নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া, টি-২০ৰ নেতৃত্বত ধোনী

ই এছ পি এন ক্ৰিক ইনফৰ বিগত দশকটোৰ টেষ্ট অধিনায়ক কোহলী

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ভাৰতীয় ক্রিকেট দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীয়ে শেহতীয়াভাৱে আন্তর্জাতিক ক্রিকেটৰ পৰা আঁতৰি আছে যদিও ক্রিকেটাৰগৰাকীৰ জনপ্রিয়তা এতিয়াও হ্রাস হোৱা নাই৷ ই এছ পি এন ক্রিক ইনফ’ৱে ঘোষণা কৰা বিগত দশকটোৰ এদিনীয়া আৰু টি–২০ দলটোৰ বাবে মহেন্দ্র সিং ধোনীক অধিনায়ক হিচাপে বাছনি কৰিছে৷ ২৩জনীয়া বিচাৰকৰ এটি দলে ধোনীক বিগত দশকটোৰ অধিনায়ক হিচাপে বাছনি কৰে৷ ইংলেণ্ডত অনুষ্ঠিত আই চি চি বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পিছৰে পৰা টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটছমেনগৰাকীয়ে আন্তর্জাতিক ক্রিকেটত অংশগ্রহণ কৰা নাই যদিও বিগত দশকটোত তেওঁৰ নেতৃত্বতে ভাৰতীয় দলটোৱে টি–২০, এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰিছিল৷ আই চি চিৰ বৃহৎ প্রতিযোগিতা দুখনত ভাৰতীয় দলটোৱে খিতাপ জয়লাভ কৰাত ধোনীৰ অৱদান আছিল অতুলনীয়৷ ক্রিকেটাৰগৰাকীৰ এই অৱদানৰ বাবেই ই এছ পি এন ক্রিক ইনফ’ৰ বিগত দশকটোৰ এদিনীয়া আৰু টি–২০ত ধোনীক অধিনায়ক হিচাপে বাছনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বিচাৰকৰ দলটোৱে৷ এদিনীয়া দলটোত ধোনীৰ উপৰি ভাৰতৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাকো স্থান দিয়া হৈছে৷ ইফালে, টি–২০ দলটোৰ মূল একাদশত ধোনী আৰু কোহলিৰ উপৰি ভাৰতৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহেও স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে টি–২০ দলটোত ৱেষ্ট ইণ্ডিজৰ কেইবাগৰাকীও ক্রিকেটাৰে স্থান লাভ কৰিছে৷ আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক ই এছ পি এন ক্রিক ইনফ’ৰ বিগত দশকটোৰ টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ কোহলিৰ উপৰি টেষ্ট একাদশ দলটোত ভাৰতৰ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনো আছে৷

You might also like