নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত ধোনীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব

নিয়মীয়া বার্তা, ২৬ জুলাইঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় খেল ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত অনুষ্ঠিত হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এলৰ ত্রয়োদশ সংস্কৰণটো আয়োজনৰ দিন চূড়ান্ত হোৱাৰ পিছতে অষ্ট্রেলিয়া ক্রিকেট দলৰ প্রাক্তন বেটছমেন ডীন জ’নছে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটছম্ ধোনীৰ ওপৰত বৃহৎ মন্তব্য আগবঢ়াইছে৷ আই পি এলখনত ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়ক ধোনীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বুলি উল্লেখ কৰি ডীন জ’নছে কয় যে বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰি ধোনীয়ে টীম ইণ্ডিয়ালৈ প্রত্যাৱর্তন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে লাভ কৰা বিশ্রামে ধোনীক অধিক সহায় কৰিব বুলি উল্লেখ কৰে ডীন জ’নছে৷

ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছৰে পৰা ধোনীয়ে কোনো আন্তর্জাতিক মেচত অংশ লোৱা নাই৷ ধোনীৰ অনুপস্থিতিত ভাৰতীয় নির্বাচকে কে এল ৰাহুল আৰু ঋষভ পণ্টক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰিছে যদিও আই পি এলত যদি ধোনীয়ে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পাৰে, তেতিয়াহ’লে উইকেটকীপাৰ–বেটছম্ টীম ইণ্ডিয়ালৈ প্রত্যাৱর্তন কৰাটো খাটাং৷ যদি ধোনীয়ে উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়, তেতিয়াহ’লে তেওঁৰ কেৰিয়াৰ সমাপ্ত হোৱাটো একপ্রকাৰ নিশ্চিত বুলি মন্তব্য কৰে অষ্ট্রেলিয়াৰ প্রাক্তন বেটছমেন তথা জনপ্রিয় ধাৰাভাষ্যকাৰ ডীন জ’নছে৷

You might also like