আথিয়াৰে বিবাহপাশত আবদ্ধ ক্রিকেটাৰ ৰাহুল
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: প্রতীক্ষাৰ অন্ত পেলাই বিবাহপাশত আবদ্ধ হ’ল ভাৰতীয় তাৰকা ক্রিকেটাৰ কে এল ৰাহুল৷ আজি মুম্বাইৰ খাণ্ডালাত থকা অভিনেতা সুনীল শেট্টীৰ বিলাসবহুল ফার্মহাউছত ৰাহুল আৰু আথিয়া শেট্টীৰ বিবাহ অনুষ্ঠান সম্পন্ন হয়৷ যোৱা শনিবাৰৰ পৰাই বিবাহৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত ভাৰতীয় ক্রিকেটাৰগৰাকীৰ পৰিয়ালৰ লগতে সুনীল শেট্টীৰ পৰিয়াল আৰু আত্মীয়সকলে অংশগ্রহণ কৰে৷ উল্লেখ্য যে ২০১৯ চনত সুনীল শেট্টীৰ কন্যা তথা অভিনেত্রী আথিয়া আৰু ক্রিকেটাৰ ৰাহুলৰ মাজত প্রেমৰ সম্পর্ক আৰম্ভ হয়৷ এই প্রেমেই অৱশেষত বিবাহলৈ পৰিৱর্তন হয়৷ পূর্বে বিবাহ অনুষ্ঠান ২১ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দুদিন পিছুৱাই দিয়া হয়৷