰণত বা সাধাৰণ কাৰণতে ক’লা মানুহৰ ওপৰত বগা পুলিচৰ বর্বৰ অত্যাচাৰ সংবাদ মাধ্যমত প্রচাৰিত হৈয়েই থাকে আমেৰিকাত৷ প্রতিবছৰেই আমেৰিকাৰ ভালেমান অ–শ্বেতাংগ লোকৰ মৃত্যু ঘটে– শ্বেতাংগ পুলিচৰ হাতত৷
এটা সময়ত সাম্য, মৈত্রী, স্বাধীনতাৰে বিশ্বত উন্নতিৰ বতৰা কঢ়িয়াই অনা পুঁজিবাদী গণতন্ত্রৰ আদর্শৰে আমেৰিকাই ষ্টেচু অৱ লিবার্টী তৈয়াৰ কৰিছিল৷ আৰু ঘোষণা কৰিছিল– ‘দুনিয়াৰ শ্রান্ত শ্রমিক, আমাৰ ওচৰলৈ আহা, আমি তোমাক আশ্রয় দিম৷’ আজি সেই আমেৰিকাৰ মাৰাত্মক সংকটগ্রস্ত পুঁজিবাদী শাসকে উগ্র দেশপ্রেম, বগা ছালৰ মানুহৰ মাজত ছদ্ম জাতীয়তাবাদৰ ঢ়ৌ তুলি খাটিখোৱা মানুহৰ দৃষ্টি আচ্ছন্ন কৰিব বিচাৰিছে৷ আমেৰিকাৰ কর্প’ৰেট পুঁজিৰ স্বার্থত ৰাষ্ট্রপতি ড্রাম্পে তাত ইন্ধন যোগাইছে৷ সেয়েহে আজি পৰিস্থতি আৰু ভয়াৱহ হৈ পৰিছে৷ আমেৰিকাৰ ক্রূৰ শাসকসকলে যিমানেই বেছিকৈ গণতান্ত্রিক মূল্যবোধ আৰু চেতনাক হত্যা কৰিবলৈ ধৰিছে, সিমানেই জনসাধাৰণৰ মাজত বিক্ষোভ বাঢ়িছে৷ ড্রাম্প প্রশাসনে দেশৰ ভয়াৱহ বেকাৰ সমস্যাসহ সমস্ত সংকটৰ দায় কৃষ্ণাংগ, হিস্পানিক, অভিবাসী জনসাধাৰণ, যিসকলে আমেৰিকাৰ উন্নয়নত অভূতপূর্ব অৰিহণা যোগাই আহিছে, তেওঁলোকৰ কান্ধত জাপি দিব খুজিছে৷ সেয়েহে দিনে দিনে এই লোকসকলৰ বুকুত পুঞ্জীভূত হৈ আহিছে বিক্ষোভৰ বাৰুদ৷ দেশৰ শুভবুদ্ধিসম্পন্ন শ্বেতাংগ মানুহসকলেও এই অন্যায় মানি ল’ব পৰা নাই৷ যোৱা কেইবছৰ ধৰি সেয়েহে বাৰে বাৰে বর্ণবৈষম্যবিৰোধী আন্দোলনত উত্তাল হৈ পৰিছে আমেৰিকা৷ আজি জর্জ ফ্লয়েডৰ নৃশংস হত্যাই সেই আন্দোলনৰ উমি উমি জ্বলি থকা জুইত ঘিউ ঢ়ালি জোৰকৈ জ্বলি উঠাত সহায় কৰিছে৷
বাস্তৱতে, অলপ লক্ষ্য কৰি চালেই বুজা যায় যে শাসকৰ বিৰুদ্ধে এই প্রবল ক্রোধৰ কাৰণ অকল বর্ণবৈষম্যই নহয়, ইয়াৰ পিছত আছে প্রচলিত পুঁজিবাদী ব্যৱস্থাত অত্যাচাৰিত, শোষিত সাধাৰণ মানুহৰ অসহ্য জীৱন যন্ত্রণাৰ জালা৷ সাম্রাজ্যবাদী দুনিয়াৰ শিৰোমণি আমেৰিকাৰ অর্থ আৰু অস্ত্রৰ জোৰত বাহ্যিকভাৱে যিমানেই বীৰত্ব আৰু শ্ব’বাজি নেদেখুৱাওক কিয়, পুঁজিবাদী সমাজ ব্যৱস্থাৰ অমোঘ নিয়মতে ভিতৰি ভিতৰি তাৰো ক্ষয় হৈছে৷
আমেৰিকাৰ জনগণ আজি তীব্র অর্থনৈতিক আৰু সামাজিক সংকটত বিপর্যস্ত৷ বাঢ়িছে মানুহৰ মাজত বৈষম্য৷ দেশৰ মুঠ সম্পদৰ ৭০ শতাংশৰেই মালিক মাত্র ১০ শতাংশ মানুহ৷ একচেটিয়া পুঁজিৰ দপ্দপনি ক্রমাগতভাৱে বাঢ়ি আহিছে৷ বৃহৎ বহুজাতিক কর্প’ৰেচনবোৰ আৰু বেছিকৈ দৈত্যকায় হৈ উঠিছে৷ আনহাতে, শিল্প শ্রমিকসকলৰ মজুৰি দিনে দিনে কমিছে৷ কমিছে কামৰ সুযোগ–সুবিধা৷ কর্প’ৰেটবোৰে উৎপাদনৰ বাবে আপেক্ষিক অর্থত পিছপৰা চীন, ভাৰত, এছিয়া–আফ্রিকাৰ বিভিন্ন দেশৰ সস্তীয়া শ্রমশক্তিক কামত লগাইছে আৰু আউটছর্চিং প্রৱর্তন কৰিছে৷ ফলত আমেৰিকাৰ শ্রমিক কর্মহীন হৈ পৰিছে আৰু সৃষ্টি হৈছে সামাজিক বিশৃংখলতা৷ আনকি কেইবাদশক আগতে এছিয়া, আফ্রিকা, লেটিন আমেৰিকা আদিৰ পৰা আহি সেই দেশত বসতি কৰা অভিবাসী শ্রমিকসকলক খেদি পঠিয়াব লাগে বুলি এচাম থলুৱা মানুহে বর্ণবিদ্বেষী শ্লোগান উঠাই আছে– ড্রাম্প প্রশাসনৰ উচটনিত৷
আমেৰিকাত চৰকাৰী পৰিসংখ্যা অনুযায়ী নিবনুৱাৰ সংখ্যা হৈছে ১৮.৭ শতাংশ৷ বেচৰকাৰী পৰিসংখ্যা মতে, ইয়াৰ পৰিমাণ আৰু বহুত বেছি৷ কর্মৰত মানুহৰ মাজত গৰিষ্ঠসংখ্যক হৈছে অস্থায়ী কর্মচাৰী আৰু পার্ট টাইম শ্রমিক৷ সমগ্র বিশ্বত বেপাৰ–বাণিজ্য আৰু আর্থিক সুযোগ–সুবিধাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণত কার্যতঃ একাধিপত্য, অস্ত্র সৰবৰাহ তথা যুদ্ধ অর্থনীতিৰ জৰিয়তে ত্রিলিয়ন ডলাৰৰ বাণিজ্য ইত্যাদি সত্ত্বেও ২০০০ চনৰ পৰা আমেৰিকাৰ অর্থনীতিত তীব্র সংকট দেখা দিয়ে আৰু ২০০৮ চনত ই সকলো ৰেকর্ড অতিক্রম কৰি যায়৷ বর্তমান ক’ৰোনাৰ গ্রাসত পৰি এই সংকট ক্রমে আৰু জটিলহে হৈ পৰিছে৷ লাখ লাখ কর্মচাৰীয়ে কাম হেৰুৱাইছে আৰু কিছুমানে কাম হেৰুওৱাৰ ভয়ত উদ্বেগেৰে দিন কটাবলগীয়া হৈছে৷ কাৰণ আমেৰিকাত বেছিভাগ চাকৰি বেচৰকাৰী কর্প’ৰেট সন্থাৰ অধীনত৷ যি আমেৰিকাৰ জনসাধাৰণৰ উদ্ভাৱনী শক্তি, কাৰিকৰী উন্নয়ন, উৎপাদন বৃদ্ধিৰ ক্ষমতা, বিদ্যা–বুদ্ধি, নিষ্ঠা আদি গুণৰ বাবে জীৱন যাত্রাৰ মান এসময়ত বিশ্বত সকলোতকৈ উন্নত আছিল, সেই আমেৰিকাত আজি সমগ্র মধ্যবিত্ত শ্রেণীৰ অৱস্থা আমাতকৈও পুতৌলগা৷ কাৰখানাৰ পিছত কাৰখানা বন্ধ হৈ আছে৷
আমেৰিকা আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ ধৰুৱা দেশ, যি অকল ঋণৰ ওপৰতে আজি তিষ্ঠি থাকিব লগা হৈছে৷ আমেৰিকাৰ মানুহৰ মাজত দাবী উঠিছে সম্পদ পুনর্বণ্টনৰ৷ ৱাল ষ্ট্রীটৰ আন্দোলনত হাজাৰ হাজাৰ ছাত্র–যুৱকৰ অংশগ্রহণে চকুত আঙুলি থৈ আমেৰিকাৰ নৱপ্রজন্মৰ ক্ষোভৰ মাত্রা দেখুৱাই দিছে৷ আমেৰিকাৰ কর্প’ৰেটসকলে পাহৰা নাই যে উপযুক্ত নেতৃত্বৰ অভাৱত আমেৰিকাৰ ৱাল ষ্ট্রীট দখল আন্দোলন ‘অকুপাই ৱাল ষ্ট্রীট’তে আশা কৰা ধৰণে সফলতা লাভ নকৰিলেও জনসাধাৰণ আগতকৈ যথেষ্ট ৰাজনৈতিকভাৱে সচেতন৷ বর্তমান বিশ্ব সাম্রাজ্যবাদৰ নেতৃত্বকাৰী দেশ হিচাপে পৰিচিত আমেৰিকাৰ সাম্রাজ্যবাদী নীতিৰ বিৰুদ্ধে আমেৰিকাৰ বুদ্ধিজীৱী–মানৱাধিক কর্মীসকল আৰু শ্রমজীৱী জনতা আগতকৈও বেছি সৰৱ৷ যি কাৰণে ড্রাম্পে জনগণৰ মন স্পর্শ কৰিবলৈ কৈ আছে, আমেৰিকাৰ অর্থনীতি খুব সোনকালে এক গভীৰ সংকটত পৰিব৷ মহামন্দা আসন্ন৷ কথাটো সত্য৷ আমেৰিকাৰ মানুহে তাৰ লক্ষণ দেখা পাইছে৷ কিন্তু ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ পথ কি? প্রচাৰ কৰা হৈছে– কাঢ়া প্রশাসক ড্রাম্পেই পাৰিব এই মন্দাৰ হাতৰ পৰা আমেৰিকাৰ মানুহক মুক্ত কৰিবলৈ৷
আমেৰিকাৰ প্রসিদ্ধ পুঁজিবাদী অর্থনীতিবিদসকলো আজি গভীৰ সমস্যাৰ সন্মুখীন৷ বিশ্বজোৰা অর্থনৈতিক মন্দা আৰু চৰম সংকট পুঁজিবাদী শিৰোমণি আমেৰিকাত আৰম্ভ হৈ সমগ্র পুঁজিবাদী–সাম্রাজ্যবা বিশ্বক কঁপাই যোৱা ঘটনাৰ ব্যাখ্যা কৰোঁতেই তেওঁলোকৰ ভাষা প্রায় হেৰাই গৈছিল৷ কাৰণ আমেৰিকাৰ অর্থনীতিত যদি খহনীয়াৰ সৃষ্টি হয়, তেনেহ’লে পুঁজিবাদী বিশ্বৰ অন্যান্য ৰাষ্ট্র, যিবোৰে সেইখন দেশত বিনিয়োগ কৰিছে, তেওঁলোকে চকুৰে ধোঁৱা–কোঁৱা দেখিব৷ ফলত বিশ্বজুৰি আজি বৈছে আতংকৰ হিমবতাহ৷ অকল আমেৰিকাৰে নহয়, সমগ্র বিশ্বৰ কর্প’ৰেটসকলৰ প্রবল প্রচাৰ যন্ত্রৰ সহায়ত উগ্র আমেৰিকান জাতীয়তাবাদ প্রচাৰেৰে আমেৰিকাৰ সংকটগ্রস্ত অর্থনীতিৰ উদ্ধাৰকর্তা হিচাপে উপস্থাপিত কৰি ৰাষ্ট্রখনৰ ৰাষ্ট্রপতি পদৰ ক্ষমতাত পুনৰ অধিষ্ঠিত কৰাবলৈ ড’নাল্ড ড্রাম্পৰ সপক্ষে ব্যাপক প্রচাৰ চলোৱা হৈছে৷
আনহাতে, পুঁজিমালিকৰ শোষণত জর্জৰিত আমেৰিকাৰ জনগণৰ এটা ডাঙৰ অংশ আজি হতদৰিদ্র৷ তেওঁলোকে আজি পেট ভৰাই খাবলৈ আৱশ্যকীয় আহাৰ যোগাৰ কৰিব পৰা অৱস্থাত নাই, থকাৰ ঘৰ নাই, বস্তু–বাহানি কিনাৰ কোনো সংগতি নাই৷ নিউয়র্ক, ৱাশ্বিংটন আদিৰ দৰে ডাঙৰ ডাঙৰ নগৰসমূহত অসংখ্য মানুহ অত্যন্ত দুর্দশাৰ মাজত বাস কৰে৷ এওঁলোকৰ এটা ডাঙৰ অংশ কৃষ্ণাংগ৷ তেওঁলোকৰ মাজত এছিয়াৰ পৰা যোৱা শ্রমিকসকলো পৰে৷ সম্প্রতি ক’ৰোনা মহামাৰীৰ আক্রমণে নগ্ণ কৰি দিলে আমেৰিকাৰ ভিতৰৰ এই অন্ধকাৰ চেহেৰাটো৷ দেখা গ’ল, বীমানির্ভৰ বেচৰকাৰী চিকিৎসাৰ বৃহৎ খৰচ বহন কৰাৰ ক্ষমতা নাই বেছিভাগ মানুহৰে৷ ফলত ক’ৰোনাৰ আক্রমণত প্রায় বিনাচিকিৎসাত ইতিমধ্যে লক্ষাধিক মানুহৰ মৃত্যু হৈছে৷ চৰকাৰৰ কোনো প্রতিক্রিয়া নাই৷ ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ লকডাউন জাৰি কৰিয়েই ড্রাম্প চাহাবে হাত দাঙি দিছে৷ আমেৰিকাৰ বেকাৰত্ব আৰু অভাৱৰ জালাত জর্জৰিত যুৱক সমাজৰ ওপৰত লকডাউনৰ ফলত নামি আহিছে বেকাৰত্বৰ আৰু ভয়ংকৰ আঘাত৷ সকলো মিলি আমেৰিকাৰ খাটিখোৱা সাধাৰণ মানুহে আজি অসহনীয় দুর্দশাময় জীৱনৰ সন্মুখীন হ’ব লগা হৈছে৷ তেওঁলোকৰ বুকুৰ ভিতৰত উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰা ফ্লয়েডৰ নৃশংস হত্যাই আজি দাওদাওকৈ জ্বলাই তুলিলে৷ তেওঁলোকৰ এই বিক্ষোভ বাস্তৱতে এই পচা–গেলা পুঁজিবাদী ব্যৱস্থাটোৰ বিৰুদ্ধে , যিয়ে তেওঁলোকৰ জীৱন সকলো দিশৰ পৰাই দুর্বিষহ কৰি তুলিছে৷
যিকোনো পুঁজিবাদী সমাজত, লাগে উন্নত বা অনুন্নতই হওক, সদায় বৃহংসংখ্যক মানুহক শোষণ কৰি, দুর্দশাময় জীৱনৰ ফালে ঠেলি দি এক ক্ষুদ্র অংশৰ পুঁজিপতিয়ে ধন–সম্পত্তিৰ পাহাৰ গঢ়ে৷ গতিকে জীৱনৰ কঠিন যন্ত্রণাত বাৰে বাৰে জনসাধাৰণে ৰাজপথলৈ আন্দোলন কৰিবলৈ ওলাই আহিবলৈ বাধ্য হয়৷ মৰণকো নেওচি বিক্ষোভৰ পথত জঁপিয়াই পৰে, কিন্তু যেতিয়ালৈকে সেই বিক্ষোভ সঠিক নেতৃত্বত সংগঠিত হৈ সম্পদ পুনর্বণ্টনৰ বাবে সমাজবাদী ব্যৱস্থা প্রতিষ্ঠাৰ বাবে ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলাৰ পথেৰে আগ নাবাঢ়ে, তেতিয়ালৈকে শ শ সংগ্রাম, হাজাৰৰ প্রাণদান ব্যর্থ হয়৷ আজি বিক্ষুব্ধ আমেৰিকাৰ জনসাধাৰণে মাথোঁ বুজাৰ প্রয়োজন সেই কথা৷ যিদিনা বুজি উঠিব, সেইদিনা আমেৰিকাৰ অৱদমিত–শোষিত কৃষ্ণাংগসকলৰ দৰে সকলোৱে ৰাজপথলৈ ওলাই আহি পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সমস্বৰে গৰজি উঠিব– Enough is Enough’৷
ডাঃ অজিত কুমাৰ পটংগীয়া
হোৱাটছএপঃ ৯৪৩৫৭–০৪০৯০