ইউ এছ অ’পেনৰ পিছতে অৱসৰ ল’ব ছানিয়াই
নিয়মীয়া বাৰ্তা, ১১ মেঃ এই বছৰৰ ইউ এছ অ’পেনৰ পিছতে সম্ভৱতঃ টেনিছক বিদায় জনাব ছানিয়া মির্জাই৷ ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে ইতিপূর্বে সদৰী কৰিছিল যে এই বছৰেই তেওঁৰ টেনিছ জীৱনৰ শেষ বছৰ৷ কিন্তু কেতিয়া অৱসৰ ল’ব সেই বিষয়ে জনোৱা নাছিল৷ আজি ছানিয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বছৰৰ অন্তিমখন গ্রেণ্ডশ্লাম ইউ এছ অ’পেন খেলি অৱসৰৰ পৰিকল্পনা গ্রহণ কৰিছে তেওঁ৷ অৱশ্যে নতুনকৈ আঘাত পালে তাৰ পূর্বেই অৱসৰ ল’ব ছানিয়াই৷ সম্প্রতি ফ্রেন্স অ’পেনৰ প্রস্তুতিৰ বাবে ৰোমত আছে ছয়বাৰৰ গ্রেণ্ডশ্লাম দখলকাৰী ভাৰতীয় খেলুৱৈগৰাকী৷ ৰোমত চলি থকা ইটালীয়ান অ’পেনত ছানিয়াই লুচি হ্রাডেকাৰ সৈতে যুটি বান্ধি ডাবলছত অংশগ্রহণ কৰিছে৷ প্রথম ৰাউণ্ডত ছানিয়া–হ্রাডেকা যুটিয়ে পোলেণ্ডৰ এলিছায়া ৰ’ছ’লস্কা আৰু নিউজিলেণ্ডৰ এৰিন ৰুটলিফ যুটিক ৬–১, ৬–২ ছেটত বিধ্বস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰিছে৷ ষষ্ঠ বাছনিৰ ছানিয়া–হ্রাডেকা যুটিয়ে প্রি–কোৱার্টাৰ ফাইনেলত এলিনা ৰাইবাকিনা–লিউডমিলা ছামছ’ন’ভা যুটিৰ বিপক্ষে অৱতীর্ণ হ’ব৷