নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উইল ইউ মেৰী মি? মেচৰ মাজতে শ্রেয়াছক বিয়াৰ প্রস্তাৱ অনুৰাগীৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ভাৰতীয় দলৰ ইলিজিবল বেচেলৰ শ্রেয়াছ আয়াৰক আই পি এলৰ মেচৰ মাজতে বিয়াৰ প্রস্তাৱ আগবঢ়ালে এগৰাকী যুৱতী অনুৰাগীয়ে৷ কলকাতা নাইট ৰাইডার্ছৰ খেলুৱৈগৰাকীৰ প্রতি এই প্রেমৰ ছবি শ্বেয়াৰ কৰিছে স্বয়ং দলটোৱে৷ নিজৰ প্রিয় ক্রিকেটাৰক বহু অনুৰাগীয়ে প্রেমৰ প্রস্তাৱ আগবঢ়ায়৷ গেলেৰীতো প্লেকার্ড হাতত লৈ পছন্দৰ তাৰকাগৰাকীক প্রেম নিবেদন কৰাৰ দৃশ্য প্রায়ে চকুত পৰে৷ এনে এখন ছবিয়ে দাঙি ধৰিলে নাইট ৰাইডার্ছে৷

নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প’ষ্ট কৰা ছবিখনত দেখা গৈছে এগৰাকী যুৱতীয়ে এখন প্লেকার্ড হাতত লৈ থিয় হৈ আছে৷ প্লেকার্ডখনত দলটোৰ অধিনায়কগৰাকীক উদ্দেশ্য কৰি লিখিছে– ‘মোৰ মায়ে নিজৰ বাবে এজন ল’ৰা বিচাৰিবলৈ কৈছে৷ উইল ইউ মেৰী মি শ্রেয়াছ আয়াৰ?’

মুহূর্ততে ভাইৰেল হৈ পৰিছে এই প’ষ্ট৷ যুৱতীগৰাকীৰ বিয়াৰ প্রস্তাৱক লৈ আৰম্ভ হৈছে ব্যাপক চর্চা৷ তেওঁ যিদৰে বিয়াৰ বাবে শ্রেয়াছক আবেদন কৰিছে, সেই কৌশলে বহুতকে আকর্ষণ কৰিছে৷ কিন্তু ক্রিকেটাৰগৰাকীয়ে এই আবেদন কিমান গুৰুত্বসহকাৰে লৈছে সেয়া জানিব পৰা হোৱা নাই৷

You might also like