নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ পিছতহে অল ষ্টাৰ গেম-সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ আই পি এলৰ পূর্বে দেশ–বিদেশৰ বিভিন্ন তাৰকাক একগোট কৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অল ষ্টাৰ গেম নামেৰে এখন প্রদর্শনীমূলক মেচ আয়োজনৰ চিন্তা–চর্চা কৰিছিল যদিও ইয়াক লৈ ব’ড এতিয়াও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷

ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে প্রকাশ কৰে যে অল ষ্টাৰ আই পি এলৰ সামৰণিৰ পিছতহে অনুষ্ঠিত হ’ব৷ অৱশ্যে এইপর্যন্ত ইয়াৰ দিন ধার্য কৰা হোৱা নাই৷

উল্লেখ্য যে বি চি চি আয়ে শেহতীয়াকৈ প্রকাশ কৰা আই পি এলৰ সূচী অনুসৰি অহা ২৯ মার্চৰ পৰা ১৭ মে’লৈ লীগ পর্যায়ৰ মেচসমূহ খেলোৱা হ’ব৷ ২৪ মে’ত প্রতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব৷ আই পি এলৰ এই ব্যস্ত সূচীৰ পূর্বে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ একাংশ খেলুৱৈয়ে অহা ১৮ আৰু ২১ মার্চত ঢাকাত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত প্রদর্শনী মেচত অংশ ল’ব বাবে উক্ত সময়ছোৱাত বি চি চি আয়ে অল ষ্টাৰ গেম আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে৷

You might also like