কাইলৈ পাটিয়ালালৈ ৰাওনা হ’ব বক্সাৰ লাভলিনা
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ সুদীর্ঘ ছমাহ ঘৰত সময় কটোৱাৰ অন্তত অহা ১৯ আগষ্টত পাটিয়ালাৰ ৰাষ্ট্রীয় প্রস্তুতি শিবিৰত যোগ দিব টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমকন্যা লাভলিনা বৰগোহাঁয়ে৷ দেশৰ উদীয়মান বক্সাৰগৰাকীয়ে অনুশীলন শিবিৰলৈ যোৱাৰ পূর্বে আজি ধনশিৰি আছুৰ কর্মকর্তাসকলে খেলুৱৈগৰাকীক সম্বর্ধনা জ্ঞাপন কৰে৷ ধনশিৰি মহকুমা ছাত্র সন্থাৰ উদ্যোগত বৰপথাৰ নগৰৰ পৰা বাইক ৰেলী উলিয়াই আছু কর্মীসকলে আন্তঃৰাষ্ট্রীয় মহিলা বক্সাৰগৰাকীৰ বাসগৃহত উপস্থিত হয়৷
টকিঅ’ অলিম্পিকত দেশক নেতৃত্ব দিবলৈ সাজু হোৱা লাভলিনাক আছুৰ দলটোৱে গামোচা, ফুলৰ থোপাৰে আদৰণি জনোৱাৰ লগতে কঁকালত এখন টঙালি বান্ধি দি অলিম্পিকৰ যুঁজত জয়ী হোৱাৰ শুভেচ্ছা জনায়৷ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলিনাই আছুৰ এই সম্বর্ধনাত আপ্লুত হৈ কয় যে তেওঁ অলিম্পিকত পদক জয় কৰিহে ঘৰলৈ উভতিব৷ উল্লেখ্য যে লকডাউনৰ বাবে যোৱা মার্চ মাহৰ পৰা লাভলিনাই বৰপথাৰৰ বাৰমুখী গাঁৱৰ ঘৰখনত আছিল৷