নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়াৰলেণ্ডক হৰুৱাই ক্রিকেটত চমক আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ঘৰৰ মাটিত অনুষ্ঠিত প্রথমখন আন্তঃৰাষ্ট্রীয় টি–২০ মেচত চমকপ্রদ সাফল্য অর্জন কৰিছে আমেৰিকা যুক্তৰাষ্ট্রই৷ ভদ্রলোকৰ খেল ক্রিকেটক নতুনকৈ আঁকোৱালি লোৱা আমেৰিকাই যোৱানিশা আয়াৰলেণ্ডক হৰুৱাই ক্রিকেট বিশ্বত বৃহৎ অঘটন ঘটায়৷ আই চি চিৰ পূর্ণাংগ সদস্য ৰাষ্ট্র তথা টেষ্ট খেলাৰ যোগ্যতা অর্জন কৰা আয়াৰলেণ্ডক আমেৰিকাই ২৬ ৰানত পৰাস্ত কৰি দুখন মেচৰ টি–২০ শৃংখলাত ১–০ৰ অগ্রগতি অর্জন কৰিছে৷ প্রথমে বেটিং কৰি আমেৰিকাই ৫ অভাৰত মাত্র ১৬ ৰানৰ ভিতৰতে চাৰিটাকৈ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও গজানন্দ সিঙৰ ৬৫ আৰু সুশান্ত ম’দানীৰ ৫০ ৰানৰ সহায়ত দলটোৱে ৬ উইকেটৰ বিনিময়ত ১৮৮ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ আয়াৰলেণ্ডে ইয়াৰ প্রত্যুত্তৰত নির্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৬২ ৰানত থমকি ৰয়৷

উল্লেখ্য যে আমেৰিকাই প্রথমবাৰৰ বাবে আই চি চিৰ পূর্ণাংগ সদস্য ৰাষ্ট্র তথা টেষ্ট খেলা দেশৰ সৈতে ঘৰৰ মটিত আন্তঃৰাষ্ট্রীয় শৃংখলা খেলিছে৷ দুখন মেচৰ টি–২০ শৃংখলাৰ পিছত আয়াৰলেণ্ডে আমেৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলিব৷

You might also like