নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নত প্রশিক্ষণৰ বাবে অম্লান বৰগোহাঁইক ৫ লাখ টকা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ আগন্তুক এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰি দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা অসমৰ সু–সন্তান অম্লান বৰগোহাঁইৰ উন্নত প্রশিক্ষণৰ সুবিধার্থে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি খেলুৱৈগৰাকীলৈ পাঁচ লাখ টকাৰ ধনৰাশি আগবঢ়াইছে৷ উল্লেখ্য যে কেৰালাত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্রীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছৰ পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্রীয় অভিলেখ গঢ়ি অম্লানে এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিছে৷ খেলুৱৈগৰাকীয়ে যোৱা ২২ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাক তেখেতৰ কার্যালয় কক্ষত সাক্ষাৎ কৰি উন্নত প্রশিক্ষণ গ্রহণৰ সুবিধার্থে অর্থ সাহায্য প্রদানৰ আবেদন জনাইছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রীয়ে খেলুৱৈগৰাকীলৈ এই ধনৰাশি আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে এক শুভেচ্ছা বার্তাযোগে অম্লান বৰগোহাঁইৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি কয় যে একান্ত নিষ্ঠাৰে অনুশীলনত ব্রতী হৈ উদীয়মান খেলুৱৈগৰাকীয়ে বিশ্বৰ ক্রীড়া ক্ষেত্রত সফলতা অর্জন কৰি দেশৰ লগতে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশাবাদী৷

You might also like