অনিশ্চিত ফ্রেন্স অ’পেন
নিয়মীয়া বাৰ্তা, ৮ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ সম্পূর্ণৰূপে নিয়ন্ত্রণ নোহোৱাৰ বাবে আগন্তুক ফ্রেন্স অ’পেনলৈ অনিশ্চয়তা আহি পৰিছে৷ ফ্রেন্স টেনিছ ফেডাৰেচনে আজি আশংকা প্রকাশ কৰে যে ভাইৰাছৰ প্রাদুর্ভাৱ এইধৰণে অব্যাহত থাকিলে অহা ছেপ্ঢেম্বৰ–ক্টোবৰত্ গ্রেণ্ডশ্লাম ইভেণ্টখন আয়োজন কৰাটো সম্ভৱ নহ’ব৷
উল্লেখ্য যে বিশ্ব টেনিছৰ অন্যতম মর্যাদাপূর্ণ প্রতিযোগিতা হিচাপে পৰিচিত ফ্রেন্স অ’পেন অহা ২৪ মে’ৰ পৰা ৭ জুনলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রতিযোগিতাখন ছেপ্ঢেম্বৰলৈ পিছুৱাই দিয়া হৈছে৷ মহামাৰীৰ আতংক অব্যাহত থকাৰ বাবে ছেপ্ঢেম্বৰতো প্রতিযোগিতাখন অনিশ্চিত হৈ পৰিছে৷