আই পি এল আয়োজন কৰিব বিচাৰে শ্রীলংকাই
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰাৰ ইচ্ছা প্রকাশ কৰিছে শ্রীলংকাই ৷ বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ভাৰততো ন’ভেল ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাত চলিত বর্ষৰ আই পি এলখন আয়োজন কৰাৰ ক্ষেত্রত অনিশ্চয়তা আহি পৰিছে৷ ইতিমধ্যে বি চি চি আয়ে অনির্দিষ্টকালৰ বাবে এই ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন স্থগিত ৰাখিছে৷ এনে সময়তে আই পি এলখন শ্রীলংকাত আয়োজন কৰাৰ ইচ্ছা প্রকাশ কৰিছে শ্রীলংকা ক্রিকেট ব’ডৰ সভাপতি ছামি ছিলভাই৷ ভাৰতত ক’ৰোনাৰ আতংক সমাপ্ত নোহোৱাৰ পূর্বেই আই পি এলখন শ্রীলংকাত অনুষ্ঠিত কৰিব লাগে বুলি শ্রীলংকা ক্রিকেট ব’ডৰ সভাপতি ছামি ছিলভাই অচিৰেই বি চি চি আইলৈ এক পত্র প্রেৰণ কৰিব৷ সভাপতিগৰাকীয়ে কয়– ভাৰতৰ পূর্বেই শ্রীলংকা আগতেই ক’ৰোনাৰ পৰা মুক্ত হ’ব৷ গতিকে বি চি চি আইৰ উক্ত প্রতিযোগিতাখন আমি আয়োজন কৰিব পাৰিম৷ এই সন্দর্ভত তেওঁ শীঘ্রেই ভাৰতীয় ক্রিকেট ব’ডলৈ আই পি এলখন অনুষ্ঠিত কৰিব লাগে বুলি এক পত্র প্রেৰণ কৰিব৷ উল্লেখ্য যে ২৯ মার্চৰ পৰা আই পি এলৰ ত্রয়োদশ সংস্কৰণটো অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে প্রথম অৱস্থাত ১৫ এপ্রিললৈ আই পি এলখন স্থগিত ৰাখিছিল যদিও দেশখনত দ্বিতীয়বাৰৰ বাবে লকডাউন ঘোষণা কৰাত ব’ডৰ ঐশ্বর্যশালী প্রতিযোগিতাখন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে ৷