নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াৰ পৰা বাহিৰ শ্রেয়াছ আয়াৰ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা এদিনীয়া শৃংখলাটোৰ পৰা বাহিৰ হ’ল ভাৰতীয় দলটোৰ প্রতিভাৱান বেটছমেন শ্রেয়াছ আয়াৰ৷ মঙলবাৰে পুনেত অনুষ্ঠিত প্রথমখন এদিনীয়াত ফিল্ডিং কৰি থকাৰ সময়ত বাঁও হাতৰ কান্ধৰ আঘাতত ভুগি খেলপথাৰৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল শ্রেয়াছ আয়াৰে৷ কান্ধৰ আঘাত গুৰুতৰ হোৱাত শ্রেয়াছে ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পৰৱর্তী মেচ দুখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক বিবৃতিত আজি এই কথা প্রকাশ৷ ইপিনে, এই আঘাতৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ প্রথমভাগতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীৰ৷ কান্ধৰ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰিবলৈ তাৰকা বেটছমেনগৰাকীক অতি কমেও ছসপ্তাহৰ প্রয়োজন হ’ব৷ ফলস্বৰূপে ৯ এপ্রিলৰ পৰা ভাৰতত আৰম্ভ হ’বলগীয়া আই পি এলখনৰ প্রথমভাগত শ্রেয়াছৰ অংশগ্রহণৰ সম্ভাৱনা অতি ক্ষীণ৷ উল্লেখ্য যে মঙলবাৰে হৈ যোৱা মেচখনৰ ইংলেণ্ডৰ ইনিংছৰ অষ্টমটো অভাৰত জ’নী বেয়াৰষ্ট’ৱে ক’ভাৰ ড্রাইভলৈ মাৰি পঠিওৱা বলটো আয়ত্তৰ চেষ্টা কৰাৰ সময়তে শ্রেয়াছে বাঁও হাতৰ কান্ধত আঘাত পাইছিল৷

You might also like