নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সন্মানৰ যুঁজ নর্থ–ইষ্টৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ নর্থ–ইষ্ট ইউনাইটেডে চলিত আই এছ এলৰ আজি সৰুসজাইত হ’বলগীয়া মেচখনত সন্মান ৰক্ষাৰ যুঁজত নামিব৷ ঘৰুৱা দলটোৰ প্রতিদ্বন্দ্বী হ’ল জামছেদপুৰ এফ চি৷ মন কৰিবলগীয়া যে নর্থ–ইষ্ট আৰু জামছেদপুৰে চলিত প্রতিযোগিতাখনৰ প্লে অফৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে৷ ঘৰুৱা দলটোৱে এতিয়ালৈকে ১৪খন মেচ খেলি দুখনত জয়, ৬খনত পৰাস্ত আৰু ৬খন ড্র খেলি ১২ পইণ্টেৰে পইণ্ট তালিকাৰ নৱম স্থানত আছে৷
খেলৰ সময় সন্ধিয়াঃ ৭.৩০ বজা৷

You might also like