এটা সময়ত চাপ সহিব নোৱাৰি কান্দিছিলোঁঃ সুনীল ছেত্ৰী
নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত চাপ সহিব নোৱাৰি কান্দিবলগীয়া হৈছিল ভাৰতৰ অন্যতম সফল ফুটবলাৰ সুনীল ছেত্রীয়ে ৷ লকডাউনৰ পৰিপ্রেক্ষিতত সম্প্রতি গৃহবন্দী হৈ থকা ৩৫ বছৰীয়া ষ্ট্রাইকাৰগৰাকীয়ে কয় যে কলকাতাত মোহনবাগানৰ হৈ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত তেওঁ অত্যধিক চাপৰ সন্মুখীন হৈছিল ৷ মাত্র ১৭ বছৰ বয়সত এই ধৰণৰ চাপ বহন কৰিব পৰাটো তেওঁৰ বাবে প্রত্যাহ্বানজনক হৈ পৰিছিল বুলি উল্লেখ কৰি ছেত্রীয়ে কয় যে মোহনবাগানে মেচত পৰাস্ত হ’লে কলকাতাৰ ফুটবলপ্রেমী উন্মত্ত হৈ পৰিছিল আৰু খেলুৱৈসকল যথেষ্ট চাপৰ সন্মুখীন হৈছিল ৷ বহুতো খেলুৱৈয়ে চাপ সহিব নোৱাৰি দলত্যাগ কৰাও মই দেখিবলৈ পাইছিলোঁ ৷ এটা সময়ত ময়ো ফুটবল বাদ দিয়াৰ কথা চিন্তা কৰিছিলোঁ আৰু চাপ সহিব নোৱাৰি কান্দোনত ভাগি পৰিছিলোঁ ৷ উল্লেখ্য যে ২০০৫ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্রীয় অভিষেক ঘটোৱা তাৰকা ষ্ট্রাইকাগৰাকীয়ে সেই সময়ত বাইচুং ভুটীয়া আৰু ৰেনেডী সিঙৰ দৰে প্রখ্যাত ফুটবলাৰৰ সান্নিধ্য লাভ কৰিছিল ৷ ‘কেৰিয়াৰৰ আৰম্ভণিতে মই বাইচুং আৰু ৰেনেডীৰ দৰে প্রখ্যাত ফুটবলাৰৰ সৈতে একেলগে খেলাৰ সুযোগ পাইছিলোঁ ৷ তেওঁলোকে মোক চাপমুক্ত কৰি ৰাখিবলৈ পার্যমানে চেষ্টা কৰিছিল ৷’ সুনীল ছেত্রীয়ে এইদৰে কয় ৷