নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ আৰু সংগীত

- ড০ সংগীতা কাকতি

যোগ আৰু সংগীতৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ আছে৷ শেহতীয়াকৈ আমি যোগাভ্যাসৰ জনপ্রিয়তা দেখিবলৈ পাইছোঁ যদিও সংগীতৰ লগত যোগ সাধনাৰ সম্পর্ক অতি পুৰণি৷ প্রাচীন কালত ঋষি–মুনিসকলে যোগাভ্যাসৰ দ্বাৰা শাৰীৰিক, মানসিক তথা আধ্যাত্মিক উৎকর্ষ সাধন কৰিছিল৷ ইয়াৰ দ্বাৰা ঈশ্বৰক লাভ কৰাৰ প্রয়াস কৰিছিল৷ ঈশ্বৰক লাভ কৰাৰ এই আকাংক্ষাৰ বাবে তেওঁলোকে যোগ, ধ্যান আৰু তপস্যাৰ আশ্রয় লৈছিল৷ হিন্দু ধর্মত চাৰিখন বেদৰ উল্লেখ পোৱা যায়৷ ব্রহ্মাৰ দ্বাৰা সৃষ্ট এই চাৰিওখন বেদতে মন্ত্র আৰু প্রার্থনাৰ উল্লেখ আছিল৷ সেই সময়ত ঋষি–মুনিসকলে পূজা–পাতল, যজ্ঞ, উপাসনা কৰিবলৈ এই মন্ত্র তথা প্রার্থনাসমূহ ব্যৱহাৰ কৰিছিল৷ উল্লেখ্য যে বেদৰ পৰা প্রথমে শ্রুতিৰ সৃষ্টি হয়৷ ঠিক সেইদৰে শ্রুতিৰ পৰা স্মৃতিৰ সৃষ্টি হয়৷ এই স্মৃতিয়েই ভাৰতীয় সংস্কৃতিৰ দুই সম্ভ্রান্ত উপাদান যোগ আৰু সংগীতৰ উৎস বুলি জনা যায়৷ বেদসমূহত উদ্ধৃত শ্লোক তথা মন্ত্র আদিয়েই আছিল ভাৰতীয় শাস্ত্রীয় সংগীতৰ আদিতম সংস্কৰণ৷ বিশেষকৈ সামবেদৰ সৈতেই ভাৰতীয় শাস্ত্রীয় সংস্কৃতিৰ মূল শিপাডাল জডিত হৈ আছে৷ সামবেদৰ উপবেদ গন্ধর্ভ বেদত সংগীতৰ বিভিন্ন নীতি–নিয়মৰ লগতে বহুকেইপদ বাদ্যযন্ত্র সংগতৰ বিষয়েও বিশদভাৱে উল্লেখ আছে৷ পিছলৈ ব্রহ্মাৰ মানসপুত্র নাৰদৰ হাতত বেদত উল্লেখিত মন্ত্র তথা শ্লোকসমূহৰ প্রচাৰ আৰু প্রসাৰৰ বাবে দায়িত্ব অর্পণ কৰা হয়৷ এনেদৰেই কালক্রমত ভাৰতীয় শাস্ত্রীয় সংগীতে বিস্তৃতি লাভ কৰে৷ আমাৰ সংগীতত ব্যৱহাৰ হোৱা ৰাগ দীপক, মেঘমল্লাৰকে ধৰি বহুকেইটা ৰাগ পৌৰাণিক এই বেদ–উপনিষদৰে সৃষ্ট বুলি জনা যায়৷ এই ৰাগসমূহৰ মাহাত্ম্য যুগে যুগে আমি দেখিবলৈ পাই আহিছেছা৷ ৰাগ দীপকৰ জৰিয়তে এসময়ত আকবৰৰ দৰবাৰৰ নৱৰত্নৰ অন্যতম ৰত্ন তানসেনে কেনেদৰে অগ্ণি দেৱতাক কাষতে পাইছিল, সেই কথা ইতিহাসৰ পাতত লিখা আছে৷ কিংবদন্তি আছে যে আকবৰৰ ৰাজপ্রসাদত এবাৰ হিংসুক একাংশই ৰজাক প্রভাৱিত কৰি তানসেনৰ হতুৱাই দীপক ৰাগ গোৱাবলৈ আদেশ জাৰি কৰিলে৷ ৰজাৰ আদেশত তানসেনে দীপক ৰাগ জুৰিলে৷ দীপক ৰাগেৰে তানসেনে অগ্ণি দেৱতাক লাভ কৰিলে, ফলত জুইৰ লেনিহান শিখাই তানসেনক আগুৰি ধৰিলে৷ সেই সময়তেই তেওঁৰেই ছাত্রী তথা জীয়ৰীয়ে পিতৃক জুইৰ পৰা ৰক্ষা কৰিবলৈ মেঘমল্লাৰ ৰাগ জুৰিলে৷ মেঘমল্লাৰ ৰাগে তৎক্ষণাৎ বৰষুণ নমাই আনি সিবাৰলৈ তানসেনৰ জীৱন ৰক্ষা কৰিলে৷ ভাৰতীয় শাস্ত্রীয় সংগীতৰ এনে মাহাত্ম্য পৃথিৱীতে বিৰল৷
আমি জানো যে হিন্দু শাস্ত্রত প্রায় ৮৫ লাখ যোগাসনৰ উল্লেখ আছে৷ প্রকৃতিৰ বিভিন্ন উপাদানেই হৈছে এই আসনসমূহৰ উৎস৷ গছ–গছনি, জীৱ–জন্তু আদিৰ ভংগিমাৰ পৰাই বিভিন্ন আসনৰ সৃষ্টি৷ উদাহৰণস্বৰূপে ময়ূৰাসনৰ উৎপত্তি ময়ূৰপক্ষীৰ পৰা হোৱাৰ লেখীয়াকৈ বৃক্ষাসনৰ উৎস গছ, ধনুৰাসনৰ উৎপত্তি ধনুৰ পৰা হৈছে৷ যোগৰ দৰে সংগীতৰো প্রকৃতিৰ সৈতে এক নিবিড সম্পর্ক আছে৷ সংগীতৰ বিভিন্ন স্বৰ, ধ্বনি আদি প্রকৃতিৰ বিভিন্ন উপাদানৰ পৰা লাভ কৰা৷ বিভিন্ন চৰাই–চিৰিকটি জীৱ–জন্তুৰ মাতৰ পৰা সংগীতৰ এই স্বৰ তথা ধবনিৰ সৃষ্টি হৈছিল৷ উদাহৰণস্বৰূপে আমি সংগীতৰ সাতোটা স্বৰৰ কথাকেই ক’ব পাৰোঁ৷ ময়ূৰপক্ষীৰ মাতৰ পৰা ‘সা’ উৎপত্তি হোৱাৰ বিপৰীতে ৰে–উৎপত্তি হৈছে গাইগৰুৰ মাতৰ পৰা৷ ঠিক সেইদৰে গা– ভেডা ছাগলী, মা– সাৰস পক্ষী, পা– কুলি চৰাই, ধা– ঘোঁৰা আৰু নি হাতীৰ পৰা উৎপত্তি হৈছে৷ এনেদৰেই প্রকৃতিৰ সৈতে যোগ আৰু সংগীত উভয়ৰে এক নিকট সম্পর্ক বিদ্যমান৷
যোগ সাধনাই যিদৰে আমাক এটা নিৰুদ্বেগ সুন্দৰ জীৱন উপহাৰ দিব পাৰে, ঠিক সেইদৰে সংগীতেও সকলো ঋণাত্মক শক্তিৰ বিনাশ সাধি আমাৰ জীৱনৰ পৰিভাষাক ধনাত্মক ৰূপত তুলি ধৰিব পাৰে৷ যোগ সাধনাই যেনেদৰে আমাক মোক্ষপ্রাপ্তিৰ দিশে আগুৱাই নিয়ে, তেনেদৰে সংগীতৰ জৰিয়তেও আমি মোক্ষপ্রাপ্তিৰ পিনে আগুৱাই যাওঁ৷ যোগ যিদৰে ঈশ্বৰপ্রাপ্তিৰ সাধনা, তেনেদৰে সংগীতো ঈশ্বৰপ্রাপ্তিৰ আন এটা নাম৷ কোৱা হয় যে ভগৱানৰ ওচৰ চপাৰ একেবাৰে উজু আৰু সহজ পথটোৱেই হৈছে সংগীত চর্চা৷ আমাৰ সংগীতৰ যি সাতটা স্বৰ আছে, সেই আটাইকেইটাৰ জৰিয়তে ঈশ্বৰৰ সন্ধান লাভ কৰিব পাৰি৷ সা–ৰ জৰিয়তে ব্রহ্মা, ৰে–ৰ জৰিয়তে অগ্ণি, গা–ৰ জৰিয়তে ৰুদ্র অর্থাৎ শিৱ, মা–ৰ জৰিয়তে বিষ্ণু, পা–ৰ জৰিয়তে নাৰদ, ধা–ৰ জৰিয়তে গণেশ আৰু নি–ৰ জৰিয়তে সূর্যক আৰাধনা কৰা হয়৷ কোৱা বাহুল্য যে সংগীত সাধনাৰ জৰিয়তেই এসময়ত সুৰ দাস, মীৰাবাঈ আটায়েই ঈশ্বৰপ্রাপ্তিৰ দিশে ধাৱমান হৈছিল৷ আমি কৰা আলাপ, ৰিয়াজ আদিৰ মাজেৰে লাভ কৰা আধ্যাত্মিক শক্তিয়ে আমাক ঐশ্বৰিক সুখ প্রদান কৰে৷ ইয়াৰ জৰিয়তেই আমি ঈশ্বৰপ্রাপ্তিৰ পিনে লাহে লাহে ধাৱমান হওঁ৷
ইয়াৰ বাহিৰেও যোগ আৰু সংগীতৰ আছে আন এক নিবিড সম্পর্ক৷ কণ্ঠ সংগীতৰ অভ্যাসকালত যোগ আৰু প্রাণায়াম যথেষ্ট সহায়ক হ’ব পাৰে৷ বিভিন্ন যোগাভ্যাস আৰু প্রাণায়াম কণ্ঠ সংগীতৰ বাবে মহৌষধসদৃশ৷ অনুলোম–বিলোম, কপালভাটি, ভ্রষ্টিকা, উজ্জায়ি, উদগ্রীৱ, প্রণৱ, ভাম্রী আদি প্রাণায়ামে সংগীত চর্চাত বিশেষভাৱে সহায় কৰে৷ ওমকাৰ আৰু ধ্যানেও সংগীত চর্চাৰ ক্ষেত্রত সেই একেই ভূমিকা গ্রহণ কৰে৷ এই প্রাণায়ামসমূহে আমাৰ শৰীৰত অক্সিজেনৰ মাত্রা বৃদ্ধি কৰে, ফলত আমাৰ স্বাভাৱিক শ্বাস–প্রশ্বাস প্রণালীত অভূতপূর্ব পৰিৱর্তন ঘটে৷ ইয়াৰ ফলত আমাৰ উশাহ–নিশাহবোৰ দীঘল হয়৷ কণ্ঠৰ গভীৰতা বাঢ়ে৷ ফলত গীত গোৱাৰ লগতে আলাপ, তান আদি লোৱাত যথেষ্ট সহায়ক হয়৷ এনে প্রাণায়ামসমূহৰ নিয়মিত অনুশীলনে শ্বসন লয়বদ্ধ কৰি তোলাৰ লগতে হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি কৰে৷ প্রাণায়ামৰ নিয়মিত চর্চাই শাৰীৰিক সক্রিয়তা বৃদ্ধি কৰে৷ ই আমাক সৃষ্টিশীল কৰি তোলাৰ লগতে সৃষ্টিশীলতা আৰু বৌদ্ধিক চিন্তাৰ মাজত এক সমন্বয় গঢ়ি তোলে৷ নিয়মিত প্রাণায়ামৰ চর্চাই কণ্ঠৰ মধুৰতা দুগুণ বৃদ্ধি কৰে৷ ওমকাৰ ধ্যানে কণ্ঠ পৰিষ্কাৰ কৰাৰ লগতে কণ্ঠক গভীৰৰ পৰা গভীৰতলৈ লৈ যোৱাৰ সমান্তৰালকৈ কণ্ঠই উচ্চতম শিখৰ লাভ কৰাতো সহায় কৰে৷
যিসকল লোকে গীত লিখে বা সুৰ দিয়ে সেইসকলৰ বাবেও যোগাভ্যাস তথা প্রাণায়াম উপকাৰী৷ সাধাৰণতে দুশ্চিন্তা, বিষণ্ণতা, উদ্বিগ্ণতাত ভুগি থকা লোকসকলে লিখা গীত তথা সুৰত গভীৰ দুঃখবোধ প্রকাশ হোৱা দেখা যায়৷ কিন্তু সংগীত বুলিলে কেৱল দুঃখবোধৰ বিলাসিতা নহয়৷ সংগীতত দুখ, সুখ এই সকলো উপাদানেই থাকিব লাগিব৷ মানসিক বিষণ্ণতাত ভুগি থকা এনে গীতিকাৰ, সুৰকাৰ অথবা যিকোনো সংগীত শিল্পীয়েই প্রাণায়ামৰ জৰিয়তে এটা সুস্থ মানসিক স্থিতি লাভ কৰিবলৈ সক্ষম হয়৷ দুশ্চিন্তা তথা বিষণ্ণতাৰ সৈতে টোপনিৰ এক সম্পর্ক থকাৰ দৰে টোপনিৰ সৈতে আকৌ সংগীতৰো আছে ওচৰ সম্পর্ক৷ দুশ্চিন্তাৰ কবলত পৰিলে আমাৰ টোপনিত ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে৷ ইপিনে, ভাল টোপনি নহ’লে আকৌ ই আমাৰ গায়কীতো প্রভাৱ পেলাব পাৰে৷ সেয়ে এই সকলো সমস্যাৰ সমাধানৰ এটাই উপায় আছে, সেয়া হৈছে নিয়মিত প্রাণায়ামৰ অনুশীলন৷ নিয়মিত প্রাণায়ামৰ অভ্যাসে দুশ্চিন্তা তথা বিষণ্ণতাৰ পৰা মুক্তি দিয়ে, দুশ্চিন্তা অথবা বিষণ্ণতাৰ পৰা মুক্তি পালেই নিদ্রাৰ লগত জডিত জটিলতা হ্রাস পায়৷ উল্লেখ্য যে গভীৰ নিদ্রা কণ্ঠৰ বাবে যথেষ্ট উপকাৰী৷ এইক্ষেত্রত সংগীত শিল্পীসকলে বিশেষকৈ ভাম্রী প্রাণায়ামৰ সহায় ল’ব পাৰে৷ ভাম্রী প্রাণায়ামে মানসিক অৱসাদ, দুশ্চিন্তা আদি দূৰ কৰাত সহায় কৰে৷ লগতে এই আসনে ব্যক্তিৰ মনোবল বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিও বৃদ্ধি কৰে৷ অনিদ্রা, থাইৰয়ড, ভার্টিগ’ আদি সমস্যাৰ পৰাও মুক্তি দিয়ে এই প্রাণায়ামে৷ ভাম্রী প্রাণায়ামে কণ্ঠও মধুৰ কৰে৷ ইপিনে, উজ্জায়ি প্রাণায়ামেও দুশ্চিন্তাৰ পৰা মুক্তি দি গভীৰ নিদ্রাত সহায় কৰিব পাৰে৷
ইয়াৰ বাহিৰেও যিসকল কণ্ঠশিল্পী থাইৰয়ডৰ দৰে ৰোগত আক্রান্ত, সেইসকলৰ বাবেও যোগাভ্যাস তথা প্রাণায়াম যথেষ্ট উপযোগী৷ থাইৰয়ডৰ পৰা পৰিত্রাণ পোৱাৰ ক্ষেত্রতো প্রাণায়াম তথা যোগাভ্যাসে সহায় কৰে৷
থাইৰয়ডৰ পৰা ৰক্ষা পাবলৈ কৰিব পৰা কেইবিধমান আসন হৈছে সর্বাংগাসন, হলাসন, ভূজংগাসন, সেতুবন্ধ আসন, উষ্ট্রাসন, ধনুৰাসন, বিপৰীতকৰণী মুদ্রা, মৎস্যাসন আৰু শৱাসন৷ সর্বাংগসনৰ স্থিতিৰ ফলত শৰীৰৰ ওপৰৰ ফালে আৰু মূৰৰ ফালে তেজৰ সঞ্চালন বৃদ্ধি পায়৷ ফলত থাইৰয়ড গ্রন্থি সুস্থ হৈ উঠে৷ এই আসনৰ নিয়মিত অনুশীলনৰ ফলত কাণ, নাক আৰু ডিঙি ৰোগ নিৰাময় হয়৷ অৱশ্যে হূদৰোগ, উচ্চ ৰক্তচাপ, স্পণ্ডেলাইটিছ, মস্তিষ্কৰ ৰোগত ভুগি থকা ৰোগীয়ে এই আসন কৰাৰ পৰা বিৰত থাকিব লাগে৷ ওপৰত উল্লেখ কৰা আন আন আসনসমূহেও এনেদৰে শৰীৰৰ থাইৰয়ড গ্রন্থিক সবল কৰি ৰখাত বিভিন্নধৰণে সহায় কৰে৷ থাইৰয়ড গ্রন্থিৰ জটিলতা নাথাকিলে কণ্ঠশিল্পী এগৰাকীৰ বাবে সংগীত সাধনা উজু হৈ পৰে৷
এনেদৰেই দেখা যায় যে এগৰাকী সংগীত শিল্পীৰ শাৰীৰিক, মানসিক তথা আধ্যাত্মিক বিকাশৰ সৈতে প্রাণায়াম, যোগাভ্যাস আদিৰ ওতপ্রোত এক সম্পর্ক গঢ় লৈ উঠিছে৷ পৌৰাণিক যুগৰ পৰা আধুনিক যুগলৈ সংগীত আৰু যোগৰ সম্পর্ক এখন বোৱঁতী নদীৰ দৰেই চিৰপ্রৱাহিত হৈ আহিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে যোগৰ দৰেই সংগীতো আজিকালি বিভিন্ন ৰোগ নিৰাময়ৰ মাধ্যম হিচাপে পৰিগণিত হৈছে৷ মিউজিক থেৰাপীয়ে আজিৰ যুগত বিশেষভাৱে জনপ্রিয়তা অর্জন কৰিছে৷ যোগ সাধনাই যেনেদৰে ব্যক্তিৰ মানসিক অৱসাদগ্রস্ততা, মানসিক চাপ, বিষণ্ণতা আদি হ্রাস কৰাত সহায় কৰে, ঠিক সেইদৰে মিউজিক থেৰাপী ব্যৱহাৰ কৰিও উক্ত ৰোগসমূহৰ ফৰা মুক্তি লাভ কৰিব পাৰি৷ আধুনিক জীৱন প্রণালীয়ে কঢ়িয়াই অনা জটিলতা, ব্যক্তিৰ সীমাহীন উচ্চাকাংক্ষাৰ ফলত সৃষ্টি হোৱা মানসিক তথা বিভিন্ন শাৰীৰিক সমস্যা নিৰাময়ত আজিকালি মিউজিক থেৰাপীয়ে সুফল কঢ়িয়াই আনিছে৷ বিশেষকৈ ভীমপলাসী ৰাগ, দৰবাৰী কানাডা ৰাগ, বাগেশ্রী ৰাগ আদিয়ে কঢ়িয়াই অনা সুফলে মিউজিক থেৰাপীৰ গুৰুত্ব দিনকদিনে বঢ়াই তুলিছে৷ অনিদ্রাৰ পৰা মুক্তি লাভ কৰিবলৈ বাগেশ্রী ৰাগৰ সহায় ল’ব পাৰি৷ ঈষৎ নীলা পোহৰেৰে কোঠাটোক পোহৰাই তুলি নিশাৰ ভাগত এই ৰাগ শুনিলে অথবা গালে অনিদ্রাৰ পৰা ৰক্ষা পাব পাৰি৷ ঠিক সেইদৰে দৰবাৰী কানাডা, খমাজ আৰু পুৰীয়া ৰাগে মানসিক অৱসাদ দূৰ কৰাৰ লগতে মহিলাৰ হিষ্ট্রিয়া ৰোগৰ উপশম ঘটাব পাৰে৷ এই আটাইকেইটা ৰাগ ৰাতিৰ দ্বিতীয় প্রহৰত শুনিব লাগে৷ উত্তেজনা প্রশমিত কৰিবৰ বাবে ভীমপলাসী ৰাগ শুনিব পাৰি৷ দিনৰ তৃতীয় প্রহৰত এই ৰাগ শুনিব লাগে৷
আনহাতে, দেখা যায় যে অনিদ্রা, দুশ্চিন্তা, উত্তেজনা, বিষণ্ণতা আদি বিভিন্ন শাৰীৰিক সমস্যাৰো কাৰণ৷ এই সমস্যাসমূহৰ পৰা হ’ব পৰা এবিধ মাৰাত্মক ৰোগ হৈছে উচ্চ ৰক্তচাপ৷ উচ্চ ৰক্তচাপৰ পৰা আকৌ বৃক্ক, মধুমেহ, ব্রেইন ষ্ট্র’ক, হূদজনিত নানান ৰোগ হ’ব পাৰে৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে দিনৰ প্রথম প্রহৰত অহিৰ ভৈৰৱ, ৰাতি দ্বিতীয় প্রহৰত পুৰীয়া আৰু পুৱা দ্বিতীয় প্রহৰত ভক্তিৰসৰ ৰাগ ‘তোডী’ শুনা কার্যও উপকাৰী৷ ইয়াৰ উপৰি চাইনাচ, দাঁতৰ বিষ আদিৰ ক্ষেত্রত ৰাগ ভৈৰৱী, স্মৃতিশক্তিৰ সমস্যাৰ ক্ষেত্রত ৰাগ শিৱৰঞ্জনী, হূদজনিত ৰোগ আৰু মধুমেহৰ বাবে ৰাগ চন্দ্রকৌসৰ সহায় ল’ব পাৰি৷ ঠিক সেইদৰে আশাৱৰী, তিলক কামোদ, হংসধ্বনি, কলাৱতী, দুর্গা, দীপক, গুণকূলি, জৌনপুৰী, মাৰৱা, মেঘমল্লাৰ আদি ৰাগ বিভিন্ন ৰোগৰ পৰা উপশম পোৱাৰ ক্ষেত্রত সহায়ক হৈ আহিছে৷ এনেদৰেই দেখা যায় যে আধুনিক জীৱন প্রণালীৰ জটিল সন্ধিক্ষণত যোগ আৰু সংগীত উভয়ৰ চর্চাৰ জৰিয়তে স্বাস্থ্যসন্মত এটা জীৱন লাভ কৰিব পাৰি৷ আশা কৰিব পাৰি এখন নিৰোগী, সুস্থ সমাজ গঢ় দিয়াত যোগ আৰু সংগীতৰ প্রাসংগিকতা সদায় থাকিব৷

You might also like