নাৰীসকল সাহসী আৰু প্রতিবাদী হ’বই লাগিব
প্রসংগ এক- বৈধব্য
দুদিনমান আগতে এটা নিউজ প’র্টেলত তামুলপুৰৰ বাতৰি এটা দেখিবলৈ পাইছিলোঁ৷ সেই বাতৰিটো দেখাৰ পাছত মোৰ মাজত অনেক প্রশ্ণই জুমুৰি দি ধৰিছে৷ আমি এনে এখন সমাজত বাস কৰি আছোঁ, যিখন সমাজত মানৱীয়তাতকৈ মানুহে নির্মাণ কৰা কিছুমান নিয়মৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে৷ গাৰ পৰা মাহ–হালধিৰ গোন্ধ নৌযাওঁতেই চিৰদিনৰ বাবে নিজৰ স্বামীক হেৰুওৱা দুখ কিমান বেছি, সেয়া হয়তো সকলোৱে বুজি পায়৷ মোৰ ক্ষেত্রত এই উপলব্ধি অতি গভীৰ, কাৰণ বিয়াৰ মাত্র কিছুদিনৰ পাছতে ময়ো মোৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাইছোঁ৷বাতৰিটোত প্রকাশ পোৱা মতে, তামুলপুৰৰ মহিলা এগৰাকীৰ স্বামীয়ে বিয়াৰ পাছতে তেওঁক তামুলপুৰৰ ঘৰতে ৰাখি কর্ম সূত্রে বাংগালুৰুলৈ যায়৷ সেই সময়ত মহিলাগৰাকী আছিল গর্ভৱতী৷ মহিলাগৰাকীৰ গর্ভস্থ সন্তানৰ ৯ মাহ হওঁতেই মহিলাগৰাকীৰ স্বামী চন্দ্রকুমাৰ দাস হঠাৎ অসুস্থ হৈ পৰে আৰু বাংগালুৰুৰ হাস্পতাল এখনত চিকিৎসাধীন হৈ থকা অৱস্থাতে দাসৰ মৃত্যু হয়৷ মহামাৰীCovid-19ৰ বাবে দাসৰ শৰীৰটো ঘৰলৈ আনিব নোৱাৰিলে৷ আমাৰ এই সমাজখনৰ আধুনিক সাজ–পোছাক পিন্ধা এচাম পুৰুষ–মহিলাই ৯ মহীয়া গর্ভৱতী মহিলাগৰাকীক জোৰ কৰি তেওঁৰ সমস্ত আ–লংকাৰ আৰু ৰঙীন কাপোৰযোৰ খুলি শুধবগা বিধৱাৰ সাজযোৰ পিন্ধালে৷ আনকি হাতৰ সোণৰ খাৰুযোৰ টানি–আঁজুৰি খুলিব নোৱাৰি দাৰে কাটিলে৷ স্বামীৰ মৃত্যুত তীব্র মানসিক আঘাত পোৱা গর্ভৱতী মহিলাগৰাকীৰ স্বাস্থ্যৰ প্রতি যত্ন লোৱাটো জৰুৰী আছিল নে তেওঁৰ হাতৰ খাৰুপাট দাৰে কটাটো জৰুৰী আছিল? মানুহৰ জীৱনতকৈ ৰীতি–নীতি ডাঙৰ হ’ব পাৰে নেকি? যিবোৰ নিয়মে মানুহক বিবেচনাহীন, অন্ধ আৰু নিষ্ঠুৰ কৰি পেলায়, সেইবোৰ নিয়ম মানুহক কিয় লাগে৷ কিয় নিজে নাৰী হৈও এচাম নাৰীয়ে অন্য নাৰীৰ মর্মবেদনা বুজি নাপায়? সাজ–পোছাক আৰু মুখৰ কথাৰে আমি সকলো আধুনিক৷ কিন্তু আমাৰ মনবোৰ কেতিয়া প্রকৃতার্থত আধুনিক হ’ব?
বাতৰিটো চোৱাৰ পৰা মই খঙত জ্বলি আছোঁ৷
মোৰ ক’বলগীয়া– নাৰী–পুৰুষ দুয়ো মিলি সমাজ সলাব লাগিব৷ পুৰণি, অর্থহীন, এলান্ধুকলীয়া ৰীতি–নীতি কিছুমানক খামুচি নাথাকি বিজ্ঞানমনস্কতা, প্রগতিশীল চিন্তা, উদাৰতাৰে সমাজ সলাব লাগিব৷ অন্ধ, কু–সংস্কাৰাচ্ছন্ন হৈ নাথাকি মানৱীয়তাৰে সকলো কথা বিবেচনা কৰিব লাগিব৷ সমাজত ভাল–বেয়া উভয় ধৰণৰ মানুহেই থাকে৷কাৰোবাৰ মৃত্যুত পৈশাচিক আনন্দ লাভ কৰা আৰু সদ্য স্বামীহাৰা মহিলাগৰাকীৰ মানসিক–শাৰীৰিক অৱস্থালৈ ভ্রূক্ষেপ নকৰি সেন্দূৰ মোহাৰি, দাৰে গহনা কাটি নিয়ম পালন কৰাবলৈ উঠিপৰি লগা নিষ্ঠুৰ মানুহবোৰক সমাজৰ ভাল মানুহবোৰে বাধা দিব লাগিব৷ হূদয়ৱান নাৰী–পুৰুষ উভয়ে এই অসভ্যালি আৰু নিষ্ঠুৰ নিয়মবোৰত বাধা দিব লাগিব৷ সমাজ একেদিনাই সলনি নহয় সঁচা, কিন্তু যুগসাপেক্ষ পৰিৱর্তনেই সমাজৰ নিয়ম৷ ‘সতীদাহ’ৰ দৰে নিষ্ঠুৰ প্রথাও এসময়ত এই সমাজতে আছিল, কিন্তু এতিয়া বিলুপ্ত হৈছে৷ গতিকে, ‘সমাজৰ নিয়ম’বা ‘সমাজে কি ক’ব’ বুলি ভয়তে অন্ধৰ দৰে সকলো কথা মানি নচলি নিজৰ বিবেকেৰেও কথাবোৰ বিচাৰ কৰিব লাগে৷
প্রসংগ দুই- বিবাহ বিচ্ছেদ
শুনিবলৈ বেয়া, কিন্তু আমাৰ সমাজৰ সৰহসংখ্যক মানুহে বিবাহ বিচ্ছেদক এতিয়াও ‘কলংক’ বুলি গণ্য কৰে৷ বিবাহ বিচ্ছেদৰ পাছত সমাজৰ নিষ্ঠুৰ মানুহবোৰৰ পৰা সন্মুখীন হোৱা মানসিক নির্যাতন সহ্য কৰিব নোৱাৰি মোৰ এগৰাকী অতি মৰমৰ ভণ্টিয়ে আত্মহত্যা কৰিছে৷কিন্তু আত্মহত্যা কোনো সমস্যাৰে সমাধান নহয়, হ’ব নোৱাৰে৷ মৃত ভণ্টিৰ চৰিত্রহননেৰে মিছা কাহিনী কিছুমান প্রচাৰ কৰি পৰিয়ালটোৰ ওপৰত এতিয়াও এচামে মানসিক নির্যাতন চলাই আহিছে৷ এতিয়া আন এগৰাকী নাৰীৰ কথা লিখিম৷ দীর্ঘদিন তেওঁৰ স্বামীৰ সৈতে কোনো সম্পর্ক নাই৷ কিন্তু পৰিয়ালৰ তথাকথিত ‘সন্মান’ ৰক্ষাৰ স্বার্থত সমাজৰ চকুত তেওঁ বিবাহিতা হৈ থাকিব বিচাৰে, বিবাহ বিচ্ছেদ এক স্বাভাৱিক কথা বুলি তেওঁ মানি ল’ব নিবিচাৰে৷ শিক্ষা আৰু অর্থনৈতিক স্বাৱলম্বিতা থাকিলেও তেওঁৰ আৱেগিক স্বাৱলম্বিতা নাই৷ সেইবাবেই নাৰীগৰাকীৰ পৰিয়ালৰ লোকসকলে প্রতিবছৰে পুৰুষজনক এটা বৃহৎ পৰিমাণৰ টকা প্রদান কৰে, যাতে তেওঁ দয়াপৰবশ হৈ নাৰীগৰাকীক ‘বিবাহ বিচ্ছেদ’ নিদিয়ে, কাৰণ নাৰীগৰাকী আৰু তেওঁৰ ৰক্ষণশীল, কু–সংস্কাৰাচ্ছন্ন, মধ্যযুগীয় মানসিকতাৰ পৰিয়ালটোৰ দৃষ্টিত বিবাহ বিচ্ছেদ এক কলংক৷ তদুপৰি, যৌতুকৰ অপকাৰিতা হাজাৰবাৰ বুজালেও বুজিব নোখোঁজা এই মানুহবোৰৰ বাবে ‘যৌতুক’ দিয়াটো সমাজৰ স্বাভাৱিক নিয়ম৷
প্রসংগ তিনি- মাহেকীয়া
মাহেকীয়াৰ কথা ৰাজহুৱাকৈ লিখিলে বহুতৰে লাজে নাকত ধৰে৷ কাৰণ, এইবোৰ ‘গোপনীয়’ কথা৷ অথচ মাহেকীয়া হৈ থকা নাৰীগৰাকীক বস্তাত বহিবলৈ দিয়া,বাৰীৰ চুকৰ আছুতীয়া–লেতেৰা জঘন্য স্নানাগাৰত গা ধুবলৈ দিয়া, মাহেকীয়া হৈ থকা নাৰীগৰাকীক অস্পৃশ্য জ্ঞান কৰাটো তেওঁলোকৰ বাবে ‘স্বাভাৱিক’ কথা৷ তেওঁলোকক কোনে বুজাব যে মাহেকীয়া এটা স্বাভাৱিক শাৰীৰিক পৰিঘটনা, মাহেকীয়া কোনোTaboo নহয়৷ আমি আশা কৰিম‘Red dot challenge’,‘Bleeding for change challenge’ আদিবিলাক মাত্র ছ’চিয়েল মিডিয়াতেই সীমাবদ্ধ হৈ নাথাকি এইবোৰে সমাজৰ ভিতৰুৱা অঞ্চলবোৰতো পৰিৱর্তনৰ সূচনা কৰিব পাৰিব৷
উপসংহাৰ ঃ
পুৰুষৰ দৰে নাৰীও স্বতন্ত্র আৰু স্বয়ংসম্পূর্ণ সত্তা৷বিধৱা, বিবাহ বিচ্ছেদিতা আদি শব্দবোৰ নাৰীৰ পৰিচয় নহয়, এইবোৰ মাত্র বৈবাহিক স্থিতিহে৷ এগৰাকী নাৰীৰ প্রথম আৰু অন্তিম পৰিচয় নাৰীগৰাকী নিজেই৷
আমাৰ আশা– সকলো নাৰী সাহসী আৰু প্রতিবাদী হ’ব, তেওঁলোকে নিজৰ অধিকাৰ আৰু মর্যাদাৰ বাবে মাত মাতিবলৈ শিকিব৷ নিজৰ দৃষ্টিৰে নিজক মূল্যায়ন কৰিবলৈ শিকিব৷ সমাজৰ নির্যাতনৰ বলি হৈ আত্মহত্যা কৰাৰ পৰিৱর্তে নাৰীসকলে যুঁজিবলৈ শিকিব৷
- ড০ স্বাতী কিৰণ