এসময়ৰ ‘শত্রু’ৰ প্রয়াণত শোকাহত ভাজ্জী
নিয়মীয়া বাৰ্তা, ১৬ মে’: ২০০৮ চনৰ ‘মাংকীগেট’ বিতর্কৰ পিছত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ একেলগে খেলিছিল এণ্ড্রিউ ছাইমণ্ডছ আৰু হৰভজন সিঙে৷ আজি অষ্ট্রেলিয়ান ক্রিকেটাৰগৰাকীৰ প্রয়াণত টুইট কৰি শোকবার্তা জনালে হৰভজন সিঙে৷ ভাৰতৰ প্রাক্তন স্পিনাৰগৰাকীয়ে লিখিছে ‘ছাইমণ্ডছৰ মৃত্যুত হতভম্ব হৈ পৰিছোঁ৷ অকালতে তেওঁ বিদায় ল’লে৷ তেওঁৰ পৰিয়াল আৰু আত্মীয়ক সমবেদনা জনাইছোঁ৷ খেলুৱৈগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ৷’ ১৪ বছৰ আগতে দুই ক্রিকেটাৰৰ সম্পর্ক ইমান সহজ নাছিল৷ দুয়োগৰাকী খেলুৱৈ আছিল অতি আগ্রাসী৷ ২০০৮ৰ এখন টেষ্ট মেচত তেওঁলোক বিতর্কত জড়িত হৈ পৰিছিল৷ ছিডনী টেষ্ট চলি থকা সময়ত ভাৰত আৰু অষ্ট্রেলিয়াৰ ক্রিকেটাৰৰ মাজত তীব্র বাক–বিতণ্ডা হৈছিল৷ ইয়াৰ মাজতে হৰভজনে তেওঁক মাংকী বুলি বিদ্রূপ কৰিছিল৷ ফলত অষ্ট্রেলিয়ান ক্রিকেটাৰসকলে অভিযোগ কৰিছিল যে ছাইমণ্ডছক উদ্দেশ্যি বর্ণবিদ্বেষী ভাষা ব্যৱহাৰ কৰিছিল হৰভজনে৷ তেওঁক তিনিখন মেচৰ পৰা নির্বাসিত কৰা হৈছিল যদিও পিছত সেই শাস্তি তুলি লোৱা হয়৷