আইচিচিৰ নিয়মক সমালোচনা হিদাৰ নাইটৰ
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ বৰষুণৰ বাবে আইচিচি মহিলা টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা দুর্ভাগ্যজনকভাৱে বাহিৰ হোৱাৰ পিছত আই চি চিৰ নিয়মক তীব্র সমালোচনা কৰে ইংলেণ্ডৰ অধিনায়িকা হিদাৰ নাইটে৷ বিশ্বকাপৰ ছেমিফাইনেলৰ দৰে গুৰুত্বপূর্ণ মেচত ৰিজার্ভ ডে’ৰ ব্যৱস্থা থকা উচিত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৱে গ্রুপ পর্যায়ত মাত্র এখন মেচত পৰাস্ত হোৱাৰ মূল্য ভৰিবলগীয়া হ’ল৷ ইফালে ভাৰতৰ অধিনায়িকা হৰমনপ্রীত কৌৰেও ছেমিফাইনেলত ৰিজার্ভ ডে’ ৰখা উচিত আছিল বুলি মতপোষণ কৰে৷ ভৱিষ্যতলৈ এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ আইচিচিক আহ্বান জনায়৷ উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত আজি অনুষ্ঠিত প্রথমখন ছেমিফাইনেল বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত গ্রুপৰ শীর্ষস্থানপ্রাপ্ত দল হিচাপে ভাৰতে ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হয়৷ ভাৰতে গ্রুপ ‘এ’ত শীর্ষ স্থান আৰু ইংলেণ্ডে গ্রুপ ‘বি’ত দ্বিতীয় স্থান দখল কৰিছিল৷ ইংলেণ্ডে দক্ষিণ আফ্রিকাৰ হাতত গ্রুপৰ মেচত পৰাজয়ৰ সন্মুখীন হৈছিল৷