নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বিগ্ন আয়োজক জাপানঃ অলিম্পিকৰ প্রস্তুতিত ক’ৰোনা ভাইৰাছৰ ব্যাঘাত

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছক লৈ উদ্বিগ্ন হৈ পৰিছে টকিঅ’ অলিম্পিকৰ উদ্যোক্তা জাপান৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ চাৰিটা মাহ বাকী থকা অৱস্থাত উদ্যোক্তা কমিটীয়ে পূর্ণোদ্যমে প্রস্তুতি চলাই আছিল যদিও চীনৰ পৰা সম্প্রসাৰিত হোৱা ক’ৰোনা ভাইৰাছে বিগত প্রায় ১০ দিনত অলিম্পিকৰ প্রস্তুতিত ব্যাঘাত জন্মাইছে৷

উদ্যোক্তা কমিটীৰ মুৰব্বী বিষয়া ট’ছিৰ’ মুটোৱে বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰি কয় যে অহা ২৪ জুলাইৰ পৰা ২৫ আগষ্টলৈ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ বাবে জাপানে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি চলাই থকাৰ মাজতে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ দেশখনৰ বাবে প্রত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ অৱশ্যে নির্ধাৰিত সূচী অনুসৰিয়ে টকিঅ’ অলিম্পিক আৰম্ভ হ’ব বুলি তেওঁ নিশ্চয়তা দিয়ে৷

ইয়াৰ পূর্বে জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেই কৈছিল যে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ অনুসৰি তেওঁলোকে মেগা ইভেণ্টখনৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছে৷ চীনৰ পৰা অহা যাত্রীৰ ক্ষেত্রত জাপান চৰকাৰে বিশেষ সতর্কতা অৱলম্বন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কৈছিল যে অলিম্পিক সুকলমে আৰু সময় মতে আয়োজনৰ বাবে দেশখনে ক’ৰোনা ভাইৰাছৰ ক্ষেত্রত যথেষ্ট সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷

মন কৰিবলগীয়া যে চীনৰ য়ুহান চহৰত উদ্ভৱ হোৱা ক’ৰোনা ভাইৰাছ জাপানৰ লগতে বিশ্বৰ প্রায় ২৫ খন দেশলৈ বিয়পিছে৷ জাপানত এতিয়ালৈকে ২০গৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ আন প্রায় ১০০ গৰাকী ব্যক্তিৰ তেজৰ নমুনাত ক’ৰোনা ভাইৰাছৰ লক্ষণ আৰু উপসর্গ দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত অহা জুলাইত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক আয়োজনৰ ক্ষেত্রত অনিশ্চয়তা সৃষ্টি হৈছে৷ ইতিমধ্যে প্রতিযোগিতাখনৰ কেইবাটাও কোৱালিফায়িং ইভেণ্ট ভাইৰাছৰ আতংকৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে৷

You might also like