নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰত অথবা সামৰিক পোছাকত নহয়, এইবাৰ খেতিপথাৰত ধোনী; চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী এতিয়া ক্ৰিকেটৰ পথাৰ এৰি খেতিপথাৰত ব্যস্ত হোৱা দেখা গৈছে । শেহতীয়াকৈ ধোনীৰ ফেচবুক পেজৰ এটা ভিডিঅ’ৰ পাছতে এই তথ্য পোহৰলৈ আহিছে ।

বুধবাৰে ফেচবুক পেজত প’ষ্ট কৰা এই ভিডিঅ’টোত ক্ৰিকেটাৰ ধোনীক জৈৱিক কৃষি(Organic Farming)ৰ আৰম্ভণি কৰা দেখা গৈছে । লগতে খেতিৰ আৰম্ভণিৰ সময়ত ধোনীক পৰম্পৰাগত ভাৱে পূজা-অৰ্চনা কৰাও দেখা গৈছে ।

উল্লেখ্য যে এই প’ষ্টটোত লিখিছে- “ৰাচীত ২০ দিনত জৈৱিক পদ্ধতিৰে এখন তৰমুজ আৰু অমিতাৰ খেতি আৰম্ভণি কৰিছো, এইবাৰ বহুত উৎসাহিত হৈছো ।”

You might also like