নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’পেনাৰ হিচাপে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান ৰোহিতৰ

ভংগ কৰিলে ২২ বছৰ পূৰ্বে সনথ জয়সূৰ্যই গঢ়া অভিলেখটো

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ বর্ণিল কেৰিয়াৰত আন এক অনন্য কৃতিত্বৰ অধিকাৰী হ’ল টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা৷ এটা কেলেণ্ডাৰ বর্ষত অ’পেনাৰ হিচাপে সর্বাধিক ৰান কৰি ২২ বছৰ পূর্বে শ্রীলংকা ক্রিকেট দলৰ বিস্ফোৰক অ’পেনাৰ সনথ জয়সূর্যই গঢ়া সর্বাধিক ৰানৰ অভিলেখটো ভংগ কৰে৷ ১৯৯৭ চনত জয়সূর্যই অ’পেনাৰ হিচাপে ২৩৮৭ ৰান কৰি এটা কেলেণ্ডাৰ বর্ষত সর্বাধিক ৰান কৰাৰ অভিলেখটো গঢ়িছিল৷ কিন্তু টীম ইণ্ডিয়াৰ অ’পেনাৰগৰাকীয়ে আজি কটকত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে খেলা তৃতীয় তথা নির্ণায়ক এদিনীয়া মেচখনত জয়সূর্যৰ অভিলেখটো ভংগ কৰে৷ শ্রীলংকাৰ প্রাক্তন অ’পেনাৰগৰাকীৰ এই অভিলেখটো ভংগ কৰিবলৈ ৰোহিত শর্মাক আজি প্রয়োজন আছিল মাত্র ৯ ৰানৰ৷ চলিত বর্ষটোত সর্বাধিক ৰানো কৰা ৰোহিত শর্মাই মেচখনত ৬৩ ৰানৰ দর্শনীয় ইনিংছ খেলে৷

You might also like