নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধক্ষেত্রত মহিলা সাংবাদিক

-ৰিংকুমণি পাঠক

বৃত্তি হিচাপে সাংবাদিকতা ঘাত–প্রতিঘাতেৰে পৰিপূর্ণ৷ এগৰাকী মহিলা সাংবাদিকৰ বাবে এই কর্মক্ষেত্রত অতিৰিক্ত প্রত্যাহ্বানো অনেক আছে৷ যুদ্ধক্ষেত্রত সৈনিকৰ সৈতে বোমা–বাৰুদৰ মাজত মৃত্যুক নিচেই ওচৰৰ পৰা প্রত্যক্ষ কৰি বাতৰি সংগ্রহ কৰিবলৈ হ’লে প্রয়োজন হয় অদম্য সাহস আৰু বৃত্তিটোৰ প্রতি অগাধ দায়বদ্ধতা৷ তেনে কঠিন পৰিৱেশত সাংবাদিক হিচাপে দায়িত্ব পালন কৰি বিশ্বৰ সংবাদ মাধ্যমৰ ইতিহাসত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে কেইবাগৰাকীও মহিলা সাংবাদিকে৷ ৱাৰ কৰেছপনডেণ্ট বা ৱাৰ ৰিপ’টাৰ হিচাপে সন্মুখীন হোৱা বিভিন্ন বাধা–বিঘিনিকো নেওচি সাংবাদিকতাৰ মূলমন্ত্রক সজীৱ কৰি ৰাখিছে এইসকল মহিলা সাংবাদিকে৷
যুদ্ধক্ষেত্রৰ পৰা বাতৰি পৰিৱেশন কৰা ভাৰতীয় মহিলা সাংবাদিকৰ কথা ক’লেই আমাৰ মনলৈ আহে বর্খা দত্তৰ কথা৷ কার্গিল যুদ্ধৰ সময়ত বর্র্খা দত্তই ৰণক্ষেত্রৰ পৰা প্রচাৰ কৰা বা–বাতৰিৰ জৰিয়তে তেওঁ ভাৰতবাসীৰ পৰিচিত হৈ পৰিছিল৷ পৰৱর্তী সময়ত বর্খা দত্তৰ ৰাজনৈতিক সাংবাদিকতাৰ ধাৰা সমালোচনাৰ বিষয়বস্তু হৈ পৰিলেও কার্গিল যুদ্ধৰ কালছোৱাত তেওঁ দেখুওৱা সাহস, কষ্ট আৰু ত্যাগক বহুতে আজিও মনত পলায়৷ প্রকৃতার্থত কার্গিল আছিল দেশবাসীয়ে টেলিভিছনৰ পর্দাত দেখা প্রথমখন যুদ্ধ৷ এই যুদ্ধৰ খবৰবোৰেই বর্খা দত্তৰ দৰে সাংবাদিকে সন্মুখৰ পৰা দেখুৱাইছিল৷ কাৰিকৰীভাৱে চালুকীয়া অৱস্থাত আছিল দেশৰ টেলিভিছন উদ্যোগ৷ তথাপি দেশবাসীৰ টেলিভিছনৰ পর্দাত ভাহি উঠিছিল টাইগাৰ হিল্ছ, ভাৰতীয় সেনাৰ বিজয় উল্লাস৷ বোমা–বাৰুদৰ শব্দৰ মাজত, পদে পদে প্রাণৰ প্রতি অহা ভাবুকি সত্ত্বেও যুদ্ধৰ বিৱৰণী দি গৈছিল বর্খা দত্তই৷ পৰৱর্তী সময়ত সাংবাদিকগৰাকীয়ে বর্ণনা কৰিছিল যুদ্ধৰ ভয়াৱহতাৰ কথা, মানৱতাৰ অপমৃত্যুৰ কথা৷
যুদ্ধক্ষেত্রত সাহসিকতা আৰু দায়বদ্ধতা প্রদর্শন কৰা আন এগৰাকী ভাৰতীয় মহিলা সাংবাদিক হৈছে অনিতা প্রতাপ৷ সমগ্র বিশ্বৰ সাংবাদিকতাৰ ক্ষেত্রখনত অনিতা প্রতাপৰ এক সন্মানীয় স্থান আছে৷ অনিতাই শ্রীলংকাৰ নৃগোষ্ঠীয় যুদ্ধ, তালিবানৰ আফগানিস্তান দখল আদিৰ দৰে সংঘাতময় অধ্যায়ৰ বাতৰি পৰিৱেশন কৰিছে৷ আশীৰ দশকত তেওঁ বিদ্রোহী সংগঠন এল টি টি ইৰ মুৰব্বী এল প্রভাকৰণৰো সাক্ষাৎকাৰ গ্রহণ কৰিছিল৷ এই বিষয়ে অনিতাই এক অনুষ্ঠানত কৈছিল– কাৰোবাৰ বাবে প্রভাকৰণ আছিল বিদ্রোহী, আন কাৰোবাৰ বাবে তেওঁ আছিল সন্ত্রাসবাদী৷ কিন্তু এই দুয়োটা অভিধা মোৰ বাবে গুৰুত্বপূর্ণ নাছিল৷ প্রভাকৰণৰে হোৱা সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি সাংবাদিকগৰাকীয়ে প্রভাকৰণৰ লক্ষ্য, আদর্শ আৰু পৰিকল্পনাৰ স্পষ্টতাৰ কথা প্রশংসা কৰে৷ তদুপৰি ১৯৯৫ চনত সাংবাদিকগৰাকীয়ে যেতিয়া প্রভাকৰণক লগ পাইছিল, তেতিয়া বিদ্রোহী নেতাজনে ভাৰতৰ ওপৰত আক্রমণ চলোৱাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰিছিল৷ অনিতা প্রতাপে প্রভাকৰণৰ ৰোমাণ্টিকতাক প্রশ্রয় দিয়া বুলি তেতিয়া বহুতে ভাবিছিল৷ তেওঁলোকে ভাবিছিল এল টি টি ইৰ দৰে সৰু সংগঠনে ভাৰত অথবা শ্রীলংকাৰ ক্ষতি কৰিব নোৱাৰে৷ কিন্তু পৰৱর্তী সময়ত প্রভাকৰণৰ সংগঠনে কেনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে জ্ঞাত৷ শ্রীলংকা, আফগানিস্তানৰ যুদ্ধৰ বাতৰি পৰিৱেশন কৰাৰ লগতে সাগৰপৃষ্ঠৰ পৰা ২২ হাজাৰ ফুট উচ্চতাত থকা ছিয়াচেনত উপস্থিত হৈ বাতৰি সংগ্রহ কৰা প্রথমগৰাকী টেলিভিছন সাংবাদিক হোৱাৰো কৃতিত্বৰ অধিকাৰী অনিতা প্রতাপ৷
বিশ্বৰ যুদ্ধ সাংবাদিকতাৰ ইতিহাসৰ এক চিৰস্মৰণীয় নাম ক্লেয়াৰ হলিংৱর্থ৷ এইগৰাকী ব্রিটিছ মহিলা সাংবাদিকেই পোনপ্রথমে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ খবৰ প্রকাশ কৰিছিল৷ তেওঁ আছিল দ্য ডেইলী টেলিগ্রাফ কাকতৰ সাংবাদিক৷ ১৯৩৯ চনত হলিংৱর্থে পোলেণ্ডৰ পৰা জার্মানীলৈ যাত্রা কৰাৰ সময়ত পোলেণ্ডৰ সীমান্তত জার্মান সৈন্যৰ উপস্থিতি দেখা পাইছিল৷ তিনি দিন পাছত পোলেণ্ডৰ ওপৰত জার্মানীৰ আক্রমণৰ বাতৰি তেওঁ প্রথমে প্রকাশ কৰিছিল৷ এই যুদ্ধৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটিছিল৷
যুদ্ধ সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট সাম্প্রতিক সময়ৰ আন এগৰাকী মহিলা সাংবাদিক হৈছে খ্রীষ্টিয়ানা আমানপৌৰ৷ চি এন এনৰ চীফ ইণ্টাৰনেচনেল কৰেছপণ্ডেণ্ট হিচাপে তেওঁ বালকান, আফ্রিকা আৰু ইৰানৰ যুদ্ধ আৰু গণহত্যাৰ ছবিখন বিশ্ববাসীৰ আগত উপস্থাপন কৰিছিল৷ ১৯৯০ চনত ইৰাকৰ কুৱেইট আক্রমণ, পৰৱর্তী সময়ত আমেৰিকা আৰু মিত্র দেশসমূহৰ সহযোগত ইৰাকী শক্তিক উৎখাতৰ খবৰ পৰিৱেশন কৰি বিশ্ববাসীৰ সন্মুখত এগৰাকী যুদ্ধ সাংবাদিক হিচাপে পৰিচিত হৈ পৰিছিল খ্রিষ্টিয়ানা৷ তেওঁ ১৯৯০ৰ দশকৰ মাজভাগত অস্থিৰতাই বিৰাজ কৰা বছ’নিয়াৰো বাতৰি পৰিৱেশন কৰিছিল৷ বহুতে খ্রীষ্টিয়ানাক একপক্ষীয় বুলি অভিযোগ কৰিলেও তেওঁৰ মতে গণহত্যা বা নৃগোষ্ঠীয় নিঃশেষকৰণৰ প্রচেষ্টা যেতিয়া চলে, তেতিয়া তাক হুবহু ৰূপত উপস্থাপন কৰাটো সাংবাদিক এগৰাকীৰ দায়িত্ব৷ ইপিনে আৰবীয় দেশসমূহত উত্থান হোৱা গণ আন্দোলনৰ সময়তেই আমেৰিকাৰ এইগৰাকী মহিলা সাংবাদিকে ইজিপ্তৰ হোছনি মোবাৰক আৰু লিবিয়াৰ মহম্মদ গাড্ডাফিৰ সাক্ষাৎকাৰ গ্রহণ কৰিছিল৷
আনহাতে যুদ্ধৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে প্রাণ হেৰুৱাইছে এগৰাকী দক্ষ মহিলা সাংবাদিকে৷ দ্য ছানডে’ টাইম্ছ নামৰ ব্রিটিছ বাতৰিকাকতখনৰ সৈতে ১৯৮৫ চনৰে পৰা জডিত আছিল মেৰী কেথৰিল কলভিন নামৰ সাংবাদিকগৰাকী৷ কিন্তু ২০১২ চনৰ ছিৰিয়া যুদ্ধৰ সময়ত হোন চহৰত হোৱা সংঘর্ষত কর্মৰত অৱস্থাতে তেওঁৰ মৃত্যু হৈছিল৷ ইয়াৰ পূর্বে শ্রীলংকাৰ যুদ্ধৰ সময়ত তেওঁ এটা চকুৰ দৃষ্টিশক্তি চিৰকাললৈ হেৰুৱাইছিল৷ নিজকে সাংবাদিক বুলি চিনাকি দিয়াৰ পাছতো কলভিনৰ ওপৰত আক্রমণ চলিছিল বুলি জনা যায়৷ ২০০১ চনৰ ১৬ এপ্রিলৰ দিনা গ্রেনেডৰ আক্রমণত কলভিনৰ চকুটো গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা সত্ত্বেও তেওঁ সময়মতে তিনি হাজাৰ শব্দজোৰা এক প্রতিবেদন প্রস্তুত কৰিছিল৷ ইয়াৰ পাছত তেওঁৰ তামিল গাইডৰ সৈতে প্রায় ৩০ মাইলজোৰা পথ সন্তর্পণে খোজ কাঢ়িছিল৷ ছিৰিয়া যুদ্ধৰ সময়ত দেশখনৰ চৰকাৰে বিদেশী সাংবাদিকৰ প্রৱেশত বাধা আৰোপ কৰা সত্ত্বেও ২০১২ চনৰ ফেব্রুৱাৰীত এইগৰাকী মহিলা সাংবাদিকে মটৰচাইকেলেৰে অশান্তজর্জৰ দেশখনত উপস্থিত হৈছিল৷ ২১ ফেব্রুৱাৰীৰ সন্ধিয়া তেওঁ বিবিচি, চি এন এনকে ধৰি কেইবাটাও চেনেলৰ বাবে ফোন–ইনৰ জৰিয়তে যুদ্ধবিধ্বস্ত ছিৰিয়াৰ খবৰ দিছিল৷ কিন্তু ২২ ফেব্রুৱাৰীৰ দিনা কলভিনৰ লগতে ৰেমি অচলিক নামৰ ফটো সাংবাদিকগৰাকীৰ মৃত্যু ঘটে৷ মৰণোত্তৰ পৰীক্ষাত সাংবাদিকগৰাকীৰ দেহৰ পৰা আই ই ডিৰ কাঁচৰ টুকুৰা পোৱা গৈছিল৷ ছিৰিয়া চৰকাৰে সন্ত্রাসবাদীৰ আক্রমণত সাংবাদিক দুগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰিলেও প্রত্যক্ষদর্শী একাংশ সাংবাদিকৰ মতে ছিৰিয়ান সৈন্যইহে সাংবাদিকসকলে বাহৰ পাতি থকা ঘৰটোৰ ওপৰত বোমা–বাৰুদেৰে আক্রমণ চলাইছিল৷
অশান্ত অঞ্চলৰ পৰা বাতৰি সংগ্রহ আৰু পৰিৱেশন কৰি কৃতিত্বৰ চিন স্থাপন কৰা মহিলা সাংবাদিকসকলৰ ভিতৰত বর্তমান আল–জাজিৰাৰ সৈতে জডিত হোদা আবদেল হামিদো উল্লেখযোগ্য৷ তেওঁ সমগ্র মধ্যপ্রাচ্য, ইউৰোপ আৰু উত্তৰ আফ্রিকাৰ পৰা বাতৰি পৰিৱেশন কৰিছে৷ ১৯৯৮ চনত এবিচি নিউজৰ সৈতে জডিত থকাৰ সময়ত এইগৰাকী মহিলা সাংবাদিকে অপাৰেচন ডিজার্ট ফক্স নামেৰে ইৰাকৰ ওপৰত আমেৰিকাই চলোৱা আক্রমণৰ বাতৰি সংগ্রহ কৰিছিল৷ ২০০৩ চনত ইৰাকৰ ওপৰত আমেৰিকাই চলোৱা দখল বা আক্রমণৰ বাতৰিও তেওঁ সংগ্রহ তথা প্রচাৰ–প্রকাশ কৰিছিল৷
যুদ্ধক্ষেত্রত সাহসিকতাৰ পৰিচয় দিয়া মহিলা সাংবাদিকৰ তালিকাখন ইয়াতে সীমাবদ্ধ নহয়৷ যুদ্ধৰ দৰে কঠিন পৰিৱেশতো সাংবাদিকতাৰ ধর্মক জীয়াই ৰাখিবলৈ আপ্রাণ চেষ্টা চলোৱা অসংখ্য সাংবাদিক আছে৷ কিন্তু পুৰুষ সাংবাদিকসকলতকৈ মহিলাসকলে যুদ্ধৰ বা–বাতৰি সংগ্রহ আৰু পৰিৱেশনত কেতবোৰ সুকীয়া সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷
খ্রীষ্টিয়ানা এছকুইথ নামৰ আমেৰিকাৰ সাংবাদিকগৰাকীৰ মতে কেৱল মহিলা সাংবাদিকে যুদ্ধৰ বাতৰি পৰিৱেশন কৰাটোৱেই একমাত্র গুৰুত্বপূর্ণ বিষয় নহয়৷ এই বাতৰিবোৰৰ জৰিয়তে যুদ্ধবিধ্বস্ত দেশসমূহৰ নাৰীসকলৰ অৱস্থা উপস্থাপন কৰাটোও জৰুৰী৷
কিন্তু যুদ্ধকালীন পৰিস্থিতিত স্বাধীনতা যেন এক বিলাসৰ বিষয়৷ যুদ্ধত অৱতীর্ণ হোৱা কোনো পক্ষই গণতন্ত্র অথবা স্বাধীনতাৰ মর্যাদাক লৈ সময় খৰচ কৰিব নিবিচাৰে৷ তেনেক্ষেত্রত সাংবাদিকে নিজৰ দায়িত্ব পালন কৰাটো দুৰূহ হৈ পৰে৷ আনহাতে, মহিলা সাংবাদিকসকলে যৌন নির্যাতন, শাৰীৰিক–মানসিক হাৰাশাস্তিৰ আশংকাৰ মাজেৰে কর্তব্য পালন কৰিবলগীয়া হয়৷
তথাপি যুদ্ধক্ষেত্রত তেজ–বাৰুদৰ সৈতে সহাৱস্থান কৰিব পৰা অসংখ্য সাহসী মহিলা সাংবাদিক আছে বাবেই এতিয়াও সত্য অন্বেষণৰ যুঁজখনৰ অন্ত পৰা নাই৷

You might also like