নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলন শিবিৰ স্থগিত ঘৰলৈ উভতিল IPL ৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাত আই পি এলৰ ভৱিষ্যৎ অধিক অনিশ্চিত হৈ পৰিছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে ইতিমধ্যে ঐশ্বর্যশালী টি–২০ লীগখন ২৯ মার্চৰ পৰা ১৫ এপ্রিললৈ স্থগিত ৰখাৰ পৰিপ্রেক্ষিতত আই পি এলৰ আটাইকেইটা ফ্রেনচাইজীয়ে সোমবাৰে অনুশীলন শিবিৰ স্থগিত ৰখাৰ সিদ্ধান্ত লয়৷ তিনিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডার্ছে ইতিমধ্যে প্রস্তুতি শিবিৰ বাতিল কৰাৰ পিছত কালি বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে অহা ২১ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া দলটোৰ শিবিৰ সাময়িকভাৱে স্থগিত ৰাখিছে৷ ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ লক্ষ্যৰে সকলোৱে সচেতনতা অৱলম্বন কৰাৰ উচিত বুলি উল্লেখ কৰি আৰ চি বিয়ে টুইটাৰত কৈছে যে তেওঁলোকে খেলুৱৈ আৰু অনুৰাগীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি শিবিৰ বাতিলৰ সিদ্ধান্ত লৈছে৷ ইফালে, প্রস্তুতি শিবিৰ বাতিলৰ পিছত আই পি এলৰ প্রতিটো দলৰ খেলুৱৈসকল আজি ঘৰলৈ ৰাওনা হয়৷

উল্লেখ্য যে দেশত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাত বি চি চি আয়ে যোৱা শুকুৰবাৰে আই পি এল সাময়িকভাৱে স্থগিত ৰাখিছিল৷ ইফালে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ উদ্দেশ্যে বি চি চি আয়ে ইয়াৰ মুম্বাইস্থিত মুখ্য কার্যালয় বন্ধ কৰি দিছে৷ এক জাননীত ব’র্ডে উল্লেখ কৰিছে যে ৱাংখেড়ে ষ্টেডিয়ামত থকা তেওঁলোকৰ মুখ্য কার্যালয় কিছুদিনৰ বাবে বন্ধ থাকিব আৰু কর্মচাৰীসকলে ঘৰৰ পৰাই কাম অব্যাহত ৰাখিব৷

You might also like