নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত খেলিব ভাৰত–পাকিস্তানেঃ গাংগুলী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সমাগত এছিয়া কাপ ক্রিকেট প্রতিযোগিতা এইবাৰ ডুবাইত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ এছিয়ান ক্রিকেট কাউন্সিলৰ বৈঠকৰ বাবে আজি ডুবাইলৈ উৰা মৰাৰ পূর্বে কলকাতাত তেওঁ কয় যে ভাৰত–পাকিস্তান উভয় দলৰে অংশগ্রহণ নিশ্চিত কৰিবলৈ আগন্তুক এছিয়া কাপ ডুবাইত আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে পূর্ব নির্ধাৰিত সূচী অনুসৰি এইবাৰ এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু পাকিস্তানত অনুষ্ঠিত হ’লে ভাৰতে প্রতিযোগিতাখনত অংশ নলয় বুলি স্পষ্ট কৰি দিয়াৰ পিছত এছিয়ান ক্রিকেট কাউন্সিলে প্রতিযোগিতাখন নিৰপেক্ষ ভেন্যুত আয়োজনৰ সিদ্ধান্ত লয়৷ ৰাজনৈতিক উত্তেজনাৰ পৰিণতিত ভাৰত আৰু পাকিস্তানে ২০১৩ৰ পৰা কোনো দ্বিপাক্ষিক শৃংখলাত অংশ লোৱা নাই৷ অৱশ্যে আই চি চিৰ মেগা ইভেণ্টত দল দুটা পৰস্পৰৰ মুখামুখি হৈ আছে৷

You might also like